ভূত নে ভ্ৰম
যোৱাৰাতিৰ ঘটনা। কালি ৰাতি মই
নগাঁৱৰ পৰা গুৱাহাটীলৈ নৈশ বাছ এখনত গৈ আছিলোঁ। তাত থকা মোৰ সম্পৰ্কীয় মানুহ এঘৰলৈ
বুলি। ৰাতি প্ৰায় ৯.০০ মান বজাত ড্ৰাইভাৰ জনে বাছখন এৰিলে। ময়ো বাছখন চলা আৰম্ভ
হোৱাৰ লগে লগেই হেডফোনডাল লগাই গান শুনিবলৈ ল'লো। অৰিজিত সিঙৰ
এটা সুমধুৰ ৰোমান্টিক হিন্দী গান। গানৰ তালে তালে ময়ো এনেই মুখেৰে সৰু সৰুকৈ সুৰ
মিলাই গ'লো। কিছু
সময়ৰ পিছত মই অনুভৱ কৰিলোঁ যে কোনোবাই মোৰ চুলিকেইডাল চুই আছে। ঘূৰি চাই মই
দেখিলোঁ যে মোৰ ওচৰতে ৮০ উৰ্ধৰ এগৰাকী মহিলা বহি আছে। পিন্ধনত এযোৰ বগা সাজ।
চুলিবোৰো বগা ৰঙৰ মানে পকা। কিন্তু বাছত উঠোতেটো মই মানুহগৰাকীক দেখা নাছিলোঁ।
চাৰিওফালে ঘূৰি ঘূৰি চালোঁ। সকলো ঠিকেই আছে। সেই একেই বাছ যিখনত মই উঠিছিলোঁ। বাছত উঠোতে মই যিকেইজন মানুহক
দেখিছিলোঁ গোটেইকেইজনেই আছে। অৱশ্যে তাত মোৰ কোনো চিনাকি মানুহ নাছিল।
বাকী মানুহবোৰৰ সকলোবোৰেই নিজক লৈ
ব্যস্ত। মানে কোনোবাই কিবা খাই আছে, কোনোবাই মোবাইলত কিবা চাই আছে, কোনোবাই কাৰোবাৰ লগত কথা পাতি আছে মুঠতে সকলোৱে কিবা নহয় কিবা এটা কৰি
আছে। সকলোকে দেখি মোৰ মনলৈ অলপ সাহস আহিল। মানে মানুহগৰাকীক ঘপহকৈ দেখি মই অলপ ভয়
খাইছিলোঁ। দীঘলকৈ উশাহ এটা টানি মই মানুহগৰাকীলৈ চালোঁ। আচৰিত! মানুহগৰাকীয়ে
তেনেকৈ একেথৰে মোলৈ চাই আছে। মই অলপ অস্বস্তি বোধ কৰিলোঁ যদিও প্ৰথমে ময়েই মাত
লগালোঁ -- "আইতা, আপুনি ক'ত যাব?
মানে এইখন বাছ গুৱাহাটীলৈ যাব আপুনিও চাগৈ গুৱাহাটীলৈ যাব!"
মানুহগৰাকীয়ে একো উত্তৰ নিদিলে। মই
ভাবিলোঁ তেওঁ কাণেৰে চাগৈ কম শুনে। সেয়ে এইবাৰ মাতটো অলপ বৰকৈ উলিয়াই ক'লো -- "আপোনাৰ গুৱাহাটীত কোনোবা আছে নেকি?..... আপোনাৰ ঘৰ ক'ত?" হাৰে!
এইবাৰো একো সঁহাৰি নাই। সৌ তেতিয়াৰ পৰাই মোলৈ একেথৰে চাই আছে। চকুটোও এবাৰো লৰা
নাই দেখা। একো নোকোৱাকৈ থকাৰ বাবে মোৰ তেওঁলৈ পেটে-পেটে অলপ খং উঠিল। তথাপিও
এইবাৰো নাই শুনা বুলি ভাবি মই আকৌ হেডফোনডাল কাণত লৈ গান শুনাত লাগিলোঁ। কিন্তু মই
এটা কথা মন কৰিলোঁ যে মই ইমান জোৰেৰে প্ৰায় চিঞৰাৰ নিচিনাকৈ কথা কওঁতেও বাছখনত কথা
কোনো এজন মানুহেও মোলৈ কেৰাহীকৈও নাচালে।
কিন্তু তেতিয়াও সেই মানুহগৰাকীয়ে
মোলৈ তেনেকৈয়ে চাই আছিল। মই বৰ বিশেষ এটা গুৰুত্ব নিদিলোঁ। লাহে লাহে সময় বাগৰিবলৈ
ধৰিলে। তেতিয়া চাগৈ নিশা প্ৰায় ১২ মান বাজিছিল। এক নিৰ্জন ৰাস্তা মই বাছখনৰ
খিৰিকীৰে দেখিলোঁ। চাৰিওফালে কেৱল আন্ধাৰ আৰু আন্ধাৰ। তাৰ মাজে মাজে দুই এডাল গছো
মই লক্ষ্য কৰিলোঁ। কিন্তু হঠাতে গাড়ীখন এক্সিডেন্ট হোৱাৰ দৰেই এটা ডাঙৰ শব্দ কৰি
ৰখি গ'ল। ময়ো চিটটোৰ পৰা হাউলি আগলৈ আহিলোঁ। কিন্তু আচৰিত কোনেও কৃষ্ণ
বুলিও এটা শব্দ নকৰিলে। তেতিয়াও সেই বৃদ্ধ
মহিলাগৰাকী মোৰ ওচৰতে সেই একেই দৃষ্টিৰে মোলৈ চাই বহি আছিল।
কিন্তু হঠাতে মই পিছলৈ এবাৰ ঘূৰি
চালোঁ।দেখিলোঁ মোৰ সৰুকালৰ পৰা একেলগে পঢ়া মৃদুল বহি আছে। সি বহুত ধেমেলীয়া ল'ৰা হয়। কিন্তু সেইদিনা মই তাৰ সেই ধেমেলীয়া ভাৱতো নেদেখিলো তাৰ ঠাইত তাক
মই পোৰা গহীন অৱস্থাতহে দেখিলোঁ। আগৰ তাৰ সেই চঞ্চলামি নাই, পোৰা
আমন-জিমনকৈ সি বহি আছে। তাক দেখি মোৰ মনটো ভাল লাগি গ'ল।
"আৰে মৃদুল তই, ক'ত যাৱ' ভাই?" কিন্তু সিও
মোক আচৰিত কৰি মোৰ কথাৰ কোনৈ প্ৰতিক্ৰিয়া নিদিলে। মই ভাবিলোঁ আজি মানুহবোৰৰ হৈছে
কি কোনেও যে মোৰ কথাৰ একো ৰিপ্লাই দিয়া নাই। বাছখন কিন্তু তেতিয়াও ৰৈয়েই আছিল। অলপ
সময়ৰ পাছতে সি মোলৈ চাই ক'লে --"ৰাতুল, মোৰ লগত এফালে যাবি?"
