জীৱন সলনি হয়ে বা ক'ত..?
লহপহকৈ
বাঢ়ি
অহা
লাইজুলীয়া
স্বপ্ন
আহ্লাদিত
জীৱন
চক্ৰ …
আদ্ৰাঙী
আভাৰে
পূৰ্ণাংগ
পৰাণে
ধূসৰতাত
ডুব
যায়
ক'ত ?
পলাশৰঙী
হাঁহিটি
ম্লানৰ
ধুমুহাৰ
গ্ৰাসত
বিলীন
হৈ
পৰে
প্ৰজ্জোল
নয়নজুৰিও
সেমেকি
উঠে
জীৱনৰ
কোন
কেকুৰিত,, ?
ৰজনীৰ
নিস্তব্দতাত
সপোন
ৰচা
মৰুময়
বালিত
মৰিচিকা
বিচাৰা
সৰাপাতত
জীৱন
বিচাৰি
পোৱা
জ্যোস্নাবৃক্ষ
জুপি
এন্ধাৰে
আৱৰে
জীৱনৰ
কোনটো
আসোঁৱাহ
হৃদয়ত
সামৰি,, ?
হয়তো, বিচ্ছেদৰ
অভিমানী
ধুমুহাজাকত
নাইবা
অভিমানী
হৃদয়ৰ
অসঙ্গত
দাবীবোৰত
জীৱনে
বিচাৰি
পায়
এটি
লেচু
সলনি
কৰিবলৈ
আহ্লাদিত
সেই
জীৱনচক্ৰ
।
ৰহস্যময়ী
জীৱনৰ
চাহিদা
পূৰণৰ
আকুলতাত
স্বপ্নভঙ্গুৰ
বিষাদে
গ্ৰাস
কৰা
সমীৰণৰ
পৰশত,,,,,
বিষণ্ণ
আবেলিটোৰ
কোলাত
সঁপি
দিয়ে
জীৱনে
অস্ত
আকাশত
ওলমি
ৰোৱা
হেঙূল
বেলিটিৰ
অনুৰূপ
হাঁহিটি
আৰু
হৃদয়ৰ
উৎসুকতা - আকাংক্ষাবোৰ
।
দুৰ্বোধ্যতাৰ
আঁৰত
ও যেন
লুপ্তপ্ৰায়
জীৱনৰ
এক
নতুন
অৱতাৰ
নিৰাশাক প্ৰতিৰোধ কৰি, মৃত্যুক
স্বীকাৰ
কৰি
আশাবোৰকে
সাৰথি
কৰি
জীৱনে
সংগ্ৰাম
কৰে
সলনি
কৰে
জীৱনৰ
অন্ধকাৰচ্ছন্ন
কেঁকুৰি
।
আজুহাতবিহীন
এটি
সম্পৰ্কৰ
সৰলতাত
শূণ্যতাক
জয়
কৰা
এখনি
হৃদয়ৰ
ঠিকনাত
জীৱনে
উপভোগ
কৰে
জীৱনৰ
সাঁথৰ
ভংগ
স্বপ্নৰ
সমাধিতে
নতুনত্বৰ
সন্ধান
কৰি
।
✍️প্ৰিয়াক্ষী চুতীয়া
কচুপথাৰ
গাঁও,চেপন
স্নাতক
চতুৰ্থ
বৰ্ষ
।
মনোহৰী
দেৱী কানৈ
মহিলা মহাবিদ্যালয়








No comments:
Post a Comment