শিক্ষাক সাৰ্বজনিক ও জীৱনমুখী কৰক

 

শিক্ষাক সাৰ্বজনিক জীৱনমুখী কৰক

আমি আদিম অৱস্থাত প্ৰকৃতিৰ অন্যান্য প্ৰাণীৰ লগত অভিন্ন আছিলোঁ বুলি কলে বঢ়াই কোৱা নহ চাগে কালক্ৰমত মানুহৰ মগজুৰ বিকাশ আৰম্ভ হোৱাৰ লগে লগে আমি মানৱ সভ্যতাৰ সৌন্দৰ্য পৃথিৱীৰ ভুকুত খচিত কৰিবলৈ সক্ষম হোৱাৰ ওপৰিও আজিৰ এই উচ্চস্তৰীয় মানৱ সভ্যতাৰ অধিকাৰী হৈ পৰিলোঁ যি গতিৰে আমি আজি পৃথিৱীৰ জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলোঁ, এইটো কেৱল সম্ভৱ হৈ উঠিল শিক্ষাৰ ফলতেই কাৰণ শিক্ষাই এজন মানুহক অন্ধকাৰ জীৱনৰ পৰা সুদীপ্ত পোহৰলৈ আনে কাৰণ শিক্ষানুষ্ঠানসমুহ হৈছে মানুহ গঢ়াৰ একো একোখন কমাৰশাল যদিও আমাৰ দেশত আধুনিক শিক্ষাৰ প্ৰসাৰও প্ৰচাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ঔপনিৱেশিক শাসনকালতেই তথাপিও আমি বিশ্বৰ সৰ্বাধিক নিৰক্ষৰৰ বোজা লৈ বিশ্বায়নৰ প্ৰতিযোগিতাত অৱতীৰ্ণ লগা হৈছিল, কাৰণেই আজি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্হান দুখ লগাকৈ নিন্মগামী হোৱা পৰিলক্ষিত হৈছে ইয়াৰ বহুতো কাৰণ আছে যদিও তাৰে অধ্যয়ন বিমুখীতা অন্যতম বুলি আমি ভাবোঁ ! আৰু এই অধ্যয়ন বিমুখীতাই আমাৰ দেশৰ শিক্ষাক সাৰ্বজনিক কৰাৰশ ক্ষেত্ৰত প্ৰদান হেঙাৰ হিচাপে থিয় দিছে বুলি কলে ভুল কোৱা নহব চাগে



শিক্ষাক সাৰ্বজনীন/সাৰ্বজনিক কৰাৰ শ্লোগান আমি বাস্তৱায়িত কৰিব হলে প্ৰথমে প্ৰত্যেকখন স্কুলত পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰাৰ লগতে সকলো ধৰণৰ সা- সুবিধা আৰু সা- সৰঞ্জাম যোগান পৰ্যাপ্ত কৰিব লাগিব কিন্তু আমি দেখিছোঁ যে বহু স্কুলত কেৱল মাত্ৰ এজন শিক্ষকেই পাঠদানকে আদি কৰি সকলো দায়িত্ব লগা হয় কাৰণ সেইবোৰ স্কুলত নাই সহকাৰী কোনো শিক্ষক, নাই কোনো ভাল শ্ৰেণীকোঠা, নাই কোনো বিশুদ্ধ খোৱা পানীৰ লগতে শৌচালয়ৰ সুবিধা আৰু এইসকলোবোৰ অসুবিধাই বিশেষকৈ সংখ্যালঘু এলেকাৰ স্কুলসমুহত দেখা যায় কিয়? আমি ইয়াৰ অৰ্থ বুজি পোৱা নাই! যে চৰকাৰে কিয় সংখ্যালঘু এলেকাৰ স্কুল সমূহত পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰিব পৰা নাই? নে বিচৰা নাই যে এইসকল শিক্ষিত হওক!

আমি বহু সংখ্যালঘু এলেকাত দেখিছোঁ যে চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী স্কুল ( Private School ) বহুগুণে বেছি কৈ গঢ়লৈ উঠিছে আৰু বহু অভিভাৱকে আমাক জানিব দিছে যে চৰকাৰী ইস্কুলসমুহত পৰ্যাপ্ত শিক্ষক নাই কাৰণেই নিজৰ সন্তানৰ ভবিষ্যতৰ কথা চিন্তা কৰি আৰ্থিক ধন্যতাৰ কথাও পাহৰি আমি নিজৰ সন্তানক বেচৰকাৰী ( Private School ) স্কুলসমূহত দিব লগা হৈ আছে ইয়াৰ পৰাই বুজিব পৰা যায় যে কিছুমান অভিভাৱকৰ নিজৰ সন্তানৰ কেৰিয়াৰ গঢ়াৰ অদম্য বাসনাই আমাৰ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বিধ্বস্ত স্বৰূপ কেনেকৈ উদঙাই দিছে আৰু আমাৰ অসমৰ এই চৰকাৰী স্কুল সমূহৰ সৰ্বশিক্ষাই আজি অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ধ্বংসৰ পথলৈ নিসন্দেহে ঠেলি দিছে এইক্ষেত্ৰত আমি চৰকাৰলৈ অনুৰোধ জনাম যে সকলো স্কুলত অন্তত পৰ্যাপ্ত শিক্ষকৰ নিযুক্তি নিশ্চিত কৰক বৰ্তমানৰ সময়চোৱাত আনুষ্ঠানিক শিক্ষাৰ গতানুগতিক, নীতি- নিয়মবোৰ বহু শিথিল কৰা হৈছে যদিও এই শিক্ষাক কাৰ্য্যক্ষম আৰু যোগ্যতাসম্পূৰ্ণ কৰিব নোৱাৰি বহুতে অৰ্ধশিক্ষিত নিবনুৱা হৈ পৰা পৰিলক্ষিত হৈছে আমাৰ শিক্ষাৰ অধিকাৰৰ আইনৰ দোহাই দি কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক অৰ্ধশিক্ষিত কৰি নিবনুৱা সৃষ্টি কৰাই "সৰ্বশিক্ষা অভিযান মিচন" বিধ্বস্ত স্বৰূপ বুলি বহুতে খোজে৷

