বিজ্ঞান বনাম অন্ধবিশ্বাস || Science versus superstition

ধৰ্মৰ সৃষ্টিৰ সময়ৰে পৰা ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সাঙুৰ খাই থকা মূল বিষয় বস্তুটোৱেই হ'ল অন্ধবিশ্বাস। যি বিষয়ৰ কোনো বৈজ্ঞানিক যুক্তি থকা দেখা পোৱা নাযায়। এক অৰ্থত বিজ্ঞানে যিবোৰ বিশ্বাস বা ধাৰণাক অসত্য আৰু অমূলক বুলি প্ৰতিপণিত কৰে সেই বোৰেই অন্ধবিশ্বাস। আজিৰ যান্ত্রিক সভ্যতাত প্ৰতিজন মানুহেই বিজ্ঞান বিশ্বাসী। যিটো মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান প্ৰতিজন মানুহেই অনুভৱ কৰে, যিটো ২১ শতিকাত মানৱ সভ্যতা সমূহ উন্নতিৰ চুড়ান্ত শিখৰ পাইছে , যিটো সময়ত বিজ্ঞানৰ অদ্ভুতপূৰ্ব আৱিষ্কাৰ প্ৰযুক্তি সমূহে আজিৰ গাওঁসমূহক গোলকীয় গাওঁলৈ পৰিণত কৰিছে সেই সময়তো বৰ্তমানৰ সমাজত অন্ধবিশ্বাস, কু -সংস্কাৰ, অপ বিজ্ঞানৰ প্ৰভাৱ পৰি থকা দেখা পোৱা যায়। এতিয়াও আমি ন -দি ক'ব নোৱাৰোঁ যে আমি অন্ধবিশ্বাস মুক্ত, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত আজিও বন্দী হৈ আছো আমি আৰু আমাৰ সমাজত । 

পৃথিৱীখন চেপেটা নে ঘূৰণীয়া, চন্দ্ৰত কি আছে, সততে আক্ৰান্ত হোৱা ৰোগৰ কাৰকবোৰ কি কি -এইয়া আজি সাথৰ হৈ থকা নাই। বিজ্ঞানে আনি দিয়া আৱিষ্কাৰ পৰা সকলোৰে সত্য জানিব পৰা হ'লো। শুই উঠাৰ পৰা শুৱালৈকে আমি বিজ্ঞানৰ ওপৰতে নিৰ্ভৰ কৰি থাকো। যদিও এই কথা নুই কৰিব নোৱাৰি তথাপিওঁ আজিৰ বিজ্ঞানৰ যুগতো মানুহে কাকতে, পত্ৰই পোৱা মানুহ বশীকৰণ মন্ত্ৰ, নি:সন্তান দম্পতিক দান দিয়া, ডাইনী হত্যা, নৰবলি বেজালি ইত্যাদিৰ ওপৰত বিশ্বাস কৰে। অন্ধবিশ্বাসৰ ওপৰতে ভিত্তিকৰি অসমৰ কোনো কোনো অঞ্চলত আজিও ডাইনী হত্যা, সোপা ধৰা , গণ হত্যাৰ দৰে ঘৃণণীয় কাৰ্য্য সংঘটিত হৈ আহিছে। এই ক্ষেত্রত ২০১৫ চনত অসমত ডাইনী অপৰাধ আইনো গঠন কৰা হয়। কিছু ক্ষেত্রত এই সমূহত আইনতকৈ সজাগতাৰহে প্ৰয়োজন বেছি। এই সজাগতাৰ সৃষ্টি বিজ্ঞানৰ পৰাহে হ'ব পাৰে। এতিয়াও গ্ৰাম্যাঞ্চল সমূহত তন্ত্ৰ -মন্ত্র, জৰা-ফুঁকাৰ বেজালিৰ অপ প্ৰয়োগ কৰা পৰিলক্ষিত হয়। মেকুৰী কুকুৰে কামোৰিলে পানী জৰা, ডক্টৰৰ বেজিৰ পৰিৱৰ্তে জৰা-ফুঁকাত গুৰুত্ব দিয়াও দেখা যায়। সাপে খুটিলে বেজ অহা বাটত মেকুৰী দেখিলে যাত্ৰা ভংগ কৰা লোকও আজিৰ সমাজত বাস কৰে। আজিৰ দিনটো এচাম সাধু লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সাধাৰণ জনতাক ঠগি থকা পৰিলক্ষিত হয়। ইয়াৰ একমাত্র কাৰণ হৈছে অন্ধবিশ্বাস। 

বিজ্ঞানৰ সৃষ্টিবোৰ দেখাৰ পিছতে সমাজৰ পৰা অন্ধবিশ্বাসে কেতিয়াবাই মেলানি মাগিব লাগিছিল। বিজ্ঞানৰ সৃষ্টিৰে গৈ নিজৰ লগতে সমাজৰ লোকসকলক আগুৱাই নিয়াৰ কথা ভাবিব লাগিছিল কিন্তু তেনে নহ'ল আজিও সমাজৰ এক বৃহৎ অংশই, এচাম শিক্ষিত লোকেও অন্ধবিশ্বাসৰ অতল গহ্বৰত পোট হৈ থকা পৰিলক্ষিত হৈছে । আজিওঁ শিক্ষিত লোকসকলে নিজৰ উন্নতিৰ হকে বিভিন্ন ধৰণৰ পূজা অৰ্চনাৰ বাবে বলি বিধান আগবঢ়োৱা পৰিলক্ষিত হয়। কিছুমান খবৰৰ মতে নিজৰ সুখৰ হকে নিজৰ পুত্ৰকেই বলিশালত দিয়ে।


Superstition is the main theme associated with religious practices since the creation of religion. There is no scientific justification for this. In a sense, superstitions are beliefs or ideas that science proves to be false and unfounded. In today's mechanical civilization, everyone believes in science. Everyone feels the contribution of science to human society, which human civilizations have reached the ultimate peak of development in the 21st century , while the amazing previous inventions of science have turned today’s villages into global villages is available. We cannot say that we are free from superstition, we and our society are still trapped in the grip of superstition.

Whether the Earth is flat or round, what is on the moon, and what are the causes of common diseases are no longer mysteries. I learned the truth about everything from the discoveries made by science. From bedtime to bedtime, we rely on science. Although this cannot be denied, even in today's scientific age, people believe in spells to subdue people found in newspapers and letters, gifts to childless couples, witch killings, human sacrifices, etc. There are many sources of information about the country's economy, including the country's economy, the country's economy, and the country's economy. In 2015, the Witchcraft Crimes Act was enacted in Assam. In some cases, these require more awareness than laws. This awareness can only come from science. There are still many practices in rural areas such as tantra -mantra and witchcraft. Cat and dog bites are often treated with watery diarrhea and inhalation instead of doctor's injections. There are also people in today's society who break their journey when they see a cat on the way to a snake bite. Today, some saintly people are cheating the common people for their own interests. The only reason for this is superstition.

After seeing the creations of science, superstition had to disappear from society. Therefore, it is important to understand the importance of science in the development of the society. Therefore, it is important to understand the importance of science in the development of the society. Even today, educated people offer sacrifices for various forms of worship for their own welfare. According to some reports, he sacrificed his son for his own happiness.

No comments:

Post a Comment