প্রাইম
টাইম নিউজ
পুৱা তেতিয়া ছয় বাজে বাজে । পূব আকাশৰ বহু ভেদি ওলোৱা সুমথিৰা বৰণৰ বেলিটোলৈ চাই পূৰবীয়ে পানী ভর্তি তামৰ সৰু ঘটি এটাৰে লাহে লাহে তুলসীৰ গুৰিত পানী ঢালিলে — ঔম সূর্যায়নমঃ , ঔম সূর্যায় নমঃ, ঔম সূর্যায় নমঃ মন্ত্রোচ্চাৰেণেৰে । পুৱা সূর্য উদয় হোৱাৰ আগেয়েই সকলো বাহি বন কৰি গা - পা ধুই সূর্য দেৱতাক সেৱা কৰাটো পূৰবীৰ একপ্রকাৰ পুৰণি অভ্যাস । তাৰ পিছতহে দিনটোৰ কুশল মংগল কামনা কৰি থাপনাত ধূপ - চাকি জ্বলাই তাই চাহ একাপ কৰি চন্দনক উঠিবলৈ দবিয়াই থাকে ।
সেইদিনাও পাকঘৰলৈ গৈ সাউতকৰে চাহ জলপান কৰি পূৰবীয়ে চন্দনক জগাইছে— “ হেৰা , উঠা আক । আজি কি তাৰিখ মনত আছে নহয় । কালি ৰাতিও শোৱাৰ আগতে কৈ থৈছোঁ । দেৰি হ'লে কিন্তু বেয়া কথা হ'ব পাই ।
পুৱাৰ চিলিমিল টোপনিত চন্দনে তাইৰ ফালে পিঠি ঘূৰাই কৈছে — এহ ৰ'বাচোন । আৰু দহমিনিটমান শুই লওঁ।সময়তেই পামগৈ । চিন্তা কৰিব নালাগে দিয়া ।
‘চাবা কিন্তু, যদি দেৰিকৈ গৈ অফিচ পাওঁগৈ, মোৰ প্রথম দিনাই ইমেজ বেয়া হ'ব — গতিকে সোনকালে উঠিলে ভাল’ পূৰবীয়ে ক'লে ।
ডন্ট ৱেৰি ডিয়েৰ মৰমতে এইবুলি কৈ সি পূৰবীক নিশ্চিন্ত থাকিবলৈ ক'লে ।
পূৰবীয়ে হ'ব বুলি কৈ গানৰ কলি এটি গুণগুণাই পাকঘৰলৈ গ'ল । মনটো আজি বৰ ফূর্তি লাগি আছে তাইৰ।লগাৰেই কথা । টি.ভিত বাতৰি পঢ়াটো তাইৰ সৰুৰেপৰা হেঁপাহ আছিল । অন্ততঃ ইমান দিনৰ মূৰত যে তাইৰ সপোন এটা ফলিয়াইছে । সপোনটো কার্যকৰী কৰিবৰ বাবেই আজি পুৱাই পূৰবী বাতৰি পঢ়িবলৈ বুলি ওলাই যাব ৰাজ্যখনৰ এটি জনপ্রিয় নিউজ চেনেললৈ । অৱশ্যে , বিয়াৰ আগতে পূৰবীয়ে সৰু সুৰাকৈ ঢেৰ কিবাকিবি কৰিছিল — যেনে বুক ফেয়াৰত ঘোষিকা হোৱা , যিকোনো অনুষ্ঠানৰ আঁত ধৰা , স্থানীয় পেপাৰ এখনত প্ৰফৰীড়াৰ হিচাপে কাম কৰা , কাকত - আলোচনীত প্রবন্ধ পাতি লেখা - মেলা কৰা এইবোৰেই । কিন্তু বিয়া হোৱাৰ পিছত অলপ দিন যতি যি পৰিল পৰিলেই , তেনেকৈয়ে ডেৰবছৰ পাৰ হৈ গ'ল । পাছত ডিব্ৰুগড়লৈ আহিহে তাই এটা ছেটেলাইট চেনেলত নিউজ ৰীডাৰ হিচাপে জইন কৰিছে । পোন্ধৰদিনীয়া ট্রেইনিং পিৰিয়ড শেষ হোৱাত আজি পূৰবীক সন্ধিয়াৰ সাতবজাৰ বাতৰি পঢ়াৰ দায়িত্ব দিছে অফিচৰপৰা । সেয়ে চন্দনক অফিচলৈ যাওঁতে তাইকো লগত লৈ অফিচত থৈ আহিবলৈ কৈছে পূৰবীয়ে ।
