পাগল কোন?
"সৌ যে ৰাস্তাৰে গৈ আছে মানুহজনৰ ল'ৰাটো এটা মস্ত পাগল।" মানুহজনৰ ইতিকিংসূচক মন্তব্যটিয়ে সিদিনা পল্লৱৰ
অন্তৰত আঘাত হানিছিল। তাৰ ল'ৰাটোতো পাগল নহয়।
কেৱল কথা অলপ বেছিকৈ কয় আৰু নিজৰটোকে শুদ্ধ বুলিহে ভাবে।
আজি ১৫ বছৰ পাছত চিকিৎসালয়ৰ কোঠাত
সেই মানুহজনক পল্লৱে ঠিকেই চিনি পালে। ড্ৰাগছ-সুৰাৰ গ্ৰাসত পৰি মানসিক ভাৰসাম্য
হেৰুৱাই উন্মাদ আচৰণ কৰা একমাত্ৰ পুত্ৰক ৰছীৰে বান্ধি চিকিৎসাৰ বাবে আনিবলগীয়া
অৱস্থা।
অংশুমান ভূঞা
চামতা,নলবাৰী








No comments:
Post a Comment