মুগা পুহাৰ আনন্দ
আমাৰ জীৱনৰ
সৈতে, আমাৰ বাৰেবৰণীয়া কলা সংস্কৃতি আৰু লোক পৰম্পৰা তথা গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত এবিধ অন্যতম সম্পদ মুগা। মুগাৰ সৈতে অসম আৰু অসমীয়াৰ সম্বন্ধ অতি গভীৰ আৰু নিকপকপীয়া। অসম আৰু অসমীয়াৰ গৌৰৱৰ স্থল মুগা। মুগা অসমৰ পৰিচয়। কেৱল অসমতে পোৱা বাবে মুগাৰ বৈজ্ঞানিক নামৰ সৈতে সংযুক্ত হৈ আছে অসমৰ নাম। এন্থেৰিয়া আচামেনচিচ্ (Antheraea assamensis) নামেৰে পৰিচিত মুগাই চিনাকি কৰি দিয়ে অসমক। মুগা সাজপাৰে অসমীয়া মানুহৰ আভূষণ। এই মুগাৰ সৈতে চিনাকী জনা হোৱাৰে পৰা। শৈশৱতো চোকনিত বহি মুগা ৰখীয়া হোৱা, বৰমা, মা আৰু অন্যান্য সকলৰ মুখৰ পৰা সাধু শুনাৰ চিনাকি ঘৰ আছিল মুগা চোমনিৰ চালিখন। গৰম চাহ একাপৰ সোৱাদ লোৱা, পথাৰত একেলগে ভাত দুটামান খোৱাৰ হেঁপাহতে আমি মুগা ৰখীয়া হৈছিলোগৈ। লাহে লাহে মুগা খেতি কৰি, মুগা পুহি
আমি
নিজকে মুগা খেতিয়ক হিচাপে পৰিচয় দি ভালপোৱা হ’লোঁ । এতিয়াও বছৰটোত অন্তত: দুবাৰ মুগা খেতি কৰা হয় আমাৰ ঘৰত।
বহু
লোকে মুগা সূতা কাটি বিক্ৰী কৰাৰ বিপৰীতে বহুলোকে নকটাকৈ বিক্ৰী কৰে। এক কেজি সূতা প্ৰস্তুত কৰিবলৈ প্ৰায় ৬৬৫০টা মুগা বাহৰ প্ৰয়োজন হয়।
তেতিয়া
আমি প্ৰথম শ্ৰেণীৰ ছাত্ৰ। মায়ে আয়ত কি বুজাবলৈ লৈ কৈছিল – সৌ যে সজাটো দেখিছ সেইটোৰ দৰে আকৃতিৰ বস্তুবোৰক আয়ত বোলে। তেতিয়াই বুজিছিলোঁ মুগা-সজা আৰু আয়তৰ সম্বন্ধ। আয়তাকাৰ বাঁহৰ কাঠিৰে নিৰ্মিত মুগা ৰখা সঁজুলিটোৰ নামেই হ’ল মুগা-সজা। এই সজাটোৰ প্ৰয়োজন হয় মুগা পোহাৰ প্ৰথম আৰু অন্তিম অৱস্থাত। দেউতাই মুগা কঠিয়া আনি চকৰা-চকৰা অৰ্থাৎ পখিলা জগালৈকে তাত থোৱা হয়। বাঁহেৰে সাজি উলিওৱা সজাটোৰ তলফালে পূৰণ চিনৰ দৰে কামিৰে বান্ধি আকাৰ দিয়া হয়। চাৰিওফালে খোলনি খুলি বাহৰ চুঙাকৃতিৰ চাৰিটা খোলনি দিয়া হয়। ইয়াৰ বাও দুটাত দুডাল ইংৰাজী ইউ আকৃতিৰ বেতৰ কাঠিৰে বন্ধা থাকে । কঠীয়া ৰখাৰ পাছত ইয়াক ঢাকি ইউ আকৃতিৰ বেতৰ অংশৰ মাজেৰে বাহ এডাল সোমোৱাই দি ইয়াক চতিত ওলোমাই দিয়া দেখা পাওঁ। ইয়াক ঢাকিবলৈ বাঁহৰ কাঠি আৰু বেতেৰে এখন ঢাকোন প্ৰস্তুত কৰা হয়। এদিন দেউতাক এইখনেৰে কিয় ঢাকিব লাগে বোলাত ক’লে – কঠিয়াবোৰ পখিলা হোৱাৰ পাছত উৰি নাযায় তাৰ বাবে এইখন দিয়া হয়।