চাহখাই থাকোঁতেই আগফালে চোতালত হকাৰে দি যোৱা বাতৰিকাকতখন তাই ভিতৰলৈ আনিলে । ভাত-পানী ৰান্ধি থাকোঁতে মাজে মাজে কাকতখনো পঢ়ি আছে তাই । কালি ঘটি যোৱা ঘটনাবোৰৰ এটি আভাস আগতীয়াকৈ লৈ থলে ভাল বুলি তাইৰ পূৰ্বৰ অভিজ্ঞতাই কয় ।।
—ঘড়ীটোলৈ চাইছে; আঠ বাজিবলৈ দহ মিনিট । মনতে ভাবিলে তাই, আজিহে সময়বোৰ ইমান সোনকালে যাব পাৰেনে? হয়তো , প্রিয়জন বা প্রেয়সীৰ কাষত থাকিলে সময়বোৰ চোন সোনকালে যায় আৰু বেয়া পোৱা শিক্ষকজনৰ ক্লাছটোত যেন সময়বোৰ নাযায় নুপুৱায় ।
এইবোৰ ভাবিয়েই মুখত এটা মিচিকিয়া হাঁহি লৈপূৰবীয়ে পুনৰ এবাৰ চন্দনক উঠিবলৈ সকিয়ালে— “ চন্দন , আঠ বাজিলেই , তোমাৰ গা - পা ধুই ওলাই যাওঁ মানে ন বাজি যাব । উঠানা প্লিজ । চাৰে ন বজাৰ আগত পাবগৈ লাগে ।
এইবাৰ চন্দন উঠি ব্রাছডাল মুখত লৈ চিধাই
বাথৰুমত
সোমাল ।
বাথৰুমৰ পৰাই সি পূৰবীক চিঞৰিলে— “ পূৰবী , মোৰ টাৱেলখন দিয়া ।
“এই যে মতা মানুহবোৰ আৰু দেই — চকুৰ আগত থাকিলেও বস্তুবোৰ নেদেখে আৰু দেখিলেও কৰি নলয়’ – এইবুলি কৈ তাই লগে লগে টাৱেলখন দি তাই আকৌ পাকঘৰলৈ গ'ল । মঠি থোৱা আটাখিনিৰে তাই লৰালৰিকৈ লুচী ছখন ভাজিলে । তাৰে তিনিখন নিজৰ টিফিনত আৰু তিনিখন চন্দনৰ টিফিনত ভৰালে; লগত অলপ আলুভাজি আৰু একোটা সিজোৱা কণী । ভাগে ভাগে পানীৰ বটল দুটাও বেগত ভৰালে ।।
চন্দন বাথৰুমৰপৰা ওলাই আহোঁ মানে সময় চাৰে আঠ হ'ল । পূৰবীয়ে ভাতৰ কাঁহী টেবুলত ৰেডি কৰিয়েই থৈছিল ইতিমধ্যে । সিও লৰালৰিকৈ থাপতে ধূপ দুডাল জ্বলাই ভাত খাবলৈ বহিল ।
ভাত খাই থাকোঁতেই দুয়ােটাই ধেমালি - ধুমলা কৰি কথা পাতিলে । বাতৰি পঢ়োঁতে ভয় বা নাৰ্ভাছ নকৰিবলৈ পূৰবীক সাহস দিছে সি — ‘ ঘৰত সবকে আৰু মোৰ লগৰবোৰকো ইতিমধ্যে কথাটো জনালোঁ । খুব ভালকৈ পঢ়িবা দেই । মোৰ শুভেচ্ছা তোমালৈ সদায় আছে আৰু থাকিব ।'
