আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা || The role of magazines in the development of modern Assamese literature

                   আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা অপৰিসীম।১৮৪৬ চনত মিছনেৰীসকলে শিৱসাগৰৰ পৰা প্ৰকাশ কৰা 'অৰুণোদই' আলোচনীখনেই হ'ল অসমীয়া সাহিত্যৰ প্ৰথমখন আলোচনী।অসমীয়া সাহিত্যৰ বিকাশত অৰুণোদই আলোচনীৰ ভূমিকা স্মৰণীয়।অসমীয়া সাহিত্যৰ আলোচনী কেইখনমানৰ বিষয়ে আলোচনা কৰা হ'ল-
(১)অৰুণোদই:-মিছনেৰীসকলে অসমলৈ অহাৰ বছৰতে বৃটিছে অসমৰ স্কুল,আদালত আদিৰ পৰা অসমীয়া ভাষা উঠাই অসমত বঙলা ভাষা প্ৰচলন কৰিছিল।কিন্তু মিছনেৰীসকলে অসমীয়া লোকৰ মাতৃভাষা যে অসমীয়া এই কথা জানিব পাৰি অসমত অসমীয়া ভাষাৰ প্ৰচলন কৰিবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল।ইয়াৰ লগতে অসমীয়া ভাষাৰ পুনৰ প্ৰতিস্থাৰ কাৰণে পাঠ্যপুথি,ব্যাকৰণ আদি ৰচনা কৰাৰ উপৰিও বৃটিছৰ ওচৰত যুক্তিসহকাৰে দাবী জনাই।যাৰ ফলস্বৰূপে অসমত পুনৰ অসমীয়া ভাষাৰ প্ৰতিষ্ঠা কৰা হয়।
                 অৰুণোদই আলোচনী খৃষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে প্ৰকাশ কৰা হৈছিল যদিও দেশ-বিদেশৰ বা-বাতৰি,কানিৰ অপকাৰিতা,অসমীয়া ভাষা,দেশ-বিদেশৰ বাতৰি,উপন্যাস,কাহিনী,বিজ্ঞান বিষয়,হিত উপদেশ,নানা দেশৰ বিৱৰণ,জাতি-জনজাতিৰ নৃ-তাত্ত্বিক আলোচনা আৰু আহোম বুৰঞ্জীৰ প্ৰকাশে অসমৰ অসমীয়া মানুহৰ মানসিক ধাৰণাৰ প্ৰসাৰিত কৰি তুলিছিল।অৰুণোদইয়ে অসমীয়া মানুহক বিশ্বৰ আগত চিনাকি কৰাই দিছিল।এনেদৰে ভাষা-সাহিত্যৰ জৰিয়তে অৰুণোদই সংবাদ পত্ৰই আধুনিক অসমীয়া সাহিত্যৰ বাট মুকলি কৰিছিল। অৰুণোদইয়ে এচাম অসমীয়া লেখক আৰু পাঠকৰ সৃষ্টি কৰিছিল।ইয়াৰ ফলস্বৰূপে ১৮৭১ চনত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰে 'আসাম বিলাসিনী' প্ৰকাশ কৰে।
(২)জোনাকী:-১৮৮৯ চনত কলিকতাৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত 'জোনাকী' আলোচনী প্ৰকাশ পাইছিল।এই আলোচনীৰ আন দুজন মূল ব্যক্তি আছিল-লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।জোনাকীয়ে পূৰ্ণিমাৰ জোনৰ দৰেই অসমীয়া সাহিত্যক পোহৰাই তুলিলে।
                    জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত নথকা ৰোমাণ্টিক কবিতা,নাটক,চুটিগল্প, সাধু আদি ন ন সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যক দেশ-বিদেশৰ সাহিত্যৰ লগত ফেৰ মাৰিব পৰা কৰিলে।
                   ১৮৭০ চনত কৃষ্ণ প্ৰসাদ দুৱৰাৰ সম্পাদনাত কলিকতাত থকা কেইজনমান ছাত্ৰ লগ হৈ 'বিজুলী' আলোচনী প্ৰকাশ কৰে।বিজুলীৰ প্ৰথম সংখ্যাতে পদ্মনাথ গোহাঞি বৰুৱাই 'ভানুমতি' উপন্যাস আৰম্ভ কৰি অসমীয়া সাহিত্যৰ দুৱাৰ মুকলি কৰে।১৯০৭ চনত পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনাত 'উষা' আলোচনী আৰু ১৯০৯ চনত বেজবৰুৱাৰ সম্পাদনাত বাঁহী প্ৰকাশ হৈ উলায়।এই দুখন আলোচনীয়েও অসমীয়া সাহিত্যক শক্তিশালী কৰি তোলে।
(৩)আৱাহন:-দীননাথ শৰ্মাৰ সম্পাদনাত কলিকতাৰ পৰা ১৯২৯ চনত আৱাহন আলোচনী প্ৰকাশ পায়।১৯৭৬ চনলৈকে প্ৰকাশ হৈ থকা আৱাহন আলোচনীয়ে অসমীয়া সাহিত্যৰ ইতিহাসত এটা যুগৰ সৃষ্টি কৰে।সকলো দিশৰ সাহিত্য আৱাহনত প্ৰকাশ হ'লেও অধিক মাত্ৰাত অসমীয়া চুটিগল্পৰ সৰহ সংখ্যক গল্পকাৰে আৱাহনৰ জৰিয়তে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন দিশৰ উপৰি বিশ্ব সাহিত্যৰ বিভিন্ন ৰচনাই অসমীয়া সাহিত্যক অধিক শক্তিশালী কৰি তুলিছে।
                     পঞ্চাশ দশকৰ আগত প্ৰকাশ পোৱা উল্লেখযোগ্য আলোচনী হ'ল 'জয়ন্তী' আৰু 'পছোৱা'।দুজন শক্তিশালী কবিৰ সম্পাদনাত প্ৰকাশ পোৱা এই আলোচনী দুখনত আধুনিক কবিতাৰ অধিক প্ৰকাশে আধুনিক কবিতাৰ ধাৰাটোক শক্তিশালী কৰি অসমীয়া কাব্য জগতক এক নতুন গতি প্ৰকাশ কৰিছিল।
                     বিংশ শতিকাটোত অসমৰ সকলো ঠাইৰ পৰা ভিন ভিন ৰস-ৰূপৰ আলোচনীৰ প্ৰকাশে অসমীয়া সাহিত্যৰ সোণালী সৌধ নিৰ্মাণ কৰিছিল।একবিংশ শতিকাটো বিভিন্ন ধৰণৰ আলোচনীৰ প্ৰকাশে অসমীয়া সাহিত্যৰ ভেঁটি দৃঢ় কৰি তুলিছে।


