দিন: সেই শেষ কাহিনীৰ - সংগীতা ডেকা

 দিন: সেই শেষ কাহিনীৰ

 উশাহবোৰ বোকোচাত লৈ উলটি আহোঁতে,

অসংখ্যজনে সুধিছিল মোক

সেই সংগ্ৰামী দিনৰ কথা !

প্ৰশ্নৰ সূঁতাৰে মেৰিয়াই ধৰি কৈছিল,

শব্দৰ সোঁতত বৈ যোৱা জীৱনত,

"উশাহৰ ৰঙ কিমান গভীৰ"

তাৰেই বহুমূখী সংজ্ঞা।।

 

সংগ্ৰামৰ শেষত উৰি থকা ধব্জাৰ লহৰত

যদিওবা শেষ হয় কিছুমান কাহিনী

তথাপিও নিশাহৰ ভাঁজতো অপ্ৰকাশ্য হৈ ৰয়,

নিদিষ্টজনৰ কৈফিয়ৎ কিম্বা আক্ষেপ,

আকাশৰ সুমথিৰা 'দজাকিৰ বুকুত উলমি

 

পিছে এতিয়ানো আক্ষেপ কিহৰ বাবে ?

'দৰ দিনৰ কবিতাবোৰত,

অলপ তেজৰ বোল আঁকি দিব লওঁতেই,

তুমিওচোন কৈছিলা,

"এহাতে নিশাহক খামুচি ধৰি,

এহাতে প্ৰতিবাদৰ চিঞৰ উৰুৱাই দিলে"

নিজৰেই বেয়া

 

কিয়নো "যিমান সাহেৰে তই

পোহৰমুখী বিপ্লৱৰ কাৰেং সাজ",

সিমান সহজে মচি নিদিয়ে কেঁওৱে

তোৰ আইৰ দুগাললেদি বৈ অহা চকুপানীৰ বন্যা"।।

 

সংগীতা ডেকা

      বৰডুবি

No comments:

Post a Comment