হৃদয়ে লিখিলে প্ৰেমৰ জাননী - সুতীৰ্থ মাধৱ দত্ত

 হৃদয়ে লিখিলে প্ৰেমৰ জাননী 

হেৰা ! মোৰ গোলাপ কলি,

তোমাৰ বুকুত চেনেহ সঁপি !

ফাগুন মনত পছোৱা লাগি,

বাজি উঠে মোৰ প্ৰণয় বাঁহী

 

শাওনৰ বুকুত বৃষ্টি ঢালি,

হিয়াখন মোৰ নিলাহি সৰি !

তৰা লেখি জোনাক ৰাতি,

ওঁঠত ভাহে যৌৱন হাঁহি

 

তোমাক দেখি মন বাউলী,

তুমি যেন মোৰ জীৱন মাধুৰী !

গুঞ্জৰিত এটি নৱ ৰাগিনী,

যেন শৰতৰ এপাহ শেৱালি

 

ক্ষণিকতে নিগৰে কবিতা এফাকি,

অবুজন আবেগৰ প্ৰেমিক কবি!

কুসুম কোমল মন ফাগুনি,

তৰুণ হিয়াত আশাৰ ৰেঙনি

 

তুমি শুনানে ? মোৰ বুকুৰ কঁপনি,

নিঃসঙ্গ কেতেকীৰ কৰুণ বিননি !

সাঁথৰ সাঁথৰ তোমাৰ চাৱনি,

চকুৰ ভাঁজত ৰঙীণ ফুলনি

 

তোমাক দেখিলো যিদিনা তৰুণী,

চমকি উঠিল হিয়াত বিজুলী !

তোমাকে সুঁৱৰি নাহিল টোপনি,

হৃদয়ে লিখিলে প্ৰেমৰ জাননী...!

বুজানে তুমি ?

তোমাক লৈয়ে এই কাহিনী

 

শুনিছানে মোৰ উতলা সঙ্গীত,

আৱেগ নাচে নৱ ভঙ্গীত

 

তোমাৰ নিৰৱ প্ৰেমৰ আকুল কণ্ঠ,

তোমাৰ প্ৰেমত মই অন্ধ...!

ক্ষণিকতে আহি,

বাসনাতে ভাহি,

হেৰা ৰূপহী...!

সকলোতে এতিয়া তুমি ,

মাথোঁ......

তুমি,তুমি,তুমি

   
সুতীৰ্থ মাধৱ দত্ত

No comments:

Post a Comment