আইনষ্টাইন আৰু ৰাজনীতি
-দ্বীপজ্যোতি গগৈ
আইনষ্টাইনে ১৯৩৩ ত কৈছিল-- "As long as I have any choice,I will stay in a country where political liberty, toleration and equality of all citizens before the law are the rule."
১) আলবাৰ্ট আইনষ্টাইনৰ সুকীয়াকৈ পৰিচয় কৰোৱা প্ৰয়োজন নে? আমিতো কওঁ নিশ্চয় প্ৰয়োজন। অথচ আইনষ্টাইনৰ নাম নুশুনা ব্যক্তিয়ে নাই! প্ৰশ্ন এটা কৰা হওক-আইনষ্টাইন কোন আছিল? উত্তৰটো নিশ্চয় "এজন বিখ্যাত পদাৰ্থ বিজ্ঞানী"ৰ ওচৰে-পাশৰে থাকিব। এই প্ৰশ্নৰ বিপৰীতে আজি আমি অন্য এটা উত্তৰ বিচাৰিম। হয়তো একাংশই ক'ব আইনষ্টাইনৰ আৰু সুকীয়া পৰিচয়ৰ প্ৰয়োজন নাই; এই কথাটো খুবেই গণ্ডগোলীয়া,কিয়নো এজন মানুহক একক আৰু নিৰ্দিষ্ট পৰিচয়ৰে সীমাবদ্ধ কৰি ৰাখিব খুজাটো আমাৰ সুবিধাবাদী মনৰহে পৰিচয়। তাতোকৈ ডাঙৰ কথাটো হৈছে- ব্যক্তি পৰিচয়ক "অৰাজনৈতিক" ৰূপে প্ৰতিষ্ঠা কৰাটো। কাৰণ কোনো ব্যক্তিয়ে অৰাজনৈতিক নহয়,আমি সকলো একোজন ৰাজনৈতিক ব্যক্তি। আইনষ্টাইনো তাৰ ব্যতিক্ৰম নাছিল,অৱশ্যে বহু দিনলৈ তেওঁক অৰাজনৈতিক এজন প্ৰসিদ্ধ পদাৰ্থ বিজ্ঞানীৰূপেহে প্ৰক্ষেপ কৰিবলৈ এটা পক্ষই নিৰন্তৰ প্ৰচেষ্টা কৰিছিল। আৰু স্বাভাৱিকতে তেওঁলোক সফলো হ'ল। তাকে বুলি আমিও তেওঁলোকৰ চক্ৰান্তত পৰিম নেকি? আইনষ্টাইনক এজন জধলা চুলি গভীৰ চিন্তাত মগ্ন অবয়ৱৰ পৰা উলিয়াই চাব খোজোঁ। তাকে গণি পাঠকৰ সন্মুখত আইনষ্টাইনৰ ৰাজনৈতিক দৰ্শন,ৰাজনৈতিক বক্তব্য আৰু সক্ৰিয়তা বিষয়ে সংক্ষিপ্ত ৰূপত ডাঙি ধৰিম।
২) আইনষ্টাইনৰ ৰাজনৈতিক পটভূমি ঠিক ১৯১৪ৰ প্ৰথম বিশ্বযুদ্ধৰ উকমুকনি সময়তে আৰম্ভ হৈছিল। ৩৫ বছৰীয়া আইনষ্টাইন ১৯১৪ত বাৰ্লিনত উপস্থিত হয়। তেতিয়া তাত তেওঁৰ এজন বন্ধু আছিল George Nicolai, যিয়ে ১৯১৫ চনত "The Biology of War" শীৰ্ষক হাতপুথি খন প্ৰকাশ কৰিছিল,যি খনৰ সৈতে আইনষ্টাইনৰ "Psychological roots of war" নামৰ ৰচনাখনৰ সাদৃশ্য আছে। ইয়াতে