সংগ্ৰাম, সাধনা আৰু জীৱনৰ মূল্যবোধত শ্ৰমৰ ভূমিকা
"We live in deeds not in
years" মানুহৰ
জীৱনটোৰ মূল্য কিমান বা এই জীৱনৰ প্ৰতিটো মুহূৰ্তৰ মূল্য কিমান! মানুহৰ জীৱনটোক কিহেৰে জুখিব পাৰি, কৰ্মৰে নে সময়ৰ মাপকাঠিৰে! বৰ্তমান বহু মানুহৰ বাবে সুখ-সম্পদৰে উভয়নদী মানেই যেন জীৱন! কিন্তু প্ৰকৃতাৰ্থত জানো হয় সেয়া জীৱন! আচলতে জীৱন সময়ৰ জোখতকৈ বহুত বেছি দীৰ্ঘস্থায়ী । পৃথিৱীত এনে বহুতো মানুহ আছে, যাৰ জীৱন বহু দীৰ্ঘায়ু কিন্তু তেওঁলোক অখ্যাত, তেওঁলোকৰ জীৱনসীমা যেন মৃত্যু । আনহাতে এনে মানুহো বিদ্যমান যিয়ে, বহু কম আয়ুস লৈয়ো "সময় বালিত" নিজৰ নাম চিৰজীৱনৰ বাবে খোদিত কৰি থৈ যায় । সকলো জীৱনৰে প্ৰতিটো স্তৰত তাৎপৰ্য থাকে, মহৎ সম্ভাৱনা নিহিত হৈ থাকে । যেতিয়াই মানুহে নিজৰ জীৱনৰ কালচোৱা মহৎ কৰ্মৰাজীত নিয়োজিত কৰে, তেতিয়াই প্ৰকৃত মূল্যবোধৰ জন্ম হয় । সেই মূল্যবোধত উপলব্ধ হয় জীৱনৰ মূল্য আৰু প্ৰতিটো মূহুৰ্তৰ মূল্য । য'ত নিহিত থাকে ত্যাগ আৰু আদৰ্শ । ভাৰতীয় সমাজ ব্যৱস্থাত বহু মনিষীয়ে আত্মোৎসৰ্গ কৰি জীৱনৰ মূল্যবোধ আৰু মহত্বৰ প্ৰকৃত সংজ্ঞা জলন্ত উদাহৰণেৰে দেখুৱাই থৈ গৈছে । আনহাতে মানৱসেৱাৰ মহান ব্ৰতেও জীৱনক মহান কৰি তোলে । উদাহৰণস্বৰূপে, ফ্লোৰেন্স নাইটিঙ্গেলে জীৱনৰ সুখ-শান্তি যুদ্ধত আহত সৈনিকৰ শুশ্ৰূষাত উচৰ্গা কৰিছিল । অৰ্থাৎ সেৱাই সুখ-শান্তিৰ লগতে দাতাকো মহান আৰু লওঁতাকো কৃতজ্ঞ কৰি তোলে । সেয়ে সমাজকৰ্মীয়ে সহজে বুজিব পাৰে জীৱনৰ মূল্যবোধ।
মানুহ সমাজপ্ৰিয় প্ৰাণী হেতুকে মানুহৰ প্ৰায় সকলো দায়বদ্ধতা থাকে সমাজৰ ওচৰত । মানুহ হিচাপে গঢ়ি তোলাত সমাজৰ সকলো লোকৰ অৱদান বিদ্যমান । সেয়ে জীৱনৰ মূল্যবোধৰ লগত জড়িত হৈ থাকে দায়বদ্ধতা। জন্মৰ পিছৰে পৰা ঘৰ তথা সমাজখনৰ লগত বান্ধ খাই পৰা পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি ভাই-ভনী, ওচৰ-চুবুৰীয়া, শিক্ষক-সমাজ আৰু নিজৰ দেশখনৰ প্ৰতি যি অগাধ ভালপোৱা, সেই দায়বদ্ধতালৈ আমাৰ কৰ্তব্য আমি অস্বীকাৰ কৰিব নোৱাৰোঁ । সেয়ে সকলো ক্ষেত্ৰতে আমাৰ দায়বদ্ধতা অনিবাৰ্য।
