নীলা খামৰ চিঠি - ১ || Nila Khamor sithi

 #নীলা খামৰ চিঠি -

 হৃদয়ৰ প্ৰিয় জন,


 ‌           প্ৰথমতে মোৰ এই প্ৰেমিক হৃদয়ত তোমাৰ প্ৰতি অনবৰতে বৰষি থকা মৰমবোৰ 'বা

নাজানো কেতিয়াৰ পৰা তুমি মোৰ জীৱনৰ এটি নিঃশেষ কবিতা হৈ পৰিলা নাজানো কেতিয়াৰ পৰা তুমি মোৰ হৃদয়ৰ এটি গোপনীয় অনুভৱ হৈ পৰিলা এতিয়া জানা! তোমাৰ প্ৰতি থকা মোৰ অনুভৱ আৰু এই বেবেৰিবাং আবেগবোৰৰ প্ৰেমত পৰিব ধৰিছো লাহে লাহে ভাল লাগিব ধৰিছে তোমাৰ প্ৰতি লিখা মোৰ এই আধৰুৱা কবিতা বোৰ তোমাক প্ৰথম দেখাৰ পৰাই ভাল লাগে যেতিয়া তোমাৰ চকুৱে মোলৈ চাই কিবা ' বিছাৰে আৰু ভাল লাগে যেতিয়া তুমি ' নিবিছৰা কথা বোৰ তোমাৰ চকুৱে কয় দিয়ে ভাল লাগে যেতিয়া তুমি একেৰাহে মোলৈ চাই থাকা যদিও নোচোৱাৰ ভাও জুৰা ভাল লাগে যেতিয়া তুমি মোক চিনিও নিচিনা ভাও জুৰা ভাল লাগে যেতিয়া হঠাৎ মোৰ চকু তোমাৰ চকুত পৰে আৰু তৎক্ষণাৎ তোমাৰ চকুৱে মোক তোমাৰ ভদ্ৰতাৰ পৰিচয় দিয়ে তুমি আহিলে চোন সোণাৰুৰ দেশখনো অধিক সোণোৱালী হৈ পৰে তুমি কাষেৰে পাৰ 'লে, তোমাক চুই যোৱা পছোৱা জাকে মোক তোমাৰ সুবাস দি যায় তুমি দূৰৈত থাকিলে চকুৱে যিমান দূৰ সম্ভৱ তোমাক চাই পঠিয়াব বিচাৰে পিছে বকুলৰ দেশতে প্ৰথম দেখা তোমাকআজিলৈ কত দিন যে পাৰ ' কত উজাগৰী নিশাৰ যে বিষাদ থমকি ' কত যে বাৰিষাৰ বৰষুণৰ টোপালত তোমাৰ উপস্থিতিৰ অনুভৱ বোৰ থমকি ' কত ফাগুনৰ সৰা পাতে উকা কৰি নিলে হৃদয়খন তথাপিও চোৱা আজি সোণাৰুৰ দেশতো তোমাক বিচাৰি হাবাথুৰি খাই ফুৰোঁ কেতিয়াবা হঠাৎ দেখা পালেও চকুৰ পচাৰতে পাৰ হৈ যোৱা তোমাৰ প্ৰতি থকা এই অনুভৱ এই আৱেগবোৰ যাতে আজীৱন জীয়াই ৰৈ মোৰ এই অনুভৱি হৃদয় খনত মাথোঁ তাৰেই কামনা কৰো তোমাৰ প্ৰতি থকা এই আৱেগ , অনুভূতি বোৰ  এক পক্ষীয় হয় যদিও কিয় জানো আজি হৃদয়ে এই চিঠিখনৰ জৰিয়তে তোমাক এটি উত্তৰ বিহীন প্ৰশ্ন সুধিব বিচাৰিছে মোৰ এই কাব্যিক হৃদয় খনে সুধিছে :--- লিখিবানে তুমিও এটি প্ৰেমৰ কবিতা? যি কবিতাৰ শিৰোনামা ' মই! যি কবিতাৰ প্ৰতিটো শব্দই কৈ যাব মাথোঁ আমাৰ কাহিনী ৰচিবানে মোৰ সতে তুমিও এটি কাহিনী? যি কাহিনীৰ নায়ক 'বা তুমি আৰু নায়িকা ' মই! যি কাহিনী আধৰুৱা 'লেও পূৰ্ণ হৈ উঠিব আমাৰ এই প্ৰেম এটি নামবিহীন কাহিনী যাৰ সম্পৰ্ক ' মাথোঁ প্ৰেম মাথোঁ নিস্বাৰ্থ ভাল পোৱা যি কাহিনীৰ আদৰ্শ হৈ পৰিব এই সমগ্ৰ জগত ৰচিবানে এনে এটি বিৰহৰ কাহিনী? যি কাহিনীয়ে বুজাব আমাৰ সম্পৰ্কৰ অপ্ৰাপ্তি!

 

  ইতি

 তোমাৰ,

নিস্বাৰ্থ প্ৰেমিকা

 

  ️ Shemin Shezin Khan

No comments:

Post a Comment