মনলৈ উভতি আহে ল'ৰালি
আজি অলপ
বাহিৰলৈ ওলাই যাবলৈ মন গৈছে কিন্তু কামৰ
হেঁচাৰ বাবে হয়তো যাব নোৱাৰিম।ঘৰ আৰু অফিচ দুযোটা চলাবলৈ মোৰ নিচিনা মানুহ এজনীৰ
বাবে অলপ কষ্টকৰ কিন্তু কৰ্ত্তব্য আৰু
দায়িত্বৰ স্বাৰ্থত এই কষ্ট তেনেই নগন্য। হঠাৎ মোৰ ৰুমলৈ মোৰ কনিষ্ঠ সহকৰ্মী ৰূপম সোমাই আহিল।
ল'ৰাজন বহুত
ভদ্ৰ আৰু নম্ৰ । মোক সন্মান কৰে , কিবা অসুবিধা হ'লে মোৰ লগত আলাপ কৰে।
ৰূপম: মেডাম ঘৰত কেতিয়া যাব??
মই : অহা
ৰবিবাৰে যাম । তিনিচুকীয়ালৈ ট্ৰেইনৰ টিকত বুকিং কৰিছো কিন্তু সৰু ছোৱালীজনীক এই ক'ভিদ মহামাৰীৰ সময়ত লগত লৈ যাবলৈ অলপ অসুবিধা যদিও
এতিয়া ঘৰলৈ নগলে পিছত যাবলৈ সময় নহব। কাৰণ ১৫ দিন পিছত মোৰ বদলিৰ অৰ্দাৰ আহিব গতিকে মই ঘৰত যাব লাগিব
ৰূপম । তুমি কামবোৰ ভালকৈ চাবা । কালি
অহা বিলখনৰ কি হ'ল খবৰ লোৱাচোন এবাৰ।
ৰূপম : ঠিক আছে মেডাম মই অলপ
বাহিৰলৈ ওলাই যাওঁ।
মই: নিশ্চয়....
ৰূপম
ওলাই ওলাই যোৱাৰ লগে লগে মোৰ সেই আগৰ ঘৰখনলৈ মনতো উৰা মাৰি গ'ল। আচলতে মোৰ
মৰমৰ ঘৰখন অৰুণাচল প্ৰদেশৰ এখন সৰু গাঁওত অৱস্থিত, অসম
অৰুণাচল সীমন্তৰ পৰা ৫০ কি:মি নিলগত। আজিকালি ঠাইখিনিৰ কিছু পৰিবৰ্তন হ'ল যদিও আগতে বাট পথৰ অৱস্থা খুৱেই বেয়া আছিল। বিজুলী,
দলং আদিৰ ব্যৱস্থা নাছিল ,খৰালি কালত পানী কম হলে খোজ কাঢ়ি গৈছিলো আৰু বাৰিষা
কালত হাতীৰ পিঠিত উঠি নদীপাৰ হৈছিলো ।
মাজে মাজে ভয় লাগিছিল যদি হাতীৰ পিঠিৰ পৰা বাগৰি পানীত পৰো তেতিয়া হলে নদীৰ সোঁতে
ক'লৈ লৈ যাব ঠিকনা নাই। মোৰ ঘৰৰ সদস্যৰ ভিতৰত আইতা,
মা-দেউতা আৰু ভাই-ভনী চাৰিজন। ভাই-ভনী কেইজনীৰ
ভিতৰত মই সকলোতকৈ ডাঙৰ।আমাৰ ঘৰৰ অৱস্হা
সিমান স্বচ্ছল নাছিল তথাপিও পাহাৰৰ নামনিত
খেতি কৰিছিল আৰু বস্তু বিক্ৰী কৰি যি দু-এপইচা পাইছিল তাৰে ঘৰ খৰচ উলিয়াইছিল। লৰালি কালত আমি গাওৰ চৰকাৰী
স্কুলত পঢ়িছিলো তাত কোনো ফীজ লগা নাছিল যদিও কাগজ কলমৰ খৰচ দিবলৈ দেউতা মান্তি
হোৱা নাছিল কাৰণ তেওঁ ভাবিছিল ছোৱালী
এজনীক পঢ়ুৱালে টকা পইচা এনে যাব। পইচাৰ কথা কলে এটাই কথা কয় " মই পইচা দিব
নোৱাৰো", কিন্ত্ত এই ক্ষেত্ৰত মোৰ মা সজাগ আছিল তেওঁ বস্তু বিক্ৰী কৰি পোৱা