অত্যন্ত প্ৰাসংগিক কথাটো হৈছে উক্ত ৰচনাখন লিখা সময়ত তেওঁ আনহাতে যুগান্তকাৰী "আপেক্ষিকতাবাদ সূত্ৰ"ৰ সৈতেও একেমুহূৰ্ততে সংগ্ৰাম কৰি আছিল,ইয়ে প্ৰমাণ কৰে যে তেনে এক সমীক্ষণতো তেওঁ ৰাজনৈতিক পৰিঘটনাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছিল।আইনষ্টাইনে জীৱনত কোনো ৰাজনৈতিক দলৰ সদস্য নাছিল যদিও Nicolai ৰ সান্নিধ্যত পৰি New Fatherland Association নামৰ যুদ্ধবিৰোধী গোটত অন্তৰ্ভুক্ত হয়। তাতে তেওঁ বিভিন্ন প্ৰান্তৰ বাওঁপন্থী তথা সমাজবাদী মতাদৰ্শৰ ব্যক্তি সংস্পৰ্শলৈ আহে। ই নিশ্চিত কৰে যে আইনষ্টাইন এজন যুদ্ধবিৰোধী(Pacifist) ব্যক্তি আছিল। তেওঁ সংকীৰ্ণ জাতীয়তাবাদৰ ঘোৰ বিৰোধিতা কৰি আন্তৰ্জাতিকতাবাদৰ পোষকতা কৰিছিল।প্ৰথম বিশ্বযুদ্ধৰ ফিৰিঙতি যেতিয়া চৌদিশে বিয়পি পৰিছিল,সেই ঘটনাই তেওঁক সাংঘাতিক মনোকষ্ট দিয়া লগতে খঙত ভমকি উঠিছিল।ঠিক তেনে সময়তে জাৰ্মানীৰ ৯৩ জন বুদ্ধিজীৱীৰ স্বাক্ষৰিত "Manifesto to the Civilized World" ইস্তাহাৰ প্ৰকাশ পাই,যিখন "Manifesto of 93" ৰূপেও বিখ্যাত। তাত ঘোষণা কৰিলে যে "The German army and the German people are one."( জাৰ্মান সৈন্য আৰু জাৰ্মানীৰ জনসাধাৰণ একেলগে আছে।) এই ঘোষণাই আইনষ্টাইনৰ ঘিণা দুগুণে চৰালে। তেওঁ এই সংকীৰ্ণ জাতীয়তাবাদক কঠোৰ সমালোচনা কৰি উক্ত ইস্তাহাৰৰ বিৰুদ্ধে অন্য এখন ইস্তাহাৰ লিখি উলিয়াইছিল। আইনষ্টাইনে নিজৰ ইহুদী সংস্কৃতিক লৈ খুৱ গৌৰৱ কৰিছিল, নিজৰ ইহুদী সংস্কৃতিৰ পুৰোধা ব্যক্তি কাৰ্ল মাৰ্ক্স, বেনেদিক্ট স্পীনজা(Benedect Spinoza) আদিক লৈ গৌৰাবান্বিত হৈছিল। আইনষ্টাইনৰ "The World as I see it" ত লিখিছিল এইদৰে-"Embedded in the tradition of Jewish people there is a love of Justice and reason which must continue to work for good of all nations now and in the future. In modern times,this tradition has produced Spinoza and Karl Marx."
