বৰ্তমান সময়ত জনসাধাৰণৰ মাজত , বিশেষকৈ যুৱপ্ৰজন্মৰ ক্ষেত্ৰত সঘনাই দেখা দিয়া এবিধ বেমাৰ হৈছে নিদ্ৰাহীনতা । হীনমন্যতা , নিৰাশা , অপ্ৰাপ্তি , প্ৰেম প্ৰত্যাহ্বান , সংস্থাপন , বিশ্বাস ঘাটকতা , ধন সম্পত্তিৰ দমন , আত্মীয় স্বজনৰ বিয়োগ , নিৰ্যাতন , অত্যাচাৰ ইত্যাদিৰ ফলতো আজিৰ প্ৰজন্মই সাধাৰণতে নিদ্ৰাহীনতাৰ দৰে এই স্বাভাৱিক সমস্যাবিধৰ সন্মুখীন হ'বলৈ বাধ্য হয় । সহজ ভাষাত নিদ্ৰাহীনতা হৈছে এবিধ বেমাৰ য'ত নিদ্ৰাৰ বিসংগতি পৰিলক্ষিত হয় । টোপনি যোৱাত বিফল হোৱা , টোপনি আধৰুৱা হোৱা , খুব কম সময়ৰ মূৰতেই বাৰে বাৰে টোপনি ভংগ হোৱা , প্ৰয়োজনতকৈ অধিক সোনকালে টোপনিৰ পৰা সাৰ পোৱা , শোৱাৰ লগে লগে শীঘ্ৰে টোপনি অহাত ব্যৰ্থ হোৱা ইত্যাদি ধৰণৰ সমস্যা নিদ্ৰাহীনতাৰ দৰে বেমাৰ বিধৰ মূল লক্ষণ । নিদ্ৰাহীনতাত ভূগি থকা এজন ব্যক্তিয়ে পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছতো শৰীৰটো ভাগৰুৱা যেন অনুভৱ কৰে । নিদ্ৰাহীনতাই এগৰাকী ব্যক্তিৰ শাৰিৰিক শক্তি আৰু মনোৱস্থা দুৰ্বল কৰাৰ উপৰিও ব্যক্তিগৰাকীৰ সুস্বাস্থ্য , নিজৰ কৰ্তব্য পৰিৱেশনৰ লগতে তেখেতৰ দৈনন্দিন জীৱন প্ৰণালীতো ব্যাঘাট জনায় । ব্যক্তিবিশেষে মানুহৰ জীৱনত পৰ্য্যাপ্ত পৰিমাণৰ নিদ্ৰাৰ নিৰিখ ভিন ভিন হয় । পিছে সাবালক অথবা প্ৰাপ্তবয়স্ক ব্যক্তিৰ শৰীৰৰ ক্ষেত্ৰত নিশাৰ ভাগত প্ৰায় সাতৰ পৰা আঠ ঘণ্টা সময়ৰ নিদ্ৰা গ্ৰহণ কৰাতো বাঞ্ছনীয় ।
কিছুমান ক্ষেত্ৰত সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ দেহত "হ্ৰস্বম্যাদী নিদ্ৰাহীনতা"ৰ প্ৰচলন পৰিলক্ষিত হোৱা দেখা যায় , যিয়ে মানুহৰ শৰীৰত দুই বা চাৰি দিনৰ পৰা আৰম্ভ কৰি সাত দিন পৰ্য্যন্ত বাস কৰে । অধিক পৰিমাণৰ মানসিক চাপ আৰু জীৱনত আঘাটমূলক পৰিস্থিতিৰ ফলতেই শৰীৰত সাধাৰণতে নিদ্ৰাহীনতাৰ আৰ্বিভাৱ হোৱা দেখা যায় । কিন্তু কিছুমান ব্যক্তিৰ দেহত নিদ্ৰাহীনতাই এক মাহ অথবা তাতকৈয়ো দীৰ্ঘ সময়সীমাৰ বাবে থিতাপি লয় । কেতিয়াবা নিদ্ৰাহীনতাই মানুহৰ জীৱনত প্ৰাথমিক সমস্যা হিচাপে আক্ৰমণ কৰে , আনহাতে কেতিয়াবা ই মানুহৰ শৰীৰত কিছু বিশেষ স্বাস্থ্যজনিত কাৰণত অথবা শাৰিৰিক পীড়া ৰূপে দেখা দিয়ে । পিছে নিদ্ৰাহীনতাৰ দৰে সমস্যাৰ কবলত পৰি নিদ্ৰাবিহীন নিশাৰ সৈতে বুজাবজি কৰাতো ইয়াৰ সঠিক সমাধান নহয় ।
নিদ্ৰাহীনতাৰ দৰে মাৰাত্মক সমস্যাবিধৰ কিছু লক্ষণ তলত উল্লেখ কৰা হ'ল -
১) নিশা শুবলৈ বিছনাত যোৱাৰ পাছতো টোপনি অহাৰ অসুবিধা ।
২) শুৱাৰ পাছত মাজ নিশা বাৰে বাৰে সাৰ পোৱা ।
৩) নিশা বহুপৰ শুৱাৰ পাছতো পিছদিনা ভাগৰুৱা যেন অনুভৱ হোৱা ।
৪) দিনৰ ভাগত কৰ্ম ব্যস্ততাৰ মাজতো ভাগৰুৱা যেন অনুভৱ হোৱা আৰু টোপনিৰ ভাৱ অহা ।
৫) অধিক দুশ্চিন্তা আৰু হীনমন্যতাৰ সন্মুখীন হোৱা ।
৬) স্মৃতিশক্তিৰ ক্ষেত্ৰত দুৰ্বলতাৰ প্ৰভাৱে দেখা দিয়া ।
৭) নিজস্ব কৰ্মৰাজিত মনোযোগ দিয়া আৰু মনত ৰখাত ব্যৰ্থ হোৱা ।
৮) বিপদৰ সন্মুখীন হোৱাৰ বাবে অথবা সম্ভাৱ্য বিপদৰ বাবে হোৱা মানসিক উত্তেজনা আৰু অস্থিৰতা।
৯) দুৰ্ভাগ্য বা সঙ্কটৰ দৰে অনাকাংক্ষিত ফলাফল দিয়া এক নিবিছৰা ধৰণৰ ঘটনা সংঘটিত হোৱা ।
