ৰঙা উপহাৰ (খণ্ড-৪)

জোনাকী হোষ্টেলৰ চিনিয়ৰ বা কেইজনীৰ লগত কি ঘটিল? জানিবলৈ পঢ়োঁ আহক #ৰঙা_উপহাৰ(খণ্ড-৪)

ৰঙা উপহাৰ (খণ্ড-৪)

এনিশা, মনা, নিশা আৰু হিমাদ্রিয়ে একে সুৰতে কলে : ঠিক আছে দে, লাগি থাক । তই কলি যেতিয়া চিন্তাই নকৰিবি।
জোনাকী : ঠেংক য়ু বা ।
হিমাদ্রি : ঠিক আছে গধূলি লগ পাম , কেই-নম্বৰ ৰুম তোমাৰ।
জোনাকী : ৯ নম্বৰ বা।
হিমাদ্রি : গধূলি যাম বাৰু, কথা পাতিমগৈ।
জোনাকী : ঠিক আছে বা আহিব।
জোনাক : ঐ তহঁত ৰ বাৰু.., বা ৰাখিবা। 
: জোনাকী ব'লা বাৰু সেই দোকানৰ পৰা আহোঁ। 

জোনাকে জোনাকীক চকলেট এটা কিনি দি হোষ্টেলত আগবঢ়াই আহিলেগৈ। "হোষ্টেলত গৈ খোৱা বোৱা কৰি লোৱা অলপ জিৰাই লৈ কল কৰিবা।" বুলি কৈ জোনাক ৰুমলৈ গ'ল।

আবেলি ৪ মান বজাত জোনাকীয়ে ফোন কৰিলে।
জোনাকী : হেল্ল' 
জোনাক : Good Evening ,
: কি কৰিছা। 
জোনাকী : শুই উঠিছোঁ , ভাগৰ লাগি আছিলে যে।
জোনাক : অ' ঘৰলৈ ফোন কৰিছিলা..?
জোনাকী : নাই কৰা এই সময়ত মা'হঁত ওলাই যায়। অলপ পাছত কৰিম।
  জোনাক : অ'। ....পিছে তোমাৰ ৰুমমেট কেনেকোৱা কথা বতৰা পাতিছা নাই।
জোনাকী : কুঁহি ভাল দেই, এদিনতে বহুত ফ্ৰি হৈছে মোৰ লগত।
জোনাক : এতিয়া চাহ খাবলৈ ওলাই আহিবা নে?
জোনাকী : ৰবা কুঁহিক যায় নে কি সুধি লওঁ।

   ( : ঐ কুঁহি চাহ খাব যাওঁ ব'লা..
   : ৰবা যাম হিমাদ্রি বা ও যা'ব।
   : ঠিক আছে ওলোৱা, মই অলপ আগবাঢ়িছোঁ।
   : ঠিক আছে গৈ থাকা বাৰু।)

জোনাকী : গৈছোঁ ৰবা।
জোনাকীয়ে ফোন কৰি কৰি গগৈ খুৰাৰ দোকানৰ ফালে খোজ দিলে। অলপ দূৰ যাওঁতেই দেখিলে জোনাক আৰু লগৰ দুজন বাটতে ৰৈ আছে। জোনাকে লগৰ দুজনক ৰুমত গৈ ৰাখিব কৈ, জোনাকে আগবাঢ়ি আহি ফোনটো কাটি মাত দিলে "জোনাকী, আহিলা..." ": উম আহিলোঁ কুঁহি আৰু হিমাদ্রি বা ও আহি আছে!" দুয়ো খুৰাৰ দোকানত বহিলগৈ। দুয়ো কথা পাতি থাকোতেই কুঁহি আৰু হিমাদ্রি আহি পালে।

হিমাদ্রি : লাগি আছ ন' ..
জোনাক : অ' তহঁত, পালোহি.. কি খাবি ক' 
হিমাদ্রি : আজ্জৈ, আজি তই খুৱাবি নেকি! 
জোনাক : খা খা সুবিধা পাইছ লুটি ল আৰু।
হিমাদ্রি : খুৰী চাৰিটা গাখীৰ চাহ দি'ব আৰু পকৰি দিব। ( চিঞৰি কলে )
জোনাকী : বা গাখীৰ চাহ তিনিটা কওক এটা লাল চাহ দিব ক'ব।
হিমাদ্রি : এটা লাল চাহ দেই খুৰী ( আকৌ চিঞৰ এটা মাৰিলে )
খুৰী : ঠিক আছে;
: এই দুগৰাকীক প্ৰথম দেখিছোঁ, নতুন চাগে ন! 
হিমাদ্রি : জোনৰ লগত অহা গৰাকী তিনিচুকীয়াৰ আৰু এইগৰাকী যোৰহাটৰ।
( জোনাকক লগৰ বিলাকে জোন বুলিও মতে )

খুৰী : এইবাৰ জোৰা এটা দেখিবলৈ পাম যেন লাগিছে।
হিমাদ্রি : হয় খুৰী, আগবাঢ়ি আছে লাহে লাহে।
জোনাকী : নাই নাই আমাৰ মাজত একো নাই দেই  ( ঘপককৈ কৈ পেলালে তাই) ।
জোনাক : খুৰী হৈছেনে। (কথাটোৰ পৰা আতঁৰিবলৈ বুলি চিঞৰি সুধিলে)
খুৰী : হৈছে হৈছে ৰ। পকৰি চাটনিৰ লগত খাবি নে, চছৰ লগত খাবি।
হিমাদ্রি : চাটনি দিয়ক খুৰী ।
চাৰিওতা চাহ খাই দোকানৰ পৰা ওলালে।
জোনাকে তিনিউগৰাকীকে হোষ্টেলৰ ফালে আগবঢ়াই নিজৰ ৰুমলৈ গ'ল।


আগলৈ.... 
জোনাক জোনাকীৰ সম্পৰ্কটো কেনেকৈ আগবাঢ়িব ? জানিবলৈ অপেক্ষা কৰক ৰঙা উপহাৰৰ পৰৱৰ্তী খণ্ডলৈ..

2 comments: