আমি আৰু পৃথিৱীৰ আয়ুস|| we and the life of the earth

আমি আৰু পৃথিৱীৰ আয়ুস



    পৃথিৱী! বৰ্তমালৈকে সৌৰজগতৰ একমাত্ৰ গ্ৰহ, য'ত প্ৰাণী আশ্ৰয় স্থল। যি প্ৰায় ৭.২ বিলিয়ন মানুহৰ বিপৰীতে বোধ হয় যুঁজি আছে বুলি কলেও বঢ়াই কোৱা নহ'ব। বাৰু!  এতিয়া আহোঁ মূল কথালৈ গোলকীয় উষ্ণতা বৃদ্ধি কিয় হৈছে? এই কথা জনা আগত আমি জানিব লাগিব, জলবায়ু আৰু জলবায়ু পৰিবৰ্তন কি? সহজ অৰ্থত বায়ুমণ্ডলৰ আচৰণৰ পৰিবৰ্তন। ইংলেণ্ডত শিল্প উদ্যোগ(১৯৬০) আৰম্ভ হোৱা পিছত তুলনামূলক ভাৱে জলবায়ুৰ পৰিৱৰ্তন ঘটিছে। পৰিবৰ্তন হোৱা টো স্বাভাৱিক কিন্তু এই পৰিবৰ্তনৰ অস্বাভাৱিক। ২০০৫চনৰ ৰাষ্ট্ৰসংঘৰ মিলেনীয়াম অধ্যয়নত প্ৰকাশ পাইছে "মানুহৰ কামকাজে পৃথিৱীৰ স্বাভাৱিক কাৰ্যৰ ওপৰত ইমান চাপ পেলাইছে যে পৃথিৱীৰ জীৱবৈচিত্রই ভৱিষ্যতৰ প্ৰজন্মক সুৰক্ষা দিব পাৰিব,তাত কোনো নিশ্চয়তাই নাই”। য'ত, আমাৰ কৰ্মই আমাৰ বৈৰী। তাপমাত্ৰা বৃদ্ধি হোৱা মূলকৰণ হ'ল, সূৰ্যৰ ৰশ্মি পুনৰ পৃথিৱীপৃষ্ঠ পৰা উভতি যাওঁতে ইয়াক বাধা প্ৰদান কৰা গেছ সমূহ যেনে গ্ৰীণহাউছ গেছ বিশেষকৈ, পানী বাষ্প(H2O),নাইট্ৰাছ অক্সাইড(N2O),আৰু কাৰ্বন ড্ৰাই অক্সাইড(CO2) আদি। এই গেছৰ ফলত ১৫০ বছৰত CO2 পৰিমাণ ২৮০ পিপিএম পৰা ৪০৯ পিপিএমলৈ বৃদ্ধি হৈছে। আৰু মূল উদ্ভৱ হৈছে বনানিকৰণ,পশুধন পালনৰ আৰু জীৱাষ্ম ইন্ধনৰ দহন, আদি। তথ্য অনুসৰি ১৩৮ বছৰৰ ভিতৰত ২০১৮ চনৰ মে মাহটো চতুৰ্থ গৰম মাহ হিচাপে পৰিগণিত হৈছে লগতে ২১০০ চন লৈকে সাগৰৰ পৃষ্ঠ ১-৪ ফুট বৃদ্ধি পাব। কাৰণ হিমবাহ, বৰফৰ পৃষ্ঠ গলন আৰু যোৱা শতিকাত প্ৰায় ৮ ইঞ্চি সাগৰ পৃষ্ঠ বৃদ্ধি পায়। ৰাষ্ট্ৰসংঘৰ FAOৰ  (Food & Agriculture Organization)তথ্য অনুসৰি প্ৰতিবছৰে গ্ৰীষ্ম বনাঞ্চল আধালৈ হ্ৰাস, ১৮.৭ মিলিয়ন একৰ বনাঞ্চল ধ্বংস হৈছে ফলত বায়ুমণ্ডলত ১৫% গ্ৰীণহাউছ গেছ বৃদ্ধি হৈছে।
    বৰ্তমান পৰিবেশ উত্তৰ কি ? গ্ৰীণহাউছ গেছৰ নিষ্কাৰ ফলত প্ৰাণী আৰু জীৱকুললৈ আমানিশা নামি আহিছে। অধিক হাৰত প্ৰাকৃতিকদুযোগ বৃদ্ধি, শেষতিয়া তথ্য অনুসৰি ২০১৭ বৰ্ষ বিশ্বৰ ইতিহাসৰ আটাইতকৈ ক্ষতিকৰ বৰ্ষ ৰূপে চিনাক্ত কৰা হৈছে কাৰণ এই বর্ষতে ২৫০ ধুমুহা,৩৩৫ বানপানী,৫০ৰো অধিক প্ৰবল ভূমিকম্প,৭৫ৰো অধিক ভয়াবহ ,হাৰিকেন, চাইক্লন, অত্যাধিক বৰষুণ আদি দুৰ্ঘটনা, লগতে ৩২০বিলিয়ন আমেৰিকান ডলাৰ ক্ষতি।২০১০চনত পৃথিৱীৰ হৃদপিণ্ড স্বৰূপ, ২০%অক্সিজেনৰ যোগান ধৰা আমাজন দ্বিতীয় সৰ্বোচ্চ খৰাং বৰ্ষ ৰূপে পৰিগণিত হৈছে। ২৩% চৰাই-চিৰিকতি বিলুপ্তিৰ পথত। ১৯৯৮চনৰ পৰা দুগুণ গতিত গোলকীয় উত্তাপ বাঢ়িছে,ফলস্বৰূপে হিমবাহ,বৰফ ব্যাপক ৰূপত গলিছে এণ্টাৰ্কটিকা বৰফখণ্ডত এটা ছিদ্ৰ ৬ দিনত ১১ মাইললৈ বিয়পিছে লগতে দিনে দিনে বহুতো নতুনত্ব সমস্যাৰ সৃষ্টি হৈ আহিছে।
