বৰ্তমান যুগত সৰহসংখ্যক লোকেই যিকোনো এটা বিষয় একোটা সংক্ষেপতে জানিবলৈ বা বুজিবলৈ ইচ্ছা কৰে। সেয়ে হয়তো উপন্যাসৰ পৰিবৰ্তে চুটিগল্প, আহল বহল, ঘৰ -বাৰী এখনৰ পৰিৱৰ্তে ফ্লেটৰ চাহিদা বা তেনেধৰণৰ অন্যান্য দিশতো সময় তথা ঠাইৰ সংক্ষিপ্ততা বৰ্তমান সকলো বিচাৰে। একেদৰেই পাঁচ ছয় দিনৰ দীৰ্ঘব্যপী চলি থকা ক্ৰিকেট খেলো এতিয়া বহুতেই পছন্দ নকৰে। বৰ্তমান যুগৰ কৰ্মব্যস্ততাৰ মাজত দীৰ্ঘম্যাদী ক্রিকেট খেল চাবলৈ সময় আৰু ধৈর্য্যৰ অভাৱ। সেয়ে এতিয়া সংক্ষিপ্ত ক্রিকেটৰ চাহিদা অধিক। ১৯৭০-৭১ চনৰ আগলৈকে ক্ৰিকেটপ্ৰিয় দৰ্শকে পাঁচদিন ছয়দিন ধৰি টেষ্ট মেচ, তিনি চাৰি দিন ধৰি হোৱা কাউন্টি মেচ উপভোগত ব্যস্ত আছিল । কিন্তু এদিনীয়া ক্ৰিকেটৰ প্ৰতি উৎসাহীসকলৰ সঁহাৰি তথা বিশ্বকাপ ক্রিকেট সংস্হাৰ বিচাৰ- বিশ্লেষণৰ অন্তত ১৯৭৮ চনত এদিনীয়া খেলৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হয়। সীমিত অভাৰ আৰু সীমিত বলিঙক লৈয়ে প্ৰথম অৱস্থাত এদিনীয়া ক্রিকেট খেল আৰম্ভ কৰা সিদ্ধান্ত হয় আৰু সেই মৰ্মে আফ্ৰিকাক বাদ দিয়ে বাকী বিশ্বৰ সকলো স্বীকৃত ক্ৰিকেট খেলা দেশকেই আমন্ত্রণ কৰা হৈছিল।অৱশ্যে পূৱ আফ্ৰিকাই এই প্ৰতিযোগিতা অংশগ্রহণৰ সুবিধা লাভ কৰিছিল।১৯৭৮ চনত এনে পৰিপ্ৰেক্ষিততেই ইংলেণ্ডৰ লৰ্ডচ্ ষ্টেডিয়ামত এদিনীয়া বিশ্বকাপ ক্রিকেটৰ সূচনা হৈছিল।
পাঁচদিনৰ ক্রিকেট খেলত মুঠ দুটা ইনিংচ খেলা হয়।বেটচমেন তথা বলাৰ দুয়োপক্ষই এইখেলত দুই দফা সুযোগ পায়। কিন্তু এদিনীয়া ক্ৰিকেটত এই সুযোগ কেৱল এবাৰেই আহে;যিহেতু ইয়াত ইনিংচ মাত্ৰ এটাই।তদুপৰি বলাৰে বলিং কৰাৰ সংখ্যাও সীমাবদ্ধ।অৰ্থাৎ ৫০ অভাৰৰ খেলা হ'লে পাঁচজন ফাষ্ট বলাৰে ১০ অভাৰকৈ বল কৰিব পাৰিব।অন্যথা ছয় বা সাতজনে বলিং কৰিলে নিজাকৈ অভাৰ ভাগ কৰি ল'ব লাগিব কিন্তু কোনো কাৰণতে ১০ অভাৰতকৈ বেছি বলিং কৰিব নোৱাৰে । টেষ্ট ক্ৰিকেটত কিন্তু বলিং কৰাৰ সুযোগ সীমাহীন।একোজন বলাৰে দিনটোত ২৫/৩০ অভাৰলৈকে বলিং কৰিব পাৰে। সেইদৰে সম সুবিধা লাভ কৰে বেটচমেনেও;যিহেতু আউট নোহোৱা পৰ্যন্ত এজন বেটচমেনে তিনি চাৰিদিনলৈকে খেলিব পাৰে।আকৌ প্ৰথম ইনিংচত ব্যৰ্থ হ'লে দ্বিতীয় ইনিংচত ভাল খেল দেখুওৱাৰ বাবেও সুযোগ আছে।কিন্তু এদিনীয়া খেলত বেটচমেনজন এবাৰ ব্যৰ্থ হ'লে দ্বিতীয়বাৰ যোগ্যতা দেখুওৱাৰ সুযোগ নাপায়।এদিনীয়া খেলত নিৰ্দ্ধাৰিত কিছুমান নিয়মো থাকে।
বৰ্তমান ক্রিকেট বিশেষজ্ঞসকলে মানি লৈছে যে এদিনীয়া ক্রিকেট খেলত আচল সৌন্দর্য ধৰা নপৰে,কাৰণ বহুসময় সূক্ষ্ম ষ্টোকৰ কাৰুকাৰ্য তথা শিল্পসুষমা ইয়াত দেখা নাযায়।অপেনিং স্পেলত ফাষ্ট বলাৰে সাধাৰণতে স্লিপত মাত্ৰ এজন ফিল্ডাৰ ৰাখে।ফলস্বৰূপে বহুতো বেটচমেনে স্লিপলৈ গুৰুত্বহীনভাৱে খেলিলেও কেচ আউট হোৱাৰ পৰা বাচি যায়।অন্যহাতে দীৰ্ঘম্যাদী খেলত অপেনিং স্পেলত স্লিপত চাৰি পাঁচজনলৈকে ফিল্ডাৰ থাকে।সেয়ে স্লিপত বেটচমেনে অতি সাৱধানেৰে খেলিব লগা হয় অন্যথা অলপ ইফাল সিফাল হ'লেই কেচ আউট নিশ্চিত।ইয়াৰ উপৰি হুক,পুল,গ্লঞ্চ,ড্ৰাইভ,লেটকাট,চুইপ—এই প্ৰতিটো দিশত অধিক গুৰুত্ব সহকাৰে দক্ষতাৰ পৰিচয় দিব লগা হয়।বলাৰেও দীৰ্ঘম্যাদী খেলত নানাধৰণৰ বল দিয়াৰ সুযোগ লাভ কৰে,কিন্তু এদিনীয়া ক্ৰিকেটত সেই সুযোগ সম্ভব নহয়।
