- কোনে, কিয় জোনাকীক আগুচি ধৰিছে? জোনাকীক আগুচি লৰাজনে কি কৰিব বিচাৰিছে? জানিবলৈ পঢ়োঁ আহক ৰঙা উপহাৰৰ ষষ্ঠ খণ্ড।
ৰঙা উপহাৰ (খণ্ড-৬)
: জোনাকী ...! ৰ'বা মই হয়।
জোনাকী: কোন হয়? ( হেলমেটটো পিন্ধি থকাত কোন ধৰিব পৰা নাই )
:মোক চিনি নাইপোৱা তই। মই তোৰ ককাই বিশ্ব দা।
( হেলমেটটো লাহেকৈ খুলি দিয়ে )
জোনাকী: দাদা তই ইয়াৰ পালিহি যে, ফোন এটা কৰিব নোৱাৰিলি নেকি আগত।
বিশ্ব: কিয়, তোৰ কিবা বেলেগ প্লেন আছিলে নেকি?
জোনাকী: নাকামুৰিবি চোন এতিয়া। এইফালে কৰবাত গৈছিলি নে কি?
বিশ্ব: এইটো ল খুৰীয়ে দি পঠাইছে। ৰুমত গৈ ফোন কৰি কৈ দিবি বস্তুটো পোৱা বুলি। তোৰ কাপোৰযোৰ ননাৰ কথা জোনাকে মোক ফোন কৰিছিল, সেইকাৰণে মই খুৰীৰ পৰা এইটো আনি দিছোঁ। তোৰ জোনাকৰ লগত কিবা আগবাঢ়িছে নি ঐ..।
জোনাকী: অ ঠিক আছে মই মা লে ফোন কৰিম বাৰু। আৰু জোনাক দাৰ লগত কি আগবঢ়াৰ কথা কৈছ, সিও টো মোৰ দাদাই হয়।
বিশ্ব: একো নাই মই গম পাওঁ দে, লাগি থাক মই ঘৰত নকওঁ বাৰু, কিন্তু পঢ়া শুনাত মন দিবি আৰু খুৰাহঁতৰ আশা বিলাক ভাগিবলৈ নিদিবি।
জোনাকী: Thank you দাদা, তই মোৰ মৰমৰ দাদা তই হে মোৰ সকলো দুখ বুজি পাৱ।
বিশ্ব: হ'ব দে, মোক এতিয়া তেল মাৰিব নালাগে। তই এতিয়া হোষ্টেললৈ যা, মই জোনাকৰ ৰুমত অলপ দেৰি ৰৈ ঘৰলৈ যাওঁ।
জোনাকী: উম ঠিক আছে দে বেছি দেৰি নকৰিবি। দেৰি হ'লে আকৌ আপাদেউৱে গালি দিব।
বিশ্ব: হ'ব দে ঠিক আছে মই যাওঁ। ভালকে থাকিবি।
জোনাকী: উম যা ভালকে যাবি।
বিশ্ব যোৱাত জোনাক টোপনিৰ পৰা কোনোমতে হাৰ পাইছে। দুয়ো বহুদিনৰ মুৰত লগ পাই খবৰ-খাটি লোৱাৰ পিছত বিশ্ব ঘৰলৈ বাট ললে ( যিহেতু সময় ও গধূলি হৈ আহিছিল। )
জোনাকে মোবাইলটো চাই দেখে ২৫ টা Missed Call, ....লগে লগে জোনাকীলৈ Call back কৰে।
জোনাক: ঐ জোনাকী একদম বহুত বহুত Sorry দেই। মই দিনটো ঘূৰি মেলি ৩ মান বজাত মোবাইলটো চাই থাকোঁতেই টোপনি গলোঁগৈ। তোমাক লগ কৰিব যাম বুলি কৈও সাৰে নাপালোঁ।
জোনাকী: হুহহ... , মই যে কলেজৰ গেটৰ আগত বোন্দাপৰ দি ৰৈ আছিলোঁ। হুহহ...।
জোনাক: আৰে বাবা Sorry কৈছোঁ টো , প্লিজ বেয়া নাপাবা।
জোনাকী: ঠিক আছে বাৰু, আৰু বেলেগ দিনা এনেকুৱা নকৰিবা। আৰু Thank You দেই তুমি মোৰ কাপোৰযোৰৰ কথা দাদাক কৈ আনিব কোৱাৰ কাৰণে।
জোনাক: কাইলে ৰাতিপুৱা মোক লগ কৰিবা তোমালৈ সৰুসুৰা Surprise এটা আছে।
আগলৈ......
কি এই Surprise? প্ৰথমবাৰৰ বাবে জোনাকীক কেনেকুৱা Surprise দিব। জানিবলৈ অপেক্ষা ককৰক ৰঙা উপহাৰৰ পৰৱৰ্তী খণ্ডলৈ..








বঢ়িয়া ❣️
ReplyDeleteঅশেষ ধন্যবাদ
Delete