অসম সাহিত্য সভা || Assam Sahitya Sabha

"চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত পাৱনী, আই॥

প্ৰকৃতি পৰশ ৰসে অমল কমল


চঞ্চল হৃদি জলে ঢালে পৰিমল

কোমল চম্পাৰ কলি

ঢৌৱে ঢৌৱে ঢৌৱে তুলি

ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ

হিয়াত বিলীন হয় হিয়াভৰা গান

কাৰ নিচুকনি শুনা

শুনি বাণী ব্যথা পমা

চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ

ৰসনা শিতানে বহি সিঁচা শতধাৰ

হে' মোৰ মধুৰননা

মাগিছোঁ মাধুৰী কণা

দিয়া দিয়া দিয়া আই মধু ভাষিণী॥"


            অসম আৰু  দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা  অসমীয়া লোকসকলক আৱেগৰ এনাজৰী আৰু জাতীয় চেতনাৰ ভাৱবোধেৰে একত্ৰিত কৰি ৰখা  এটি অনুষ্ঠান হৈছে অসম সাহিত্য সভা। অসমীয়া ভাষা-সাহিত্য তথা কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত চিৰজাগ্রত এটা অনুষ্ঠান অসম সাহিত্য সভা। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত অসম সাহিত্য সভা গঠন হৈছিল ৰায়চাহাব পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে চিৰপুৰোধা সাহিত্যিকৰ সভাপতিত্বত। অসমত পোনপ্ৰথমবাৰলৈ কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ বিকাশ সাধনৰ  কথা মনত ৰাখিয়েই  ১৮৮৮ চনৰ ২৫ আগষ্টত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" প্ৰতিষ্ঠা কৰে  । আৰু ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত  পঢ়ি থকা সৌ অসমীয়া ছাত্ৰসকলেই  অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটি এই  " অসমীয়া ভাষা উন্নতি সাধিনী সভা"ক  অসম সাহিত্য সভালৈ পৰিণত কৰে । এনেকৈয়ে পুলিয়ে পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে । এনেদৰেই অসমত অসম সাহিত্য সভাৰ জন্ম হয় ।   এই সভাৰ লগত বিশেষভাৱে আৰম্ভণিৰে পৰা জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। শেষত পুলিয়ে পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে ।  
          প্ৰত্যেকবাৰেই অসম আৰু সমূহ অসমীয়াই  জাতীয় চেতনাৰ এক ঘাই শিতান স্বৰূপে অত্যন্ত আৱেগ আৰু সাহিত্যিক অনুভূতিৰে অসম সাহিত্য সভাৰ আয়োজন কৰে । ১৯২৬ চনৰ পৰা অসম সাহিত্য সভাই "অসম সাহিত্য সভা পত্ৰিকা" নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছৰমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা  পুনৰ নিয়মিতভাৱে এই পত্ৰিকা প্ৰকাশ হৈ আছে । মিত্ৰদেৱৰ কণ্ঠত  আৰু যোৰহাটৰ নিবাসী শ্ৰী ইন্দ্ৰেশুৰ শৰ্মা ডাঙৰীয়াৰ স্বৰলিপিৰে ৰচিতণ" চিৰ চেনেহী মোৰ ভাষা জননী " শীৰ্ষগীতেৰে সভাৰ শুভাৰম্ভণি কৰা হয় । 
           বৰ্তমান সময়ত অসমত   বত্ৰিশ খন জিলা সাহিত্য সভা আছে আৰু ইয়াৰ অন্তৰ্গত প্ৰায় হাজাৰৰো অধিক শাখা সাহিত্য সভা আছে। অসমৰ উপৰিও ভাৰতবৰ্ষৰ আন আন ঠাইৰ লগতে বিদেশতো অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা আছে। এইবোৰ হ'ল – ক'হিমা,শ্বিলঙ,আইজল, কামেং, পাছিঘাট,নতুন দিল্লী,মুম্বাই, লণ্ডন,উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ আদি। অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰথম শাখা সাহিত্য সভা হৈছে "যোৰহাট সাহিত্য সভা"। যোৰহাট সাহিত্য সভা অসম সাহিত্য সভা প্ৰতিষ্ঠাৰ পূৰ্বেই ১৯১৪ চনতে প্ৰতিষ্ঠা কৰা হৈছিল। যোৰহাট সাহিত্য সভাৰ পাছতেই গুৱাহাটী, তেজপুৰ,নগাঁও,উত্তৰ লক্ষীমপুৰ, নাজিৰা,নলবাৰী,শিৱসাগৰ,গৌৰীপুৰ, গোলাঘাট,মঙ্গলদৈ,ডিব্ৰুগড় আদিত প্ৰতিষ্ঠা লাভ কৰা সাহিত্য সভাই অসম সাহিত্য সভাৰ শাখা সাহিত্য সভাৰূপে স্বীকৃতি লাভ কৰে।
           অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সমগ্ৰ দিশসমূহেই উন্নতিৰ পথত আগুৱাই নিয়াই হৈছে অসম সাহিত্য সভা আয়োজনৰ প্ৰধান উদ্দেশ্য ।  লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ বিকাশ সাধনৰ বাবে কাম কৰাও এই সভাৰ অন্যতম লক্ষ্য হ'ব।  আৰু উদ্দেশ্যসমূহক কাৰ্যকৰী ৰূপ দিবলৈ অসম সাহিত্য সভাই বিভিন্ন পদক্ষেপ হাতত লয় । সেইসমূহ হৈছে -

