বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মানূহৰ প্ৰজননৰ সকলো দিশ যেনে দৈহিক,আৱেগিক,আচৰণ আৰু সামাজিক এই আটাইবোৰৰেই সমুদায় স্বাভাৱিক আৰু সন্তুলিত কাৰ্যক্ষমতাকেই জনন স্বাস্থ্য বোলা হয়।সেয়েহে একোখন সমাজত থকা প্ৰতিজন ব্যক্তিয়েই যদি স্বাভাৱিকভাৱে দৈহিক আৰু কাৰ্যক্ষম জননাংগ ধাৰণ কৰাৰ উপৰিও পৰস্পৰ মাজত স্বাভাৱিক ৰূপত আৱেগিক তথা জনন আচৰণ অক্ষুণ্ণ ৰাখিব পাৰে,তেনে সমাজক প্ৰজননিকভাৱে সুস্বাস্থ্য সম্পন্ন সমাজ বুলিব পাৰি।সম্পূৰ্ণ জনন স্বাস্থ্যক সামাজিক লক্ষ্য হিচাপে আগত ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিকল্পনা আৰু কাৰ্যপন্থা হাতত লোৱা পৃথিৱীৰ দেশসমূহৰ ভিতৰত সৰ্বপ্ৰথম দেশখন হ'ল ভাৰত।
বৰ্তমান সময়ত চৰকাৰী আৰু বেচৰকাৰী সংস্থা কিছুমানে দৃশ্য-শ্ৰাব্য আৰু ছপা মাধ্যমৰ সহায়ত প্ৰজননৰ লগত জড়িত বিভিন্ন দিশ সমূহৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে ভিন ভিন পদক্ষেপ গ্ৰহণ কৰিছে।যুৱক-যুৱতি সকল যাতে যৌন সম্পৰ্কীয় অন্ধবিশ্বাস আৰু ভুল ধাৰণাবোৰৰ বলি হ'ব নোৱাৰে তাৰ বাবে উপযুক্ত শিক্ষা প্ৰদানৰ উদ্দেশ্যে বিদ্যালয় সমূহত যৌন শিক্ষা প্ৰৱৰ্তনৰ উৎসাহ যোগোৱা উচিত।জনন অংগৰ বিষয়ে সম্যক ধাৰণা,বয়:সন্ধি আৰু ইয়াৰ লগত জড়িত পৰিৱৰ্তনসমূহ,নিৰাপদ আৰু স্বাস্থ্যসন্মত যৌন কাৰ্য,যৌন ৰোগ আদিৰ সম্পৰ্কে পোৱা যথোপযুক্ত জ্ঞানে মানুহক বিশেষকৈ উঠি অহা যুৱচামক সূস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে।মানুহৰ মাজত,বিশেষকৈ সন্তান সম্ভৱা দম্পতি আৰু বিবাহৰ বাবে উপযুক্ত বয়সৰ ব্যক্তিৰ মাজত যৌনশিক্ষাৰ কেতবোৰ দিশ যেনে জন্মনিয়ন্ত্ৰণৰ ব্যৱস্থা,গৰ্ভৱতী মাতৃৰ যত্ন লোৱা,প্ৰসৱোত্তৰ কালত মাতৃ আৰু শিশুৰ যতন,শিশুক মাতৃ দুগ্ধ পান কৰোৱাৰ আৱশ্যকত,পুত্ৰ আৰু কন্যা সন্তানক সমান সুবিধা প্ৰদান আদিৰ জ্ঞান বিস্তাৰণে সামাজিকভাৱে সচেতন পৰিয়াল গঠনত সহায়ক হ'ব।কেতবোৰ গুৰুত্বপূৰ্ণ সামাজিক সমস্যা যেনে অনিয়ন্ত্ৰিত জনসংখ্যাৰ বৃদ্ধি,যৌন পীড়ন অপৰাধ আদিৰ বিৰূদ্ধে সজাগতাৰ সৃষ্টি কৰিব লাগে যাতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে এই সমস্যাবোৰ দূৰীকৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দ্বাৰা এখন দায়িত্বশীল আৰু সুস্থ সমাজ গঠন কৰিব পাৰে।
জনন স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু কাৰ্যপন্থা বোৰৰ সফল ৰূপায়ন কৰিবলৈ হ'লে সবল আন্ত:গাথনিক সুবিধা,বিচক্ষণতা আৰু বস্তুগত সহযোগিতাৰ অতি প্ৰয়োজন।কিয়নো পেশাধাৰী গৰ্ভধাৰণ,প্ৰসৱ,যৌনৰোগ,গৰ্ভপাত বা ভ্ৰূণ হত্যা,গৰ্ভনিৰোধন,ৰজ:সমস্যা,জনন অক্ষমতা আদি জনন জড়িত সমস্যাবোৰৰ প্ৰতি চিকিৎসা সাহায্য আৰু যত্ন লোৱাৰ বাবে অত্যন্ত জৰুৰী।ভাল প্ৰযুক্তি আৰু নতুন নতুন কাৰ্য কৌশলৰ সময়ে সময়ে হোৱা ৰূপায়নেহে মানুহক উপযুক্ত যত্ন আৰু সাহায্যৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।এই ক্ষেত্ৰত কিছুমান উল্লেখনীয় কাৰ্যসূচী হৈছে ক্ৰমবৰ্ধমান কন্যা ভ্ৰূণ হত্যা ৰক্ষা কৰাৰ বাবে ভ্ৰূণৰস পৰীক্ষা বা এম্নিওচেণ্টোচিচৰ ওপৰত ন্যায়িক প্ৰতিবন্ধকতাৰ প্ৰয়োগ,বিস্তৃত হাৰত শিশুক টিকাকৰণ আদি।জনন কাৰ্যৰ লগত সংলগ্ন বিষয়সমূহৰ ক্ষেত্ৰত নতুন পদ্ধতিৰ উদ্ভাৱন তথা প্ৰচলিত পদ্ধতিৰ উন্নতি সাধনৰ বাবে চৰকাৰী আৰু বেচৰকাৰী অভিকৰণসমূহে গৱেষণাৰ বাবে উদগনি আৰু সাহায্য আগবঢ়াই আহিছে।যৌন জড়িত বিষয়সমূহৰ ক্ষেত্ৰত উন্নত আৰু সময়োপযোগী সচেতনতাৰ সৃষ্টিয়ে সদ্যহতে চিকিৎসাৰ সহায়ত হোৱা সন্তান প্ৰসৱৰ সংখ্যা বৃদ্ধি কৰিব পাৰিছে,প্ৰসৱোত্তৰ যত্নৰ উন্নয়নে মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰিছে।সাম্প্ৰতিক সময়ত "জনন আৰু শিশু স্বাস্থ্যৰ যতন " চমুকৈ RCH নামেৰে জনপ্ৰিয় হৈ পঐা আঁচনি খনৰ অধীনত প্ৰজননৰ লগত জড়িত বহুতো উন্নতমানৰ আঁচনি কাৰ্যকৰণ কৰি অহা হৈছে।প্ৰজননৰ বিভিন্ন দিশসমূহৰ লগতে এক সূস্থ জনন স্বাস্থ্য সম্পন্ন সমাজ গঢ়াৰ বাবে প্ৰদান কৰা সুবিধা আৰু সহযোগিতা বোৰৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰাটোৱে হৈছে এই আঁচনি সমূহৰ মূখ্য কাম।