৩) জিঅ'নিজিম(Zionism) আৰু আইনষ্টাইন: জিঅ'নিজিম আছিল ১৯ শতিকাৰ আগে আগে ইহুদী লোকৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে গঢ় লৈ উঠা এক আন্দোলন। ১৮৯৭ত থিয়'দিন হাৰ্জলৰ নেতৃত্বত জিঅ'নিষ্ট সকলৰ স্বাৰ্থত প্ৰথম ৰাজনৈতিক দল গঠন হৈছিল।প্ৰথম বিশ্বযুদ্ধৰ পিছত ১৯১৭ত ব্ৰিটিছৰ আৰু ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ পৰা ইহুদী সকলৰ বাবে পৃথক ৰাষ্ট্ৰ গঠনৰ পক্ষত সমৰ্থন পাই,ফলস্বৰূপে ইজৰাইল গঠন হয়। ১৯১৯ চনত আইনষ্টাইনৰ প্ৰথম জিঅ'নিষ্ট আন্দোলনৰ স'তে সম্পৰ্ক স্থাপন হয়। তেওঁ আন্দোলনটো ৰাজনৈতিক দিশতকৈ সাংস্কৃতিক দিশকহে সমৰ্থন দিয়ে। আইনষ্টাইনে আন্তৰ্জাতিকতাবাদক এৰাই ৰাজনৈতিক জাতীয়তাবাদ সমৰ্থন নকৰোঁ বুলি স্পষ্ট ৰূপত কৈছিল। তেওঁ কাহানিও ৰাজনৈতিক ক্ষমতাৰ পিছত দৌৰা ব্যক্তি নাছিল।আনকি ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি ৱৈজমানৰ(Weizmann)(১৯৪৯-৫২) মৃত্যু পিছত ইজৰাইলৰ ৰাষ্ট্ৰপতি ৰূপে আইনষ্টাইনৰ নাম প্ৰস্তাৱ কৰে। তেওঁ এই প্ৰস্তাৱ সন্মান সহকাৰে প্ৰত্যাখান কৰি কয় যে প্ৰশাসনিক কামৰ কোনো অভিজ্ঞতা নথকা হেতুকে এই দায়িত্ব তেওঁ ল'ব নোৱাৰে। তেওঁ লিখে এইদৰে-"I am deeply moved by the offer from our State of Israel,and at once saddened and ashamed that I can't accept."
৪) পৰমাণু বোমা বনাম আইনষ্টাইন: জনমানসত আমেৰিকাই চক্ৰান্ত কৰি প্ৰচাৰ কৰাত সফল হ'ল যে জাপানৰ পৰমাণু বোমা আক্ৰমণৰ আঁৰত আইনষ্টাইনৰ অৰিহণা আছিল। পিছে কাহিনী বেলেগ আছিল। নাৰ্জী বাহিনীৰ জাৰ্মানীৰ হাতত নিউক্লিয়াৰ ফিছন বিকিৰণৰ আবিষ্কাৰৰ কথাত তেওঁ শংকিত হৈ ২ আগষ্ট, ১৯৩৯ চনত তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুচভেল্টলৈ এখন চিঠি লিখে। তেওঁৰ মূলতঃ শংকিত হোৱা কাৰণটো আছিল ১৯৩৮ চনত অট' হন(Otto Hahn) নামৰ বিজ্ঞানী জনে পৰীক্ষা কৰা নিউক্লিয় ৰাসায়নিক বিক্ৰিয়া,যি জনে পিছলৈ ১৯৪৪ত তাৰ বাবে নবেল বঁটা লাভ কৰিছিল।আইনষ্টাইনে জনাই যে তেওঁ দুজন বন্ধু ই. ফার্মি আৰু এল. ছজিলাৰদৰ পৰা জাৰ্মানীত ইউৰেনিয়াম মৌলৰ বিক্ৰিয়া বিষয়ে গম পাইছে,যি পৰৱৰ্তী সময়ত বৃহৎ শক্তিৰ ভাণ্ডাৰ ৰূপে পৰিগণিত হোৱা সম্ভাৱনা অধিক,হয়তো জাৰ্মানীয়ে বোমা নিৰ্মাণতো তেনে মৌল ব্যৱহাৰ কৰিব পাৰে।সেই বৰ্ষৰে ১৯ অক্টোবৰত ৰাষ্ট্ৰপতি ৰুচভেল্টে তেওঁৰ চিঠিৰ প্ৰত্যুত্তৰত জনাই যে তেওঁৰ শংকা গুৰুত্ব সহকাৰে বিবেচনা কৰি এখন বৰ্ড গঠন কৰিছে। ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হৈছে আইনষ্টাইনে ১৯৪০ত আমেৰিকাত শৰণাৰ্থী ৰূপে নাগৰিকত্ব গ্ৰহণ কৰে। উক্ত সমিতিয়ে দুদিনৰ পিছতেই(২১ অক্টোবৰ) আইনষ্টাইনৰ দুয়োজন বন্ধু লগতে অন্য দুজন অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনাত মিলিত হয়। আনফালে আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু লিঅ' ছজিলাৰদে নিজাববীয়াকৈ গৱেষণা কৰিছিল নিউক্লিয় বিক্ৰিয়া সমন্ধে,তাৰ ফলস্বৰূপে আমেৰিকাই ১৯৪৩ত জুলিন্স ৰবাৰ্টৰ নেতৃত্বত "Manhattan Project" গঠন কৰে। ইয়াৰ ফলতে ১৯৪৫ৰ ১৫ জুলাইত নিউ মেক্সিকো মৰুভূমিত আমেৰিকাই প্ৰথমবাৰলৈ পৰমাণু বোমাৰ সফল পৰীক্ষণ কৰে।কিন্তু এই প্ৰজেক্টত আইনষ্টাইনৰ কোনো সংযোগ নাছিল। ইফালে আইনষ্টাইন আছিল প্ৰগতিশীল লোক,তেওঁ বিভিন্ন দেশৰ কমিউনিষ্টৰ লগত গভীৰ সম্পৰ্ক ৰাখিছিল। তাৰ ফলস্বৰূপে আমেৰিকাৰ তদন্তকাৰী সংস্থা Federal Bureau of Investigation (FBI)এ আইনষ্টাইনৰ ওপৰত ২৪ ঘণ্টাই কাঢ়া নজৰ ৰাখিছিল। যি কি নহওক,আমেৰিকাই সফল পৰমাণু বোমা পৰীক্ষণ কৰা লগে লগে বিশ্বজুৰি "শীতল যুদ্ধ" আৰম্ভ হ'বলৈ ধৰে। তাৰ পূৰ্বে প্ৰসিদ্ধ নবেল বিজয়ী বিজ্ঞানী নীলছ ব'ৰৰ পৰামৰ্শ আছিল যে উক্ত পৰীক্ষণৰ আগতে চোভিয়েট ইউনিয়নক বিশ্বাসত ল'ব লাগে,কিন্তু আমেৰিকাই তেওঁৰ কথাক কোনো গুৰুত্ব নিদিলে। লগে লগে ছোভিয়েট ইউনিয়নেও ১৯৪৯ত পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰে। অতি অপ্ৰয়োজনীয়ভাৱে ইতিমধ্যেই জাৰ্মানীয়ে আত্মসমৰ্পণ কৰা লগতে জাপানেও আত্মসমৰ্পণ কৰিবলৈ আগবঢ়া স্বত্তেও আমেৰিকাই ১৯৪৫ৰ ৬ আগষ্টত হিৰোচিমাত আৰু তিনিদিনৰ পিছত ৯ আগষ্টত নাগাশ্বাকিত পৰমাণু বোমাৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ পিছতেই আইনষ্টাইনে নিজৰ স্থিতি স্পষ্ট কৰিছিল এইদৰে-"I have done no work on atomic bombs,no work at all." আনকি ১৯৪০ত ৰাষ্ট্ৰপতিয়ে পৰমাণু অস্ত্ৰ নিৰ্মাণৰ বাবে আয়োজন কৰা মেলত নিমন্ত্ৰণৰ স্বত্তেও আইনষ্টাইন উপস্থিত থকা নাছিল।এই ভয়ংকৰ আক্ৰমণৰ পিছতেই মানসিকভাৱে আইনষ্টাইন ভাগি পৰিছিল,১৯৫৪ চনৰ ১০ নৱেম্বৰৰ 'নিউয়ৰ্ক টাইমছ'ৰ বাতৰি মতে তেওঁ এইবুলি কৈছল যে তেওঁ যদি পুনৰ যৌৱন ঘূৰাই পায়,তেন্তে কেতিয়াও বিজ্ঞানী নহয় বৰং এজন মিস্ত্ৰী হ'বলৈহে বিচাৰিব। ১৯৪৫ চনৰ ১০ ডিচেম্বৰত নিউয়ৰ্ক চহৰত আয়োজন কৰা পঞ্চম নবেল বাৰ্ষিকীত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল এনেকৈ-"The war is won ,but the peace is not." মৃত্যুৰ এসপ্তাহ পূৰ্বে ১৮ এপ্ৰিল,১৯৫৫ত তেওঁ সাহিত্যৰ নবেল বিজয়ী সাহিত্যিক অৰ্থোৰ ৰাছেললৈ লিখা চিঠিত সকলো দেশকে নিউক্লিয়াৰ অস্ত্ৰ পৰিত্যাগ কৰিবলৈ আহ্বান জনাই লিখা এখন ইস্তাহাৰত সন্মতি জনাইছিল।
