অতীজৰে পৰা অসমত বিভিন্ন খেলৰ প্ৰচলন হৈ আহিছে। অতীতত অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বিভিন্ন জাতি- জনজাতিৰ লোকসকলৰ নিজা নিজা নিজা আচাৰ ব্যৱহাৰ, খেলা - ধূলা , উৎসৱ -অনুষ্ঠান আছিল । অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত ৰাজত্ব কৰা কোঁচ , মৰাণ, মটক, আহোম ৰজা ,স্বৰ্গদেউ অথবা ৰজাঘৰীয়া পৃষ্ঠাপোষকতাত অসমত কুকুৰা যুঁজ, ম'হ যুঁজ, হাতী যুঁজ, কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ , গছত উঠা, দৌৰা লাঠি দলিওৱা, মল্ল যুদ্ধ, গছত উঠা, দৌৰা, ষাঠি দলিওৱা, মল্ল যুদ্ধ, নাও খেল আদিৰ প্ৰচলন আছিল। বিভিন্ন জাতি -উপজাতিৰ সংমিশ্রণত গঠন হোৱা অসমীয়া জাতিটোৰ বিভিন্ন উৎসৱ -পাৰ্বণক কেন্দ্র কৰিয়েই এই খেল ধেমালিবোৰৰ জন্ম হৈছে। আহোম স্বৰ্গদেউসকলে জনসাধাৰণৰ মাজত স্বাস্থ্য ৰক্ষা, প্ৰতিযোগিতাৰ মনোভাৱ বজাই ৰখা, শাৰিৰীক আৰু মানসিক উৎকৰ্ষ বজাই ৰখাৰ বাবে বিভিন্ন খেল-ধেমালিৰ পৃষ্ঠপোষকতা কৰিছিল। আহোম স্বৰ্গদেউসকলে জনসাধাৰণৰ মাজত স্বাস্থ্য ৰক্ষা, প্ৰতিযোগিতাৰ মনোভাৱ বজাই ৰখা, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ বজাই ৰখাৰ বাবে বিভিন্ন খেল -ধেমালিৰ পৃষ্ঠপোষকতা কৰিছিল। আহোম স্বৰ্গদেউ -সকলে বহু সময়ত ৰংঘৰৰ বাকৰিত এনেধৰণৰ অনুষ্ঠান পাতি নিজেও সেই অনুষ্ঠান নিজেও সেই অনুষ্ঠানত উপস্থিত আছিল। ৰজাঘৰীয়া বিষয়া, সৈনিক, কৰ্মীৰ মাজত ঘোঁৰা দৌৰ, মল্ল যুদ্ধ, হাতীত উঠা আৰু আন ধৰণৰ খেল আয়োজন কৰি স্বৰ্গদেউসকলে নিজৰ ক্ৰীড়া প্ৰীতিৰ পৰিচয় দিছিল। অসমৰ জাতীয় উৎসৱ বিহুটোক কেন্দ্র কৰি ম'হযুঁজ, কণী যুঁজ, সাঁতোৰা, গছত উঠা আদিৰ খেল প্ৰচলন হৈছে। নাও খেল বৈষ্ণব সংস্কৃতিৰ অবদান। অসমৰ এইবিধ খেলৰ বাবে এক বিশেষ ধৰণৰ গীতৰো প্ৰচলন আছে। এই গীতৰো প্ৰচলন আছে। এই গীত গাই গাই এটা দলে একোখনকৈ নাও লৈ প্ৰতিযোগিতাত অংশগ্রহণ কৰে।
অসমৰ খেল ধেমালিৰ এটা বৈশিষ্ট্য হ'ল বহু ধেমালিৰ লগত কিছুমান গীত বা সুৰ দি গোৱা কবিতা আছে। এই গীত বা কবিতা বোৰ নিচুকনি বা ওমলাগীতৰ পৰ্যায়ত পেলাব পাৰি। কাব্যিক সৌন্দর্য, ৰচনা শৈলী সুৰ দি গোৱাৰ ধৰণ কেউপিনৰ পৰা এই গীতবোৰ শিশুৰ মন আকৰ্ষণ কৰিব পাৰে।
যেনে:- উকুলি মুকুলি কুকুলি কাঁহী,
আদৌ দেই ফুলৰ পাহি
আম পাতে চাম চেলাই........
কোনো ধৰণৰ ভাবাৰ্থ নথকা গীত কিছুমানো আছে। শেন মেলা, হাতীৰ যুঁজ , বাঘ ভালুকৰ যুঁজ, কুকুৰা যুঁজ, ঘোঁৰা দৌৰা বান্দৰ ভালুকৰ নাচ ইত্যাদিবোৰত জীৱ -জন্তুক ব্যবহাৰ কৰা হয়। আহোমসকলে পাৰদৰ্শী লোকক বেছি গুৰুত্ব দিছিল। বৰ্তমান পশু পক্ষীৰ হ্ৰাস হৈ অহাৰ বাবে এনে খেল সমূহ বিলুপ্ত হৈছে। মাল যুঁজ, লাঠি খেলল, ধনুকাড় খেল ইত্যাদিৰ দৰে খেল শাৰিৰীক উৎকৰ্ষ সাধন হোৱা খেল ধেমালি অসমত প্ৰচলিত।
There are many different games played in Assam since ancient times. In the past, the people of different ethnic groups living in different parts of Assam had their own customs, games , festivals and rituals. Chicken fighting, bullfighting, elephant fighting, egg fighting, butterfly fighting , tree climbing, running stick throwing, wrestling, wrestling in Assam under the patronage of Koch , Maran, Matak, Ahom kings ,Swargadeo or royalty who ruled in different parts of Assam at different times There were rising, running, throwing sixties, wrestling, boating, etc. These games are based on the festivals of the Assamese nation, which is a mixture of different ethnic groups. The Ahom kings sponsored various sports among the people to maintain health, competitiveness and physical and mental excellence. The Ahom kings sponsored various sports among the people to maintain health, competitiveness and physical and mental excellence. The Ahom kings often held such ceremonies in the courtyard of the Rangghar and attended the ceremonies themselves. The Swargadeus showed their love of sports by organizing horse races, wrestling, elephant riding and other sports among royal officers, soldiers and workers. There are many different types of games such as bullfighting, egg fighting, swimming and tree climbing. Boating is a contribution to Vaishnava culture. There is also a special song for this game in Assam. This song is also popular. After singing this song, a team takes a boat and participates in the competition.
One of the characteristics of the games of Assam is that many of the games are accompanied by songs or poems sung to the tune. These songs or poems can be classified as lullabies or lullabies. These songs can attract children's attention from all aspects of poetic beauty, composition style and melody.
For example:- Ukuli Mukuli Kukuli Kahi,
They are flower petals
I'll sew a mango leaf.
There are also some songs that have no meaning. Animals are used in shan fairs, elephant fights , tiger bear fights, chicken fights, horse racing monkey bear dances, etc. The Ahoms paid more attention to skilled people. Nowadays, such games are extinct due to the decline of animals and birds. There are many physically developing sports like bullfighting, stick fighting, archery etc. prevalent in Assam.








No comments:
Post a Comment