ৰাজনীতি || Politics

ৰাজনেতিক শব্দ গ্ৰীক ভাষাৰ "polis" শব্দৰ পৰা উৎপত্তি হৈছে।যাৰ অৰ্থ হৈছে নগৰ বা সম্প্ৰদায়।ৰাজনৈতিক শব্দটোৱে নগৰত থকা সম্প্ৰদায়টোৱে যি কাম কৰে তাকে বুজায়।অৰ্থাৎ সম্প্ৰদায়ে নিজৰ ভিতৰতে নিজৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাকে ৰাজনীতি বুলিব পাৰি।আধুনিক যুগ আৰম্ভৰ লগে লগে ৰাজনৈতিক শব্দৰ অৰ্থ পৰিৱৰ্তন হ'বলৈ ধৰে।প্ৰাচীন গ্ৰীচত সমাজ বা সম্প্ৰদায়ৰ বিষয়ে সিদ্ধান্ত গ্ৰহণৰ লগত ৰাজনৈতিক শব্দ জড়িত আছিল।যদিহে সমাজৰ সকলো মানুহে সিদ্ধান্ত গ্ৰহণত জড়িত থাকে তেন্তে সমগ্ৰ সমাজৰে সামূহিকভাৱে ক্ষমতা থাকিব।এনে ক্ষেত্ৰত ৰাজনৈতিক শব্দৰ অৰ্থ হ'ল সিদ্ধান্ত গ্ৰহণৰ সামূহিক ক্ষমতা।তেতিয়া ৰাজনীতি বিজ্ঞান আৰু দৰ্শনক সামূহিক ক্ষমতা অধ্যয়নৰ বিষয় ৰূপে গণ্য কৰিব পাৰি।
                       আধুনিকতাৰ দিশত গতি কৰোঁতে ৰাজনৈতিক শব্দই পুনৰ সুকীয়া অৰ্থ বহন কৰিবলৈ আৰম্ভ কৰিলে।সমাজে সামূহিকভাৱে বা সমাজৰ কিছুলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতাৰ পৰিৱৰ্তে ৰাষ্ট্ৰ নামৰ এক বিশেষ অনুস্থানৰ হাতত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কেন্দ্ৰীভূত হ'বলৈ ধৰিলে।যদিহে ৰাজনৈতিক বুলিলে সিদ্ধান্ত গ্ৰহণ ক্ষমতাক বুজায় তেন্তে আধুনিক ৰাষ্ট্ৰৰ জন্মই ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্বৰ অধ্যয়নৰ প্ৰধান বিষয়বস্তুৰূপে ৰাষ্ট্ৰকে বুজায়।এনেদৰে ৰাজনৈতিক বাক্যাংশ সমগ্ৰ সমাজৰ পৰিৱৰ্তে ৰাষ্ট্ৰৰ লগত এক হৈ পৰিল।ৰাজনীতি বিজ্ঞান,ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰৰ অনুষ্ঠানটো,চৰকাৰ,ন্যায়পালিকা,আমোলাতন্ত্ৰ,সামৰিক বাহিনী,পুলিচ বাহিনী ইত্যাদি অধ্যয়ন কৰিবলৈ ধৰিলে।
                     "ৰাজনৈতিক" বাক্যাংশ ৰাজহুৱা অনুস্থানৰ সিদ্ধান্ত আৰু ৰাজহুৱা কাৰ্যকলাপৰ লগত জড়িত।মন্ত্ৰীসভা আৰু সংসদৰ সিদ্ধান্ত,নিৰ্বাচনী প্ৰচাৰ,ৰাজনৈতিক দলৰ কাৰ্যকলাপ,আইন আৰু ৰাজহুৱা নীতি পৰিৱৰ্তনৰ বাবে জনসাধাৰণৰ দাবী,আন্দোলন আদিক ৰাজনীতি বুলিব পাৰি।কিন্তু ধৰ্মীয় বিষয়,সংস্কৃতি আদি বিষয়বোৰ ৰাজনৈতিক হ'ব যদিহে এইবোৰ বিষয়ত ৰাজহুৱা নীতি গ্ৰহণ কৰা হয়।ইতিহাসৰ বিৱৰ্তনত এসময়ত জমিদাৰসকলে ৰাজ্য শাসন কৰিছিল।ৰজাসকলে বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাজ্য শাসন কৰিছিল।ৰজাসকলে বিভিন্ন নীতি গ্ৰহণ কৰি ৰাজ্য শাসন কৰিছিল।সেইসময়ৰ ৰজাই ৰাজ্য শাসন কৰিবলৈ গ্ৰহণ কৰা নীতিকে ৰজাৰ নীতি বা ৰাজনীতি বোলা হৈছিল।গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তনৰ লগে লগে ৰাজ্যৰ প্ৰশাসনৰ নীতিবোৰক,ব্যক্তি-সমাজ আৰু চৰকাৰৰ কাৰ্যকলাপ,জনসাধাৰণৰ বা কোনো গোষ্ঠীৰ দাবী আৰু সাব্যস্তকৰণৰ বাবে লোৱা ব্যৱস্থাবোৰ,সংঘাত আৰু সংঘাত নিৰাময়ৰ ব্যৱস্থাবোৰ,ব্যক্তি বা গোটৰ স্বাৰ্থসিদ্ধিৰ বাবে লোৱা ব্যৱস্থাবোৰ এনে সকলো কাৰ্যকলাপ আৰু ৰাজনৈতিক ব্যৱস্থা বা ৰাজনীতিৰ অন্তৰ্ভূক্ত হৈ পৰিছে।এইবোৰৰ বিতং আলোচনা আৰু ব্যাখ্যা আগবঢ়োৱা দিশটোক ৰাজনৈতিক তত্ত্বই সামৰি লয়।
             ৰাজনীতি শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰা হয়।চক্ৰান্তমূলক কাম-কাজক বহুতে ৰাজনীতি বুলি কয়।ৰাজনীতিৰ পৰা যেনেকৈ কোনোৱে মুক্ত হ'ব নোৱাৰে,তেনেকৈ ইয়াৰ প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰে।চাকৰিটো যোগ্যতাৰ ভিত্তিত এগৰাকীয়ে পাব লাগিছিল,কিন্তু দলীয় প্ৰভাৱত বা ৰাজনীতিৰ প্ৰভাৱত পৰি অন্য এগৰাকীয়ে চাকৰিটো পালে।এগৰাকীয়ে চৰকাৰী ঠিকা নাপালে,কিন্তু ৰাজনৈতিক প্ৰভাৱৰ বাবে অন্য এগৰাকীয়ে পালে।ওপৰৰ বিষয়াগৰাকীক সন্তুষ্ট কৰিবলৈ নিম্ন বৰ্গৰ এগৰাকী কৰ্মচাৰীয়ে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে কিহৰ আশাত?নিৰ্বাচনত প্ৰাৰ্থীত্ব পাবৰ বাবে কোনো দলৰ সদস্য এগৰাকীয়ে ধন বা অন্যান্য নিকৃষ্ট পন্থাৰ আশ্ৰয় কেনেকৈ ল'লে?ৰাজনৈতিক দলৰ সদস্যই কিহৰ আশাত আন দললৈ যায়?নিৰ্বাচনৰ সময়ত যিমান ভুৱা প্ৰতিশ্ৰুতি দিলে বিধায়ক বা মন্ত্ৰী হোৱাৰ পিছত সেই প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে?ইত্যাদি ইত্যাদি বিষয়বোৰে মানুহৰ মুখত,ৰাজনৈতিক আলোচনাত,বৈদ্যুতিন মাধ্যমবোৰত শিৰোণামা দখল কৰে।নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে চক্ৰান্তমূলক ভাৱে কৰা কাৰ্যবোৰ ৰাজনৈতিক কাৰ্য।এনেবোৰ কাৰ্য বৰ্তমান ইমান অধিক বৃদ্ধি পাইছে যে এনেধৰণৰ কাৰ্যকলাপকে ৰাজনীতি বুলি গণ্য কৰা হয়।
            ৰাজনীতিৰ দ্বাৰা দেশ পৰিচালিত হয়।বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাত গণতন্ত্ৰই প্ৰধান প্ৰমূল্যৰূপে প্ৰতিষ্ঠা লাভ কৰিছে।জনসাধাৰণ গণতন্ত্ৰৰ প্ৰধান চালিকা শক্তি।জনসাধাৰণে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিসকলে দেশ শাসন কৰে,শাসনৰ বাবে নীতি নিৰ্ধাৰণ কৰে।বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে।প্ৰত্যেক দলে চৰকাৰ গঠন কৰিবলৈ সচেষ্ট হয়।বিভিন্ন সমস্যাবোৰৰ ওপৰত মতামত দাঙি ধৰি জনসাধাৰণৰ পৰা সমৰ্থন আদায়ৰ প্ৰচেষ্টা অব্যাহত থাকে।জনসাধাৰণে ভোটদানৰ দ্বাৰা নিজৰ মতামত সাব্যস্ত কৰে।এইবোৰ নিৰ্বাচন কেন্দ্ৰিক কাৰ্যকলাপক ৰাজনীতি বুলি আখ্যা দিয়া হয়।