৫) গণতন্ত্ৰ,সমাজবাদ আৰু আইনষ্টাইন: আইনষ্টাইনে গণতন্ত্ৰৰ সমৰ্থক আছিল। তেওঁ কৈছিল এইদৰে-"My political ideal is that democracy. Let every man be respected as an individual and no man idolized." তেওঁ প্ৰচুৰ মানৱতাবাদী আছিল। তেওঁ কৈছিল-মানৱীয় প্ৰমূল্যবোধৰ সম্মুখত ধন,সম্পত্তি একো গুৰুত্বপূৰ্ণ বস্তু নহয়। তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কৈছিল-"I am absolutely convinced that no wealth in the world can help humanity forward, even in the hands of the most devoted worker in this cause." আৰু কৈছিল-" Can anyone imagine Moses, Jesus or Gandhi armef with the money bags of Carnegie?" Andrew Carnegie আছিল তেতিয়াৰ আমেৰিকাৰ তাম আৰু লোহাৰ খনিৰ মালিক।
৬) কিয় আইনষ্টাইনে পুঁজিবাদৰ সলনি সমাজবাদৰ পোষকতা কৰিছিল?
তেওঁ সমাজবাদী অৰ্থনীতি সমৰ্থক আছিল।আইনষ্টাইনে "Monthly Review" শীৰ্ষক আলোচনীৰ ১৯৪৯ৰ মে' সংখ্যাত বিখ্যাত "Why Socialism?" শীৰ্ষক ৰচনা লিখিছিল। তেওঁ পুঁজিবাদৰ সমাজ ব্যৱস্থা অৰ্থনৈতিক অমংগলৰ উৎস(Evil source) স্বৰূপে আখ্যা দিছিল।কাৰণ তেওঁ কৈছিল যে ব্যক্তি সমাজৰ ওপৰতহে নিৰ্ভৰ কৰে(তেওঁ সমাজক 'প্ৰকৃতিৰ ইন্ধন' ৰূপে আখ্যা দিছিল) তেওঁ মতে পুঁজিবাদী সমাজ ব্যৱস্থাত পুঁজিপতিৰ অনাহক প্রতিযোগিতা আৰু একমাত্ৰ লাভৰ স্বাৰ্থই ব্যক্তিক পঙ্গু(Crippled) কৰি তুলে।তেওঁ সেইবাবেই পৰিকল্পনাসম্পন্ন সমাজবাদী অৰ্থনৈতিক সমাজ ব্যৱস্থা পোষকতা কৰিছিল,য'ত ব্যক্তিগত মালিকনাধীনৰ সলনি সম্পত্তিৰ কৰ্তৃত্ব সমাজৰ হাততহে ন্যস্ত থাকিব। তেওঁ এই ব্যৱস্থা ৰাষ্ট্ৰযুক্ত পুঁজিবাদৰ সম্পূৰ্ণ পৃথক হ'ব বুলি মন্তব্য আগবঢ়াইছিল। তেওঁ লিখিছিল-"...The profit motive,in conjunction with competition among capitalists,is responsible for an instability in the accumulation and utilization of capital which leads to a huge waste of labor,and to that crippling of the social consciousness of individual which I mentioned before." তেওঁ পুনৰ লিখিছিল -"This crippling of individuals I consider the worst evil of Capitalism. Our educational system suffers from this evil. An exaggerated competitive attitude is indicated into the student,who is trained to worship acquisitive success as a preparation for his future career." অৰ্থাৎ পুঁজিবাদী ব্যৱস্থাত শিক্ষা ব্যৱস্থাও কুশলে থাকিব নোৱাৰে। শেষত তেওঁ পুঁজিবাদৰ বিকল্প সমাজবাদী অৰ্থনীতি বুলি মতপোষণ কৰিছিল,এনেদৰে-"I am convinced there is only one way to eliminate these grave evils, namely through the establishment of a socialist economy, accompanied by an educational system which would be oriented towards social goals."