পইছাৰে আমাক কাগজ কলম কিনি দিছিলে।খেতিৰ
সময়ত যেতিয়া জংঘল কাটিবলৈ আমাৰ কাষৰ মানুহ বিলাকে নিজৰ ল'ৰা'-ছোৱালীক লগত লৈ গৈছিল , তেতিয়া মায়ে আমাক স্কুলত পঢ়িবলৈ পঠাইছিল। মায়ে সদায় এটা কথা কৈছিল"
তহঁতে স্কুলত যা পঢ় খেতিৰ কথা চিন্তা কৰিব নালাগে , মই যি কৰিব লাগে নিজে কৰিম" । মোৰ মায়ে স্কুলৰ মুখ দেখা নাছিল
যদিও শিক্ষাৰ মূল্য বুজি পাইছিল কিন্ত্ত
মোৰ দেউতাই কেৱল মদ আৰু জুৱা খেলি দিন পাৰ কৰিছিল । মায়ে ৰাতিপুৱা ভাত খুৱাই আমাক
স্কুলত পঠাই দিছিল আৰু ওৰে দিনটো পথাৰত কাম কৰিছিল। মায়ে কৰা কষ্টবোৰৰ বাবে আজি
আমি ভাই-ভনীবোৰ একো একোজন সফল ব্যক্তি। মেট্ৰিকলৈ মায়ে কিবাকৈ আমাক পঢ়ালে যদিও
পিছলৈ পঢ়ুৱাবলৈ তেওঁ অসমৰ্থ আছিল। উচচ শিক্ষাৰ বাবে মোক সম্পৰ্কীয় মানুহৰ ঘৰত থৈ
পঢ়াইছিল । তাত থাকি মই পঢ়িছিলো যদিও
স্কুলৰ পৰা আহি এজনী কাম কৰা ছোৱালীৰ দৰে কাম কৰিব লগা হৈছিল । ঘৰৰ পৰা দূৰত থাকি বেলগৰ ঘৰত কাম কৰি পঢ়াৰ
কষ্টৰ কথা বহুতেই হয়তো অনুভৱ কৰিব নোৱাৰিব। যিয়ে নহওক এনেকে মই পঢ়ি চিভিল
ইঞ্জিনীয়াৰিং স্নাতক হলো। আগলৈ পঢ়িবলৈ মোৰ মন আছিল যদিও আৰ্থিকভাৱে মই দুৰ্ৱল আছিলো সেয়ে মোৰ
বাবে পঢ়াতকৈ এটা চাকৰিৰ হে প্ৰযোজন হে বেছিআছিল কাৰণ মোৰ দৰে মোৰ ভাই- ভনী কেইটাক
মই বেলেগৰ ঘৰত ৰাখি পঢ়ুৱাব মান্তি নাছিলো। গতিকে শিক্ষা সমাপ্ত কৰি আহি চৰকাৰী
চাকৰিত আবেদন কৰিলো আৰু সৌভাগ্যবশ:ত মই এতিয়া এজনী অভিযন্তা হিচাপে কৰ্মৰত হৈ আছো। যিকি নহওক মই
মোৰ ভাই- ভনী কেইজনীক পঢ়ুৱাই শিক্ষিত কৰিলো। মোৰ দেউতাই মোৰ বাবে একো নকৰিলেও আজি
মই তেখেতক প্ৰতিপালন কৰি আছো কাৰণ সন্তান হিচাপে এইটো মোৰ দায়িত্ব । তেওঁলোকক যি বিচাৰিছে দিছো
তেওঁলোক সুখী থকাতো মোৰ চিৰকাম্য। আজি মই এজনী মাক হিচাপে উপলব্ধি কৰিছো মাক এজনী
সন্তানৰ বাবে সকলো। আজি মোৰ মা ৰ ত্যাগৰ বাবে এনেকুৱা এটা ভাল জীৱন -যাপন কৰিব
পাৰিছো। সকলো মাক যদি এনেকুৱা হয় তেন্তে
আন বহুতো ছোৱালী শিক্ষিত হ'ব আৰু সমাজখন আগুৱাই যাব । সেয়ে কোৱা হয় এজনী ছোৱালী শিক্ষিত হলেহে এখন
সমাজ শিক্ষিত হয়।
শ্ৰী ত্ৰিদিপ লোচণ কলিতা








No comments:
Post a Comment