খেল-ধেমালি মানুহৰ জীৱনৰ এক অপৰিহাৰ্য্য অংগ । খেল-ধেমালি অথবা ক্ৰীড়াৰ দৃষ্টিভঙ্গী মতে অসম এখন অতি চহকী ৰাজ্য । অতীজৰে পৰা বৰ্তমান সময়লৈকে অসমৰ মানুহে খেল-ধেমালি অথবা ক্ৰীড়াক বিশেষ প্ৰাধান্য দি আহিছে । অসমৰ মানুহে কেৱল মাথো প্ৰতিদ্বন্দ্বিতাৰ উদ্দেশ্যৰে খেল নেখেলে , দিনযোৰা গভীৰ কৰ্মব্যস্ততা আৰু জীৱনৰ খামখিয়লিসমূহৰ পৰা নিজকে অলপ সময় আঁতৰাই ৰাখি দিনটোৰ অন্তত নিজকে অৱসৰ প্ৰদান কৰা আৰু একোটা সুস্থ সবল শৰীৰৰ অধিকাৰী হ'বলৈহে অসমবাসীয়ে খেল-ধেমালিত অংশগ্ৰহণ কৰে । জীৱনৰ আনন্দ- উল্লাসবোৰ প্ৰকাশ কৰাৰ আৰ্হি হিচাপে আৰু মনোৰঞ্জনৰ বাবেও অসমৰ মানুহে খেল-ধেমালি কৰে । অসমৰ জাতীয় উৎসৱ-পাৰ্বনসমূহ উদ্যাপন কৰাৰ মূহুৰ্ত্তটো আটাইৰে মন-মগজু ফৰকাল কৰি ৰখাৰ উদ্দেশ্যেৰে সময়োপযোগীকৈ কৰা ঐতিহাসিক খেলসমূহৰ অভ্যাস আজিও অসমত অব্যাহত আছে । জাৰকালি প্ৰচণ্ড শীতৰ পৰা নিজকে ৰক্ষা কৰি শৰীৰৰ উত্তাপ বৃদ্ধি কৰিবলৈয়ো অসমৰ মানুহে নিতৌ খেল-ধেমালিত আগ-ভাগ লয় ।
আগৰ দিনৰ ৰজা মহাৰজাসকলৰ ৰাজত্বকালত আহোম স্বৰ্গদেওসকলেও বিশেষকৈ ৰঙালী বিহুৰ শুভক্ষণত অসমৰ ঐতিহ্যমণ্ডিত পৰম্পৰা অনুযায়ী ৰংঘৰৰ বাকৰিত ম'হ যুঁজ ,কুকুৰা যুঁজ , বুলবুলি চৰাইৰ যুঁজ ইত্যাদিৰ দৰে বিভিন্ন ঐতিহাসিক খেলসমূহ উপভোগ কৰিছিল । আৰু এনেধৰণৰে বিশেষ কেইবিধমান খেলে ৰাইজৰ সহাঁৰি আৰু বিশেষকৈ আহোম স্বৰ্গদেউসকলৰ নিৰ্দ্দেশ মৰ্মে পৃষ্ঠপোষকতা লাভ কৰে আৰু ৰাজ্যিক খেল হিচাপেও মনোনিত হয় । পিছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই খেলসমূহ আৰু ইয়াৰ লগত জড়িত নীতি-নিয়মসমূহৰ মাজত কিছু সাল-সলনি ঘটে । ইয়াৰে কিছুমান খেল বহু বছৰৰ পূৰ্বেই সমাজৰ পৰা লুপ্ত হয় । আনহাতে কিছুমান খেল বৰ্তমানেও প্ৰচলিত হৈ আছে যদিও পূৰ্বৰ তুলনাত এতিয়া সেই খেলসমূহৰ ৰং , ৰূপ , প্ৰণালী , নীতি-নিয়ম ইত্যাদি সকলোবোৰেই সলনি কৰি দিয়া হয় ।
অসমৰ ঐতিহাসিক সময়ৰ অন্যতম আৰু এসময়ত অসমৰ ৰাজ্যিক খেল হিচাপে মনোনিত হোৱা এবিধ বিখ্যাত খেল হৈছে - 'কৰি খেল' । সাধাৰণতে এই খেল বহাগ বিহুৰ সময়ত অতি উলহ মালহেৰে সামূহিকভাৱে খেলা হয় । এই খেলত পুৰুষ মহিলা উভয়ে যিকোনো বয়সৰ লোকে যোগদান কৰিব পাৰে । টাই-আহোম সাম্ৰাজ্যৰ আাভ্যন্তৰীণ অঞ্চলসমূহতো এই খেল অধিক পৰিমাণে প্ৰচলিত আছিল । ইয়াৰ উপৰিও প্ৰাক্-ঐতিহাসিক যুগত প্ৰচলিত আন এবিধ অন্যতম খেল হৈছে - 'হাউগুদু' । অসমৰ যুৱকসকলে অথবা শিশুসকলে ঘূৰণীয়া আকাৰৰ পদত থিয় হৈ গীত গাই গাই এই খেলত অংশগ্ৰহণ কৰে । সময়ৰ পৰিৱৰ্তন আৰু পৰিৱেশ সাল-সলনিৰ ওপৰত ভিত্তি কৰি এনেধৰণৰ পৌৰাণিক খেলসমূহতো বহু সলনি হোৱা দেখা গ'ল । আগৰ ৰজা-মহাৰজাসকলৰ দিনৰ এই বিখ্যাত খেলসমূহত কিছু পৰিমাণে নাম অথবা প্ৰকাৰৰহে সলনি হৈছে , এই খেলসমূহ আজিও অসমত লুপ্ত হোৱা নাই । পূৰ্বতে প্ৰচলিত 'কৰি খেল' আজিৰ আধুনিক সমাজত 'লুডু' নামেৰে আৰু 'হাউগুদু' খেল বৰ্তমানে 'কাবাডী' নামেৰে ন-ৰূপত জনাজাত ।
পোনপ্ৰথমে কৰি খেলক অসমৰ পুৰণি সভ্যতাৰ লোকসকলে পাশা খেল হিচাপে নামাকৰণ কৰিছিল । লাহে ধীৰে ই কৰি খেললৈ ৰূপান্তৰিত হ'ল । আৰু অৱশেষত বৰ্তমানৰ আধুনিক সমাজে এই খেলক লুডুলৈ স্থানান্তৰিত কৰিলে । সাধাৰণ ৰাইজৰ মাজত থকা কৰি খেলৰ বিশেষ জনপ্ৰিয়তাৰ লগতে সেই সময়ৰ সম্ভ্ৰান্ত পৰিয়ালৰ পুৰুষ-মহিলাসকলেও আজৰি সময়ত মনোৰঞ্জনৰ বাবে এই খেল খেলিছিল । এই খেল খেলিবৰ বাবে কিছু নিৰ্ধাৰিত নিয়ম থাকে । খেলুৱৈৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই নিয়মসমূহৰ কিছু সালসলনি হয় । এই খেল খেলিবলৈ পোনপ্ৰথমে ৪ টা অথবা ৬টা কৰি গুটি নাইবা সাগৰীয় খোলাৰ অতিকৈ প্ৰয়োজন হয় । সাগৰীয়া খোলা নাথাকিলে কৰবী গছৰে বীজ বা গুটিৰেও কৰি খেল পৰিৱেশন কৰিব পাৰি । ঠাইভেদে এই খেলৰ নীতি নিয়মৰ বিভাজন আছে । অসমত