অসম,উত্তৰবংগ,নেপাল,ভূটান,বিহাৰ,মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লোক আছে তেওঁলোকৰ মূল হ'ল কোচ।এওঁলোক হিন্দু ধৰ্মীয় লোক।বহুতে কোচ আৰু ৰাজবংশী সকলক পৃথক পৃথক ভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰে।বহুতো ঠাইত অকল কোচ আৰু ৰাজবংশী বুলি লিখে যদিও ৰাজবংশীৰ মূল যে কোচ সেইটো অস্বীকাৰ কৰা নাযায়।মেঘালয় আৰু অসমৰ কিছুমান কোচ লোকে সুপ্ৰাচীন কোচ ভাষা আৰু সংস্কৃতি প্ৰতিপালন কৰি আহিছে।তেওঁলোকৰ ধাৰাটো হ'ল আৰ্যেতৰ ধাৰা।পশ্চিম অসম,উত্তৰ বংগ,নেপাল,বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লোকসকলৰ ভাষা-সংস্কৃতি হ'ল আৰ্য-ভাষা সংস্কৃতি।দুটা পৃথক ধৰণৰ ভাখা-সংস্কৃতি প্ৰতিপালন কৰিলেও নৃ-তাত্বিকভাৱে সকলো কোচ ৰাজবংশী লোকৰ মূল একেটাই,সেয়াই হ'ল কোচ।ঠাই বিশেষে এওঁলোক কোচ,কোচ-ৰাজবংশী,ক্ষত্ৰিয় ৰাজবংশী বা ৰাজবংশী,কোনো ঠাইত অকল ক্ষত্ৰিয় বুলিও জনা যায়।এওঁলোক ক্ষত্ৰিয় বুলি পৰিচিত হ'লেও আৰ্য-ক্ষত্ৰিয় নহয়।সকলোৰে সংস্কৃতিত জনজাতীয় ছাপ স্পষ্ট।অসম,বংগ,বিহাৰ,নেপাল আৰু বাংলাদেশ আদি ঠাইত এওঁলোক ৰাজবংশী বুলি পৰিচিত।
ৰাজবংশী সকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ-সম্ভাৰ,সৰ্বনাম,নিজস্ব ক্ৰিয়াৰূপ,শব্দৰূপ,মৌখিক আৰু লিখিত সাহিত্য,উচ্চাৰণ ভংগী,নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে।সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষা সমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন এটি ভাষা।বৰ্ণ হিন্দুৰ আচাৰ-নীতি গ্ৰহণ কৰিলেও কোচ-ৰাজবংশীসকলৰ নিজস্ব আচাৰ-সংস্কাৰ,পূজা-পাৰ্বণ,ধৰ্মীয় বিশ্বাস,খাদ্য-সম্ভাৰ,পোছাক-পৰিচ্ছদ,আ-অলংকাৰ,গীত-মাত আদি বিদ্যমান।এই সকলোবোৰ স্বকীয় মহিমাৰে সমুজ্জ্বল কোচ-ৰাজবংশী সকলৰ জন্ম-মৃত্যু,বিয়াৰ নিজস্ব আচাৰ-নীতি,মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস,মৃতকৰ প্ৰতি শ্ৰদ্ধা,নানা ঐন্দ্ৰজালিক ক্ৰিয়া,তন্ত্ৰ-মন্ত্ৰ আদি বিশ্বাস,প্ৰকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা,বট গছক পূজা,টোটেমৰ প্ৰতি শ্ৰদ্ধা,জীৱ-জন্তুৰ পূজা,মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্ৰেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস।নানা ধৰণৰ বাধা নিষেধ বা অনুশাসন,খোৱা,বেষমা বা বিষুৱা,পুষুণা,কাতিগজা,হোলি,চড়ক পূজা,গাজন,মনসা,বিষহৰি,শীতলা,মাসান,কালী আদি পূজাবোৰত অৰ্ধহিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান।
ৰাজহুৱা কামত চাউল,কল,কলৰ গছ,নাৰিকল,তামোল-পাণ,পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়।ধৰ্ম পালনৰ বেলিকা বৰ্ণ-হিন্দুৰ দেৱ-দেৱীক পূজা-অৰ্চনা,ভক্তি শ্ৰদ্ধা কৰাৰ লগতে তেওঁলোকৰ নিজস্ব বিধিৰে,বুঢ়া-বুঢ়ী,হুদুম পূজা,গ্ৰাম পূজা,ধাম পূজা,মাশান,যখা,সোণাৰায়,কাতি,ষাইটল আদি পূজা কৰে।ধৰ্মীয় সংস্কাৰৰ ভিতৰত আমাতি,যাত্ৰাপূজা,সত্য নাৰায়ণ,ত্ৰিনাথ পূজা আদি আছে।পোছাক-পৰিচ্ছদৰ ভিতৰত-মহিলাসকলৰ পাটানী,বুকুনী,ফোতা,ছেউতা,আ-অলংকাৰৰ ভিতৰত-হাতৰ মুঠাখাৰু,চুৰি,শাখা,বাজু,গলৰ সূৰ্যহাৰ,চন্দ্ৰহাৰ,সিক্কাহাৰ,কাণত মাকিৰি,অন্তি,নাকত নোলোক,ফুল,ভৰিত তোলা খাৰু,ফেলা খাৰু আদি বিখ্যাত।