৭) মহাত্মা গান্ধীৰ সম্পৰ্কত আইনষ্টাইন: যদিও জীৱিত কালত আইনষ্টাইনে গান্ধীক লগ পোৱা নাছিল,গান্ধীৰ শান্তিৰ বাণী তথা যুদ্ধবিৰোধী মনোভাৱে তেওঁক সাংঘাতিক ধৰণে প্ৰভাৱান্বিত কৰিছিল। মহাত্মা গান্ধীক নিজৰ নৈতিক গুৰু ৰূপে আখ্যা দিছিল।পিন্সটন হাউচৰ নিৰ্দিষ্ট কোঠাত তেওঁ গান্ধীৰ ফটো আঁৰি ৰাখিছিল। গান্ধীৰ আত্মজীৱনী "My Experiment with Truth" তেওঁ অন্যতম প্রিয় গ্ৰন্থ আছিল।গান্ধীৰ ১৯৩৯ চনত ৭০ সংখ্যক জন্মদিনৰ উপলক্ষে আইনষ্টাইনে গান্ধীৰ সম্পৰ্কে লিখিছিল-"A leader of his people unsupported by any outward authority;a politician whose success rests upon craft nor mustery of technical devices,but simply on the convincing power of his personality ; a victorious fighter who has always scorned the use of force ; a man of wisdom and humanity, armed with resolve and inflexible consistency..." ১৯২৫ চনত গান্ধীৰ সহিতে আইনষ্টাইন আৰু কেইবাজনো মিলি ৰাষ্ট্ৰৰ দ্বাৰা বাধ্যতামূলক সামৰিক সেৱা নীতিৰ বিৰোধিতা কৰি সমূহীয়া স্বাক্ষৰিত সম্বলিত এখন ইস্তাহাৰ প্ৰকাশ কৰিছিল। ১৯৩২ চনত তেওঁ ৰাষ্ট্ৰৰ সম্পৰ্কে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কৈছিল -"The state is made for man,not man for the state. The state should be our servant and not we its slaves." আজি যিদৰে যাকে-তাকে চৰকাৰৰ বিপক্ষেই ক'লেই ৰাষ্ট্ৰৰ বিৰোধী ধাৰণা দিবলৈ খোজা হয়,তেনেক্ষেত্ৰত এই মন্তব্য অতি প্ৰাসংগিক। শেষত তেওঁ সমগ্ৰ মানৱজাতিৰ চিন্তাৰ কৌশল সলনি কৰিবলৈ আহ্বান জনাইছিল,তেওঁ কৈছিল-" We shall require a substantially new manner of thinking if mankind is to survive." এতিয়া বাৰু আমাৰ চিন্তাধাৰা সলনি কৰিম নে?
--------
Einstein said in 1933-- "As long as I have any choice, I will stay in a country where political liberty, tolerance and equality of all citizens before the law are the rule.