চন্দনৰ মুখেৰে কথাকেইটা শুনি তাইৰ মনটো আনন্দেৰে ভৰি পৰিল । হাজাৰ হওক স্বামীয়ে যদি সাহস, সমর্থন আৰু প্ৰেৰণা দিয়ে তেন্তে আৰুনো কি লাগিছে এগৰাকী পত্নীক । আৱেগে হেঁচা মাৰি ধৰাত তাইৰ সৰু ছোৱালীৰ দৰে তাৰ বুকুৰ মাজলৈ সোমাই যাব মন গ'ল । নিজৰ কথা একাষৰীয়া কৰি তাই চন্দনলৈ মিচিকিয়া হাঁহি এটা মাৰি ক'লে— “ বাৰু , তোমাৰ আজি কেইজন ডাক্তক লগ কৰিবলগা আছে ? টিফিন আৰু পানীৰ বটল বেগত ভৰাই দিছোঁ । সময়মতে খাব । ”
চন্দনে ক'লে— “ আমাৰ মেডিকেল ৰিপ্রেজেন্টেটিভৰনো কি আৰু . কেইজন ডাক্তৰ বুলি কথা নাই ... কেতিয়াবা বেছিও হয় কেতিয়াবা কম । তুমি সেইবোৰ চিন্তা কৰিব নালাগে । মই সাত বজাৰ আগতেই ঘৰ পামহি। অ তোমাক অফিচৰ গাড়ীৰে ঘৰত থৈ যাবহি নহয়নে ?
পূৰবীয়ে অ’ বুলি সঁহাৰি জনালে। তাই লগে লগে সময়টো চালে ন বাজি দুই মিনিট গৈছে ।
দুয়ো ৰেডি হৈ বাইকত বহিলগৈ। চন্দনে পূৰ্বীক অফিচত ড্রপ কৰি তাইক ‘ অল দি বেষ্ট’জনাই চিধাই পল্টনবজাৰৰ ফালে বাইক চেকুৰালে।
চন্দন যোৱাৰ ফালে পূৰবীয়ে একেথৰে চাই থাকিল— ‘ অন্তত মেছেজ এটা কৰি হ'লেও এওঁক আজি ধমক এটা দিবই লাগিব । কি দৰকাৰ ইমান জোৰেৰে বাইক চলাবলৈ।'মনতে তাই ভাবিলে ।
অৱশেষত বাতৰি পঢ়াৰ সময়কণ আহিল । সাত বজাৰ আগেয়েই পূৰবীয়ে লগত অনা গোলপীয়া ৰঙৰ ব্লেজাৰটো পিন্ধি ড্রেছিং ৰুমত সোমাই মেক আপ কৰি লৈ ষ্টুডিঅ'ত সোমাল । টাইপিষ্টে টাইপ কৰি যোৱা নিউজ এংকৰবোৰ তাই এবাৰ পঢ়ি ল'লে খুব সাৱধানে যাতে লাইভ পঢ়োঁতে কোনো খোকোজা নালাগে ।
পঢ়ি অতাঁই পূৰবীয়ে এবাৰ মাকলৈ ফোন কৰি জনালে যে তাই বাতৰি পঢ়িবলৈ ষ্টুডিঅ'ত সোমাল ।
তাৰ পিছত চন্দনলৈ ফোন কৰিলে— “ তুমি ঘৰ পালাগৈনে ? মই কিন্তু ষ্টুডিঅ'ত সোমালোঁ দেই । দেৰি নকৰিবানা সোনকালে ঘৰলৈ যোৱা । এইবুলি কৈ পূৰবী বাতৰি পঢ়া টেবুলত বহিল । চাৰিওফালে মানুহ টাইপিষ্ট নীৰেন , এডিটৰ চানুৱাৰ , লাইটমেন প্রণৱ।