আচৰিত কথা যে বৰ্তমান বিশ্বৰ সিংহভাগ ক্ৰিকেটপ্ৰেমী এদিনীয়া ক্ৰিকেটখেলৰ জ্বৰত আক্রান্ত।বৰ্তমান সকলোৱেই বিচাৰে কম সময়ত অধিক ৰাণ;বেচৰ মাৰমুখী বন্যা,দুৰন্ত বলিং অথবা এজনৰ পিছত এজন বেটচমেন পেভিলিয়ানমুখী মিছিল।কিন্তু উল্লেখযোগ্য কথা যে এনে তাৎক্ষণিক উত্তেজনা তথা ক্ৰিকেটৰ চমকনিয়ে সামগ্ৰিত সৌন্দর্য তথা মহিমাক বেছিদিন ধৰি ৰাখিব নোৱাৰিব।
ভাগ্যৰ ভূমিকা দীৰ্ঘম্যাদী ক্ৰিকেটৰ তুলনাত এদিনীয়া ক্ৰিকেটত বহু বেছি।এদিনীয়া খেলত অতি সাধাৰণ মানৰ বেটচমেনেও অধিক ৰাণ সংগ্ৰহ কৰাৰ উদাহৰণ অনেক আছে।তদুপৰি নিয়মকানুনো এদিনীয়া খেলত ভিন্ন প্ৰকৃতিৰ।কেতিয়াবা ভাগ্যৰ বলত অযোগ্য দলেও জয়লাভ কৰাৰ সুবিধা পায়।অষ্ট্ৰেলিয়াৰ বেনচন এণ্ড হেজেচ কাপ খেলত এবাৰ দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ কাৰণ আছিল বৰষুণৰ বিধি -পথালি। ঠিক একেদৰে বহু এদিনীয়া খেলত বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পৰাজয়ৰ মীমাংসা হোৱা উদাহৰণ বহু দেখা পোৱা যায়।
অন্য এক দিশেদি এদিনীয়া ক্রিকেট হতাশাৰ বাহক। বহুক্ষেত্রত দেখা যায় যে নতুন খেলুৱৈসকলৰ প্ৰতুৎপন্নমতিত্ব তথা শাৰিৰীক দক্ষতাৰে বিশেষ পৰাদৰ্শিতাৰে পৰিচয় দিছে। কিন্তু দুখৰ কথা যে দুই চাৰি-বছৰৰ পিছতে সেই দক্ষতা ম্লান হয়। এদিনীয়া ক্রিকেটৰ বাবে ই এক গভীৰ ট্ৰেজেডী । অথচ দীৰ্ঘম্যাদী ক্ৰিকেট খেলত এনে দক্ষতা কিছু কমিলেও বিশেষ ক্ষতি নহয়। বৰঞ্চ ভুলবিলাক সংশোধন কৰিবলৈ সুযোগ লাভ কৰে।
সকলো দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে বৰ্তমান এদিনীয়া ক্রিকেট খেলৰ জনপ্রিয়তা দিনে দিনে বাঢ়ি গৈছে অন্যহাতে টেষ্ট ক্ৰিকেট খেলে ক্ৰমশঃ জনপ্রিয়তা হেৰুৱা পৰিলক্ষিত হয়। অৱশ্যে এনে মানসিকতা ক্ৰিকেটৰ বাবে সুখবৰ নহয় ; কাৰণ টেষ্ট ক্ৰিকেট হৈছে প্ৰকৃত ক্ৰিকেট । এদিনীয়া ক্রিকেট কিন্তু টেষ্ট ক্ৰিকেটৰ সংক্ষিপ্ত সংস্কৰণ হে।
In today's world, most people want to know or understand anything in brief. Therefore, perhaps short stories instead of novels, spaciousness, the demand for flats instead of a house or garden or other similar aspects of the brevity of time and space are all wanted now. Similarly, many people no longer like to play cricket for five or six days. There is a lack of time and patience to watch long-term cricket matches amidst the busy schedule of the present era. Therefore, the demand for short cricket is high. Before 1970-71, cricket fans were busy enjoying Test matches for five or six days and county matches for three or four days. However, after the response of ODI enthusiasts and the judgment of the World Cup Cricket Association, the 1978 ODI World Cup was held. Initially, ODIs were played in limited overs and limited bowling and all recognized cricket countries except Africa were invited to participate in the tournament. However, East Africa was given the opportunity to participate in the tournament World Cup cricket began.