According to the World Health Organization, reproductive health is the combined normal and balanced functioning of all aspects of human reproduction such as physical, emotional, behavioral and social A society that can maintain behavior is a reproductively healthy society. India is the first country in the world to take national plans and actions with total reproductive health as a social goal.
At present, some government and non-governmental organizations have taken various initiatives to create awareness among the people about various aspects related to reproduction through audio-visual and print media Sex education should be encouraged in schools for the purpose of providing appropriate education. Adequate knowledge about the genitals, puberty and related changes, safe and healthy sexual practices, sexually transmitted diseases etc. helps people especially the youth to achieve healthy reproductive health Several aspects of sex education among people,especially among childbearing couples and persons of marriageable age such as birth control, care of pregnant mothers, postpartum care of mother and child, breastfeeding of children, equal opportunities for sons and daughters There are many important social problems like uncontrolled population growth, sexual harassment and crime Awareness should be created against these problems so that every person in the society can take appropriate measures to build a responsible and healthy society.
Strong infrastructure, expertise and material cooperation are essential for the successful implementation of reproductive health plans and measures. Professional pregnancy, childbirth, sexually transmitted diseases, abortion or foeticide, contraception, menstrual problems, reproductive disabilities etc Medical assistance and care for reproductive problems is essential. Only the implementation of good technology and new techniques from time to time can help people in providing appropriate care and assistance Application of judicial restrictions on amniocentesis, widespread vaccination of children, etc. Government and non-government agencies have been encouraging and supporting research to develop new methods and improve existing methods in reproductive issues The number of assisted deliveries has increased, and improvements in postpartum care have increased maternal and child mortality The scheme, which is currently popularly known as "Reproductive and Child Health Care" or RCH, implements many quality reproductive schemes. Facilities and assistance provided to build a healthy reproductive health society along with various aspects of reproduction The main function of these schemes is to create awareness among the people about these schemes.








No comments:
Post a Comment