অনুভৱ: জীৱন বৰ অনুপম
চকু দুটা পুৰি যায়। অভ্যস্ত বুঢ়া আঙুলিটোৰে ম'বাইলৰ স্ক্ৰীণখন স্ক্ৰল কৰি কৰি এসময়ত আমনি লাগি চকুহাল মুদি আঁউজি দিওঁ । চাৰিওফালে কেৱল অন্ধকাৰে ঘেৰি ধৰে।
ভয়
এটাইও সঘনাই ভুমুকি মাৰি থাকে। এটা নহয়,
হাজাৰটা
ভয়ে।
জীৱনৰ ভয়, মৃত্যুৰ ভয়, আকৌ অপ্ৰাপ্তিৰ ভয়, হেৰুৱাৰ ভয়..। মুঠৰ ওপৰত "ভয়" অসংখ্য।প্ৰশ্নবোৰৰ ৰূপত আকৌ দস্যুবোৰেহে যেন জোকাৰি যায়। অসংখ্য প্ৰশ্নৰ হেঁতা ওপৰাত জুৰুলা হৈ যোৱাৰ উপক্ৰম হয়। হয়টো সেইবাবেই কলমটোৱেও লিখি পেলাই.......
হেজাৰ প্ৰশ্নই নিতৌ আহি
মনত যেতিয়া আউল লগাই,
আত্মাই উত্তৰ বিচাৰি মুক্ত আকাশলৈ
দৌৰি যায়...
নিমিষতে হতাশাত বন্দী হৈ
বুকুৰ কোনোবা এচুকত
উত্তৰবিহীন ভাৱেই ৰৈ যায় প্ৰশ্নবোৰ!!
নে
এয়াই স্বাভাৱিক! হয়, এয়াই স্বাভাৱিক।কোনগৰাকী সৌভাগ্যৱান বা সৌভাগ্যৱতী ইয়াৰ পৰা পৰিত্ৰাণ পাইছে??
ভয়বোৰ,
বেদনাবোৰ তথা বিষাদবোৰ জীৱনৰে অংগ। সেইবাবে বাদ দিব নোৱাৰি এইবোৰ, কাহানিও।।
আকৌ লিখিব মন যায় ....
বুকুৰ সোঁমাজেদি তপত
তেজ এসোঁত এটা বৈ যায়
প্ৰশ্নবোৰৰ হেতাঁ- ওপৰাত
সৰকি যায় এজাক হুমুনিয়াহ
এসময়ৰ প্ৰিয় শপতনামাবোৰ
পৰি ৰ'ব নেকি
ডাষ্টবিনৰ পেলনীয়াবোৰৰ দৰে!!
কমি যাব নেকি
হৃদয়ৰ শব্দবোৰ মইজনীৰ বাবে!!
সময়ৰ অভিশাপত পৰি ৰ'ব নেকি
তেওঁ নামৰ সুৰ এটা নিৰলে!!
সুখবোৰেই কেৱল জীৱন নহয়। দুখবোৰো লাগে...বুজিবলৈ, উপলদ্ধি কৰিবলৈ। নহ’লেনো কি সতে কম - "জীৱন বৰ অনুপম"।
✍️ৰেবিকা
নেওগ
ডিগবৈ মহিলা
মহাবিদ্যালয়








No comments:
Post a Comment