প্ৰশ্ন হয় যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ হোৱা সত্তেও কিয় জীৱন মুখী শিক্ষা প্ৰদান কৰাত চৰকাৰ বাৰে বাৰে ব্যৰ্থ হয়? যাৰ ফলত দেশৰ শিক্ষিত নিবনুৱা আৰু কৰ্মসংস্থাপনহীনতাৰ সামাজিক বাস্তৱায়ণেও অধ্যয়ন পিপাসু ছাত্ৰ-ছাত্ৰীক কিছু হলেও নিৰাশ কৰি অধ্যয়ন বিমুখ কৰি তোলে এইখিনিতে এটা কথা কবলৈ মন গৈছে যে পৰিৱৰ্তনশীল পৃথিৱীত আমি একো একোজন আত্মকেন্দ্ৰিক, লুণ্ঠনকাৰী, দুৰ্নীতিবাজ কিয় হবলগীয়া হয়? চৰকাৰে কিয় সমাজৰ দুঃখ- দুৰ্দশা, হৰ্ষ- বিষাদ বাণিজ্যক চাহিদা অনুসৰি সময় সাপেক্ষে শিক্ষানীতি নিদ্ধাৰণ আৰু পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ প্ৰচেষ্টা হাতত নলয়? আমি জানো যে আমাৰ নিচিনা তৃতীয় বিশ্বৰ উন্নয়নশীল দেশসমূহে মানুহক নিজৰ দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাটো অতি কঠিন কাম, হলেও আমাৰ দেশে সেই কাম কৰিবলৈ সক্ষম হৈছে বুলি আমি উপলব্ধি কৰোঁ!

এতিয়াও আধুনিক কাৰিকৰী বিজ্ঞান আৰু বৃত্তি মূলক ব্যবহাৰিক শিক্ষাৰ অভাৱৰ ফলতেই আমাৰ দেশত কলা (Arts) শিক্ষাৰ ওপৰতে ছাত্ৰ- ছাত্ৰীয়ে বেছি গুৰুত্ব দিয়া দেখা যায় আৰু অৱশেষত চৰকাৰী চাকৰি বিচাৰি নেপায় নিবনুৱা হৈ পৰাটো খুবেই স্বাভাৱিক আজিৰ তাৰিখত এইবোৰ কাৰণেই আমাৰ দেশৰ শিক্ষাক জীৱন মুখী শিক্ষা ব্যৱস্থা হিচাপে গঢ়ি তোলা এতিয়াও সম্ভৱ নহয় বুলি আমি ভাবোঁ

যদিও কেন্দ্ৰৰ মোদী চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ নতুন শিক্ষা নীতি ২০২০ প্ৰস্তুত কৰা বুলি আমি শুনিব পাৰিছোঁ   কিন্তু এই নতুন শিক্ষা নীতি যে কেতিয়া কাৰ্য্যকৰি কৰা নে ইয়াক লৈয়ো নতুন কিবা ৰাজনীতি কৰা আৰম্ভ হয় আমি নাজানো পিছে বৰ উদ্বেগৰ কথা এই যে বৰ্তমান পৰিস্থিতিত কিন্তু চৰকাৰখনৰ এইটো এটা সুন্দৰ পদক্ষেপ বা সঠিক সিদ্ধান্ত আমি লক্ষ্য কৰিব পাৰিছোঁ কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাম যে যিমান পাৰে সোনকালে এই নতুন শিক্ষা নীতি ২০২০ কাৰ্য্যকৰি হোৱা কৈ প্ৰৱৰ্তন কৰক আৰু এই দায়িত্ব ৰাজ্য সমুহৰ ওপৰত সম্পূৰ্ণৰূপে এৰি নিদিব কাৰণ ৰাজ্য চৰকাৰ সমূহে নতুন বিদ্যালয়ৰ স্থাপন আৰু নতুন শিক্ষক নিযুক্তি দিব নিবিচাৰে বুলিয়ে পাৰি কিয়নো আমি দেখিবলৈ পাইছোঁ যে বহু ৰাজ্যত হেজাৰ হেজাৰ ভেঞ্চাৰ স্কুল চলি আছে বিনাবেতনে ৰাজ্য চৰকাৰ সমুহে এই ভেঞ্চাৰ স্কুল সমুহৰ খবৰ নলয় বুলিয়ে পৰা যায় ফলত ৰাজ্যসমূহ আৰ্থিক ভাবে অতি দুৰ্বল বুলি আমাৰ বহুতে সন্দেহ নকৰা নহয়

সদৌ শেষত যদিও কেন্দ্ৰৰ মোদী চৰকাৰখনে দেশৰ প্ৰায় সকলো ৰাজহুৱা সম্পদ সমুহক মুক্ত বাণিজ্যৰ হেতুকে ব্যক্তিগত খণ্ডত এৰি দিলেও বা বন্ধকত থলেও শিক্ষাৰ ক্ষেত্ৰত লোৱা নতুন শিক্ষা নীতি ২০২০ এটা প্ৰশংসনীয়ও প্ৰগতিশীল আৰু শক্তিশালী পদক্ষেপ বুলি আমি আশাবাদী

 

 

 

ছাইফুদ্দিন আহমেদ

আইনৰ ছাত্ৰ

মংগলদৈ আইন মহাবিদ্যালয়

No comments:

Post a Comment