মধ্যাকৰ্ষণ শক্তি আৰু নিউটন || Gravity and Newton

                বিজ্ঞানৰ আৱিষ্কাৰে মানুহৰ জীৱন প্ৰণালীক এক দ্ৰুত গতিত সলনি কৰিব ধৰিছে । মানুহৰ মন মগজু আটাইবোৰতে বৰ্তমানে বিজ্ঞানৰ ৰাজত্ব চলিব ধৰিছে । বিজ্ঞানে আজিৰ সমাজত বসবাস কৰা মানুহৰ চিন্তা ধাৰাক ব্যতক্ৰমী ৰূপ দিছে । আমাৰ চাৰিওফালে দৈনন্দিন  ঘটি থকা ঘটনা পৰিঘটনাসমূহৰ আধাৰত জনসাধাৰণৰ মনত উদয় হোৱা  ক'ত হৈছে , কিয় হৈছে ,  কেনেদৰে হৈছে , এনেধৰণৰ অনুসন্ধিৎসু প্ৰশ্নবোৰৰ সমাধান বিজ্ঞানে লৈ আনিছে । এটি প্ৰাকৃতিক  বৈজ্ঞানিক   শক্তিৰ বিষয়ে তলত উল্লেখ কৰা হৈছে  । 
                মধ্যাকৰ্ষণ হৈছে এক প্ৰাকৃতিক পৰিঘটনা, যাৰ দ্বাৰা ভৌতিক পদাৰ্থসমূহে ইয়াৰ ভৰৰ সমান্তৰাল এক বলৰ জৰিয়তে আন পদাৰ্থক আকৰ্ষণ কৰিব পাৰে। দৈনন্দিন জীৱনত মহাকৰ্ষণ এক অতি সঘনাই হৈ থকা পৰিঘটনা , ইয়ে ভৰযুক্ত বস্তুৰ ওজনৰ কাৰক, আৰু যেতিয়া কোনো এটা বস্তু ওপৰৰ পৰা তললৈ সৰে নাইবা পেলাই  দিয়া হয় তেতিয়া বস্তুটো ঘূৰি আহি মাটিত পৰাৰ কাৰণো এই মহাকৰ্ষণেই । মহাকৰ্ষণৰ ফলতেই বিশৃংখলিত পদাৰ্থ সংগঠিত হ'ব পাৰে আৰু সংগঠিত পদাৰ্থ ক্ষত অক্ষত  অৱস্থাত থাকিব পাৰে । এই প্ৰক্ৰিয়াৰ দ্বাৰাই পৃথিৱী আৰু সূৰ্যকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ পদাৰ্থ আৰু বস্তু চলি আছে । মহাকৰ্ষণৰ প্ৰভাৱতেই সূৰ্য্যৰ চৰিওফালে পৃথিৱীকে ধৰি অন্যান্য গ্ৰহসমুহে নিৰ্দিষ্ট কক্ষপথত পৰিভ্ৰমণ কৰি থাকে , সেই একেই প্ৰক্ৰিয়াৰেই চন্দ্ৰইও পৃথিৱীৰ চৌপাশে পৰিভ্ৰমণ কৰে। সাগৰত জোৱাৰৰ সৃষ্টি, প্ৰাকৃতিক তাপ পৰিচলন ( যাৰ জৰিয়তে ঘনত্ব নতি বা নতিমাত্ৰা) আৰু মধ্যাকৰ্ষণৰ প্ৰভাৱত তৰল প্ৰবাহিত হয় , উত্তাপনৰ জৰিয়তে সংগঠিত তৰা আৰু গ্ৰহৰ অৰ্ন্তভাগৰ উচ্চ উষ্ণতা , আৰু পৃথিৱীত সংঘটিত আন বহুতো পৰিঘটনাৰ মূলতে হৈছে মহাকৰ্ষণ শক্তি ।  সমগ্ৰ পৃথিৱীৰ লগতে বিজ্ঞানৰ জগততো  মধ্যাকৰ্ষণ শক্তিৰ প্ৰতিষ্ঠা বিশ্বৰ আগশাৰীৰ  এগৰাকী  প্ৰখ্যাত বিজ্ঞানী  তথা মহান ব্যক্তি আইজাক নিউটনে কৰিছিল । নিউটনে আৱিষ্কাৰ কৰা সূত্ৰ অনুযায়ী , সহজ ভাষাত মধ্যাকৰ্ষণ শক্তি হৈছে যিকোনো বস্তু অথবা পদাৰ্থৰ ভূগৰ্ভৰ প্ৰতি থকা  আকৰ্ষণৰ ক্ষমতা । 
        এবাৰ ছাৰ আইজাক নিউটনে নিজৰ বাসগৃহৰ বাহিৰতে থকা বাগিছাৰ আপেল গছজোপাৰ কাষতেই গছৰ ছাঁত বহি  বিশ্ব-ব্ৰক্ষ্মাণ্ড আৰু ইয়াৰ চন্দ্ৰ , সূৰ্য্য , গ্ৰহ , নক্ষত্ৰ , উপগ্ৰহসমূহৰ আঁৰত থকা ৰহস্য সম্পৰ্কে গভীৰ চিন্তাত মগ্ন হৈ আছিল । তেনেতে হঠাৎ আপেল গছজোপাৰ পৰা এটা আপেল তললৈ সৰি  তেখেতৰ মূৰত পৰিল ।  তেতিয়াই ছাৰ আইজাক নিউটন মনত এটি প্ৰশ্নৰ উদয় হ'ল যে' গছৰ পৰা সৰি পৰা আপেলটো সৰাৰ পাছত ওপৰলৈ বা কাষলৈ নোযোৱাকৈ তললৈ কিয় আহিল ! আৰু এই ঘটনাৰ জৰিয়তেই ছাৰ আইজাক  নিউটনে বিজ্ঞানৰ ইতিহাসত নিজৰ প্ৰথমটি আৱিষ্কাৰ আৰু প্ৰাকৃতিক মধ্যাকৰ্ষণ শক্তিৰ বিধি উদ্‌ঘাটন কৰিছিল ।  
          আধুনিক বিজ্ঞানৰ জগতখনত ছাৰ আইজাক নিউটনৰ দৰে এইগৰাকী মহান বৈজ্ঞানিকৰ বৃহৎ অৱদানৰ বাবেই  পৃথিৱীত বিজ্ঞানে আজি উন্নতিৰ শিখৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে । মধ্যাকৰ্ষণ শক্তিৰ উপৰিও ৰঙৰ ৰহস্য উদ্ভাৱন নিউটনৰে এক অন্যতম আৱিষ্কাৰ । তেখেত আছিল একেৰাহে এগৰাকী পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক , ৰাসায়নিক বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য ।  ১৬৮৭ চনত প্ৰকাশ হোৱা ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (সাধাৰণ ভাবে প্ৰিন্সিপিয়া) বিজ্ঞান ইতিহাসত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই গ্ৰন্থত বল গতি বিজ্ঞানৰ সেই বিখ্যাত নিউটনৰ তিনি সূত্ৰৰ আৰু মধ্যাকৰ্ষণ শক্তিৰ কথা ব্যাখ্যা আছে। কেপ্লাৰৰ গ্ৰহ গতি ধাৰণা তেখেতৰ সূত্ৰৰ সহায়ত প্ৰমাণ হয়। তেখেতৰ আৱিষ্কাৰৰ বলতেই পৃথিৱীক কেন্দ্ৰ কৰি ঘূৰা ব্ৰহ্মাণ্ডৰ ধাৰণা উদ্ভৱ হৈছে । পৃথিৱীৰ এগৰাকী বিখ্যাত বৈজ্ঞানিক হিচাপে পৰিচয় গঢ়া নিউটনৰ গতিৰ তিনিটি বিখ্যাত সূত্ৰ হৈছে:

১) কোনো স্থিৰ বস্তু আজীৱন স্থিৰ হৈয়ে থাকে  আৰু গতিশীল বস্তু আজীৱন সমগতিতে গতিশীল হৈ থাকে   , যেতিয়ালৈকে সেই সামগ্ৰীবিধৰ ওপৰত কোনো  ধৰণৰ বাহিৰাগত বল অথবা  শক্তি প্ৰয়োগ কৰা নহয়।
২) প্ৰযুক্ত বল আৰু বস্তুৰ ভৰ পৰিবৰ্তনৰ হাৰ সমান অনুপাতৰ হয় । কোনো সামগ্ৰীৰ ওপৰত প্ৰযুক্ত  বলৰ মান আৰু সামগ্ৰীবিধৰ ভৰ ব্যস্তানুপাতিক হয়  । 
৩) প্ৰত্যেক ক্ৰিয়াৰই এটা সমান ও বিপৰীত প্ৰতিক্ৰিয়া আছে ।
              নিউটনেই পৃথিৱীত প্ৰথমবাৰৰ ব্যৱহাৰিক প্ৰতিফলন দূৰবীণ সাজি উলিয়ায় । পোহৰ বৰ্ণালীৰ ধাৰণাত তেখেতৰ বৰঙনি বিজ্ঞানৰ ইতিহাসত উল্লেখনীয় । শীতলী ভবনৰ সূত্ৰ তেখেতৰেই সৃষ্টি । শব্দৰ গতি সম্বান্ধেও তেখেতে যথেষ্ট তথ্য আগবঢ়াই থৈ গৈছে । কলন গণিতৰ ক্ষেত্ৰত তেখেতৰ বৰঙনি অতুলনীয় । ২০০৫ চনত এক সমীক্ষাত বিভিন্ন বিজ্ঞানী সমাজ আৰু জনসাধাৰণৰ পৰা জানিব পৰা গৈছে যে' আইনষ্টাইনতকৈ নিউটনৰ অৱদান বিজ্ঞান জগতত বহু বেছি । মানৱ জগতত অৱশ্যে দুয়োজন বৈজ্ঞানিকৰে  অৱদান প্ৰায় সমানেই । 
      