আমাৰ
ঘৰটোৰ চালখন তেতিয়া খেৰিৰে সজা আছিল।এই খেৰবোৰ এবাৰ ঘৰ চোৱাৰ পাছত পুন: মুগা খেতিত ব্যৱহাৰ কৰা হৈছিল খৰিকা হিচাপে। প্ৰায় ১ ফুট দীঘল এনে খৰিকাবোৰ সন্মুখভাগ হাকুটিৰ দৰে বান্ধি দিয়া হয় যাতে ইয়াক ওলোমাই ৰখাত সহজ হয়। সেই সময়ত এই খেৰবোৰ খৰিকা সজাৰ লগতে ঘৰচিৰিকাৰ বাবেও আশ্ৰয়ৰ আহিলাস্বৰূপ আছিল। এতিয়া তেনে ঘৰ দেখিবলৈকে নাই যদিও আমাৰ খেৰ আছে। আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ। এয়া যে আমাৰ শৈশৱে শিকোৱা কথা! এই খেৰৰ পৰা প্ৰস্তুত কৰা খৰিকাতেই আৰম্ভ হয় মুগা প্ৰাৰম্ভিক জীৱন কাল। ইয়াতেই চকৰিবোৰে কণী পাৰে। এই কণীবোৰ পূৰঠ হৈ পোৱালী জগাৰ পাছত এটা খৰাহীৰ ওপৰত কলাত পাৰি তাত খৰিকাবোৰ নি সৰু সৰু চোম গছত ওলোমাই দিয়া হয়। মুগা পোহৰ সমান্তৰালভাৱে চোমগছ (মেচিলাছ বম্বিচিনা)ৰ সংৰক্ষণে অসমীয়াৰ সাংস্কৃতিক আৰু পৰিৱেশ সংৰক্ষণৰ কথাই মোৰ মনলৈ আনে। কেতিয়াবা মুগাৰ উৎপাদন ভাল হ’লে খেতিৰ শেষৰপিনে চোমনিত চোম গছৰ পাত শেষ হয়, তেতিয়া মায়ে চোমনিৰ পৰা মুগাবোৰ চিলিঙিত ধৰি আনি বাৰীৰ এজোপা গছত লগায়। তাকে দেখি এদিন ভাইটী আৰু মই মাক সুধিলোঁ – মা, এইজোপা কি গছনো? এইজোপাৰ পাতো যে মুগাই খায়। মায়ে ক’লে – এইজোপা শোৱালু গছ । শোৱালু গছৰ বৈজ্ঞানিক নাম লিটছিয়া পলিএন্থা। মাক আমি গছৰ কথা সুধি থাকো বাবেই মায়ে গছৰ বৈজ্ঞানিক নামবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল। মায়ে আজৰি সময়ত প্ৰায়ে কিতাপ পঢ়িছিল। মাৰ পৰাই আমি কিতাপ পঢ়িবলৈ শিকিছিলোঁ। বিহু, পূজাত মায়ে একোখন বাহিৰা কিতাপ উপহাৰ দিছিল। মাৰ বাবেই কিতাপ আৰু গছৰ প্ৰতি, পৰিৱেশৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল। মায়ে সেইদিনা আৰু কৈছিল আমি যে পকা ধৰাৰ পাছত জালি দিও সেইবোৰ কি গছৰ পৰা বনোৱা হয় জাননে? সেই বোৰ আজাৰ গছৰ ডালৰ পৰা প্ৰস্তুত কৰা হয়। আমাৰ ঘৰত বহুতো আজাৰ আৰু কদম গছ আছিল (এতিয়াও আছে) বাবে আজাৰ গছ আমাৰ তেনেই চিনাকি আছিল। এতিয়া ভাবি, জানি ভাল লাগে যে, আমাৰ গ্ৰাম্য অৰ্থনীতিত মূল ভূমিকা লোৱা এবিধ অন্যতম খেতি মুগা খেতিৰ সমান্তৰালভাৱে আমি অন্য তিনিজোপা গছৰ সংৰক্ষণো প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰি আছিলোঁ। আজিও কৰি আছোঁ।
আমাৰ জীৱনৰ
সৈতে, আমাৰ বাৰেবৰণীয়া কলা সংস্কৃতি আৰু লোক পৰম্পৰা তথা গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত এবিধ অন্যতম সম্পদ মুগা। মুগাৰ সৈতে অসম আৰু অসমীয়াৰ সম্বন্ধ অতি গভীৰ আৰু নিকপকপীয়া। অসম আৰু অসমীয়াৰ গৌৰৱৰ স্থল মুগা। মুগা অসমৰ পৰিচয়। কেৱল অসমতে পোৱা বাবে মুগাৰ বৈজ্ঞানিক নামৰ সৈতে সংযুক্ত হৈ আছে অসমৰ নাম। এন্থেৰিয়া আচামেনচিচ্ নামেৰে পৰিচিত মুগাই চিনাকি কৰি দিয়ে অসমক। মুগা সাজপাৰে অসমীয়া মানুহৰ আভূষণ। এই মুগাৰ সৈতে চিনাকী জনা হোৱাৰে পৰা। শৈশৱত চোকনিত বহি মুগা ৰখীয়া হোৱা, বৰমা, মা আৰু অন্যান্য সকলৰ মুখৰ পৰা সাধু শুনাৰ চিনাকি ঘৰ আছিল মুগা চোমনিৰ চালিখন। গৰম চাহ একাপৰ সোৱাদ লোৱা, পথাৰত একেলগে ভাত দুটামান খোৱাৰ হেঁপাহতে আমি মুগা ৰখীয়া হৈছিলোগৈ। লাহে লাহে মুগা খেতি কৰি, মুগা পুহি
আমি
নিজকে মুগা খেতিয়ক হিচাপে পৰিচয় দি ভালপোৱা হ’লোঁ । এতিয়াও বছৰটোত অন্তত: দুবাৰ মুগা খেতি কৰা হয় আমাৰ ঘৰত।
বহু
লোকে মুগা সূতা কাটি বিক্ৰী কৰাৰ বিপৰীতে বহুলোকে নকটাকৈ বিক্ৰী কৰে। এক কেজি সূতা প্ৰস্তুত কৰিবলৈ প্ৰায় ৬৬৫০টা মুগা বাহৰ প্ৰয়োজন হয়।
তেতিয়া
আমি প্ৰথম শ্ৰেণীৰ ছাত্ৰ। মায়ে আয়ত কি বুজাবলৈ লৈ কৈছিল – সৌ যে সজাটো দেখিছ সেইটোৰ দৰে আকৃতিৰ বস্তুবোৰক আয়ত বোলে। তেতিয়াই বুজিছিলোঁ মুগা-সজা আৰু আয়তৰ সম্বন্ধ। আয়তাকাৰ বাঁহৰ কাঠিৰে নিৰ্মিত মুগা ৰখা সঁজুলিটোৰ নামেই হ’ল মুগা-সজা। এই সজাটোৰ প্ৰয়োজন হয় মুগা পোহাৰ প্ৰথম আৰু অন্তিম অৱস্থাত। দেউতাই মুগা কঠিয়া আনি চকৰা-চকৰা অৰ্থাৎ পখিলা জগালৈকে তাত থোৱা হয়। বাহেৰে সাজি উলিওৱা সজাটোৰ তলফালে পূৰণ চিনৰ দৰে কামিৰে বান্ধি