আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো সামগ্ৰী এই আটাইবিলাক বস্তু আহে খনি,কাৰখানা আৰু খেতিয়কসকলৰ পৰা।এইবোৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা যন্ত্ৰ-পাতি,কল-কাৰখানা আদি বোৰক উৎপাদনৰ আহিলা বুলি কোৱা হয়।ইয়াৰ দ্বাৰা উৎপাদন হোৱা পণ্য দ্ৰব্যসমূহক বজাৰত বিক্ৰীৰ বাবে লৈ যোৱা হয়।
কোনো অৰ্থনীতিৰ উৎকৰ্ষ সাধন কৰাত বজাৰ ব্যৱস্থাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এটা অতি গুৰুত্বপূৰ্ণ ধাৰক যি পুঁজিৰ প্ৰসাৰ ঘটাত উদ্যোগী ভূমিকা গ্ৰহণ কৰে।সাম্প্ৰতিক সময়ত বিশ্বায়নৰ যুগত ই ৰাষ্ট্ৰৰ উৎকৰ্ষৰ দৃষ্টিৰে অৰ্থনীতিক অধিক কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত মূখ্য ভূমিকা লয় আৰু এনেদৰে প্ৰতিযোগিতামূলক বজাৰ স্থানত নিজকে খাপ খুৱাই লয়।পুঁজিবাদী বজাৰে তথ্যৰ মানদণ্ড উন্নত কৰিব বিচাৰে কাৰণ ই চৰকাৰী শক্তিশালী উদ্যোগিক নিয়ম-নীতি গ্ৰহণ কৰাত প্ৰধান ভূমিকা গ্ৰহণ কৰে আৰু বাণিজ্যৰ পৰিৱেশ গঢ়াত সহায় কৰে।
সাম্প্ৰতিক কেইখনমান সমাজতান্ত্ৰিক ৰাষ্ট্ৰৰ বাহিৰে বাকী প্ৰায়বোৰ ৰাষ্ট্ৰতে পুঁজিবাদী ব্যৱস্থাৰ প্ৰচলন আছে।পৃথিৱীৰ প্ৰায়বিলাক দেশতেই উৎপাদনৰ বিভিন্ন আহিলাবোৰ জনসাধাৰণৰ ব্যক্তিগত সম্পত্তি।অৰ্থাৎ উৎপাদনৰ আহিলাবোৰ যাৰ তেওঁৱেই এইবোৰৰ মালিক আৰু সমাজৰ বাকীবোৰে এই আহিলাবোৰত হস্তক্ষেপ কৰিব নোৱাৰে।উৎপাদনৰ আহিলাৰ ওপৰত যাৰ অধিকাৰ আছে তেওঁ সেইবোৰ কামত খটুৱাই নানা ধৰণৰ বস্তু তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰে আৰু ইয়াৰ দ্বাৰা লাভ অৰ্জন কৰে।যি সমাজত বা অৰ্থ ব্যৱস্থাত উৎপাদনৰ আহিলাবোৰৰ ব্যক্তিগত অধিকাৰ থাকে আৰু য'ত একমাত্ৰ লাভৰ বাবেই পণ্য উৎপাদন কৰা হয়,সেই সমাজ বা অৰ্থ ব্যৱস্থাটোকেই পুঁজিবাদ বুলি কোৱা হয়।পণ্য সামগ্ৰী বিক্ৰি কৰিবৰ বাবে পুঁজিপতি লোকসকলে প্ৰতিযোগিতাত নামিব লগা হয়।পুঁজিপতিসকলে আধুনিক প্ৰযুক্তি বিদ্যাৰ জৰিয়তে দ্ৰব্য প্ৰস্তুত কৰে।তেওঁলোকে বিজ্ঞানী আৰু অভিযন্তাসকলৰ সহায়ত যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি পণ্য উৎপাদন কৰে।
এফালে যেনেকৈ পুঁজিপতিৰ পুঁজি,ধন-সম্পত্তি বাঢ়ি গৈ থাকে ঠিক সেইদৰে সমাজত দৰিদ্ৰতাৰ সংখ্যাও বৃদ্ধি পাইছে।যিসকলৰ পুঁজি কম তেওঁলোকে ধনী লোকসকলৰ সৈতে প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰে আৰু ইয়াৰ ফলস্বৰূপে নিবনুৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকে।এনেকৈয়ে নিবনুৱা লোকসকলে ধনী পুঁজিপতিসকলৰ শ্ৰমিক হিচাপে কাম কৰে।যন্ত্ৰ-পাতিৰ আৱিস্কাৰৰ ফলত ক্ৰমান্বয়ে শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ সংখ্যাও কমি যায়।সেইবাবে শ্ৰমিকসকলে কম মজুৰিতে কাম কৰে।প্ৰযুক্তিগত উন্নতি সমৰ্থন কৰাৰ সময়ত অৰ্থনীতিৰ উন্নয়নত বজাৰ মূলধনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।গভীৰ আৰু বিস্তৃত মূলধনী বজাৰ ভাৰতৰ অৰ্থনীতিৰ উন্নতি কৰিবলৈ অতি প্ৰয়োজনীয়।ভাৰতৰ বাবে কোম্পানীবোৰক ধনৰ যোগান ধৰিবৰ বাবে বিকল্প উৎসৰ সন্ধান পাবলৈ মূলধনী বজাৰৰ উন্নতি ঘটোৱা আৰু তেনে কৰি বিনিয়োগকাৰী সঞ্চয়ৰ প্ৰসাৰ লাভ কৰা এটা অতি প্ৰয়োজনীয় পদক্ষেপ।
All the goods we use in our daily lives come from mines, factories and farmers. The machinery, factories, etc. needed to produce these are called tools of production. The goods produced are taken to the market for sale .
The market system plays a very important role in the development of an economy. It is a very important lender that plays an entrepreneurial role in the expansion of capital. In the current era of globalization, it plays a major role in making the economy more efficient for the betterment of the country and thus adapting to competitive market space It plays a major role in adopting strong industrial regulations and helps in shaping the trade environment.
In most countries of the world, the means of production are the private property of the people. That is, the owner of the means of production owns them and the rest of society cannot interfere with them Capitalism is a society or economy in which the means of production have private rights and where goods are produced solely for profit. To sell goods Capitalists manufacture goods through modern technology. They produce goods using machinery with the help of scientists and engineers.
On the one hand, as the capital and wealth of the capitalists increases, so does the number of poor people in society. Those with low capital cannot compete with the rich and as a result the number of unemployed people increases -Market capital plays an important role in the development of the economy while supporting technological advancement. Deep and extensive capital markets are essential for the development of India's economy Improving capital markets to find alternative sources of capture and thereby promoting investor savings is a vital step.








No comments:
Post a Comment