অনুভৱ:
আহিন, তুমি মৰমৰ
পৃথিৱীখন তেতিয়া সৰু আছিল মোৰ বাবে, একেবাৰেই সৰু।
মাটিৰে লিপি থোৱা পাকঘৰটোৰ এটা গঁজালত ওলমি থাকে বৰকটকী কোম্পানীৰ এখন কেলেণ্ডাৰ।বহাগ মাহতে অনা সেই কেলেণ্ডাৰ খনত প্ৰথম চোৱা দিনটো আছিল আহিনৰ।মোৰ বাবে বিশেষ দিন।ঘৰখনৰ বাবে বিশেষ দিন।
মই পৃথিৱীলৈ অহা দিন।দাগ এটা দি থওঁ।যদি পূজাৰ আগতে জন্মদিন হয়, তেতিয়া নতুন চোলাটো মায়ে পিন্ধিবলৈ দিব নে বাৰু??
কাৰণ পূজা আৰু জন্মদিন দুয়োটা মিলাই একেটাই নতুন চোলা, পূজাত পিন্ধি লেতেৰা কৰিলে, জন্মদিনত কি পিন্ধিম??
নাইবা জন্মদিনত পিন্ধিলে যদি পূজাৰ দিনকেইটালৈ সেইটো লেতেৰা হয়।
বছৰৰ আৰম্ভণিতেই কল্পনাত ফুট ফুটীয়া চোলা এটা আঁকি লওঁ।
ভাদ মাহৰ পৰাই সদায় কেলেণ্ডাৰ চোৱা আৰম্ভ কৰোঁ।
আৰু নিয়ৰৰ বুকুচাত আৱেগ বান্ধি আহিন আহে, সংগোপনে।
কোমল কোমল সেই অনুভৱ, চুই চাওঁ দুবৰিৰ দলিছাত জিলিকি থকা নিয়ৰৰ মুকুতা।
কেতিয়াবা সানি লওঁ দুচকুত।
ঘৰৰ সন্মুখৰ পথাৰখনত শৰতৰ এপথাৰ সেউজীয়া, বুকুৰ পথাৰত তাৰ এচমকা ভালপোৱা।
অহেতুক সেই ভালপোৱা... আহিনৰ প্ৰতি আকুলতা।
"জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী।
দুর্গা শিবা ক্ষমা ধাত্রী স্বাহা স্বধা নমোহস্তু তে।।"
ঘৰৰ পুৰণা ৰেডিঅ' টোত পুৱা ছয় বজাত বাজি উঠে দেৱীৰ বন্দনা।মা দেউতাৰ দিন আৰম্ভ হয় তেনেকৈ।পবিত্ৰ অনুভুতিয়ে মোৰ টোপনি গধুৰ দুচকুত প্ৰাৰ্থনা এটা গুঁজি থৈ যায়।বিছনাৰ পৰা উঠি আহি আধা মেলা চকুৰে ঘৰ সাৰি থকা মাক সুধো, পূজালৈ কিমান দিন।উত্তৰ টো মোৰ পছন্দৰ নহ'লে গোহালিত ব্যস্ত থকা দেউতাক সুধো, পূজালৈ কিয় ইমান দিন।
অধীৰ অপেক্ষাৰ অন্ত পেলাই মা দুৰ্গা আহে, আমাৰ সৰু ঠাইখন উৎসৱ মুখৰ হৈ পৰে।ষষ্ঠীৰ ৰাতিয়েই দেউতাৰ চাইকেলৰ আগত বন্ধা গাৰুটোত বহি দেৱীক চাবলৈ যাওঁ।সেৱা কৰাৰ আগতেই সদায় মই দেৱীৰ চকুলৈ চাওঁ, মই ভগৱানক ভাল পাওঁ।মা দুৰ্গাক দেখি আনন্দত জঁপিয়াই দিওঁ।
