যুক্তৰাষ্ট্ৰীয় চৰকাৰ হৈছে এনে এখন চৰকাৰ য'ত একোখনকৈ কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও কেইবাখনো ৰাজ্য চৰকাৰ থাকে । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ । আমেৰিকাতেই পোনপ্ৰথমে এই যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ পদ্ধতি আৰম্ভ হৈছিল । এককেন্দ্ৰীয় পদ্ধতিৰ চৰকাৰৰ সম্পূৰ্ণ বিপৰীত ধৰ্মী চৰকাৰখনেই হ'ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ ।
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰকৃতিসমূহ তলত দিয়া ধৰণৰ -
১) লিখিত সংবিধান - যুক্তৰাষ্ট্ৰৰ সংবিধান পৰিষদে সংবিধিন প্ৰণয়ন কৰে আৰু এই সংবিধান লিখিত ৰূপত থাকে । ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ লিপিবদ্ধ কৰি ৰখা হয় । এই সংবিধান দৃঢ় প্ৰকৃতিৰ হয় ।
২) দুই প্ৰকাৰৰ চৰকাৰ - যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক এই দুই প্ৰকাৰৰ চৰকাৰ থাকে । এই দুই প্ৰকাৰৰ চৰকাৰ নিজ নিজ কৰ্মক্ষেত্ৰত স্বতন্ত্ৰ ।
৩) ক্ষমতাৰ বিভাজন - যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হয় । ইয়াত কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীয় সূচী , ৰাজ্যিক চৰকাৰৰ হাতত ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ বিষয়সমূহ দুয়োখন চৰকাৰৰ ক্ষমতাত থাকে ।
৪) দ্বি-নাগৰিকত্ব - যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা আছে । ইয়াত নাগৰিকসকল নিজ নিজ ৰাজ্যৰ নাগৰিক হোৱাৰ উপৰিও সমগ্ৰ দেশৰে নাগৰিক হয় । ৫) সংবিধানৰ পূাধান্যতা - যুক্তৰাষ্ট্ৰত দুই প্ৰকাৰৰ চৰকাৰে সংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে । সংবিধান অনুসৰি আইন প্ৰণয়ন নকৰিলে দুই চৰকাৰৰ আইনসমূহ উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি নাকচ কৰিব পাৰে ।
৬) বিচ্ছিন্ন হোৱাৰ অধিকাৰ - যুক্তৰাষ্ট্ৰৰ অৰ্ন্তভক্ত অংগৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁতৰি আহি নতুন ৰাষ্ট্ৰ গঠন কৰাৰ ব্যৱস্থা আছে ।
৭) দৃঢ় সংবিধান - যুক্তৰাষ্ট্ৰৰ সংবিধান দৃঢ় প্ৰকৃতিৰ হোৱাৰ বাবে ইয়াক সহজে সংশোধন কৰিব পৰা নাযায় । কিছুমান বিশেষ পদ্ধতি অৱলম্বন কৰিহে সংবিধান সংশোধন কৰিব পৰা ব্যৱস্থা আছে ।
৮) ৰাজহ বিভাজন - যুক্তৰাষ্ট্ৰত দুই চৰকাৰৰ মাজত যাতে বিত্তীয় বিষয়ত বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে ৰাজহ বিতৰণ কৰাৰ ব্যৱস্থা আছে ।
এখন ৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ পদ্ধতিৰে চলিবলৈ হ'লে তাত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ৰাজত্বত পৰিলক্ষিত হোৱা কিছুমান দোষৰ বিষয়ে তলত উল্লেখ কৰা হ'ল -
ক্ষমতাৰ বিভাজন ব্যৱস্থা থকাৰ বাবে যুক্তৰাষ্ট্ৰৰ কোনো এখন চৰকাৰে বিশেষ শক্তিশালী নহয় । ইয়াৰ উপৰিও যুক্তৰাষ্ট্ৰত সংবিধানৰ অস্পষ্টতাৰ বাবে সীমা বিবাদ , জলবিবাদ ইত্যাদি বিবাদসমূহো থাকিব পাৰে । লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজতো সঘনে বিবাদ হোৱাৰ সম্ভাৱনা থাকে । যুক্তৰাষ্ট্ৰত অংগ ৰাজ্যসমূহ বিচ্ছিন্ন হোৱাৰ ব্যৱস্থা থকাৰ বাবে একতা বিনষ্ট হয় । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ শাসনকালত যুক্তৰাষ্ট্ৰসমূহত আঞ্চলিক বৈষম্যই দেখা দিলে আঞ্চলিকতাবাদে গা উঠে যাৰ ফলত ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিও বিনষ্ট হ'ব পাৰে । তাৰোপৰি যুক্তৰাষ্ট্ৰত সংবিধান সংশোধনৰ বাবে কিছুমান বিশেষ পদ্ধতি অৱলম্বন কৰিব লগা হোৱা বাবে কিছু বিষয়ত সংকটে দেখা দিয়ে । যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ শাসন কালত কেন্দ্ৰীয় চৰকাৰ , ৰাজিক চৰকাৰ আদিৰ নিযুক্তিৰ বাবে আয়োজন কৰা নিৰ্বাচনৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন খৰচ হয় । লগতে যুক্তৰাষ্ট্ৰীয় চৰকাৰসমূহ কিছু ক্ষেত্ৰত জৰুৰীকালীন অৱস্থাত তৎকালীন সিদ্ধান্ত গ্ৰহণ কৰাত কেতিয়াবা ব্যৰ্থ হোৱাও পৰিলক্ষিত হয় ।
ভাৰতবৰ্ষৰো বৰ্তমান সময়ৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতিৰ অৰ্ন্তগত । কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ প্ৰকৃত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ সৈতে একেই নহয় । ইয়াৰ নিৰ্দ্দিষ্ট কাৰণসমূহ তলত দিয়া ধৰণৰ -
ক) সংসদে প্ৰণয়ন কৰা আইনৰ লগত বিধান সভাই প্ৰণয়ন কৰা আইনৰ সংঘাট হ'লে সংসদে প্ৰণয়ন কৰা আইন কাৰ্যকৰী হ'ব যিয়ে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যক বুজায় ।
খ) ৰাষ্ট্ৰপতিয়ে ৰাজ্যপাল , নিৰ্বাচন আয়োগ , পৰিকল্পনা আয়োগ , নিয়ন্ত্ৰক তথা মহালেখা পৰীক্ষক আদিক নিযুক্তি দিব পাৰে যাৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছাত ৰাজ্যসমূহৰ ওপৰত জাপি দিব পাৰে যাৰ ফলত ৰাজ্য চৰকাৰৰ স্বাধীনতা হ্ৰাস পায় । এনে ব্যৱস্থাত ৰাজ্যপালসকলে কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপেহে কাম কৰে । এনেধৰণৰ ব্যৱস্থা সমূহ অযুক্তৰাষ্ট্ৰীয় ।
গ) সংবিধানৰ তিনি নম্বৰ অনুচ্ছেদ অনুসৰি সংসদে যিকোনো ৰাজ্যৰ সীমা সাল-সলনি কৰিব পাৰে , ৰাজ্য চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিব পাৰে । এই ব্যৱস্থাটো এক অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ।
ঘ) ভাৰতীয় সংবিধানৰ ২৫৩ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ সংসদে বিদেশৰ লগত চুক্তি কৰিলে ভাৰতৰ যিকোনো অংশতে অথবা সমগ্ৰ ভাৰতত কাৰ্যকৰী কৰিব পাৰে । এই ব্যৱস্থাও এক অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ।
ঙ) প্ৰয়বোৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ক্ষেত্ৰত দেখা যায় যে' যুক্তৰাষ্ট্ৰ গঠন হোৱাৰ পূৰ্বে ইয়াৰ গোটসমূহ পৰস্পৰ স্বাধীন আৰু পৃথক গোট হিচাপে থাকে । কিন্তু ভাৰতবৰ্ষ বৃটিছ চৰকাৰৰ অধীনত এক গোট আছিল । সেইবাবে স্বাধীনতা পোৱাৰ পিছত দেশ শাসনৰ সুবিধাৰ বাবে যুক্তৰাষ্ট্ৰ গঠন কৰা হৈছিল ।
চ) যুক্তৰাষ্ট্ৰীয় সংবিধান দৃঢ় প্ৰকৃতিৰ নহয় । কিন্তু ভাৰতৰ সংশোধনী পদ্ধতি বহু পৰিমাণে শিথিল ।
A federal government is a government that consists of a central government and several state governments. The best example of a federal government is the government of the United States. The United States was the first country to introduce this system of federal government. The federal government is the exact opposite of the central government.