১) অসমীয়া অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা যাতে বৰ্তমান তথা ভৱিষ্যত প্ৰজন্মক অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহী কৰি তুলি  চিৰদিনলৈ অসমীয়া ভাষা , সংস্কৃতি ও  সাহিত্যক সময়ৰ গভীৰ সোঁততো জীয়াই ৰাখিব পাৰে । 
২) প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰে যাৰ ফলত আজিৰ অসমৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে প্ৰত্যাহ্বান জনোৱা মাতৃভাষাৰ প্ৰয়োজনীয়তা বুজি উঠিব পাৰে । 
৩) অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দূৰ কৰা অসমীয়া সাহিত্যৰ ভেঁটিটো টনকিয়াল কৰি বিশ্বৰ দৰবাৰত অসম আৰু অসমীয়া চহকী কৰি তোলা । 
৪) নতুনকৈ উঠি সাহিত্যপ্ৰেমী প্ৰজন্মৰ মাজতে নৱ প্ৰতিভা তথা সু-চিন্তাৰে নতুন সাহিত্যিক আৰু লেখকৰ সৃষ্টি হোৱাৰ আশাৰে প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহায্য প্ৰদান কৰা । 
 ৫)অসমীয়া সমাজৰ ল'ৰা-ছোৱালীসকলৰ লুপ্ত প্ৰতিভা প্ৰকাশ আৰু বিকাশৰ উদ্দেশ্যৰে সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা । 
৫)সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা;
৬)ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা;
৭)অসমীয়া সাহিত্যৰ দিশত অলপ হ'লেও আগ্ৰহী আৰু  অসমীয়া ভাষা ও সংস্কৃতিক দিশত  শক্তিশালী লোকসকলক ভাষা-সাহিত্য-সংস্কৃতিৰ  হকে কাম কৰাৰ সুযোগ প্ৰদানেৰে অসমীয়া  ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা । 
৮)সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা । 
৯) অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দুৰ কৰা;
১০) অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা ইত্যাদি । 