সন্ধিয়া সাত বজাৰ লগে লগেই টিভিত বাজিল নমস্কাৰ , প্রাইম টাইম নিউজলৈ আপোনাক স্বাগতম , ষ্টুডিঅ'ত মই পূৰবী আৰু এতিয়া আহিছোঁ বিতং বাতৰিলৈ — আজি ৰাজ্যৰ ইতিহাসত প্রথমবাৰৰ বাবে বিধানসভাত উত্থাপিত হ’ল মহিলা বিত্তমন্ত্রী বাজেট । ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে দাখিল কৰিলে প্ৰথমখন বাজেট । বিত্তমন্ত্রী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে । এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্রতিবেদন । — এইবুলি পূর্ববীয়ে সবল উপস্থাপন কৰি তলৰ টিভিলৈ চালে । তেতিয়া টিভিত ফুটেজ দেখুৱাই আছে । লগে লগে অফিচৰ বাকী ৰীডাৰ দুজনমান আৰু তলৰ মহলাৰ মেনেজাৰজন সোমাই আহি তাইক প্রশংসা কৰিলে— “ ৱেল ডান পূৰবী , খুব ভাল হৈছে পঢ়াৰ ষ্টাইলটো। খুব কনফিডেন্ট দেখাইছে তোমাক । ' এনে মন্তব্য পাই তাইৰ মন উলাহত থৌকিবাথৌ হৈ পৰিল ।
কিছু সময়ৰ পিছতে লগে লগে এটা ব্রেকিং আহিল আৰু পূৰবীয়ে পঢ়ি গ'ল — প্রাইম টাইমৰ দৰ্শকসকলক এইখিনিতে জনাইছোঁ ডিব্ৰুগড়ৰ তিনিকোণীয়াত সংঘটিত হৈছে এটি ভয়ংকৰ পথ দুর্ঘটনা । তীব্র বেগী এখন ইন’ভা গাড়ীয়ে মহতিয়াইছে এজন বাইক আৰোহীক । ইতিমধ্যে বাইক আৰোহীজন থিতাতে নিহত হৈছে বুলি খবৰ পোবা গৈছে । মৃত ব্যক্তিজনৰ নাম চন্দন শইকীয়া । আমি দর্শকসকলক পুনৰ জনাইছোঁ ডিব্ৰুগড়ৰ ...। চদনশইকীয়া পেছাত আছিল এজন মেডিকেল ৰিপ্রেজেন্টেটিভ । '
গোটেই ষ্টুডিঅ'কাহ পৰি জীণ গ'ল । টাইপিষ্টনীৰেনে লক্ষ্য কৰিলে টিভিত চন্দনৰফাটি যোৱা তেজেৰে লুটুৰি - পুটুৰি মুখখন দেখি পূৰবী গোটেই মানুহজনী থকথককৈ কপি উঠিছে । বাতৰি শেষ হ’বলৈ এতিয়াও পোন্ধৰ মিনিট বাকী । নাই , কোনেও পূৰবীক একো ক'বলৈ সাহস কৰিব পৰা নাই । কি বুলিনো সান্ত্বনা দিব ভাবিও পোৱা নাই কোনেও। চকুযুৰি মুদি দিয়াৰ লগে লগে ধাৰাৰ চকুলো বৈ আহিছে তাইৰ । তথাপি , নিজৰ দায়িত্বৰ কথা ভাবি কোনোমতে বাতৰিটো পঢ়ি বৰদৈচিলাৰ দৰে ষ্টুডিঅ'ৰপৰা পূৰবী ওলাই গ'ল চন্দনৰ কাষলৈ।
অনন্যা
চুতীয়া
প্রযত্নে
- মুনীন কোঁৱৰ
নিজ
কদমণি , বৈৰাগীমঠ
ৱাৰ্ডশ্বিপ গাৰ্লছ হোষ্টেলৰ সমীপত,
পোঃ
অঃ - বৈৰাগীমঠ
ডিব্ৰুগড়
—৭৮৬০০৩








No comments:
Post a Comment