এই খেল বিশেষকৈ দুই বা চাৰিজন খেলুৱৈৰ দ্বাৰা খেলা হয় । খেলুৱৈসকলে কৰি খেল খেলিবলৈ প্ৰথমে কাগজত মাটি পেঞ্চিলেৰে অন্যথা মাটিতে হাতেৰে কিছুমান চতুৰ্ভূজ আকৃতিৰ বাকচ বনাই লয় । ইয়াৰ পাছতেই খেলুৱৈসকলে কড়ি গুটিসমূহ হাতেৰে জোকাৰি তলত আঁকি থোৱা বাকচকেইটালৈ নিক্ষেপ কৰি দলিয়াই দিয়ে । যদিহে দলিয়াই দিয়াত কৰিগুটি কেইটা ওলোটাকৈ পৰে তেনেহলে এই খেল পুনৰ অব্যাহত থাকে । আগৰ দিনত ৰঙালী বিহুৰত উপলক্ষে অসমৰ চুকে কোণে থকা গাওঁসমূহত ডেকা-বুঢ়াসকলে গাঁৱৰে নামঘৰত অথবা কোনোবা এঘৰৰ চোতালত ৰাইজৰ মনোৰঞ্জনমূলক অনুষ্ঠান হিচাপে কৰি খেল আয়োজিত কৰে ।
হাউগুদু হৈছে পুৰণি কালৰে পৰা চলি অহা এবিধ দলীয় খেল । সেই সময়ত ৰজা-মহাৰজাসকলৰ কৰ্মচাৰীবৃন্দই অথবা গাঁৱৰ ৰাইজে সময় সপক্ষে নাইবা উৎসৱ-পাৰ্বনসমূহ উদ্যাপনৰ সময়ত প্ৰতিনিধিসকলৰ সন্মুখত আনন্দ প্ৰকাশৰ উদ্দেশ্যেৰে এই খেলত অংশগ্ৰহণ কৰিছিল । সাধাৰণতে এই খেলত গাঁৱৰ ডেকাসকলে এই খেলত যোগদান কৰিছিল । হাউগুদু খেলবিধ 'হাউখেল' বুলিও কোৱা হৈছিল । খেলুৱৈৰ সংখ্যা অনুযায়ী এই খেল খেলিবৰ বাবে খেলুৱৈসকলক সমানকৈ দুটা ভাগত বিভক্ত কৰা হয় । ইয়াৰ পাছতে খেলুৱৈয়ে উশাহ বন্ধ কৰি মুখেৰে 'হাউগুদুনুগুদুমাগুৰিজলি ঘোৰানাকেদিলোতুলি' উচ্চাৰণ কৰি গোলাকাৰ গতিৰে দৌৰি দৌৰি বিপৰীত দলৰ খেলুৱৈসকলক যিমান পাৰে হাতেৰে চুবলৈ প্ৰয়াস কৰে । এই প্ৰচেষ্টাত যদি খেলুৱৈজনে বিপৰীত দলৰ খেলুৱৈ সকলক সেই সময়ত স্পৰ্শ কৰাত সফল হয় , তেন্তে খেলুৱৈজনৰ দলটো জয়ী হ'ব অন্যথা পুনৰ খেলত নিজৰ দলৰ সৈতে আগৰ দৰেই খেলত ভাগ লৈ থাকিব লাগিব । এই নিয়মহমূহৰ মাজেৰেই খেলুৱৈসকলে বহু হাঁহি - ধেমালিৰ মাজেৰে হাউগুদু খেল পৰিৱেশন কৰে আৰু অৱশেষত দুয়োটা দলৰ ভিতৰত যিকোনো এটা দলেহে জয় লাভ কৰে ।
এইসমূহ হৈছে অসমৰ ঐতিহাসিক যুগৰ ৰজা-মহাৰজাসকলৰ দিনৰে পৰা প্ৰচলিত হৈ অহা কিছুমান বিখ্যাত খেল । ক্ৰীড়া অথবা খেল-ধেমালি হৈছে মানুহৰ দৈনন্দিন জীৱনৰ এক অত্যাৱশ্যকীয় অংগ যাৰ জৰিয়তে মানুহৰ শাৰিৰিক তথা মানসিক বিকাশ সাধন হয় ।
Sports are an essential part of human life. Assam is a very rich state in terms of sports. There are many different types of sports in Assam. The people of Assam do not play sports just for the purpose of competition , they participate in sports to retire themselves at the end of the day and to have a healthy body. There are many ways to express the joys of life and for entertainment. There are many different types of games that are played in the country. The people of Assam also participate in daily sports to protect themselves from the severe cold in winter and to increase their body temperature.
There are many different types of games such as bullfighting, chicken fighting, butterfly fighting, etc. in the courtyard of the Rangghar, especially on the auspicious occasion of Rangali Bihu. There are many different types of games that are played in the country. These games are sponsored by the people and especially by the Ahom kings. However, these games and the rules associated with them have changed over time. Some of these games disappeared from society many years ago. Some games, on the other hand, are still in use today, but the colors, form, system, rules, etc. of those games have all changed compared to the past.