        The first magazine of Assamese literature was published by the missionaries from Shivsagar in 1846. The role of the magazine in the development of Assamese literature is memorable. Some of the magazines of Assamese literature are discussed below:
(1) Arunodoi:-In the year of the missionaries' arrival in Assam, the British removed the Assamese language from schools, courts etc. and introduced Bengali in Assam He wrote textbooks, grammar, etc. for the restoration of the Assamese language and reasonably demanded from the British. As a result, the Assamese language was re-established in Assam.
                  The magazine was published to promote Christianity, but it contained news from home and abroad, the harms of ears, the Assamese language, news from home and abroad, novels, stories, scientific topics, interest advice, descriptions of various countries, anthropological discussions of castes and tribes The publication of the Ahom history expanded the mental perceptions of the Assamese people of Assam. The Arunodoi newspaper introduced the Assamese people to the world. Thus, the Arunodoi newspaper paved the way for modern Assamese literature through language and literature. Arunodoi created a number of Assamese writers and readers. As a result, in 1871, the Satradhikar of Auniati Satra published 'Assam Bilasini'
2. Jonaki:-The magazine 'Jonaki' was published from Calcutta in 1889 under the editorship of Chandra Kumar Agrawal. The other two main figures of this magazine were Laxminath Bezbarua and Hemchandra Goswami.
                     There are many ways in which you can improve your self-confidence, but the most important thing is to improve your self-confidence. There are many ways in which you can improve your self-confidence.
                    There are many different types of characters in the film, but the most important one is the character of the heroine These two magazines also strengthened Assamese literature.
3. Awahan:-Awahan magazine was published from Calcutta in 1929 under the editorship of Dinnath Sharma. Awahan magazine was published till 1976. It created an era in the history of Assamese literature There are many different types of characters in the film, but the most important one is the character of the heroine.
                      There are many different types of poems in Assamese, but the most important ones are Jayanti and Paswa. These two magazines were edited by two powerful poets. These two magazines were edited by two powerful poets.
                      The 20th century was marked by the publication of various magazines from all over Assam. The 21st century was marked by the publication of various magazines from all over Assam.

No comments:

Post a Comment