1) Does Albert Einstein need to be introduced separately? We say it is necessary. There is no one who has not heard of Einstein! Let's ask a question: Who was Einstein? The answer must lie in the vicinity of "a famous physicist." Today we will look for another answer to this question. Some may say that Einstein does not need a separate identity; This is very confusing, because it is the identity of our opportunistic mind to want to limit a person to a single and specific identity. More importantly, the establishment of personal identity as "apolitical" Because no person is apolitical, we are all political persons. Einstein was no exception, although for many years one side constantly tried to project him as a famous physicist who was apolitical. And naturally they succeeded. Will we fall into their conspiracy? I want to see Einstein out of a gray-haired figure in deep thought. Einstein's political philosophy, political statements and activities will be briefly presented to the reader.
2. Einstein's political background began in 1914 at the outbreak of World War I. Einstein, 35, arrived in Berlin in He had a friend there, George Nicolai, who in 1915 published a manual entitled "The Biology of War", which is similar to Einstein's essay "Psychological roots of war" It is very relevant to note that at the time of writing the essay, he was also struggling with the groundbreaking "formula of relativity", which proves that even in such a survey he was focused on political phenomena He joined an anti-war group called the New Fatherland Association. There he came into contact with leftist and socialist figures from various parts of the country. This confirms that Einstein was a pacifist. He strongly opposed narrow nationalism and advocated internationalism. When the sparks of World War I spread, he was deeply disturbed and angry. At the same time, the "Manifesto to the Civilized World" signed by 93 German intellectuals was published. Also famous as Manifesto of 93". There he declared that "The German army and the German people are one."( The German army and the German people are together.) This declaration doubled Einstein's hatred. He wrote another manifesto against the manifesto, strongly criticizing this narrow nationalism. Einstein was very proud of his Jewish culture, proud of the pioneers of his Jewish culture, such as Karl Marx and Benedict Spinoza. Einstein wrote in "The World as I see it": "Embedded in the tradition of the Jewish people there is a love of Justice and reason which must continue to work for the good of all nations now and in the future. In modern times,this tradition has produced Spinoza and Karl Marx."
3. Zionism and Einstein: Zionism was a movement for the protection and development of the Jewish people in the early 19th century. The first political party for the Zionists was formed in 1897 under the leadership of Theodin Herzl. After World War I, Israel was formed with the support of the British in 1917 and the United Nations in In 1919, Einstein first became involved with the Zionist movement. He supports the cultural rather than the political aspects of the movement. Einstein made it clear that he did not support political nationalism, apart from internationalism. He was never a man who pursued political power. He even proposed Einstein as President of Israel after the death of Israel's first President Weizmann (1949-52). He respectfully rejected the offer, saying he could not take the responsibility as he had no experience in administrative work. He writes-"I am deeply moved by the offer from our State of Israel,and at once saddened and ashamed that I cannot accept."
4. Atomic Bomb vs. Einstein: In the public mind, the United States succeeded in conspiring to promote that Einstein was behind the atomic bomb attack on Japan. But the story was different. On August 2, 1939, he wrote a letter to then-President Roosevelt of the United States, alarmed by the discovery of nuclear fission radiation in the hands of the Germans by the Nazis. His main concern was the nuclear chemical reaction experimented in 1938 by Otto Hahn, who later won the Nobel Prize for it in Fermi and L. On October 19 of that year, President Roosevelt replied to his letter that he had taken his concerns seriously and that he was likely to become a major energy reservoir in Germany has formed a board. Einstein became a refugee in the United States in Two days later (October 21), the committee met with Einstein's two friends and two other experienced people. Einstein's close friend Leo Szilard conducted his own research on nuclear reactions, which led to the formation of the Manhattan Project in 1943 under the leadership of Julien Roberts. This led to the first successful test of the atomic bomb in the New Mexico desert on July 15, 1945. However, Einstein had no involvement in the project. Einstein, meanwhile, was a progressive man,he had deep ties with communists in various countries. As a result, the Federal Bureau of Investigation (FBI) kept Einstein under 24-hour surveillance. However, as soon as the United States successfully tested an atomic bomb, the "Cold War" began around the world. Earlier, the famous Nobel laureate scientist Niels Bohr had suggested that the Soviet Union should be trusted before the test, but the United States ignored his advice. In 1949, the Soviet Union developed atomic weapons. Unnecessarily, the United States dropped atomic bombs on Hiroshima on August 6, 1945, and on August 9, 1945, three days later, despite the surrender of Germany and Japan. After the attack, Einstein made his position clear: "I have done no work on atomic bombs, no work at all. Einstein did not even attend a presidential conference on atomic weapons in 1940, despite being invited. After the terrible attack, Einstein was mentally devastated, saying on November 10, 1954 that if he regained his youth, he would never He wants to be a mechanic, not a scientist. On December 10, 1945, at the fifth Nobel Anniversary in New York City, he expressed his anger: "The war is won, but the peace is not. A week before his death, on April 18, 1955, he wrote to Nobel laureate Arthur Russell in which he agreed to a manifesto calling on all countries to abandon nuclear weapons.