There are many different types of games available in the country. This game is usually played in groups during Bahag Bihu. This game can be played by both men and women of any age. The game was also widely played in the interior of the Tai-Ahom Empire. In addition, another game prevalent in prehistoric times is 'Haugudu' The youths or children of Assam participate in this game by standing in circular positions and singing songs. These mythical games also changed a lot based on the changes of time and environment. These famous games of the days of the earlier kings and maharajas have changed only slightly in name or type , these games have not disappeared in Assam today. The formerly popular game of 'Kari' is now known as 'Ludo' in modern society and the game of 'Haugudu' is now known as 'Kabaddi' in a new form.
The game was first named as dice game by the people of the old civilization of Assam. Slowly it turned into a game. And finally, modern society transferred the game to ludo. The game was popular among the common people and was played by the men and women of the noble families of the time for entertainment in their spare time. There are certain rules for playing this game. These rules vary slightly depending on the age of the player. To play this game, you first need 4 or 6 beads or seashells. If there is no sea shell, the game can be played with seeds or seeds of the carob tree. There are rules and regulations of the game in different places. In Assam, the game is played mainly by two or four players. To play the game, the players first make some rectangular boxes on paper with clay pencils or by hand on the ground. The players then shake the coins with their hands and throw them into the boxes drawn below. If the balls fall upside down when thrown, the game continues again. In the past, on the occasion of Rangali Bihu, young and old people in all corners of Assam organized games in the village Namghar or in the courtyard of a house as an entertainment event for the people.
Haugudu is a team game that has been played since ancient times. In those days, the employees of the kings and maharajas or the villagers participated in this game to express their joy in front of the representatives during the celebration of festivals. The game was usually played by the village youths. The game of Haugudu was also called 'Haukhel' The players are divided equally into two groups to play the game according to the number of players. The players then hold their breath and run in a circular motion chanting 'Haugudunugudumagurizli ghoranakedilotuli' with their mouths and try to touch the players of the opposing team as much as they can. If the player succeeds in touching the players of the opposing team at that time in this attempt, the player's team will win, otherwise he will have to continue playing with his team as before. These rules are followed by the players performing the game of Haugudu with a lot of laughter and eventually either team wins.
These are some of the famous games that have been played since the days of the kings and maharajas of Assam. Sports are an essential part of daily life that promotes physical and mental development.








No comments:
Post a Comment