আঘোণে ৰিঙিয়াই || কবিতা || সুশান্ত দাস

আঘোণে ৰিঙিয়াই



সোণোৱালী ধানে বতৰা আনিলে
 বিশাল ধৰাত বিয়পি পৰিল,
আঘোণে ৰিঙিয়াই মানৱক মাতিলে
 লখিমী আদৰাৰ সময় চাপিল।।

আঘোণ মানেই আনন্দৰ বতৰ 
আঘোণ মানেই সেই ন-সাজ,
আঘোণ মানেই শীতৰ আদৰণি
আঘোণ মানেই  সেই হালধীয়া পথাৰ।।

আঘোণে কৰিলে সপোনক পৰিবৰ্তন
দিঠকৰ আনন্দ মেলাত,
ভৰি পৰিল ভঁৰাল 
অসমীয়া খেতিয়কৰ
আই লক্ষ্মীৰ কৃপাত।।

আঘোণৰ সেই মেটমৰা ভঁৰাল 
লগতে চোতালত খেৰৰ পাহাৰ
ভাল লাগে সেই আবেলিৰ পৰত
জ্যেষ্ঠৰ লগত ডাঙৰী কঢ়িয়াই।।

হেমন্তৰ সৈতে আঘোণী পথাৰে 
পাতিছে ৰঙৰ মেলা,
আঘোণমহীয়া ৰ’দৰ সোৱাদলৈ 
প্ৰস্তুতি লখিমী আদৰাৰ।।

ধাননি পথাৰত চেঁচু খন্দা 
আৰু নৰাৰ পেঁপা বনাই,
আনন্দ কৰে লৰা বুঢ়াই 
আনন্দৰ গীত গাই।।

কুৱলীৰ আঁৰ কাপোৰ লোৱা 
সেই লাজুকীয়া আঘোণে,
মনৰ  নিভাজ কোণত দিলে
শৈশৱ স্মৃতি নিৰন্তৰে।।

       সুশান্ত দাস
      গৌৰীসাগৰ,শিৱসাগৰ
      যোগাযোগ:9127247519।

No comments:

Post a Comment