আকৌ সমাজ বাদ দি আধুনিক সভ্যতা গঢ় লৈ উঠিব নোৱাৰে । যি কাৰ্যই মানৱ সমাজত মানুহ হিচাপে গঢ়ি তোলাত অপ্ৰাণ চেষ্টা চলাই, সেই সকলৰ প্ৰতি অধিক শ্ৰদ্ধাৱান আৰু কৃতজ্ঞতা জনোৱাৰ চেষ্টা কৰিব লাগে। কাৰণ ব্যক্তিত্বৰ বিকাশেহে সমাজৰ বিকাশত অৱদান যোগায় । আৰু সমাজৰ বিকাশৰ বাবে ব্যক্তিৰ অৱদান অপৰিহাৰ্য্য । অৱদান সম্পদ নাইবা নি:স্বাৰ্থ সেৱাৰো হ'ব পাৰে । যদিহে নিজ কৰ্মৰাজিৰ স্বাৰ্থ নাথাকে, তেন্তে কোনো খ্যাতি নিজেই সময়ৰ সোঁতত ৰৈ যাব চিৰজীৱনলৈ । সেয়ে কোৱা হয়, জীৱনৰ মূল্য নিৰূপণ হয় কৰ্মত, দীৰ্ঘায়ুত নহয় । ব্যক্তিয়ে মূল্যবোধ আয়ত্ব কৰে শিক্ষা আৰু সামাজিকীকৰণৰ পৰা । যি মূল্যবোধে সামৰি লয় মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে সমাজৰ ধৰ্মীয় বিশ্বাস, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, জীৱন দৰ্শন, আচাৰ-ব্যৱহাৰ আদি । এই নীতি নিৰ্দেশনাবোৰ সমাজ উন্নতিৰ তথা কল্যাণৰ বাবে হিতকৰ। ইয়াৰ উপৰিও যুক্তি নিষ্ঠতা, পৰোপকাৰিতা, নৈতিক স্বতন্ত্ৰতাই মূল্যবোধত প্ৰভাৱ পেলায় । আনহাতে, আদৰ্শবাদী দাৰ্শনিকবিদৰ মতে, "সত্যম্-শিৱম-সুন্দৰম", এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নাই।
সংগ্ৰাম, সাধনা আৰু জীৱন মূল্যবোধৰ সৈতে "শ্ৰম"ৰ সম্পৰ্ক ওত: প্ৰোতভাৱে জড়িত! শ্ৰম অবিহনে পৃথিৱীৰ কোনো কামেই সম্পাদিত হ'ব নোৱাৰে । পৰিশ্ৰম অবিহনে কোনেও সফলতাৰ শিখৰ আজুৰিব নোৱাৰে। প্ৰত্যেক মানুহেই সামৰ্থ্য বা শক্তি অনুযায়ী সৃষ্টিত অৰিহণা যোগাব লাগে । শ্ৰম এক অনবদ্য উপচাৰ, য'ত সভ্যতাৰ সৌধ অপৰূপ হৈ উঠে । যুৱ-প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই পৰিশ্ৰমৰ অৱদানেই সৰ্বশ্ৰেষ্ঠতাৰ ৰূপ বুলি আশংকা কৰা হয় । শ্ৰম অবিহনে হৈ নুঠে সভ্যতাৰ বিকাশ । আৰু বিকাশৰ আদিতে সক্ৰিয় হ'ব লাগিব আজিৰ সমাজৰ যুৱচাম । উভতি চালেই দেখা যায় এই শতিকাৰ সমুন্নতিৰ মূলতে আছে যুগ-যুগান্তৰৰ মানৱ সমাজৰ কঠোৰ শ্ৰমৰ অৱদান । পৰিশ্ৰমৰ দান হিচাপে গঢ়ি তোলা হৈছে সভ্যতাৰ অনবদ্যৰ তিলোত্তমা মূৰ্তি । ভিন্ন শ্ৰমৰ মিলিত প্ৰচেষ্টাত গঢ়ি উঠিছে সভ্যতা-সমন্বয়ৰ মিলনভূমি, য'ত সম্ভৱ হৈছে সভ্যতাৰ অনৱদ্য বিকাশ ৰূপ।
আদিৰ পৰা বৰ্তমানলৈ মানৱ সমাজৰ নিৰ্মাণৰ প্ৰধানতই হ'ল - পৰিশ্ৰম। য'ত বিকশিত হয় মানুহৰ সুপ্ত প্ৰতিভা। সমাজত যি সকল ব্যক্তিয়ে প্ৰতিভাৱান হিচাপে প্ৰতিষ্ঠিত হৈছে, তেওঁলোকেই গঢ়ি থৈ গৈছে সৃষ্টিৰাজিৰ আজন্মৰ সাঁকো, বিকশিত প্ৰতিভাই বঢ়াইছে সৌষ্ঠৱ । প্ৰকৃতাৰ্থত শ্ৰম অবিহনে আত্মপ্ৰকাশ নহয় প্ৰতিভাৰ । মানৱ সমাজ যেনেকৈ সভ্যতাৰ সৃষ্টিকাৰী, তেনেকৈ নিজ ভাগ্যৰো নিৰ্মাতা নিজৰ - শ্ৰম । সকলো প্ৰকাৰৰ কামেই সকলো মানুহৰ কৰণীয় । জাতি-ধৰ্ম নিৰ্বিশেষে কৰ্মৰ কোনো পাৰ্থক্য নাই, সৰু-বৰ নাই । প্ৰতিভাৰ মূলতেই শ্ৰম, যি শ্ৰমৰ অবিহনে প্ৰতিভা হৈ পৰে কোঙা । শ্ৰমৰ বিনিময়তেই ধৰণীয়ে ৰূপ পায় নতুনত্বৰ, পৰিৱৰ্তনৰ । সেয়ে কোৱা হয়, শ্ৰমৰ বিকল্প একোৱেই নাই।
