মানুহৰ স্বাস্থ্য আৰু ৰোগ || Human health and disease

        শাৰীৰিক,মানসিক আৰু সামাজিক দিশত যিজন সুস্বাস্থ্যৰ অধিকাৰী সেই ব্যক্তিজনক স্বাস্থ্যৱান বুলি ক'ব পাৰি।সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে সন্তুলিত আহাৰ,চাফ-চিকুণতা,দৈনন্দিন ব্যায়াম আদিৰ প্ৰয়োজন।প্ৰাচীন কালৰে পৰা মানুহে যোগ অভ্যাসৰ দ্বাৰা শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি আহিছে।সু-স্বাস্থ্যৰ বাবে সজাগতাৰ প্ৰয়োজন।মানুহে ক্ৰমে বিভিন্ন ৰোগ আৰু তাৰ প্ৰভাৱ ,অসংক্ৰাম্যতা,সংক্ৰামক ৰোগ,স্থানীয় নলা-নৰ্দমা পৰিস্কাৰ কৰণ,জাৱৰ-যোথৰৰ সঠিক নিক্ষেপন,বীজাণু মুক্ত খাদ্য গ্ৰহণ তথা বাহক জনিত ৰোগ আদিৰ বিষয়ে সজাগ হোৱা উচিত।
         ৰোগ সাধাৰণতে দুইধৰণৰ-সংক্ৰামক আৰু অসংক্ৰামক ৰোগ।সংক্ৰামক ৰোগ সহজে এজন ৰোগীৰ পৰা আনলৈ বিয়পিব পাৰে।সময়ে সময়ে সংক্ৰামক ৰোগে একেলগে বহু মানুহৰ স্বাস্থ্য হানি কৰিব পাৰে।কিছুমান সংক্ৰামক ৰোগ যেনে এইড্‌চ,HIV আদি।অসংক্ৰামক ৰোগৰ ভিতৰত কৰ্কট ৰোগে বহু মানুহৰ প্ৰাণ লয় যদিও বৰ্তমান আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগত নতুন নতুন চিকিৎসাৰ আৱিস্কাৰে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সহজ কৰি তুলিছে।ইয়াৰ উপৰিও কিছুমান অবিবেচিত ঔষধ বা ৰাগিয়াল বস্তু আৰু মাদক দ্ৰব্যইও মানুহৰ শৰীৰৰ কু-প্ৰভাৱ পেলায়।
          কিছুমান অতি ক্ষুদ্ৰ জীৱ যেনে-বেক্টেৰিয়া,ভাইৰাছ,ভেঁকুৰ,আদ্যপ্ৰাণী,অন্ত:পৰজীৱী আদিয়ে আক্ৰমণ কৰি মানুহৰ শৰীৰত বেমাৰ সৃষ্টি কৰে।এনেকুৱা বেমাৰ ঘটাব পৰা জীৱক ৰোগোৎপাদক বোলা হয়।সকলো পৰজীৱী জীৱই ৰোগোৎপাদক কাৰণ সিবোৰ জীৱই শৰীৰৰ ভিতৰত বা বাহিৰত থাকি পোষকক যথেষ্ট হানি কৰে।বীজাণুবোৰে মানুহৰ শৰীৰত বিভিন্ন ধৰণে প্ৰৱেশ কৰি সহজে বংশবৃদ্ধি কৰিব পাৰে আৰু শৰীৰৰ বাহ্যিক অৱয়ৱত ৰোগ সৃষ্টি কৰাৰ উপৰিও শৰীৰৰ কাৰ্যক্ষমতা ব্যাহত কৰে।বীজাণু বা পৰজীৱী বোৰে পোষকৰ দেহত বৰ্তি থাকিবলৈ নিজকে অভিযোজিত কৰিব লাগে।মানুহৰ দেহৰ ভিতৰৰ সাধাৰণ ৰোগসমূহ হ'ল-টাইফয়ড,নিউম'নিয়া,চৰ্দি বা পানী লগা জ্বৰ,মেলেৰিয়া আদি।
         মানুহৰ দেহৰ চালমোনেলা টাইফি নামৰ এটি বেক্টেৰিয়াই টাইফইড ৰোগ সৃষ্টি কৰে।খাদ্য বস্তু বা পানীৰ সৈতে এই বীজাণু মানুহৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰি শেষত তেজ প্ৰৱাহৰ দ্বাৰা বিভিন্ন অংগলৈ প্ৰৱাহিত হয়।টাইফইড ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত ক্ৰমে তীব্ৰ জ্বৰ,দুৰ্বলতা,পেটৰ বিষ,কোষ্ঠকাঠিন্য,মূৰৰ বিষ আৰু খোৱা-বোৱাৰ অনীহা আদি লক্ষণ পৰিলক্ষিত হয়।ষ্ট্ৰেপটোক্কাছ নিউম'নি আৰু হেম'ফিলাছ ইনফ্লুৱেঞ্জি নামৰ বেক্টেৰিয়া দুবিধে মানুহৰ দেহত নিউম'নিয়া ৰোগ সৃষ্টি কৰে।এই ৰোগত হাওঁফাওঁৰ এলভিওলাই বোৰ আক্ৰান্ত হয়।এনে সংক্ৰমণত এলভিওলাইবোৰ জুলীয়া পদাৰ্থবোৰ ভৰ্তি হৈ উশাহ-নিশাহ লোৱাত যথেষ্ট কষ্টকৰ কৰি তোলে।মানুহৰ শৰীৰত ভাইৰাছবোৰৰ আক্ৰমণত কিছুমান ৰোগ হোৱা দেখা যায়।সাধাৰণতে হোৱা চৰ্দি বা পানী লগা ৰোগ ৰাইন' ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ।এনে ভাইৰাছে নাসাৰন্ধ্ৰ পথ আৰু শ্বাসনলী আক্ৰমণ কৰে কিন্তু হাওঁফাওঁৰ ক্ষতি কৰিব নোৱাৰে।চৰ্দি লগা ৰোগত ক্ৰমে নাক জ্বলা-পোৰা কৰা,কাহ,মূৰৰ বিষ,ডিঙিৰ চৰচৰণি,শৰীৰ অৱসপাত লগা আদি লক্ষণ পৰিলক্ষিত হয়।আদ্যপ্ৰাণীৰ অন্তৰ্গত জীৱ কিছুমানেও মানুহৰ শৰীৰত মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে।ইয়াৰ ভিতৰত মেলেৰিয়া ৰোগ অন্যতম।প্লাজম'ডিয়াম নামৰ এবিধ এককোষী জীৱৰ আক্ৰমণত মেলেৰিয়া বেমাৰ হয়।
         মানুহে নিজকে সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ হ'লে পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকাটো অত্যন্ত জৰুৰী।লগতে চৌপাশটো পৰিস্কাৰ কৰি ৰখাটো প্ৰয়োজনীয়।