A total of two innings are played in a five-day cricket match. Both batsmen and bowlers get two chances in the match. But in ODI cricket, this opportunity comes only once; as there is only one innings. Moreover, the number of bowlers bowling is limited. That is, five fast bowlers can bowl 10 overs each in a 50-over game. but cannot bowl more than 10 overs under any circumstances. In Test cricket, however, the opportunities for bowling are unlimited. A bowler can bowl up to 25/30 overs a day. Similarly, batsmen get equal opportunities; as a batsman can play for three or four days until he is dismissed. If he fails in the first innings, he has the opportunity to play well in the second innings There are also certain rules in the game.
Nowadays, cricket experts agree that ODI cricket does not have the true beauty because it often lacks the craftsmanship and artistry of the fine stock. In the opening spell, fast bowlers usually keep only one fielder at slip In long-term games, there are up to four or five fielders in the slip in the opening spell. Therefore, the batsman has to play very carefully in the slip otherwise a little movement is guaranteed to catch out Bowlers also have the opportunity to bowl in long-term matches, but that is not possible in ODI cricket.
Surprisingly, the lion's share of cricket fans in the world are suffering from ODI fever. Everyone wants more runs in less time; a flood of batsmen, fast bowling or one batsman after another to the pavilion You can't keep it.
Luck plays a much bigger role in ODIs than in long-term cricket. There are many examples of batsmen of ordinary quality scoring more runs in ODIs. The rules are also different in ODIs South Africa lost the semi-final against Australia. This was due to the rainfall. Similarly, there are many examples of ODIs where defeats are decided on the basis of rain.
ODI cricket, on the other hand, is a source of disappointment. In many cases, the new players have shown excellence with their mental and physical skills. Unfortunately, after two or four years, that skill fades. It is a profound tragedy for ODI cricket. However, in long-term cricket, such skills are not harmful. Instead, they have the opportunity to correct their mistakes.
All in all, the popularity of ODI cricket is increasing day by day while Test cricket is gradually losing popularity. However, such a mentality is not good news for cricket; Because Test cricket is real cricket. ODI cricket, however, is a shortened version of Test cricket.









No comments:
Post a Comment