অভিশপ্ত মাজুলী
আজি
নিমাত
নিমাতী
ঘাট
মানুহবোৰৰ
কান্দোনৰ
কলৰোল্,
মাজুলীয়ে
কান্দিছে
মৃত্যুৱে
হাত-বাউলি
মাতিছে।
কিমান
যে
আশা
বান্ধি
বিলাসী
চহৰ
এৰি
হাবাথুৰি
খাই
দৌৰি
আহিছিল
ওপজা
মাটিৰ
গোন্ধৰ
সোৱাদ
ল'বলৈ!
প্ৰতিভাৰ
চানেকিৰে
বাৰিষাৰ
মাজুলীক
জী
তুলিবলৈ
বুকুত
ৰচিছিল
অলেখ
সপোন।
আজি
তেওঁলোকৰ
আকাশ
নীলা
চকুযুঁৰিত
গুজি
দিয়া
হ'ল দুখৰ
লুণীয়া
সাগৰ
সেই
দিনটো
তেওঁলোকৰ
বাবে
অভিশপ্ত
হ'ল।
হেৰুৱালে
অলেখ
সপোন
হেৰুৱালে
ওপজা
ঠাইৰ
মৰম
পিতাইৰ
দৰে
মধুৰ
শব্দটোও
কণমানিটিয়ে
পাহৰি
গ'ল।
মৃত্যু
এনেকৈয়ে
আহে
এনেকৈয়ে
ভাগে
জীৱনৰ
সমস্ত
সোপান
।
শয্যাশায়ী
বিছনাৰ
উকা
কাপোৰেৰে
ঢকা
নশ্বৰদেহে
জীয়াই
থকাৰ
আৱেগেৰে
চিঞৰিছে-
"আজি শুনিছেনে ৰজাঘৰীয়া
মাজুলীৰ
বিননি,
নে
সময়ৰ
সোঁতত
বিলীন
হ'ব মুখৰ
প্ৰতিশ্ৰুতি।"
✍️সাগৰিকা
নাথ
পূব কামৰূপ মহাবিদ্যালয়








No comments:
Post a Comment