সময়ে সময়ে সমাজত পৰিলক্ষিত হয় যে, সুযোগ সুবিধা হস্তগত কৰি এক শ্ৰেণীৰ মানুহে আন এক শ্ৰেণীৰ মানুহ ভাগ কৰি ঠেলি দিয়ে ঘৃণা আৰু উপলুঙা বঞ্চনাৰ নীৰন্ধ্ৰ অন্ধকাৰলৈ, "শ্ৰমিক শ্ৰেণী"ৰ নামেৰে । সমাজখনৰ বৃহৎ অত্যাৱশ্যকীয় কৰ্মৰ বোজা সেই শ্ৰমিক শ্ৰেণীৰ ওপৰত জাপি দি স্বাৰ্থপৰ সমাজে গঠন কৰিব বিচাৰে মানৱ সমাজৰ শোষণৰ এক কলঙ্কিত অধ্যায় । আচলতে সুস্থ-সৱল জীৱনৰ বাবেই মানুহে গঠন কৰি লয় "সমাজ”! আৰু সেই সমাজৰ উন্নতিৰ চিন্তাৰে নিজ সামৰ্থ্য অনুযায়ী, শক্তি প্ৰয়োগেৰে পৰিশ্ৰম কৰা উচিত আৰু কৰণীয় । কিন্তু যেতিয়াই এই কৰ্ম কৃতকাৰ্য নহয়, তেতিয়াই সমাজত সৃষ্টি হয় অবাঞ্চিত সামাজিক বিশৃংখলতাৰ! আৰু পৰিণতিতেই সমাজত আহি পৰে নিম্ন মানসিকতাৰ জাতি-ভেদ প্ৰথা । ইয়াৰ জলন্ত উদাহৰণৰ ক্ষেত্ৰত ভাৰতো অৱশ্যে পিছ পৰা নহয়।
সম্প্ৰতি, পৰিৱৰ্তনশীল সময়ে সমাজত আনি দিছে এক কৰ্মমুখৰতাৰ ঢৌ । শ্ৰমৰ পৰিপক্কতাই সমাজত কিছু দৃষ্টি আৱদ্ধ কৰিছে নতুন-প্ৰজন্মৰ । প্ৰতিখন দেশত আজি শ্ৰমিক-সংঘ আৰু শ্ৰমিক কল্যাণ সমিতি স্বীকৃতি প্ৰাপ্ত! বৰ্তমান ভাৰততো বহু শ্ৰমিক কল্যাণ সমিতি গঠন হৈছে । এই সময়তে সমবন্টনৰ যোগেদি শ্ৰেণী বিভাজন নোহোৱাকৈ সমাজৰ প্ৰয়োজন আৰু সৃষ্টিত সকলোৱে নিজ সামৰ্থ্য অনুযায়ী অৰিহণা যোগোৱা নিত্যান্তই প্ৰয়োজনীয় সময় আহি পৰিছে । প্ৰতিটো প্ৰজন্মৰ প্ৰত্যেকেই বুদ্ধিবল, বাহুবল, অৰ্থবল কিম্বা শ্ৰমবল প্ৰত্যেকৰে ন্যায়সঙ্গত মূল্যৰ বিনিময় কৰি সমাজত একেলগে উন্নয়নমুখী হেঁপাহৰে আগবাঢ়ি যাওক । আৰু এই পৰিক্ৰমাই বৰ্তমান যুগৰ নৱ-প্ৰজন্মৰ আদৰ্শ হওক । প্ৰতিফলিত হওক, পৃথিৱীৰ প্ৰত্যেক সমাজৰ উৎপাদনৰ চতুৰঙ্গিক উপাদানৰ ভিতৰত শ্ৰমেই যে মূখ্য উপাদান।
পৃথিৱীত প্ৰত্যেক জীৱনৰে একো একোটা মূল্য আছে । এই মূল্য উপলব্ধি কৰি তাৰ ৰূপায়নত ব্ৰতী হোৱাতোহে প্ৰকৃত কথা । জীৱনৰ কষ্ট আৰু কৰ্মধাৰাই মানৱ জীৱনৰ মূল্য । এই ক্ষেত্ৰত শৈশৱৰে পৰা অনুশীলন কৰি সমাজ কল্যাণৰ ক্ষেত্ৰখনত আমি সেৱা কৰা উচিত । প্ৰকৃত জীৱনৰ মূল্য বুজা উচিত । তেতিয়াহে উপলব্ধ হ'ব, জীৱন মানেই যে, সংগ্ৰাম আৰু সাধনা, যি অবিহনে জীৱন অনৰ্থক ।
- মোছলিমা
বেগম
মঙ্গলদৈ,
দৰং, অসম








No comments:
Post a Comment