The Assam Sahitya Sabha is an organization that brings together Assamese people living in Assam and abroad with a bond of emotion and a sense of national consciousness. There are many different types of characters in the film, but the most important one is the character of the heroine. The Assam Sahitya Sabha was formed on 26 December 1917 in Shivsagar under the presidency of Raisahab Padmanath Gohani Barua. The first Assamese students studying in Calcutta in Assam founded the Assamese Language Promotion Society on 25 August 1888 with the aim of preventing the invasion of other languages and promoting the development of Assamese language and literature. Therefore, it is important to understand the importance of these issues in the development of the country. Therefore, it is important to understand the importance of these issues in the development of the country. The 1917 Assamese Language Promotion Society was formed as the Assam Sahitya Sabha. This is how the Assam Sahitya Sabha was born in Assam. There are many people who have been involved in this society since the beginning. They are Laxminath Bezbarua, Hemchandra Goswami, Benudhar Rajkhowa, Dalimchandra Bora, Tirthanath Sharma, Kamalchandra Sharma and others. Gradually, its membership began to increase. The 1917 Assamese Language Promotion Society was formed as the Assam Sahitya Sabha.
           Every time Assam and all Assamese organize the Assam Sahitya Sabha with great emotion and literary feeling as a major section of national consciousness. The Assam Sahitya Sabha has been publishing a quarterly magazine since 1926 called "Assam Sahitya Sabha Patrika" with research-oriented and analytical articles on Assamese language and literature. The magazine had to stop publication during World War II. The magazine has been published regularly since 1954 after a period of discontinuation for several years. The meeting was opened with the song "Chir Chenehi Mor Bhasha Janani" sung by Mitradev and composed by Mr. Indreshu Sharma, resident of Jorhat.
            At present there are thirty-two District Sahitya Sabhas in Assam and more than a thousand branch Sahitya Sabhas under them. There are branches of the Assam Sahitya Sabha in other parts of India as well as abroad. These are – Kohima, Shillong, Aizawl, Kameng, Pasighat, New Delhi, Mumbai, London, North America and Singapore. The first branch of the Assam Sahitya Sabha recognized by the Assam Sahitya Sabha is the "Jorhat Sahitya Sabha" The Jorhat Sahitya Sabha was founded in 1914 before the establishment of the Assam Sahitya Sabha. After the Jorhat Sahitya Sabha, the Sahitya Sabha was established in Guwahati, Tezpur, Nagaon, North Lakhimpur, Nazira, Nalbari, Sibsagar, Gauripur, Golaghat, Mangaldai, Dibrugarh etc. and was recognized as a branch of the Assam Sahitya Sabha.
            There are many different types of characters in the film, but the most important one is the character of the heroine. There are many different types of jobs available in the country. There are many different types of jobs available in the country. Therefore, it is important to understand the importance of these issues. Therefore, it is important to understand the importance of these issues. They are -

1. Compilation and publication of Assamese dictionaries, grammars and other books so that the present and future generations can be interested in the Assamese language and literature and keep the Assamese language, culture and literature alive forever in the deep flow of time.
2. Investigates, collects, researches and publishes ancient literature and folk literature so that the children of Assam today understand the need for a commonly challenged mother tongue.
3. To overcome the lack of books on various subjects in Assamese literature, to strengthen the foundation of Assamese literature and to enrich Assam and Assamese in the world arena.
4. To provide awards to the authors of appropriate books and assistance to disabled writers among the books published in the hope of creating new writers and authors with new talents and good ideas among the younger generation of literary lovers.
  5. To promote music, painting and sculpture with the aim of expressing and developing the lost talents of the children of the Assamese society.
5) Publishing a newspaper and pamphlet of the Assembly;
6) Publishing of language and literature pamphlets;
7. Establishment of Research Centers for Assamese Language, Literature and Culture by providing opportunities to people who are at least slightly interested in Assamese literature and strong in Assamese language and culture to work for the benefit of language, literature and culture.
8. Implementation of exchange schemes related to literature and culture.
9. To remove obstacles to the development and promotion of the Assamese language, literature and culture;
10. To do other things for the promotion of the Assamese language and literature.


Note: The English part here is auto translated from Google. The author is not responsible for this.

No comments:

Post a Comment