5. Democracy, Socialism and Einstein: Einstein was a supporter of democracy. He said, "My political ideal is that democracy. Let every man be respected as an individual and no man be idolized. He was a great humanitarian. He said-money,property is nothing important in the face of human values. He made the important remark, "I am absolutely convinced that no wealth in the world can help humanity forward, even in the hands of the most devoted worker in this cause. And he said, "Can anyone imagine Moses, Jesus or Gandhi armef with the money bags of Carnegie?" Andrew Carnegie was then the owner of the copper and iron mines in the United States.
6. Why did Einstein advocate socialism instead of capitalism?
He was a supporter of socialist economics. Einstein wrote the famous article "Why Socialism?" in the May 1949 issue of the Monthly Review. He wrote an essay entitled. He called capitalist society the source of economic misfortune. Because he said that individuals depend on society (he called society the 'fuel of nature'). He therefore advocated a planned socialist economic society, in which the authority of property would be in the hands of society rather than private ownership. He argued that this system would be completely different from state capitalism. He wrote-"...The profit motive, in conjunction with competition among capitalists, is responsible for an instability in the accumulation and utilization of capital which leads to a huge waste of labor, and to that crippling of the social consciousness of individual which I mentioned before." He wrote again -"This crippling of individuals I consider the worst evil of Capitalism. Our educational system suffers from this evil. An exaggerated competitive attitude is indicated into the student, who is trained to worship acquisitive success as a preparation for his future career. " In other words, the education system cannot survive in a capitalist system. Finally, he argued that the alternative to capitalism was a socialist economy, saying, "I am convinced there is only one way to eliminate these grave evils, namely through the establishment of a socialist economy, accompanied by an educational system oriented towards social goals.
7. Einstein on Mahatma Gandhi: Although Einstein did not meet Gandhi during his lifetime, he was deeply influenced by Gandhi's message of peace and anti-war attitude. He called Mahatma Gandhi his moral guru. He hung a photograph of Gandhi in a designated room at Pinston House. Gandhi's autobiography "My Experiment with Truth" was one of his favorite books.On Gandhi's 70th birthday in 1939, Einstein wrote of Gandhi: "A leader of his people unsupported by any outward authority;a politician whose success rests upon craft nor mustery of technical devices ,but simply on the convincing power of his personality ; a victorious fighter who has always scorned the use of force ; a man of wisdom and humanity, armed with resolve and inflexible consistency..." They published a manifesto with collective signatures opposing the policy of compulsory military service. In 1932, he made a significant comment about the state: "The state is made for man, not man for the state. The state should be our servant and not we its slaves. This comment is very relevant today as anyone who says anything against the government is trying to give the impression of being against the state. Finally, he called for a change in the way of thinking of the entire human race, saying, "We shall require a substantially new manner of thinking if mankind is to survive. Shall we change our minds now?









No comments:
Post a Comment