সপ্তমীৰ পৰা দশমীলৈকে ৰাতিপুৱা সোনকালেই উঠিছিলোঁ।চোতালৰ শেৱালি জোপাই সদায় মোক আচল ভৰাই ফুল দিছিল।বুটলি আনি দেৱীৰ বাবে মালা গুঁঠিছিলোঁ।পূজাৰী বৰদেউতাই যেতিয়া মোৰ হাতৰ পৰা লৈ মালাধাৰ মা দূর্গাৰ ডিঙিত পিন্ধাই দিয়ে, মই এক অবুজ আৱেগত কান্দি পেলাওঁ।
ঢাকৰ মাত, গছি গছি বন্তিৰ পোহৰ, ধূপ ধুনাৰ সুগন্ধিৰ আৱেশত ডুবি থাকোঁ মাত্ৰ।যেন শেষ নহওঁক কেতিয়াও ...ইয়াতেই ৰৈ যাওক প্ৰতিটো প্ৰহৰ।
নৱমীৰ দিনা কুমাৰী পূজা হয়।মোৰ বয়সৰ আৰু আঠ জনী ছোৱালীৰ সৈতে ময়ো বহিছিলোঁ।ভৰি ধুৱাই আলতা সানি দি পূজাৰী দেৱে কৈছিল
"প্ৰতিজনী ছোৱালী দেবীৰেই ৰূপ, মাইকী মানুহ শক্তিৰ প্ৰতীক"
বুকুত সাঁচি থৈছিলোঁ কথাষাৰ।তাৰ পিছত হাজাৰজনে কোৱা নাৰী দুৰ্বল, নাৰী অবলা জাতীয় কথাবোৰে মোক চুব পৰা নাছিল।
যেতিয়াই দুৰ্বল কৰিবলৈ চেষ্টা কৰা হৈছিল, সেই মুহূৰ্তবোৰ আকৌ এবাৰ মনত পেলাইছিলোঁ।
নাৰী শক্তিৰ প্ৰতীক।
গঢ় লৈ উঠিছিল এটি ভিন্ন সত্তা, কোনেও ভাঙিব নোৱাৰা।
দেৱী দূর্গাৰ দুচকুৰ উজ্জলতাই সিঁচি দিয়া সীমাহীন দৃঢ়তা।
পূজাৰ আগে পাছে আকৌ আহে ওপজা দিনটো।ঘৰৰ সৰুৰ জন্মদিন।আমি সৰু মানুহ, সৰু সৰু কথাতে সুখী হওঁ।ওপজা দিনত মায়ে বনোৱা কণ জহা চাউলৰ পায়স ভগৱানলৈ আগবঢ়াই মা দেউতাই সেৱা কৰে।
"ছোৱালীজনীক গুণী কৰিবা প্ৰভু, তাইৰ যদি কেতিয়াবা কিবা ভুল হয় খেমিবা।ঘৰৰ সৰু তাই, জেদ টো বেছি।কম হওক আৰু।"
আশীৰ্বাদ বোৰ সামৰি ৰাখিছিলোঁ।লগতে বৰ্মাই দিয়া দহ টকা, দেতাই দিয়া কলম, প্রিয় বন্ধৱী য়ে দিয়া চিয়াঁহী দোৱাত.. দাদাই দিয়া নতুন কাঠ পেঞ্চিল.. সকলোবোৰ।
লুচী আৰু ঘুগুনী, ইয়াতকৈ বেছি আৰু কি লাগে?
লগত কেতিয়াবা জেলেপী, কেতিয়াবা ৰসগোল্লা।
উফ.. সেই সৰু সৰু সুখবোৰ কিয় হেৰাই যায়, কিয় আমি ডাঙৰ হওঁ!!!
শৰৎ আছিল বাবেই, জীৱন ইমান ধুনীয়া আছিল।
আৰু তাৰে মাজত তুমি আটাইতকৈ মৰমৰ আছিলা মোৰ 'আহিন'।
আহিনৰ দিনবোৰে জীপাল কৰি ৰাখিছে এতিয়াও, ভৰপূৰ কৰি ৰাখিছে আৱেগৰ কোঠালি...
মই তাতেই জীয়াই আছো এতিয়াও, আজীৱন থাকিম।
আহিন, তুমি বৰ মৰমৰ।
-ইন্দ্ৰাণী শৰ্মা








No comments:
Post a Comment