গীত-মাতৰ ভিতৰত কোচ-ৰাজবংশী সকলৰ ভাওয়াইয়া গান,বিভিন্ন পূজাৰ গান,ৰাবাণ গান,কুশান গান,দোতোৰা গান,বিষহৰি পূজাৰ গান,মাৰৈ পূজাৰ গান,তুকখা গান,লাহাংকাৰী গান,নটুয়া,শাঙী ঢাকৰ গান,ডাক নাম,জাগ গান আদি স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন।কোচ-ৰাজবংশীসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ,শৈৱ,শাক্ত প্ৰভাৱৰ উপৰি বৰ্ণ হিন্দুৰ প্ৰতি আকৰ্ষিত হোৱাৰ ফলত পৌৰাণিক প্ৰভাৱ,শংকৰী বৈষ্ণৱ আৰু গৌড়ীয় প্ৰভাৱো পৰিছে।ইয়াৰ পিছতো কোচ-ৰাজবংশীসকলৰ সংস্কৃতিত প্ৰাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা পোৱা যায়।
The Rajbanshi people in Assam, North Bengal, Nepal, Bhutan, Bihar, Meghalaya and Bangladesh are of Koch origin. They are Hindu people. Many people want to establish Koch and Rajbanshi separately There is no denying that the Rajbanshis are of Koch origin. Some Koch people of Meghalaya and Assam have maintained the ancient Koch language and culture. Their stream is the Aryan stream. They are also known as Kochs, Koch-Rajbangshis, Kshatriya Rajbanshis or Rajbanshis, in some places only as Kshatriyas They are known as Kshatriyas but not Arya-Kshatriyas. They have tribal imprints in their cultures. They are known as Rajbanshis in places like Assam, Bengal, Bihar, Nepal and Bangladesh.
The Rajbanshi language has its own vocabulary, pronouns, verb forms, word forms, oral and written literature, pronunciation, syntax, etc. Therefore, it is distinct from other modern Indian Aryan languages. The Koch-Rajbongshis have their own customs, festivals, religious beliefs, food, dress, ornaments, songs, etc. The Koch-Rajbongshis are born with their own glory -Death, marriage, belief in the existence of the soul after death, respect for the dead, various magical rituals, belief in tantra, worship of the Creator of nature as mother, worship of the Bat tree, respect for totems, worship of animals, humans Diseases and bad events are believed to be caused by evil forces or ghosts. Various restrictions or disciplines, food, beshma or bishua, pushuna, katigaja, holi, road worship, gajan, manasa, bishahari, shitala, masaan, kali, etc The pujas have semi-Hindu or tribal characteristics.
They are used in public works such as rice, bananas, banana trees, coconuts, coconuts, flour, etc. They worship the gods and goddesses of the caste-Hindu people and follow their own rituals ,Dham Puja,Mashan,Yakha,Sonarai,Kati,Saital etc. Religious rituals include Amati,Yatra Puja,Satya Narayan,Trinath Puja etc -They are famous for their bracelets, necklaces, necklaces, necklaces, necklaces, necklaces, necklaces, necklaces, necklaces, necklaces, necklaces, earrings, noses, flowers, necklaces, necklaces, etc.
These include Bhawaiya songs, various puja songs, Raban songs, Kushan songs, Dotora songs, Bishahari puja songs, Marai puja songs, Tukkha songs, Lahankari songs, Natua, Shangi dhakar songs, Dak nam, Jag songs etc The Koch-Rajbongshis have their own culture, Buddhist, Shaiva, Shakta influences, mythological influences, Shankari Vaishnavism and Gaudiya influences. The Koch-Rajbongshis also have ancient tribal characteristics It can be seen.








No comments:
Post a Comment