মৌখিক লোকসাহিত্য || Oral Folklore

                          সকলো জাতিৰে সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে প্ৰচলিত গীত-মাত,প্ৰৱচন,সাধুকথা আদি পোৱা যায়।অসমীয়া ভাষাটো লোকগীত,সাধুকথা,প্ৰৱচন আদি প্ৰচলিত আছে।সাহিত্যই লিখিত ৰূপ পোৱাৰ পিছতো নিৰক্ষৰ জনসমাজত মুখে মুখে গীত-পদ ৰচনা কৰি মৌখিকভাৱেই প্ৰচলন হোৱাৰ ৰীতি চলি আছে।
                        সপ্তম শতিকাত অসমীয়া ভাষাই প্ৰকৃত-অপভ্ৰংশ স্তৰ অতিক্ৰম কৰি স্বতন্ত্ৰ ৰূপ পৰিগ্ৰহ কৰা নাছিল।অসমীয়া ভাষাই স্বতন্ত্ৰৰীয়া ৰূপ নাপালেও জনসাধাৰণে প্ৰাক্‌ অসমীয়া এটা জনভাষা কৈছিল বুলি ক'ব পাৰি।প্ৰাক-অসমীয়া জনভাষাত গীত-মাত ৰচিত হোৱা আৰু সেই গীত-মাতৰ কিছু অংশই ৰূপ সলাই পৰৱৰ্তী যুগত অসমীয়া ৰূপে পৰিচিত হোৱাটো নুই কৰিব নোৱাৰি।সকলো ভাষাৰত লিখিত আৰু পৰিমাৰ্জিত সাহিত্য সৃষ্টি হোৱাৰ আগতে জনসমাজে মৌখিক গীত-নৃত্যৰ মাজেদিয়েই সামূহিক জীৱনৰ আশা-নিৰাশা,প্ৰেম-প্ৰীতি,আনন্দ-উৎসৱত ভাৱ ফুটাই তোলে।অসমীয়া ভাষা-ভাষী লোকসকলেও লিখিত তথা পৰিমাৰ্জিত সাহিত্য সৃষ্টি কৰাৰ আগতে মৌলিক সাহিত্যৰ যোগেদি জীৱনৰ নানান অভিব্যক্তি প্ৰকাশ কৰিছিল।সাম্প্ৰতিক সময়ত যিখিনি মৌলিক লোক-গীতে অসমীয়া সাহিত্যৰ সৌষ্ঠৱ আৰু শোভা বৰ্ধন কৰিছে সেইখিনিক কোনোমতেই বৈষ্ণৱ যুগৰ আগলৈ ঠেলিব নোৱাৰি।
                          অসমীয়া লোকসাহিত্য সমূহ হ'ল-লোকগীত,ফকৰা-যোজনা আৰু প্ৰৱচন,সাধুকথা।বিভিন্ন সাধুকথাই সমাজৰ বিভিন্ন স্তৰৰ আভাস দিয়ে।প্ৰেম-প্ৰীতি,পিতৃ-স্নেহ,মাতৃ স্নেহ,সপত্নী-বিদ্বেষ,অসূয়া-ঈৰ্ষা,জীয়াই থকাৰ স্পৃহা,জনবিশ্বাস,কু-সংস্কাৰ আদি আদিম ভাব আৰু অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ সাধুবোৰত দেখা যায়।নৈতিক জীৱনৰ আদৰ্শও পৰোক্ষভাৱে দাঙি ধৰে।তেজীমলা,তুলা আৰু তেজা,চিলনী জীয়েকৰ সাধু আদি সাধুকথাবোৰত প্ৰাচীনতাৰ চিনাকি পোৱা যায়।
                          ফকৰা-যোজনা আৰু প্ৰৱচনবোৰত সাংসাৰিক অভিজ্ঞতালব্ধ জ্ঞানমূলক নীতি,বিভিন্ন সময়ত প্ৰতলিত জীৱন কাহিনী আৰু আদৰ্শবাদ,জাতিৰ মনস্তত্ব,আচাৰ-ব্যৱহাৰ আদিত সমালোচনা পোৱা যায়।এই প্ৰবচন প্ৰবাদ বাক্যবোৰ হৈছে 'দহৰ জ্ঞান,একৰ বাণী'।চুটি চুটি বাক্যত একোটা সাৰগৰ্ভ সত্য বা অভিজ্ঞতা প্ৰকাশ কৰিব পৰা অদ্ভুত শক্তি আদিবোৰ লক্ষ্য কৰা যায়।ফকৰাবোৰ সাধাৰণতে গূঢ়াৰ্থক,আপাত বক্তব্যৰ অন্তৰালত একোটা নিগৃঢ় অৰ্থ সোমাই থাকে আৰু কিছুমানত ভকতীয়া অৰ্থও থাকে।কেতিয়াবা একোটা প্ৰবাদ বাক্যৰ অন্তৰালত সাধুকথা বা পৌৰাণিক সাহিত্য সোমাই থাকে।বহুতো ডাকৰ বচন প্ৰবাদ বাক্যৰূপে প্ৰচলিত হৈ আহিছে।কৃষি সম্পৰ্কীয় জ্যোতিষ বচনবোৰ,প্ৰবচনবোৰ,সু আৰু কু নাৰীৰ লক্ষণ,গাৰ্হস্থ্য নীতি কিছুমানো ডাকৰ বচন বুলি জনসমাজত প্ৰচলিত হৈ আহিছে।গতিকে প্ৰবাদ-প্ৰবচন,পটন্তৰৰ একাংশ ডাকৰ বচনে সামৰি লৈছে।
                          

                There are many ways in which you can improve your self-confidence, but the most important thing is to improve your self-confidence. There are many ways in which you can improve your self-confidence, but the most important thing is to improve your self-confidence The ritual continues.
                Therefore, it is important to understand that the Assamese language did not take an independent form in the seventh century. Although the Assamese language did not take an independent form, the people spoke a pre-Assamese folk language Therefore, it is important to understand the importance of these characteristics in the development of the country's economy. Therefore, it is important to understand the importance of these characteristics in the development of the country's economy There is no way to push back the Vaishnava era to the original folk songs that have enhanced the beauty and splendor of Assamese literature at present.
                 There are many ways in which you can improve your self-confidence, but the most important thing is to improve your self-confidence. There are many ways in which you can improve your self-confidence, but the most important thing is to improve your self-confidence. The fairy tales are a simple and open expression of primitive feelings and customs. They also indirectly present the ideals of moral life.
                 These proverbs and sayings are 'ten knowledge, one word' Proverbs are usually mysterious, with a strong meaning behind the apparent statement and sometimes with a devotional meaning. Sometimes a proverb is followed by a fairy tale or mythological literature There are many astrological proverbs, proverbs, signs of good and bad women, household rules that are also popular in the society.

No comments:

Post a Comment