স্কুল-কলেজত খেল-ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা || Sports and its needs in schools and colleges

                       পাঠ্যক্ৰমৰ লগতে বিভিন্ন ধৰণৰ সহ-পাঠ্যক্ৰমিক কাৰ্যবোৰৰো সমান্তৰালভাৱে বিকাশ সাধন কৰিব পাৰিলেহে শিক্ষা সফলভাৱে ৰূপায়ন হৈছে বুলি ক'ব পাৰি।সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থীসকলক শাৰীৰিক,মানসিক,বৌদ্ধিক,আধ্যাত্মিক আদি সকলো দিশৰ জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিলেহে শিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ সাৰ্থকতা হ'ব।সেয়েহে স্কুল-কলেজসমূহত পাঠ্যক্ৰমৰ সমান্তৰালকৈ আনুসংগিকভাৱে বিভিন্ন ধৰণৰ খেলা-ধূলা,নৃত্য-গীত আদিৰ প্ৰতিযোগিতা আয়োজন কৰা হয়।
                        মানুহৰ দৈহিক আৰু মানসিক দিশৰ দ্ৰুত বিকাশ সাধনৰ ক্ষেত্ৰত খেল-ধেমালিয়ে যথেষ্ট সহায় কৰে।মানুহৰ শাৰীৰিক বিকাশ বিশেষকৈ শৈশৱ,ল'ৰালি আৰু কৈশোৰ কালতে হয় আৰু ইয়াৰ বাবে আমাৰ শৰীৰৰ প্ৰতিটো অংগ সক্ৰিয় হ'ব লাগে।খেলা-ধূলাৰ জৰিয়তে মানুহৰ শৰীৰৰ সিৰা-উপসিৰাবোৰ সক্ৰিয় হৈ থাকে আৰু ইয়াৰ মাজেৰে তেজ চলাচল প্ৰক্ৰিয়া সক্ৰিয় হৈ থাকে।খেলৰ জৰিয়তে মানসিক অৱসাদ দূৰ হোৱাৰ লগতে শৰীৰৰ ওজনো নাবাঢ়ে।খেলৰ অনুশীলনে মানুহৰ শৰীৰ সুস্থ কৰি ৰখাৰ উপৰিও মানসিক ভাৰসাম্য সঠিক অৱস্থাত ৰাখে।শিশুসকলে খেলা-ধূলাৰ জৰিয়তে অভিজ্ঞতা লাভ কৰাৰ উপৰিও বোধগম্যতা, চিন্তাশক্তি,জ্ঞানৰ বৃদ্ধি হয় আৰু শৰীৰ মজবুত হয়।শিশুৰ মনৰ পৰা এলাহভাৱ আঁতৰাৰ উপৰিও শিশুৰ অধ্যয়ন কৰা  মানসিকতা বাঢ়ে।
                           সাম্প্ৰতিক সময়ত কিছুমান শিশুৰ লাজকুৰীয়া স্বভাৱ আৰু আন কিছুমানৰ খেলৰ প্ৰতি অনীহা ভাৱ থকাৰ বাবে শিশুসকলৰ খেলৰ প্ৰতি বৰ বেছি ৰাপ থকা দেখা নাযায়।বৰ্তমান সময়ত স্মাৰ্ট ফোনৰ অধিক ব্যৱহাৰৰ কাৰণেও খেলৰ প্ৰতি আকৰ্ষিত নোহোৱা যেন ভাৱ হয়।
                           সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত খেল-ধেমালিক এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত কৰা হৈছে।স্কুল-কলেজসমূহত বাৰ্ষিকভাৱে খেল-ধেমালি অনুস্থিত কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠতাৰ ওপৰত মূল্যায়ন কৰা হয়।লগতে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ সাধন কৰিবৰ বাবে সুযোগ দিয়াই হ'ল খেল-ধেমালিৰ মূল উদ্দেশ্য।মুকলি ভাৱে নিজক জানিবলৈ,বুজিবলৈ,নতুনত্ব লাভ কৰিবলৈ খেল-ধেমালি এটা উত্তম উপায়।কিন্তু বৰ্তমান সময়ত স্কুল-কলেজসমূহত প্ৰায় মুষ্টিমেয় ছাত্ৰ-ছাত্ৰীয়েহে খেল-ধেমালিত অংশগ্ৰহণ কৰে।খেল-ধেমালিৰ প্ৰতি ৰাপ বঢ়াবৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক খেলৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তাসমূহৰ বিষয়ে অৱগত কৰিব লাগিব।খেলৰ জৰিয়তে কিদৰে নিজকে বিশ্বদৰবাৰত গঢ় দিব পাৰি সেই বিষয়ে উদাহৰণসহ জ্ঞান প্ৰদান কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব পাৰিলেহে আকৰ্ষিত হ'ব।
                           অতীজৰে পৰা খেল-ধেমালিক শিক্ষা আহৰণৰ পথ হিচাপে গণ্য কৰি আহিছে।বৰ্তমান সময়ত খেলক শিক্ষাৰ লগত জড়িত কৰি দিয়া হৈছে।খেলৰ প্ৰতি অত্যাধিক ৰাপ থকা শিক্ষাৰ্থীয়ে খেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি জীৱন গঢ়িব পাৰে।এনে বহুতো উদাহৰণ আছে যিয়ে খেলৰ জৰিয়তে নিজক গঢ় দি বিশ্বদৰবাৰত নিজৰ নাম উজ্বলাই তুলিছে।গতিকে খেলৰ জৰিয়তেও নিজক গঢ় দিব পাৰি।ইয়াৰ বাবে লাগে কেৱল নিজৰ ইচ্ছা আৰু অধ্যৱসায়।

                Therefore, it is important to ensure that the students are enriched with knowledge in all aspects of physical, mental, intellectual, spiritual, etc. in the present competitive era. Therefore, schools and colleges organize various sports, dance and song competitions along with the curriculum.
                         There are many ways in which you can improve your physical and mental health. There are many ways in which you can improve your physical and mental health. There are many ways in which you can improve your physical and mental health. The veins are active and the blood circulation through them is active. Sports relieve mental fatigue and prevent weight gain.Sports exercises keep the human body healthy and maintain mental balance. They are also known to increase thinking, knowledge and strengthen the body.
                            Nowadays, some children are shy and others are indifferent to sports. Children are not interested in sports nowadays due to the increased use of smartphones.
                            Sports are considered to be an integral part of the education system of today. Sports are held annually in schools and colleges to evaluate the excellence of students. Sports also give students the opportunity to develop their latent talents -The main purpose of sports. Sports is a good way to openly know, understand, and innovate. But nowadays only a handful of students participate in sports in schools and colleges -Students should be informed about the benefits and requirements of sports. Knowledge should be provided with examples on how to develop themselves in the world arena through sports and students should be attracted only if they are encouraged.
                            There are many examples of people who have developed their lives through sports. There are many examples of people who have developed their lives through sports So you can also develop yourself through sports. It only takes your will and perseverance.

No comments:

Post a Comment