NCC আৰু কেম্প
(NCC আৰু কেম্পৰ কিছু অভিজ্ঞতা)
মই ক্লাছ 7ত থাকোতে আমাৰ স্কুলত NCC join কৰিছিলো। সপ্তাহৰ শুকুৰবাৰ দিনটোত আমাৰ স্কুলত ১বজাৰ পৰা NCC ৰ ক্লাছ হৈছিল। তেতিয়া ডিব্ৰুগড় গ্ৰুপৰ NCC ত আমাৰ স্কুলৰ এক সুকীয়া পৰিচয় আছিল (বৰ্তমানৰ বিষয়ে মই জ্ঞাত নহয় যিহেতু মই বৰ্তমান NCC ৰ লগত জড়িত হৈ থকা নাই)। আমাৰ স্কুলখন 46 Assam Medical Company ৰ অন্তৰ্গত আছিল। মই আমাৰ স্কুলৰ পৰাই ৩ টা কেম্প কৰিলো। মই প্ৰথম কৰা কেম্পতো ক্লাছ 8 ত জুলাই মাহত তিনিচুকীয়াৰ ৰূপাইত Learners High School ত হৈছিল সেইটো 46 Assam Girls BN ৰ CATC (Combined Annual Training Camp) আছিল। তাত আমাক খুব ৰগৰালে (ৰগৰ তো আমি Camp ত শিকা শব্দ তাত punished তোক ৰগৰুৱা বুলি কোৱা হয়)। যি কি নহওক কেম্পত খোৱাটো বঢ়িয়া দিয়ে, সেইবাবে তাত কেইটামানে অকল খাবলৈ বুলিয়ে যায়। তাতে এটা ঘটনা ঘটিল, তাত মানে চিনিয়ৰ এটাৰ মোবাইল হেৰালে তেতিয়া আমাৰ কেম্পৰ সকলো Cadet ক এ ASM ছাৰজনে ৰাতি ১বজালৈ ফিল্ডত থিয়কৰাই থলে। কোনোমতে ১০দিনৰ কেম্পটো শেষ হল। ঘৰলৈ আহোতে তাত দিয়া TA-DA ৰ ১০০টকা পকেটত থাকিল। প্ৰথম কেম্প তেওঁ মোটা-মুটি ভালেই লাগিল। সেইবছৰেই একেখন স্কুলতে ডিচেম্বৰ মাহত আমাৰ স্কুলৰ পৰা দুটা Cadet এ দ্বিতীয় কেম্প 10 Assam BN এ arrange কৰা All India Tracking কেম্প Attend কৰিলো। ইয়াত বহুত ৰাজ্যৰ পৰা লৰা আহিছিল। আৰু আমি লোকেল বাবে ডিব্ৰুগড় গ্ৰুপৰ লৰাকেইটাক বেছি প্ৰাধান্য দিছিল।সেইটো কেম্পত আমাক সদায় ৩০-৩৫ কিঃমিঃ মান খোজকঢ়াইছিল আৰু তাৰে কিছুমান বিশেষ ঠাই দেখুৱাইছিল। এই কেম্পটোত আমি খোজকাঢ়িলো, ফুৰিলো আৰু খালো। তাৰপিছত আমি 'A' চাৰ্টিফিকেটৰ পৰীক্ষা দিলো আৰু মই 'A' গ্ৰেড পালো। তেতিয়াই ক্লাছ 9 ত আকৌ NCC লৈ ললো ক্লাছ 9 তে আকৌ 'মে' মাহত মোৰ তৃতীয়তো কেম্প অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ JNV ত 63 Assam Girls BN এ Arrange কৰা CATC কৰিছিলো ইয়াতো আমি ফুৰ্তিৰে কেম্পতো কতালো। এইটো কেম্প হোৱা বেছিকেইটাদিন বৰষুণ দিয়াৰ বাবে কষ্ট কম হল। কিন্তু তাত শেষৰদিনা ঘৰ অহাৰ ফুৰ্তিত হাল্লা কৰাত ASM ছাৰ জনে সকলোকে band+advanced (band মানে বুকদান মৰা position আৰু advanced কলে তেনেকৈয়ে jump কৰি আগলৈ যাব লাগে) punished দিলে। ইয়াত পানীবোৰ বৰ বেয়া আছিল, ফ্ৰীজৰ ফিল্টাৰ পানীৰে গা ধুইছিলো। এইটো কেম্পো ধুনীয়াকৈ পাৰ কৰি ঘৰ আহিলো আৰু এতিয়ালৈকে এইটোৱেই মোৰ শেষ কেম্প কাৰণ মই কলেজত NCC লব নোৱাৰিলো, কাৰন আমাৰ কলেজত NCC ৰ সুবিধা নাছিল। NCC কেম্পত অৰু এটা বিশেষ কথা হল, কেম্পত শেষৰদিনা চবেই শুইথকা Roommate কেইটাক বাছি যোৱা কলগেট আদি সমূহ সানি ফুৰ্তি কৰা হয়।এইয়াই মোৰ NCC কেম্পৰ অভিজ্ঞতা বুলি কব পাৰি। ইয়াৰোপৰি NCC ৰ পৰা আমি International Yoga Day পালন কৰিবলৈ ও ভাল সুবিধা পাও। ২০১৪ চনৰ ২১ জুনৰ পৰাই প্ৰতিবছৰে এই দিনটোত NCC ত Yoga day পালন কৰা হয়।
এয়াই মোৰ NCC ৰ থুলমূলকৈ দুআষাৰ।
✍️ Bhagyajeet Baruah
No comments:
Post a Comment