যদিহে নিদ্ৰাহীনতাই মানুহৰ জীৱনত ব্যাপক ৰূপত আক্ৰমণ কৰে , তেনেহ'লে অনতি পলমে ডাক্তৰ অথবা চিকিৎসালয়লৈ গৈ নিদ্ৰাহীনতাৰ যথোপযুক্ত কাৰণ জানিবলৈ চেষ্টা কৰিব লাগে আৰু ইয়াৰ চিকিৎসা কেনেদৰে কৰিব পাৰি তাৰ সমাধান বিচাৰিব লাগে ।
নিদ্ৰাহীনতাৰ দৰে সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এটি সহজ আৰু তৎকালীন পদক্ষেপ হৈছে যোগাভ্যাস আৰু ব্যায়াম । যোগসন হৈছে এক পদ্ধতি যাৰ দ্বাৰা মানুহে নিজৰ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতা আৰু শক্তিসমূহৰ উন্নতি সাধন কৰিব পাৰে। যোগসন আৰু ব্যায়ামৰ দ্বাৰা মানুহে আত্মউপলব্ধি অৰ্জন কৰিবলৈ সক্ষম হয় । ফলত নিদ্ৰাহীনতা অথবা মানসিক চাপৰ বাবে মানৱ শৰীৰত সৃষ্টি হোৱা হীনমন্যতাৰ দৰে সমস্যাই মানুহৰ দেহত কোনোধৰণে আক্ৰমণ কৰাৰ সুবিধা নাপায় । এক কথাত ক'বলৈ গলে যোগ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত ৰীতি । যোগ শব্দটো সংস্কৃত শব্দ 'যুজ'ৰ পৰা উৎপত্তি হৈছে। যোগে মন প্ৰবিত্ৰ কৰে, ভগৱানৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে, মস্তিষ্ক সন্তুলিত কৰে। যোগ ব্যায়াম আদি কৰিলে মানৱ শৰীৰৰ বিভিন্ন প্ৰকাৰে উৎকৰ্ষ সাধন কৰে, মনোবল বৃদ্ধি কৰে, হতাশগ্ৰস্থ হলে যোগে নিৰাময় কৰিবলৈ সক্ষম হয়। পৌৰাণিক কালত ঋষি মুনি সকলে যোগ কৰা ফলত দীৰ্ঘ জীৱন লাভ কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিল। যি সকলে সম্পূৰ্ণভাৱে, আত্মবিশ্বাসেৰে, একাগ্ৰতাৰে যোগ অনুশীলন কৰি উচ্চস্তৰৰ দৰ্শন লাভ কৰিব পাৰে সেই সকলকেই যোগী বুলি কোৱা হয়। সদ্যঘোষিত বৈজ্ঞানিক অনুসন্ধান অনুসৰি জানিব পৰা গৈছে যে' যোগাভ্যাস আৰু শাৰিৰিক ব্যায়ামৰ দৰে ক্ৰিয়াকলাপে মানৱ শৰীৰত সঘনে আক্ৰমণ কৰি থকা নিদ্ৰাহীনতাৰ দৰে ৰোগৰ বিনাস কৰিবলৈ সক্ষম হৈছে ।
Insomnia is one of the most common diseases in the population , especially among the youth. Inferiority, disappointment, lack of achievement, love challenges, employment, betrayal of trust, suppression of wealth, loss of relatives, abuse, torture, etc. are also commonly caused by today's generation to face this natural problem like insomnia. Insomnia is a disease in which sleep is disturbed. The main symptoms of insomnia are problems such as failure to fall asleep, incomplete sleep, frequent sleep breaks after very short periods of time, waking up earlier than necessary, and failure to fall asleep soon after going to bed. A person suffering from insomnia feels tired even after waking up in the morning. Sleep deprivation weakens a person's physical strength and mood and also disrupts the person's good health , performance of their duties as well as their daily lifestyle. The amount of sleep you get varies from person to person. However, it is recommended that adults get about seven to eight hours of sleep at night.
In some cases, "short-term insomnia" is common in adults, which lasts from two or four days to seven days. Insomnia is usually caused by excessive stress and traumatic situations in life. However, in some people insomnia settles for a month or longer. Sometimes insomnia strikes as a primary problem in people's lives, while sometimes it appears in the body for certain health reasons or as a physical illness. However, dealing with problems like insomnia and sleepless nights is not the right solution.
Here are some of the symptoms of a serious problem like insomnia -
1) Difficulty falling asleep after going to bed at night.
2. Repeated waking up in the middle of the night after going to bed.
3) Feeling tired the next day after sleeping a lot at night.
4. Feeling tired and drowsy during the day despite the busyness of work.
5) Experiencing more anxiety and depression.
6. Memory impairment.
7. Failure to pay attention and remember their own actions.
8. Mental excitement and anxiety caused by facing or potential danger.
9. The occurrence of an unwanted event with unexpected consequences such as misfortune or crisis.
If insomnia affects people's lives in a widespread manner , they should go to a doctor or hospital immediately to try to find out the appropriate cause of insomnia and find a solution on how to treat it.
Yoga and exercise are an easy and immediate step to solve problems like insomnia. Yogasana is a method by which people can improve the internal abilities and energies of their bodies. Yoga and exercise help people achieve self-realization. As a result, problems such as insomnia or depression caused by stress do not attack the human body. In short, yoga is a traditional Indian practice that combines physical, mental and spiritual aspects. The word yoga is derived from the Sanskrit word 'yuj' Yoga purifies the mind, establishes a relationship of the soul with God, balances the brain. Yoga exercises improve various aspects of the human body, increase morale, and cure depression. In ancient times, sages practiced yoga to achieve longevity and cure various diseases. Those who can attain higher levels of philosophy by practicing yoga completely, with confidence and concentration are called yogis. According to recently announced scientific research, activities like yoga and physical exercise have been able to eradicate diseases like insomnia that frequently attack the human body.








No comments:
Post a Comment