আকাৰ দিয়া হয়। চাৰিওফালে খোলনি খুলি বাহৰ চুঙাকৃতিৰ চাৰিটা খোলনি দিয়া হয়। ইয়াৰ বাও দুটাত দুডাল ইংৰাজী ইউ আকৃতিৰ বেতৰ কাঠিৰে বন্ধা থাকে । কঠীয়া ৰখাৰ পাছত ইয়াক ঢাকি ইউ আকৃতিৰ বেতৰ অংশৰ মাজেৰে বাহ এডাল সোমোৱাই দি ইয়াক চতিত ওলোমাই দিয়া দেখা পাওঁ। ইয়াক ঢাকিবলৈ বাঁহৰ কাঠি আৰু বেতেৰে এখন ঢাকোন প্ৰস্তুত কৰা হয়। এদিন দেউতাক এইখনেৰে কিয় ঢাকিব লাগে বোলাত ক’লে – কঠিয়াবোৰ পখিলা হোৱাৰ পাছত উৰি নাযায় তাৰ বাবে এইখন দিয়া হয়।
সেইসময়ত
আমাৰ খুড়াহঁতৰ ঘৰৰ পাছফালে এডৰা বেতনিবাৰী আছিল। তাৰপৰা আমি বেটগুটি আনিছিলোঁ। কিমান যে স্ফূৰ্তি কৰিছিলো তাৰ কোনো হিচাপ নাই। ইয়াৰ উপৰিও বেতগাজ আমাৰ বাবে বৰ তৃপ্তিদায়ক আৰ ঔষধি খাদ্য
আছিল।
বেতবোৰ পূৰঠ হ’লে দেউতাহঁতে কাটে আৰু বিভিন্ন সা-সঁজুলি বনোৱাত ব্যৱহাৰ কৰে। এই বেতেৰেই তৈয়াৰ কৰা হয় খঁৰা। উপবৃত্তাকাৰ এই সঁজুলিবিধৰ মাহতে এটা সৰু সুৰুঙা থাকে। সেই সুৰুঙা অংশৰে বাটুলগুটি ভৰোৱা আৰু উলিওৱা কাম কৰা হয়। সৰুতে আমি কৰি ভালপোৱা এটি অন্যতম কাম আছিল বাটুলগুটি বনোৱা। বাটুলগুটিবোৰ আলতীয়া মাটিৰ পৰা প্ৰস্তুত কৰা হয়। আলতীয়া মাটি পানীৰ সৈতে মিহলি কৰি সৰু সৰুকৈ গুটি প্ৰস্তুত কৰা হয়। ইয়ে বাটুলগুটি। বাটুলগুটি প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আটাৰ পৰা ৰুটি প্ৰস্তুত কৰাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ দৰে। এই বাটুলগুটি ধনুত লগাই চৰাই খেদিবলৈ ব্যৱহাৰ কৰা হয়। এই ধনু আমি ভাওনা বা টি ভিত দেখা পোৱা যুদ্ধ কৰোতে ব্যৱহাৰ কৰা ধনুৰ দৰে নহয়। ইয়াক বেতেৰে গুঠা হয়। গুণডালৰ মাজঅংশত বাটুলগুটি ৰাখি মাৰিব পৰাকৈ এটা অংশ থাকে ।
সেই
অংশটো আমি খোৱা বৰফিৰ দৰে। সেই অংশৰ মাজত সৰু বাহৰ মাৰি এডাল বেতেৰে গাঁঠি দিয়া হয়। খঁৰাটোত দীঘলকৈ এডাল বেতৰ ৰচী লগোৱা হয় । যাতে ইয়াক পিঠিত লৈ ফুৰিবলৈ সহজ হয়।
