সাধাৰণতে ৰাজনীতিৰ ভাষাত এখন দেশ অথবা একোখন ৰাজ্যৰ সকলোবোৰ দিশতে হ'বলগীয় এটা বৰ্ষৰ ধন ব্যয়ৰ ভৱিষ্যত পৰিকল্পনাৰে নিৰ্মাণ কৰা তালিকাখনকে বাজেট বুলি কোৱা হয় । সৰ্বপ্ৰথমে এই বাজেট শব্দৰ প্ৰয়োগ ইংলেণ্ডত কৰা হৈছিল । ইংলেণ্ডৰ চেঞ্চেলাফ অৱ এক্সেকিউৱাই অৰ্থনৈতিক আঁচনি কঢ়িয়াই অনা বেগটোক বাজেট বুলি কোৱা হৈছিল । কিন্তু পিছলৈ অৰ্থনৈতিক প্ৰস্তাৱকে বাজেট বোলা হয় । ইংৰাজী Budgette শব্দৰ পৰাই বাজেটৰ উৎপত্তি হয় যাৰ মূল অৰ্থ হৈছে চৰকাৰী কাগজ-পত্ৰ কঢ়িওৱা চামৰাৰ বেগ । বিভিন্ন ৰাজনীতিবিদে বাজেট সম্পৰ্কে ভিন ভিন আগবঢ়াই আহিছে ।
কোনোৱে কয় , " বাজেট হৈছে আগন্তুক বছৰৰ বাবে প্ৰস্তুত কৰা ৰাজহ সম্পৰ্কীয় আঁচনি । উক্ত আঁচনিত আগন্তুক ৰাজহ বছৰৰ বিভিন্ন বিষয়ৰ পৰা সংগ্ৰহ কৰা আনুমানিক ৰাজহ আৰু প্ৰস্তাৱিত ব্যয় স্পষ্টভাৱে উল্লেখ কৰা হয় " ।
আন কোনোৱা এজনৰ মতে আকৌ " বাজেট হ'ল প্ৰতিটো বিত্তীয় অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি আৰু বৰ্তমানৰ পৰিকল্পনা উল্লেখ কৰি ভৱিষ্যতৰ নিৰ্দ্দিষ্ট এটা সময়ৰ বাবে প্ৰস্তুত কৰা বিত্তীয় আঁচনি " ।
কাৰোৱাৰ মতে আকৌ " বাজেট হৈছে এটা নিৰ্দ্দিষ্ট সময়ৰ বাবে চৰকাৰে প্ৰস্তুত কৰা বিত্তীয় আঁচনি " ।
বাজেট সম্পৰ্কে ওপৰত উল্লেখিত কোনো এটা উক্তিয়েই অশুদ্ধ বুলি ক'ব নোৱাৰি । মূলত: বাজেটত বছৰযোৰা ব্যয়ৰ হিচাপ-নিকাচ প্ৰস্তুত কৰা , সংসদৰ দ্বাৰা গৃহীত কৰা , কাৰ্যকৰী কৰা , হিচাপ ৰক্ষা কৰা আৰু হিচাপ পৰীক্ষা কৰা কাৰ্য্যকো সামৰি লোৱা হয় । গতিকে বাজেটক আগন্তুক বছৰৰ বাবে অনুমানিক ৰাজহ আৰু প্ৰস্তাৱিত ব্যয় উল্লেখ কৰি প্ৰস্তুত কৰা বিত্তীয় আঁচনি বুলি ক'ব পাৰি ।
ভাৰতবৰ্ষৰ বাজেট অনুমোদনৰ বাবে বিত্ত মন্ত্ৰীয়ে সংসদৰ সন্মুখত বাজেট উত্থাপন কৰে কিয়নো সংসদৰ অনুমোদন নহ'লে ভাৰতবৰ্ষত কৰ বঢ়োৱা আৰু ব্যয় কৰা এই দুয়োটা ক্ষেত্ৰতে চৰকাৰৰ হাতত কোনো ধৰণৰ ক্ষমতা নাথাকে । ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক দেশ , এনে গণতান্ত্ৰিক দেশ , সেয়েহে ভাৰতত বাজেট প্ৰস্তুতি , প্ৰণয়ন , কাৰ্যকৰণ অতি তাৎপৰ্যপূৰ্ণ । ভাৰতত বাজেট সাধাৰণতে কাৰ্যপালিকাই প্ৰস্তুত কৰে । প্ৰশাসন পৰিচালনাৰ বাবে কিমান পৰিমাণৰ ধনৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে কাৰ্যপালিকাই বাজেটৰ জৰিয়তে অৱগত কৰে । বিত্ত মন্ত্ৰীৰ নেতৃত্বত ভাৰতত বছৰেকীয়া বাজেট প্ৰস্তুত কৰা হয় । ভাৰতত নতুন বিত্তীয় বছৰ আৰম্ভ হোৱাৰ ৬-৭ মাহ আগৰ পৰা বাজেট প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ হয় ।
