বৰ্তমান সমাজত বৈজ্ঞানিক
মানসিকতাৰ
গুৰুত্ব
আৰু
প্ৰয়োজনীয়তা
কোনো
এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়নকে বিজ্ঞান বুলি কোৱা হয় । অৰ্থাৎ য'ত কল্পনাৰ প্ৰাধান্য নিদি বাস্তৱৰ প্ৰাধান্য দি প্ৰকৃতিৰ বুকুৰ চিৰসঞ্চিত সম্পদবোৰ আহৰণ কৰি পৃথিৱীখন বিনন্দীয়া কৰি তোলা, অন্ধবিশ্বাস, কু-সংস্কাৰ বৈজ্ঞানিক মানসিকতাৰে সমাজৰ পৰা আঁতৰ কৰাই তেনে প্ৰক্ৰিয়াকে বিজ্ঞান বুলি কোৱা হয়।
বৰ্তমান
সময়ত বিজ্ঞান বিষয়টো শিক্ষাৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। মানুহৰ দেহত যিদৰে মেৰুদণ্ড ঠিক সেইদৰেই বিজ্ঞানো হ'ল সমাজৰ মেৰুদণ্ড স্বৰূপ। বিজ্ঞান বিষয়টোক কোনেও উলাই কৰিব নোৱাৰে কিয়নো বিজ্ঞানে সমাজৰ মানুহৰ মাজত চলি অহা নানান অন্ধবিশ্বাসবোৰ দূৰ কৰে আৰু কেৱল দূৰ কৰিয়েই বহি নাথাকে, তাৰ ওপৰত যথাযথ যুক্তি প্ৰমাণো দিয়ে।বিজ্ঞানেই আজিৰ সামাজিক জীৱনত থকা কঠিনতাক সৰল কৰি তোলে।বিজ্ঞানেই যে সমাজক নানান ধৰণৰ সুবিধা আগবঢ়াই সেইটো সমাজে নিৰন্তৰে মানি লয়।কিয়নো ইয়াৰ জৰিয়তে মানুহে আজি দূৰৰ বাতৰি আনিবলৈ বাটকুৰি বাই হাবাথুৰি খাব নালাগে,কেৱল মাত্ৰ এটা সামান্য ফোন ক'লৰ সহায়ত ক্ষন্তেকতে সকলো খবৰ পাব পৰা যায়। বহু দূৰণি ঠাইলেও ক্ষন্তেকতে যাব পৰা যায় আনকি ইয়াৰ বলতে মানুহে আজি আকাশত চৰাইৰ দৰে উৰা সপোন পুৰাব পৰা গৈছে।নানান ধৰণৰ যন্ত্ৰ, বিদ্যুৎ, বেগী যানৰ সহায়ত মানুহে নিজৰ কাম কম সময়তে কৰিব পৰা হৈছে। আজিকালি বিদ্যালয়,কলেজবোৰতো বিজ্ঞান শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে।বৰ্তমান জীৱনৰ প্ৰতিটো খোজৰ পিছে পিছে বিজ্ঞানৰ নানা সাধনা ঘূৰি থকা বুলি ক'লে
হয়তো
ভূল নহব।
বিজ্ঞানৰ
এক লাগতিয়াল ও বিশেষ উপাদান হ'ল কম্পিউটাৰ। আজিকালি কিছুমান স্কুল কলেজত কম্পিউটাৰৰ জানিবলগীয়া তথ্য বা চলোৱা-শিকোৱাৰ বাবে এটা এক্সট্ৰা ক্লাছ ৰখা হয়,ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে মানুহে কম্পিউটাৰৰ পৰা হোৱা লাভ বা ইয়াৰ উপকাৰী গুণটো দেখা পাইছে। সেয়েহে মানৱ সমাজত ইয়াৰ প্ৰভাৱ বিশেষভাৱে পৰিছে। যাৰ সহায়ত মানুহে