         A person who is physically, mentally and socially healthy is healthy. Good health requires a balanced diet, hygiene, daily exercise, etc. Since ancient times, people have practiced yoga physically and mentally Awareness is needed for good health.People should be aware of various diseases and their effects ,infectiousness,infectious diseases,cleaning of local sewers,proper disposal of garbage,consumption of sterile food and vector borne diseases etc. respectively Should be.
         There are two main types of diseases: infectious and non-communicable diseases. Infectious diseases can be easily spread from one person to another. From time to time, infectious diseases can affect the health of many people together In addition, some unconsidered medicines or alcoholic beverages and drugs also have adverse effects on the human body.
          Some very small organisms such as bacteria, viruses, fungi, protozoa, endoparasites, etc. invade and cause disease in the human body. Organisms that cause such diseases are called pathogens. All parasites are pathogens because they live inside or outside the body Bacteria can enter the human body in various ways and reproduce easily and cause diseases in the external organs of the body as well as disrupt the functioning of the body. Bacteria or parasites must adapt to survive in the body of the host. Pneumonia, cold or watery fever, malaria, etc.
          Typhoid is caused by a bacterium called Salmonella typhi in the human body. The bacteria enter the small intestine with food or water and eventually spread through the bloodstream to various organs Pneumonia is caused by two bacteria, Streptococcus pneumoniae and Haemophilus influenzae, which affect the alveoli of the lungs. In this infection, the alveoli are filled with fluids and breathe The most common cold or dehydration is an infectious disease caused by the rhinovirus. The virus infects the nasal passages and respiratory tract but cannot damage the lungs -Burning, cough, headache, sore throat, and body fatigue. Some protozoa can also cause serious diseases in humans. These include malaria. Malaria is caused by the infection of a unicellular organism called Plasmodium.
          It is very important for people to keep themselves clean and hygienic. It is also necessary to keep their surroundings clean.

No comments:

Post a Comment