বিশ্বৰ অন্যতম জনপ্ৰিয় খেল ফুটবল || Football is one of the most popular sports in the world

                     ফুটবল হ'ল এবিধ বহি:ক্ৰীড়া।ইয়াক ছ'কাৰ বুলিও জনা যায়।সাম্প্ৰতিক সময়ত এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ ভিতৰত অন্যতম এবিধ জনপ্ৰিয় খেল।ঘাঁহযুক্ত পথাৰত এটা ডাঙৰ বল ভৰিৰে ঠেলি খেলা এবিধ জনপ্ৰিয় খেল হ'ল ফুটবল খেল।ফুটবল এক তাৎক্ষণিক,গতিশীল,জীৱন্ত খেল।
                        অতি প্ৰাচীন কালৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশত ফুটবল খেলৰ প্ৰচলন আছিল।ইংলেণ্ডত ত্ৰয়োদশ শতিকামানৰ পৰাই এই খেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হয়।ফুটবল খেলে উনবিংশ শতিকা মানৰ পৰা সাম্প্ৰতিক সময়ৰ অৱস্থা লাভ কৰিব পাৰিছে।১৮৫০ চন মানৰ পৰা লক্ষ্য কৰা হ'ল যে ফুটবলৰ পৰাও বহুত কথা শিকিব পাৰি।শিক্ষাৰ ক্ষেত্ৰত ফুটবলক সংযোগ কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰ মনোভাৱ,গোষ্ঠী আনুগত্য,সাহস,নেতৃত্ব দিয়াৰ ক্ষমতা,নীতি-নিয়ম,শৈলীৰ মাজেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আদিৰ প্ৰতি আগ্ৰহ আদি অনেক গুণৰ অধিকাৰী হ'ব পাৰে।এনেবোৰ ধাৰণাৰ বাবেই খেলা-ধূলাক বিদ্যালয়-মহাবিদ্যালয়সমূহত বাধ্যতামূলক হিচাপে আৰম্ভ কৰা হয়।
                            ফুটবলৰ প্ৰথম শিক্ষাকেন্দ্ৰ আছিল শ্বেফিল্ড।১৮৫৭ চনত যেতিয়া শ্বেফিল্ডত নিয়ম-কানুন প্ৰচলন হৈছিল তাত তেতিয়া মাত্ৰ দুটাহে ফুটবল ক্লাৱ।১৮৬৩ চনত কেইটামান ইংলেণ্ডৰ কেইটামান ফুটবল ক্লাৱ লগ লাগি ফুটবল এছ'চিয়েচন গঢ়ি তোলে।ইয়াৰ পাছতেই লাহে লাহে বিভিন্ন দেশৰ বিভিন্ন ঠাইৰ চুকে-কোণে ফুটবল খেল বিয়পি পৰিবলৈ ধৰিলে।ইংৰাজসকলে ফুটবল খেলক সংযত আৰু আকৰ্ষণীয় ৰূপত সজাই-পৰাই ইয়াৰ বিস্তাৰ আৰু প্ৰচাৰৰ দায়িত্ব লয়।ইংলেণ্ডৰ নদাণ ইউনিয়নে ফুটবল খেলক এক পেছাদাৰী খেল ৰূপে স্বীকৃতি প্ৰদান কৰে।ইয়াৰ পিছত বিশ্বৰ আন দেশতো ফুটবল সংস্থাবোৰ স্থাপিত হয়।
                           ১৯০৪ চনত আন্তৰ্জাতিক ফুটবল সংস্থা ফিফা প্ৰতিষ্ঠা কৰা হয়।বৰ্তমান ফিফাই বিশ্বৰ দুটা বৃহৎ ফুটবল প্ৰতিযোগিতা বিশ্বকাপ ফুটবল আৰু অলিম্পিক ফুটবল নিয়ন্ত্ৰণ কৰে।কিছুমান দেশত ইয়াক ছ'কাৰ বুলিও কোৱা হয়।ফুটবলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ নাম হ'ল বিশ্বকাপ ফুটবল আৰু ইয়াক 'ফিফা'ই পৰিচালনা কৰে।১৯৩০ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল।প্ৰথম অৱস্থাত এই প্ৰতিযোগিতাত দিয়া ট্ৰফীটোৰ নাম আছিল জুলে ৰিমে কাপ।কিন্তু পিছত 'ফিফা বিশ্বকাপ' নামেৰে আন এটা ট্ৰফী প্ৰচলন কৰা হয়।
                             ফুটবল খেল সাধাৰণতে ৯০ মিনিট খেলা হয়।এই খেলত দুয়োটা দলতে ১১ জনকৈ সদস্যই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।এজন ফুটবল খেলুৱৈয়ে হাত আৰু বাহুৰ বাহিৰে শৰীৰৰ যিকোনো অংশৰে ফুটবলটো স্পৰ্শ কৰিব পাৰে।ফুটবল খেলৰ মূল লক্ষ্য হৈছে বিপক্ষৰ গ'ল পোষ্টৰ ভিতৰত বলটো সুমুৱাই দিয়া।তাকে কৰিবলৈ যাওঁতে খেলুৱৈ সকলে বিভিন্ন কৌশলৰ সহায় ল'ব লগা হয়।খেলত চাৰিজন ৰেফাৰী থাকে।এজন ৰেফাৰীয়ে খেলপথাৰখনত দৌৰি দৌৰি খেলখন পৰিচালনা কৰে।ভাৰতবৰ্ষত ফুটবলৰ জনপ্ৰিয়তা আছে যদিও আন্তৰ্জাতিক প্ৰেক্ষাপটত বিশেষ সফলতা অৰ্জন কৰিব পৰা নাই।

Football is an outdoor sport. It is also known as soccer. It is one of the most popular sports in the world nowadays. Football is a popular sport played by kicking a large ball on a grassy field ,dynamic,lively game.
                         Football has been played in many countries since ancient times. It gained popularity in England in the 13th century. Football has reached its present state since the 19th century Integrating football into education can help students develop a sense of cooperation, group loyalty, courage, leadership skills, interest in participating in competition through rules, style, etc. Dust was introduced as compulsory in schools and colleges.
                             Sheffield was the first center of football education. When rules were introduced in Sheffield in 1857, there were only two football clubs. In 1863, several football clubs from England formed the Football Association The game began to spread. The British took responsibility for the spread and promotion of football by decorating it in a restrained and attractive manner. The Nadan Union of England recognized football as a professional sport.
                            FIFA was founded in 1904. Currently, FIFA controls the two largest football competitions in the world, the World Cup and Olympic Football. In some countries it is also known as soccer. It manages the first World Cup football in 1930. Initially, the trophy awarded in the tournament was called the Jules Rimé Cup, but later another trophy was introduced as the FIFA World Cup.
                              Football is usually played for 90 minutes. Both teams can compete with 11 members. A football player can touch the football with any part of his body except his hands and arms. There are four referees in the game. One referee runs around the field and conducts the game. Football is popular in India but has not achieved much success internationally.

No comments:

Post a Comment