মৰীচি পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগতে সমূহ সাহিত্য প্ৰেমীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
কিছুদিন আগতে মৰীচি পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা প্ৰবন্ধ আৰু অনুগল্প প্ৰতিযোগিতাখনিৰ আজি আমি ফলাফল ঘোষণা কৰিব ওলাইছোঁ। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগিয়েই অতি সুন্দৰ সুন্দৰ প্ৰবন্ধ আৰু অনুগল্প লিখিছে, এক কথাত ক'ব গলে প্ৰতিজনেই একো একোজন বিজয়ী। কিন্তু আমি যিহেতু এটা নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ গতিকে সেই সীমাৰ ভিতৰতে আমি প্ৰতিযোগী সকলক বাচনি কৰিব লাগিব। সেই মৰ্মে আমাৰ বিচাৰক ড° থানেশ্বৰ শৰ্মা ছাৰ (প্ৰবন্ধ) আৰু সংগীতা ফুকন বাইদেউৱে (অনুগল্প) প্ৰবন্ধ শিতানৰ তিনিগৰাকী আৰু অনুগল্প শিতানৰ দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগী বাচনি কৰি নাম কেইটা আমাৰ হাতত দিছে।
* অনুগল্প প্ৰতিযোগিতাৰ তৃতীয় প্ৰতিযোগী বাচনি কৰা নহ'ল তাৰ বাবে আমি দুঃখিত।
প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ:
প্ৰবন্ধ-
১) আবিদুল হুছেইন, নলবাৰী।
২) ৰিম্পী গগৈ, গুৱাহাটী।
৩) অনন্যা চুতীয়া, ডিব্ৰুগড়।
অনুগল্প-1)ঋতুপন দত্ত, ডিব্ৰুগড়।
2) হিমাংশুৰাজ দিহিঙীয়া, লখিমপুৰ।
বিচাৰক-প্ৰবন্ধ- ড° থানেশ্বৰ শৰ্মা ।
অনুগল্প- সংগীতা ফুকন ।
*মানপত্ৰ আৰু উপহাৰ সমূহ অহা ১৭ ২৩ জুলাই ২০২১ তাৰিখে আনুষ্ঠানিক ভাৱে আমাৰ ৱেবচাইটত প্ৰকাশ পাব।
*বিজয়ী সকলক ৯১০১২৯৯০৫৪ নম্বৰত WhatsApp ত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।










No comments:
Post a Comment