মুগা পুহাৰ বেলিকা কলগছৰ ব্যৱহাৰেও আমাৰ মনত সাঁচ বহুৱাইছিল। মুগাই গছত পাত খাই শেষ কৰিলে বা অত্যধিক ৰ’দ পালে তললৈ নামি আহে । সাধাৰণতে চোম বা শোৱালু গছৰ তলত পৰুৱা বা তেনেধৰণৰ পোক-পতংগ থাকে, যিয়ে মুগাক ক্ষতি কৰাৰ সম্ভাৱনা থাকে। সেয়ে মুগাবোৰ যাতে তললৈ সহজে নামি আহিব নোৱাৰে তাৰ বাবে বাধা দিয়াৰ প্ৰয়োজন আহি পৰে। সেয়ে আমি দেউতাৰ লগত কলপতুৱা কাটি আনিছিলোঁ। তাৰ পাছত গছৰ গুৰিৰ পৰা অলপ ওপৰত কলপতুৱা মেৰিয়াই তাত বাঁহৰ গজাল মাৰি দিয়া হয়। এইদৰে কলপতুৱাত গজাল দি মুগাক তললৈ নামি আহি অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰাক গাৰীবান্ধ দিয়া বুলি কোৱা হয়।
মুগাই
পাত খাই শেষ কৰিলে সেই গছৰ পৰা নামি আহে। তেতিয়া মুগাবোৰ অন্য পাত থকা গছলৈ নিয়াৰ প্ৰয়োজন হয়। তাৰ বাবে আমি চিলিঙি ব্যৱহাৰ কৰোঁ। বাঁহৰ কাঠিৰে চালনীৰ দৰে, কিন্তু ত্ৰিভুজ আকৃতিৰে সঁজা সঁজুলি। চিলিঙিৰে মুগা স্থানান্তৰ কৰা বেলিকা বা মুগা পুহাৰ সময়ছোৱাত আমি কেতিয়াও বগা চোলা পিন্ধি চোমনিলৈ যোৱা নাই। কাৰণ, পলুৱে বিষ্ঠা ত্যাগ কৰিলে আমাৰ বগা সাজ পাৰ সহজে লেতেৰা হ’ব পাৰে। তদুপৰি পকিবলৈ জুমা লৈ থকা মুগাবোৰে জুলীয়া বিষ্ঠা ত্যাগ কৰে। ই সহঁজে কাপোৰ-কানি লেতেৰা কৰিবা পাৰে। এনে জুলীয়া বিষ্ঠাক জলম ওলোৱা বুলি কোৱা হয়।
মুগা
পকিবৰ কেইদিন আমি ভোটা ব্যৱহাৰ কৰোঁ। যিহেতু চোমনি বা পথাৰত বিজুলী বাতিৰ ব্যৱস্থা নাথাকে, সেইবাবে তলৰ ফালে গাঁঠি থকা এটা বাঁহৰ চুঙা তৈয়াৰ কৰা হয়। গাঁঠিৰ তলৰ ফালে জোঙা কৰি ৰখা হয়। যাতে তাক সহজে যিকোনো স্থানত ৰাখিব পাৰি।
চুঙাটোত
কেৰাচিন তেল ভৰাই তাৰ মুখত ফটাকানিৰ সোপা দিয়া হয়। চুঙাত তেল থকা পৰ্যন্ত এই ভোটা জ্বলি থাকে। ই মুগা খেতিয়কৰ বিশ্বস্ত সহযোগী।
ইয়াৰ
উপৰিও মুগা কঢ়িয়াবলৈ আমি সৰু হৈ থাকোতে কুঁকি নামৰ পাঁচি আকৃতিৰ এবিধ সঁজুলি ব্যৱহাৰ কৰ হৈছিল যদিও আজিকালি আমি পাচি বা খৰাহীতে মুগা অনা নিয়া কৰোঁ।
এনেদৰে
মুগাই আমাৰ গ্ৰাম্য অৰ্থনীতিকো চহকী কৰি ৰাখিছে। তদুপৰি মুগা পোহাৰ সমান্তৰালভাৱে পৰোক্ষভাৱেই আজাৰ, শোৱালু, দীঘলতী, বাহ, কলগছ আদি সংৰক্ষণ হৈ আছে। এই সংৰক্ষণ চেতনাই অসমৰ লোক জীৱনক সমৃদ্ধ কৰি ৰাখিছে।
✍️মানস
প্ৰতিম দত্ত








No comments:
Post a Comment