The natures of the federal government are as follows -
1) Written Constitution - The Constitution of the United States is drafted by the Constituent Assembly and is in written form. It records the powers and functions of the Central and State Governments. This constitution is firm in nature.
2. Two types of government - There are two types of government in the United States, the central and the state. These two types of government are independent in their respective fields of activity.
3) Division of Powers - In the United States, powers are divided between the central and state governments. Here, the Central Schedule is in the hands of the Central Government, the State Schedule is in the hands of the State Governments and the matters of the parallel schedule are in the power of both the Governments.
4) Dual citizenship - The United States has a dual citizenship system. Here, citizens are citizens of their respective states as well as citizens of the entire country. 5. Primacy of the Constitution - There are two types of government in the United States that derive their power from the Constitution. The Supreme Court can reject the laws of the two governments as unconstitutional if they do not pass laws in accordance with the Constitution.
6. Right to Secede - The Member States of the United States have the right to secede from the Central Government and form new states.
7. Firm Constitution - The Constitution of the United States is firm in nature and cannot be easily amended. There are provisions for amending the Constitution only through certain procedures.
8. Revenue Division - In the United States, there is a system of revenue sharing between two governments to avoid financial chaos.
There are many problems that a country faces when it comes to running under the federal system of government. The following are some of the defects observed in the reign of the federal government -
No government in the United States is particularly powerful because of the separation of powers. In addition, there may be disputes such as boundary disputes, water disputes, etc. due to the vagueness of the Constitution in the United States. There is also a possibility of frequent disputes between the central and state governments. In the United States, unity is destroyed by the secession of the member states. Regional discrimination in the United States during the rule of the federal government can lead to regionalism, which can undermine national unity and cohesion. In addition, there are crises in the United States because of the special procedures required to amend the Constitution. During the rule of the federal government, large sums of money are spent on elections for appointment to the central government , state governments, etc. Federal governments also sometimes fail to take immediate decisions in emergencies.
The present system of governance in India is also part of the federal system of government. However, the federal characteristics of India are not the same as the actual federal characteristics. The specific reasons for this are as follows -
a) In case of conflict between laws enacted by Parliament and laws enacted by the Legislative Assembly, the laws enacted by Parliament shall come into force which refers to non-federal characteristics.
b) The President may appoint Governors, Election Commissions, Planning Commissions, Comptrollers and Auditors General etc. through which the Central Government can impose its will on the States thus reducing the independence of the State Governments. In such a system, the Governors act as agents of the Central Government. Such arrangements are non-federal.
c) According to Article 3 of the Constitution, Parliament can change the boundaries of any State and act against the will of the State Government. This system is a non-federal feature.
d) According to Article 253 of the Constitution of India, the Parliament of India may implement treaties with foreign countries in any part of India or throughout India. This system is also a non-federal feature.
e) In the case of most federal governments, its groups existed as independent and separate groups before the formation of the United States. But India was a group under the British Government. Therefore, after independence, the United States was formed to facilitate the governance of the country.
f) The United States Constitution is not firm in nature. However, India's amendment system is much more relaxed.








No comments:
Post a Comment