    ভৱিষ্যতলৈ কি হ'ব?।জলবায়ু পৰিবৰ্তনৰ আন্তঃচৰকাৰী সমিতি (IPCC, Intergovernmental Panel on Climate Change)ৰ মতে বৰ্তমানৰ দৰে গ্ৰীণহাউছ গেছ নিৰ্গমণ হৈ থাকিলে উষ্ণতা ৪℃ লৈ বৃদ্ধি হ'ব। যি এতিয়া অকল্পনীয়! ফলত দুই মেৰুৰ বৰফ গলিব । নাছা(NASA)ৰ গৱেষণাই এণ্টাৰ্কটিকাৰ বৰফমণ্ডলত ফ্লু বীজাণুৰ অৱশিষ্ট ধৰা পৰিছে, য',ত নেকি  ১০ মিলিয়ন মানুহৰ মৃত্যু ঘটাইছিল। অন্য তথ্য অনুসৰি চাইবেৰিয়ান বৰফত 'সৰু আই' আৰু 'বাবৰ্ণিক প্লেগ'(Burbonic Plague) বীজাণু জমা হৈ আছে,উগাণ্ডাৰ বৰফত 'জিকা' ভাইৰাছ আছে বুলি প্ৰকাশ কৰিছে।যদি এই বৰফ গলি সাগৰৰ পানী লগত মিলি যায়,কি হ'ব? লগতে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ তথ্য অনুসৰি ২০৯০ চনৰ ভিতৰত ২ বিলিয়ন মানুহে প্ৰদূষিত বায়ু সেৱন কৰিব আৰু অনাগত দিনত উল্লেখযোগ্য সমস্যাৰ সন্মুখীন হোৱা সম্ভাৱনা আছে। তেন্তে প্ৰধান শত্ৰু কোন?
    বৰ্তমান আমাৰ কৰণীয় কি ? ষ্টিফেন হকিঙে কৈছিল আমি জীয়াই থাকিবলৈ অন্য গ্ৰহ বিচাৰিবই লাগিব। হয় লাগিব, সেই বুলিয়ে আমি পৃথিৱীক মৃত্যু মুখলৈ ঠেলি দিম নেকি? FAOৰ তথ্য অনুসৰি বৰ্তমানতকৈ মানুহে বীণ আৰু বীজ তিনিগুন বেছিকৈ খাব লাগিব। আনহাতে ৭৫%কম গৰু মাংস,৯০% কম গাহৰি, আৰু আধা সংখ্যক কম কণী খাব লাগিব। আপুনি জানেনে? আমাৰ ভাৰতত বিশ্বৰ ৯ খন অতি প্ৰদূষিত চহৰ আছে তাৰ বিপৰীতে বেইজিংয়ে যোৱা ৫ বছৰত ৩৫% প্ৰদূষণ কমাইছে। এতিয়া অকল মৃত্যুঞ্জ, ৰাম মন্দিৰ নিৰ্মান কৰিলেই ভৱিষ্যত সুৰক্ষিত নহয় এই কথা এচামে এতিয়াও বুজিবলৈ বাকী। আমি কৰিম, কৰিব লাগিব এনে নহয়, আমি এইয়া কৰিছোঁ(!) কেতিয়া এনেকৈ শপত ল'ম?

হিৰক জ্যোতি দত্ত। ডিব্ৰুগড়।
ফোন:- ৮৪৮৬৮২০২৭১

1 comment:

  1. Shezamanindir - Herzamanindir - Harrah's Resort Southern California
    Home; 메리트 카지노 고객센터 About Us; 우리카지노aprcasino Brands; Contact Us. We are 온라인카지노 Harrah's Resort Southern California, Inc. 바카라 All rights 우리 계열 더킹 카지노 reserved.

    ReplyDelete