বাল্য বিবাহ হৈছে এগৰাকী নাবালিকা ছোৱালীক এজন প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিয়া দিয়াৰ প্ৰণালী।ভাৰতৰ কিছুমান ঠাইত বৰ্তমানেও বাল্য বিবাহ প্ৰথা প্ৰচলিত হৈ আছে।বাল্য বিবাহৰ অন্য এটা ৰূপ হৈছে ল'ৰা আৰু ছোৱালীক সৰুতেই বিয়া পাতি থয় অৰ্থাৎ ল'ৰা-ছোৱালীৰ মাক-দেউতাকে সৰুতেই দৰা-কইনা ঠিক কৰি থয়।কিন্তু বিবাহৰ ঊপযূক্ত বয়স নোহোৱা পৰ্যন্ত ল'ৰা-ছোৱালীৰ মাজত দেখা-দেগি নহয়।উপযুক্ত বয়সৰ তলত বিয়া পাতিলে সেই বিবাহক অবৈধ বিবাহ বুলি কোৱা হয়।
সমাজত বাল্য বিবাহ বিভিন্ন কাৰণত হোৱা দেখা পোৱা যায়।পৰিয়ালৰ দৰিদ্ৰতা,নিৰক্ষৰতা,যৌথ পৰিয়াল আদি কাৰণ সমূহৰ বাবে বাল্য বিবাহ হোৱা দেখা যায়।বাল্য বিবাহৰ বিভিন্ন কাৰণবোৰ তলত উল্লেখ কৰা হ'ল-
(১)দৰিদ্ৰতা:-বহু সময়ত দৰিদ্ৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক লালন-পালন কৰিব নোৱাৰাৰ বাবে,কন্যা সন্তানৰ দায়িত্ব ল'ব নোৱাৰাৰ বাবে,আৰ্থিকভাৱে দুৰ্বল হোৱা পিতৃ-মাতৃয়ে বিভিন্ন কাৰণৰ বাবে বাধ্যত পৰি নিজৰ ছোৱালীজনীক বয়সস্থ লোকৰ লগত বিয়া দিব লগা হয়।ইয়াৰ বাহিৰেও অান কিছুমান পিতৃ-মাতৃ আৰু পৰিয়ালৰ মানূহে ইচ্ছানুসৰি ছোৱালীজনীৰ অমান্তি থকাৰ পিছতো বাল্য বিবাহ কৰি দিয়ে।
(২)নিৰক্ষৰতা:-বহু সময়ত পিতৃ-মাতৃৰ নিৰক্ষৰ হোৱা হেতুকে ল'ৰা-ছোৱালীক উপযুক্ত বয়সতকৈ আগতে বিবাহপাশত আৱদ্ধ কৰোৱা হয়।তেওঁলোকে ছোৱালীক শিক্ষা দিয়াটো টকাৰ অপচয় বুলি গণ্য কৰে।তেওঁলোকে ছোৱালীজনীক সোনকালে বিয়া দিব বিচাৰে।
(৩)যৌথ প্ৰথা:-ভাৰতৰ পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত মঘিলাৰ কোনো কথাই বিশেষ গুৰুত্ব নাপায়।যৌথ পৰিয়ালত ছোৱালীক বোজা বুলি ভবা হয়।তদুপৰি কৃষিপ্ৰধান পৰিয়ালত এজন সদস্য বৃদ্ধি কৰিব বিচাৰে আৰু ছোৱালীক সোনকালে বিয়া দি বোজা আঁতৰ কৰিব লাগে বুলি ভবা হয়।
বাল্য বিবাহৰ কিছুমান কু-প্ৰভাৱ পৰিলক্ষিত হয়।বাল্য বিবাহৰ বাবে আধাতে বিদ্যালয় ত্যাগ কৰিব লগা হোৱা ছোৱালীয়ে কোনোধৰণৰ কৰ্মসংস্থাপনৰ সুবিধা নাপায়।বাল্যবিবাহত আৱদ্ধ হোৱা কমবয়সীয়া ছোৱালীবোৰ গৰ্ভৱতী হোৱাৰ অৱস্থাত মৃত্যুৰ সম্ভাৱনীয়তা বহুত বেছি থাকে।ইয়াৰ ফলত ছোৱালীবোৰে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়।বাল্য বিবাহে সমাজত সমাজত লিংগ অসমতা,লিংগ বৈষমতা আদি অব্যাহত ৰখাত অৰিহণা যোগায়।
বাল্য-বিবাহ ৰোধ কৰাৰ উপায়সমূহ হৈছে-পিতৃ-মাতৃক স্বাক্ষৰ কৰি তোলা,চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে বাল্য বিবাহ নিষিদ্ধকৰণ আইনৰ সফল কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ভাৰত চৰকাৰে বাল্য বিবাহ নিষিদ্ধকৰণৰ বাবে "বাল্য বিবাহ নিষেধ আইন" গ্ৰহণ কৰিছিল যদিও সফলভাৱে কাৰ্যকৰী হোৱা নাছিল।বত্তমান অসমৰ মূখ্যমন্ত্ৰীদেৱে ৰাজ্যৰ বাল্যবিবাহ ৰোধ কৰাৰ বাবে আগৰে পৰা উপযুক্ত বয়সতকৈ কম বয়সতে বিবাহত আৱদ্ধ হোৱা লোকক কাৰাদণ্ড বিহিবৰ বাবে আইন বলৱৎ কৰিছে।ইয়াৰ ফলত বৰ্তমান সমাজ মাধ্যমত পৰিলক্ষিত হৈছে যে প্ৰায় লোকে এই ব্যৱস্থাটোক উপলুঙা কৰিছে আৰু সমাজত যথেষ্ট প্ৰভাৱ পৰিছে।
Child marriage is the marriage of a minor girl to an adult. Child marriage is still practiced in some parts of India. Another form of child marriage is the marriage of boys and girls at an early age -The bride is arranged. But the children do not see each other until they are of the appropriate age for marriage. If the marriage is under the appropriate age, the marriage is called illegal.
Child marriage is a common cause of child marriage in the society. The causes of child marriage are poverty, illiteracy, joint family etc. The following are the causes of child marriage:
(1) Poverty:-Many times poor parents are unable to raise their children, unable to take responsibility for their daughters, financially weak parents are forced to marry their daughters to older people for various reasons .There are also other parents and family members who marry the girl at will despite her refusal.
2. Illiteracy: Many times children are married before the appropriate age due to illiteracy of their parents. They consider educating their daughters as a waste of money. They want to marry their daughters soon.
(3) Joint practice:-In the male dominated society of India, nothing about Maghila is considered as a burden. In joint families, girls are considered as a burden.
There are some negative effects of child marriage. Girls who drop out of school halfway due to child marriage do not get any employment opportunities. Young girls who are trapped in child marriage are more likely to die during pregnancy. Child marriage contributes to the perpetuation of gender inequality, gender discrimination in society.
Ways to prevent child marriage are to get parents to sign, government and non-government organizations should take measures for successful implementation of the Child Marriage Prohibition Act.
The Government of India passed the "Prohibition of Child Marriage Act" to ban child marriage but it was not successfully implemented. The current Chief Minister of Assam has already enacted a law to prevent child marriage in the state It has been observed that most people have despised this system and it has had a significant impact on the society.








No comments:
Post a Comment