তুমি,মই আৰু প্ৰেমৰ দৰদাম - সোনামনী গোৱালা

 তুমি,মই আৰু প্ৰেমৰ দৰদাম

মোৰ অপাঙ্গত ওলমি আছে তোমাৰ হাজাৰটা নিশাৰ

হিৰন্ময়ী প্ৰেমৰ স্বৰলিপি

খামুচি খহাও কিমান শূণ্যতা,কিমান আৰ্দ্ৰতা

বিভাৱৰী সপোনত ভাঁহে তোমাৰ দুবাহু-দুচকু আৰু কত যে কি,

নিতৌ পান কৰোঁ

তোমাৰ ওঁঠৰপৰা নিগৰি অহা প্ৰেমৰ ফটিকা মোৰ জৰৌৰোৱা পঁজাত

মোৰ অলিন্দ-নিলয়-হাঁওফাঁওলৈ সৰকি আহে তোমাৰ অত্যুক্তি

"তোমাৰ পংকজকান্তিৰ নদীময় শৰীৰত মোৰ বাসনাৰ ৰঙা গোলাপ গুড়ি সানিব দিয়া"   

প্ৰেমৰ পৃথিৱীত

আমি চাহজাহান-মমতাজ,'মিঅ-জুলিয়েট,হীৰ-ৰাঞ্জা ইত্যাদি ইত্যাদি....

তুমি কি ভাবা ? মই স্কিজ'ফ্ৰেনিক ?

 

নিমেষ নেপেলোৱাকৈ তোমাৰ দুওঁঠত তুলি দিব পাৰোঁ মনালিছাৰ হাঁহি

বাঁকি দিব পাৰোঁ প্ৰেমৰ ভোগজৰাত এপিয়লা মদ

আৰু ঢাপে ঢাপে কামনাৰ ৰঙা-নীলা উশাহৰ উষ্ণতা

তুমিটো দৰদাম কৰিছিলা মোৰ আত্মাৰ সৈতে (?)

 

বিভ্ৰম ' তেনে ?

একো নাজানোঁ জানিবও নোখোজোঁ

সকলো পুৰণিৰ নতুন সংস্কৰণ,

প্ৰেমৰ পুৰাতন অনুশীলন !!!

বিস্ৰুত অনিৰ্বাৰ ক্ষুধা

 

       সোনামনী গোৱালা

No comments:

Post a Comment