ভাৰতবৰ্ষত বাজেট প্ৰণয়নৰ ক্ষেত্ৰত সংসদে গ্ৰহণ কৰা পৰ্য্যায়সমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল -
ক) সংসদত বাজেট উত্থাপন - ভাৰতৰ সংসদত দুই প্ৰকাৰৰ বাজেট উত্থাপন কৰা হয় । সেইয়া হৈছে - ৰেলৱে বাজেট আৰু সাধাৰণ বাজেট । ৰেলৱে বাজেট ৰেল মন্ত্ৰীয়ে আৰু সাধাৰণ বাজেট বিত্ত মন্ত্ৰীয়ে লোকসভাত উত্থাপন কৰে । বাজেট ভাষণত বিত্ত মন্ত্ৰীয়ে দেশৰ আৰ্থিক পৰিস্থিতি , আয়-ব্যয়ৰ হিচাপ আৰু প্ৰস্তাৱিত কৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে ।
খ)সাধাৰণ আলোচনা - বাজেট উত্থাপনৰ কেইদিনমানৰ পাছতেই বাজেটৰ ওপৰত আৰু বাজেটৰ মূল নীতিসমূহৰ ওপৰত সাধাৰণ আলোচনা কৰা হয় । সংসদৰ সদস্যসকলে ৰাজহ আৰু খৰছ খচৰাৰ ওপৰত আলোচনা কৰাৰ লগতে আয়-ব্যয়ৰ চৰকাৰী কাৰ্যক্ৰম আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় আৰু আলোচনা শেষ হোৱাৰ পাছতেই বিত্তীয় মন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে বাজেট বিতৰ্কৰ স্পষ্টীকৰণ দিব লাগে ।
গ)দাবী মঞ্জুৰী- এই পৰ্য্যায়ত ভিন ভিন মন্ত্ৰীদপ্তৰে দাবী মঞ্জুৰীৰ প্ৰস্তাৱ উত্থাপন কৰে । লোকসভাৰ অধ্যক্ষই সদনৰ নেতাৰ সৈতে আলোচনা কৰি প্ৰতিটো দপ্তৰৰ সময় নিৰ্ধাৰণ কৰে । এই পৰ্য্যায়ত প্ৰায় ২৬দিন ধৰি সকলো বিভাগৰ ওপৰত আলোচনাৰ যোগেদি নাইবা ভোট গ্ৰহণৰ যোগেদি ব্যয়সমূহৰ অনুমোদন কৰিব লগা হয় । প্ৰায় ১০৯টা দাবী সাধাৰণতে বাজেটত থাকে । তাৰে ১০৩ টা সাধাৰণ ব্যয় আৰু বাকী ৬টা প্ৰতিৰক্ষা ব্যয় । ৩২টা দাবী ৰেলৱে বাজেটত থাকে । মন্ত্ৰীসকলে নিজ নিজ ভাষণৰ জৰিয়তে ভিন ভিন দপ্তৰে আগবঢ়োৱা অনুদানৰ দাবীসমূহ ডাঙি ধৰে । এই পৰ্য্যায়ত চৰকাৰে বিভিন্ন সমালোচনাৰ সন্মুখীন হ'ব লগা হয় । এই পৰ্য্যায়ত সদস্যসকলে মাথো নীতি কৰ্তন , অৰ্থনৈতিক কৰ্তন প্ৰস্তাৱ আৰু নামমাত্ৰ কৰ্তন প্ৰস্তাৱ এই তিনিপ্ৰকাৰৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে
ঘ) বিনিয়োজন বিধায়ক- ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত বিলত সন্মতি প্ৰদান কৰিব লাগে । তাৰ পিছতে ইয়াক ৰাষ্ট্ৰপতিৰ অনুমতিৰ বাবে পঠিওৱা হয় । ৰাষ্ট্ৰপতিয়ে গৃহীত কৰাৰ লগে লগে বাজেটৰ ব্যয় অংশ অনুমোদন কৰা কাৰ্যৰো শেষ হয় । ভোটগ্ৰহণৰ দ্বাৰা অনুদান মঞ্জুৰী হোৱাৰ পাছত গৃহীত আন সকলো অনুদানৰ সৈতে বিনিয়োজন বিল লোকসভাত উত্থাপন কৰা হয় । এই বিল গ্ৰহণৰ যোগেদি ব্যয় মঞ্জুৰী দাবীসমূহৰ বৈধতা নিৰূপণৰ লগতে ৰাষ্ট্ৰীয় সঞ্চয় নিধিৰ পৰা অৰ্থ খৰছ কৰিবলৈ সংসদক অনুমতি প্ৰদান কৰা হয় । এই বিল লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভালৈ পঠিওৱা হয় । অন্যান্য বিলৰ দৰে বিনিয়োজন বিলো একে প্ৰক্ৰিয়াৰে আলোচনা কৰা হয় । কিন্তু ইয়াত সংশোধনৰ প্ৰস্তাৱ আনিব নোৱাৰি ।
ঙ)বিত্তীয় বিধেয়ক - বিনিয়োজন বিলৰ প্ৰক্ৰিয়াই ইয়াতো গ্ৰহণ কৰা হয় । এনে বিত্তীয় বিধেয়কৰ সংসদৰ লোকসভাত উত্থাপন কৰা হয় । বিভিন্ন কৰৰ প্ৰস্তাৱবিলাক এখন বিধেয়কতে সন্নিবিষ্ট কৰা হয় আৰু সেই বিধেয়কখনকে বিত্তীয় বিধেয়ক বুলিব পাৰি । এই সদনত অংশ গ্ৰহণ কৰাৰ পাছত বিধেয়কখন ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয় । বিধেয়কৰ ওপৰত কৰা আলোচনা পৰামৰ্শ সহ ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত লোকসভালে পঠিয়াব লাগে । ৰাজ্যসভাৰ পৰামৰ্শ লোকসভাই গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে । দুয়োটা সদনে বিলখন গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠিওৱা হয় । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ ৰগে লগেই বিলখন আইনত পৰিণত হয় । ভাৰতীয় সংবিধানৰ ২৬৫ নং অনুচ্ছেদ অনুসৰি চৰকাৰে আইনৰ অনুমোদন নোহোৱাকৈ কোনো বিষয়ৰ ওপৰত কৰ আৰোপ কৰিব নোৱাৰে । বিত্তীয় বিল গ্ৰহণৰ যোগেদি চৰকাৰে কৰ বঢ়োৱা আৰু সংগ্ৰহ কৰাৰ ক্ষমতা লাভ কৰে । এই পৰ্য্যায়ত বাজেটত উল্লেখ থকা বিভিন্ন ৰাজহ আৰু আন আন আয়সমূহৰো আলোচনা কৰা হয় । আগন্তুক বছৰৰ বাবে সকলো ধৰণৰ কৰৰ প্ৰস্তাৱ সন্নিবিষ্ট কৰি এখন বিত্তীয় বিল উত্থাপন কৰা হয় ।
In political terms, a budget is a list of future expenditures for a year in all aspects of a country or state. The term budget was first used in England. The bag carrying economic plans by the Chancellor of Exchequer of England was called the budget. But later economic proposals are called budgets. Budget comes from the English word Budgette which basically means a leather bag carrying government papers. Different politicians have made different proposals on the budget.