The discoveries of science are changing the way people live at a rapid pace. Science is now ruling everywhere in the minds and brains of people. Science has changed the way people think in today's society. Science has brought solutions to the inquisitive questions that arise in the minds of the public based on the daily events that happen around us, such as where, why, and how. A natural scientific force is mentioned below.
                 Gravity is a natural phenomenon by which physical objects can attract other objects through a force parallel to their mass. Gravity is a very common phenomenon in everyday life , it is the factor of the weight of a massive object, and it is also the cause of the object falling back to the ground when it falls or is thrown from above. Gravity can organize disordered matter and the organized matter can remain intact. This process is the basis of all matter and objects in the universe, including the Earth and the Sun. The Moon revolves around the Earth in the same way that other planets, including the Earth, revolve around the Sun under the influence of gravity. Gravity is responsible for the formation of ocean tides, natural heat transfer (through which density fluctuates or decreases) and liquid flow under the influence of gravity, high temperatures inside stars and planets organized by heating, and many other phenomena on Earth. Isaac Newton, one of the world's leading scientists and great men, founded the force of gravity in the world of science. According to the formula discovered by Newton , gravity, in simple terms, is the ability of any object or matter to attract the ground.
         Once Sir Isaac Newton was sitting in the shade of an apple tree in his garden outside his residence, thinking deeply about the mysteries behind the universe and its moon, sun, planets, stars and satellites. Suddenly an apple fell from the apple tree and fell on his head. Sir Isaac Newton wondered why the apple fell from the tree and came down without going up or sideways. It was through this event that Sir Isaac Newton made his first discovery in the history of science and discovered the law of natural gravitation.
           Therefore, it is important to understand the importance of science in the world today. Therefore, it is important to understand the importance of science in the world today. Newton's discovery of the mystery of color was one of his greatest discoveries. He was a consecutive physicist, mathematician, astronomer, natural philosopher , chemist, and theologian and a Fellow of the Royal Society of England. The Philosophia Naturalis Principia Mathematica (Principia in general), published in 1687, is an important work in the history of science. This book explains Newton's three laws of force and the force of gravity. Kepler's concept of planetary motion is proved by his formulas. His discovery led to the concept of a universe revolving around the Earth. Newton's three famous formulas of motion are:

1) A stationary object remains stationary for life and a moving object remains in motion at the same speed for life, unless any external force is applied to the object.
2. The force applied and the rate of change of mass of the object are equal in proportion. The value of the force applied to an object is proportional to the mass of the object.
3. Every action has an equal and opposite reaction.
               Newton invented the world's first practical reflection telescope. His contributions to the concept of the light spectrum are significant in the history of science. He is the author of the formula for the Shitali Bhavan. He also left behind a lot of information about the speed of sound. His contributions to calculus are incomparable. In 2005, a survey by various scientific communities and the public found that Newton had made far more contributions to science than Einstein. However, both scientists have made almost equal contributions to the human world.

No comments:

Post a Comment