মই
বৰ আচৰিত হৈ সুধিলোঁ "ক'লৈ এই ৰাতিখন? আৰু আমি আহি পোৱালৈ যদি বাছখন গুছি যায় ....!"
"নাযায় দে। আৰু যদি যায়ো তেন্তে মই তোক
থৈ আহিম হ'ব। এতিয়া ব'ল মোৰ
সৈতে।" এইবুলি কৈ সি মোৰ হাতখনত ধৰি মোক বাহিৰলৈ লৈ আনিলে। তাৰপিছত আমি
দুয়োটা খোজকাঢ়ি ক'ৰবালৈ গৈ আছিলোঁ। কিন্তু ক'ত গৈ আছিলোঁ ময়ো গম পোৱা নাই।
"আৰে মৃদুল, ক'লৈ লৈ গৈ আছ' মোক?"
"তই আহি থাকচোন প্ৰশ্ন কৰি নাথাক।"
অলপ পিছতে আমি গৈ এটা ওখ
অট্টালিকাৰ এটা মস্ত গেটৰ সন্মুখ পালোগৈ।
"তই এইখিনিতে ৰহ মই আহি আছোঁ।"
এইবুলি কৈ সি মোৰ কাষৰ পৰা গুছি গ'ল। অকণমান সময়ৰ পিছতে মোৰ
এনে লাগিল যেন মোৰ গোটেই শৰীৰটো থৰথৰকৈ কঁপিবৰৈ ধৰিছে। মূৰটোও ঘূৰাব ধৰিছে। নাই
নাই আৰু মই থিয় হৈ থাকিব নোৱাৰোঁ। লগে লগে মই সেই গেটখনৰ সমুখৰ ৰাস্তাটোতে ঢলি
পৰিলোঁ। তাৰপিছত আৰু মোৰ একো মনত নাই।
ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ
তেতিয়া মই এখন বিছনাত শুই আছিলোঁ। মোৰ কাষতে আছিল খুড়া, খুড়ী আৰু ভন্টি ৰুলি। মানে মোৰ গুৱাহাটীত থকা সম্পৰ্কীয় মানুহ যাৰ ঘৰলৈ মই
আহিছিলোঁ। মই চকুমেলা দেখি খুড়ীয়ে ক'লে -- "তই
ৰাস্তাটোত কিয় পৰি আছিলি? ফোন এটা কৰা হৈয়ে আমি ওলাই গ'লোহেঁতেন নহয়।"
"খুড়ী মৃদুল ক'ত
আছে?"
"কোন মৃদুল? আমি
অকল টোকহে পাইছোঁ।"
"তই কোন মৃদুলৰ কথা কৈছ' আমাৰ গিৰিধৰ কাইটিৰ পুতেক নে?"
"অ' খুড়া।"
তাৰপিছত মই তেওঁলোকক কালি ৰাতিৰ সকলোবোৰ কথা ক'লো। মোৰ
কথাবোৰ শুনি খুড়াই ক'লে –
"ৰাতুল, তই এইবোৰ
কি কৈ আছ'? পাহৰিলি নেকি মৃদুলৰ যে যোৱা বছৰেই গাড়ীৰ
এক্সিডেন্টত মৃত্যু হৈছিল। এতিয়া সি কেনেকৈ তোক থ'বলৈ আহিল?"
অহহ্ হয়তো মৃদুলৰটো যোৱা বছৰেই
মৃত্যু হৈছিল। কথাটো মনত পৰাৰ লগে লগে মোৰ গোটেই গাৰ নোম শিঁয়ৰি উঠিল। কিন্তু কালি
ৰাতি মোৰ লগত ঘটা ঘটনাবোৰতো সপোন নাছিল। তেন্তে সেইবোৰ কি আছিল? ভূত নে ভ্ৰম? তেতিয়াই মোৰ গাড়ীখনত মোৰ লগত বহা
মানুহগৰাকীৰ মুখখন মনলৈ আহিল। তেওঁ তাৰমান..? আৰু তেতিয়াই
মোৰ বাছখনত থকা সকলোবোৰ মানুহৰে মুখবোৰ মনলৈ আহিল। তেওঁলোক কোন আছিল? ভূত নে ভ্ৰম ?








No comments:
Post a Comment