       The word politics comes from the Greek word "polis" which means city or community. The word politics refers to the work of the community in the city In ancient Greece, political terms were associated with decision-making about society or community. If all people in a society were involved in decision-making, the whole society would have collective power Political science and philosophy can be considered as the study of collective power.
                        As we moved towards modernity, the term political began to take on a different meaning again. Decision-making power began to be concentrated in the hands of a special institution called the state instead of the power of society collectively or by some members of society Birth refers to the state as the main subject of study in political science and political theory. Thus, the political phrase became one with the state instead of the whole society.
                      The term "political" refers to decisions and public activities of public institutions. Decisions of the Cabinet and Parliament, election campaigns, activities of political parties, public demands for changes in laws and public policies, movements, etc. can be called politics. In the evolution of history, there was a time when zamindars ruled the kingdom. Kings ruled the kingdom in different parts of the world. Kings ruled the kingdom by adopting different policies. With the introduction of a democratic system, the policies of state administration, the activities of individuals, society and government, the measures taken to express the demands of the people or a group, the measures taken to resolve conflicts and conflicts Political theory covers the aspect of providing detailed discussion and explanation of these.
              The word politics is used in different senses. Many people call conspiracy politics. Just as no one can escape from politics, no one can escape its influence One got the job.One did not get the government contract,but another got it due to political influence.Why does a lower class employee not hesitate to do anything to satisfy the higher officer? Le?What do members of political parties go to other parties in hope of?How many false promises did they make during elections and how much did they fulfill after becoming MLAs or ministers? Actions are political actions. Such actions are now so increasing that such activities are considered politics.
             Democracy is the main driving force of democracy. The people's elected representatives rule the country and set policies for governance. Different political parties contest elections. Every party tries to form a government Yes. Efforts continue to gain support from the people by expressing their views on various issues. The people express their views by voting. These election-centric activities are called politics.

No comments:

Post a Comment