Some say, "A budget is a revenue plan prepared for the coming year. The plan clearly states the estimated revenue collected from various items for the coming revenue year and the proposed expenditure.
Another says that "a budget is a financial plan prepared for a specific period in the future based on each financial experience and stating current plans"
According to Karawa, "A budget is a financial plan prepared by the government for a specified period of time"
None of the above statements about the budget are incorrect. Basically, the budget also covers the preparation, adoption, implementation, maintenance and auditing of expenditure for the year. Therefore, a budget is a financial plan prepared by stating the estimated revenue and proposed expenditure for the coming year.
The budget of India is presented by the Minister of Finance to Parliament for approval as the government has no power to raise taxes and spend in India without the approval of Parliament. Since India is a democratic country, such a democratic country, the preparation, formulation and implementation of the budget in India is very significant. In India, the budget is usually prepared by the executive. The Executive informs through the budget the amount of funds required to run the administration. The annual budget is prepared in India under the leadership of the Minister of Finance. In India, the budget preparation process starts 6-7 months before the start of the new fiscal year.
The steps taken by Parliament in formulating the budget in India are as follows:
a) Introduction of Budget in Parliament - Two types of budgets are introduced in Parliament of India. They are the Railway Budget and the General Budget. The Railway Budget is introduced by the Railway Minister and the General Budget by the Finance Minister in the Lok Sabha. In his budget speech, the Finance Minister highlighted the country's economic situation , income-expenditure accounts and proposed tax system.
b) General Discussion - General discussion on the budget and the main policies of the budget is held a few days after the presentation of the budget. Members of Parliament discuss the revenue and expenditure drafts as well as issues such as revenue and expenditure, government programs and the Finance Minister is required to clarify the budget debate for the second time after the debate.
c) Claim sanction- At this stage, different Ministries propose claim sanction. The Speaker of the Lok Sabha fixes the timing of each department in consultation with the Leader of the House. At this stage, expenditures have to be approved through discussion or voting on all departments for about 26 days. About 109 demands are usually in the budget. Of these, 103 are general expenditure and the remaining 6 are defense expenditure. There are 32 demands in the railway budget. The Ministers presented the demands of the grants offered by various departments through their respective speeches. The government faced various criticisms at this stage. At this stage, members can only introduce three types of proposals: policy cuts, economic cuts and nominal cuts
d) Investment MLA- The Rajya Sabha should approve the bill within 14 days. It is then sent to the President for approval. Once approved by the President, the approval of the expenditure portion of the budget also ends. After the grant is approved by vote, the Appropriation Bill is introduced in the Lok Sabha along with all other grants passed. The bill allows Parliament to spend funds from the National Savings Fund to determine the validity of expenditure sanction claims. The bill is passed in the Lok Sabha and sent to the Rajya Sabha. Like other bills, investment bills are discussed in the same manner. However, amendments cannot be proposed here.
e) Finance Bill - The same process as the Appropriation Bill is adopted here. Such Finance Bills are introduced in the Lok Sabha of Parliament. The various tax proposals are incorporated into a single bill and that bill is called the Finance Bill. After participation in this House, the bill was referred to the Rajya Sabha. The Rajya Sabha should send the bill to the Lok Sabha within 14 days with its discussions and recommendations. The Lok Sabha may or may not accept the recommendation of the Rajya Sabha. After the bill is passed by both the Houses, it is sent to the President for approval. The bill became law immediately after the President's approval. According to Article 265 of the Constitution of India, the Government cannot levy taxes on any subject without the approval of the Act. Through the adoption of fiscal bills, the government has the power to raise and collect taxes. At this stage, various revenues and other incomes mentioned in the budget are also discussed. A Finance Bill was introduced containing proposals for all taxes for the coming year.








No comments:
Post a Comment