জীৱনত
লগা কাম তৎক্ষণাত সম্পাদন কৰিব পৰা হৈছে।কম্পিউটাৰে মানুহৰ জীৱন সহজ কৰাৰ উপৰিও সময়ৰ মৰ্যদাৰ ৰক্ষা কৰে বুলি মানুহে ইয়াক অপব্যৱহাৰ কৰিব নোৱাৰে।বিশ্বৰ সকলো দেশতে কম বেছি পৰিমাণে হ'লেও ইয়াৰ প্ৰভাৱ পৰিছে আৰু ইয়াৰ পৰা উপকৃত হৈছে।
সাম্প্ৰতিক সময়ত ক'ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰাত ইয়াৰ প্ৰতিৰোধৰ বাবে সৰ্বস্তৰৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সমূহ বন্ধ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে। তেনে সময়ত মানুহৰ লগত সম্পৰ্ক স্থাপনৰ বিকল্প হিচাপে ইন্টাৰনেট
উপলব্ধ মোবাইল ফোনৰ গুৰুত্ব সমাজত আহি পৰিছে। ক'ৰোনাকালীন এই স্থবিৰতাৰ সময়ছোৱাত অনলাইন শিক্ষা ব্যৱস্থায়ো ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আৰু তথ্য আহৰণত কিছুদূৰ হ'লেও উপকৃত কৰিছে।
বিজ্ঞান অবিহনে মানুহৰ জীৱন আধৰুৱা হৈ ৰ'ব বুলি মই ভাবো। কিয়নো বিজ্ঞানে আমাক জীয়াই থকাৰ অৰ্থ বুজাই দিয়ে, বিজ্ঞানে আমাৰ দেহৰ
সংগঠন
প্ৰণালী বৰ্ণনা কৰি দিয়ে। যাৰ সহায়ত আমি আমাৰ দেহৰ ক্ষতিকাৰক বোৰৰ পৰা ৰক্ষা পৰিব পাৰো । সেয়েহে চৰকাৰে বিজ্ঞান বিষয়ত অধিক ধন ব্যয় কৰি
ইয়াক
আৰু অগ্ৰগতিৰ পথলৈ লৈ যাব চেষ্টা কৰি আছে। ই কুৰি শতিকাৰ আটাইতকৈ মূল্যবান সম্পদ বিজ্ঞানক আমি ভাল দৃষ্টিৰে চায়, ভাৰতত ইয়াৰ প্ৰভাব বিস্তাৰ কৰাত সহায় কৰাতো আমাৰ সকলোৰে কৰ্তব্য হৈ পৰিছে। বহুতে কিন্তু ইয়াক এটা
টান
বিষয় বুলি ভাবি এৰি দিয়ে। আজিকালিৰ যুগত বিজ্ঞানৰ দৰে উন্নতিশীল বিষয় এটাক টান বুলি গণ্য কৰি অৱহেলা কৰাতো উঠি অহা নৱ প্ৰজন্মৰ বাবে ভাল লক্ষণ নহয় বুলি মই ভাবো।আহক আমি সকলোৱে সংকল্প লওঁ বিজ্ঞানক আকোৱালী লৈ আমি
আমাৰ
দেশখনক প্ৰযুক্তি বিদ্যাত চহকী কৰি তুলিম। বিজ্ঞানৰ সাধনাতেই আমি আমাৰ জীৱনটো কটাই নিজৰ দেশখনক আগুৱাই নি বিশ্বৰ দৰবাৰত তোলপাৰ লগাই দিম। ইয়াত কোনোবাই আমাক বেয়া দৃষ্টিৰে চালেও আমাৰ কোনো আক্ষেপ নাথাকিব, কিয়নো বিজ্ঞানেই হ'ল আজিৰ সমাজৰ ইঞ্জিন স্বৰূপ।
ঋতুৰাজ কাকতি
` কামৰূপ








No comments:
Post a Comment