সপোন - ধনজিত নাথ

 

সপোন

  মগজুত এটি সপোন তলা মাৰি লৈ জিতে মোবাইলটো হাতত তুলি ল'লে ; অনলাইন ক্লাছ হোৱা বাবে তাৰ কিমান যে সুবিধা হৈছে!

  অন্ধকাৰ জীৱনত পোহৰৰ এটি  জোনাক জ্বলাবলৈ সি মহানগৰৰ গলিয়ে গলিয়ে ফুল বিক্ৰী কৰিবলৈ ঠেলাখন লৈ ওলাই যায়।

 দুখীয়া জীৱনৰ যন্ত্ৰণা  আৰু  জীৱন সংগ্ৰাম সংযুক্ত হৈ তাৰ বাবে মহানগৰ হৈ পৰে মহাজীৱনৰ আধাৰ,ঠেলাখন হৈ পৰে সঞ্জীৱনী শক্তি।

 জিতৰ ক্লান্ত শৰীৰ অজগৰে মেৰিয়াই ধৰে

 

 ধনজিত নাথ

 বৰনগৰ মহাবিদ্যালয় ,সৰভোগ

 সৰভোগ

 বৰপেটা (অসম)

No comments:

Post a Comment