হোমেন বৰগোহাঞি আৰু গো-মাংস প্ৰসংগ
ড:পৰমানন্দ মজুমদাৰ
হোমেন বৰগোহাঞিৰ যুক্তিৰ অন্বেষণ চমকপ্ৰদ।আত্মানুসন্ধানৰ বাটতে তেওঁ বহু ৰুঢ় বাস্তৱৰ মুখামুখি হৈছে আৰু সেইবোৰ তেওঁ সুক্ষ্ম দৃষ্টিকোণেৰে চালিজাৰি চাই নিজৰ মত ব্যক্ত কৰিছে। নানা প্ৰসংগৰ মাজত গো মাংস,ধৰ্ম বিশ্বাস,ঈশ্বৰ বিশ্বাস আদি লৈ তেওঁৰ ব্যাখ্যা অতি চিত্তাকৰ্ষক।এই প্ৰসংগসমূহে সকলো সময়তে সমাজৰ গতিত অন্তহীন বিতৰ্ক,দ্বন্দ,সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি কৰি আহিছে।এই বিতৰ্কসমূহ কেতিয়া নাইকীয়া হ'ব তাক কোৱাৰ সাধ্য কাৰো নাই,কিন্তু এনে বিতৰ্ক নাইকীয়া কৰাৰ বাবে যুক্তি আৰু বিশ্লেষণেৰে খোজ পেলোৱা অসমীয়াসকলৰ ভিতৰত হোমেন বৰগোহাঞিও এজন।
গো-মাংসৰ কথাকে অৱতাৰণা কৰা যাওক। কাৰণ বৰ্তমান ভাৰতত তোলপাৰ লগোৱা এইটোৱেই এটা প্ৰধান বিষয় যাৰ জন্ম পৰাধীন ভাৰততে হৈছিল।স্বাধীনতা আন্দোলনৰ প্ৰাৰম্ভিক কালতে গো-মাংস নিষেধৰ প্ৰসংগ তুলি একাংশ
হিন্দু নেতাই আন্দোলনটোৰ গতিকে মন্থৰ কৰি তোলাৰ যত্ন কৰিছিল।স্বাধীনতাৰ পাছত তিল তিল কৈ গো-নিষিদ্ধকৰণৰ আন্দোলন এটি গঢ়ি তোলা হ'ল।বিষয়টোৰ লগত কেৱল ধৰ্মবিশ্বাসৰ কথাই নহয় এক পৰিকল্পিত ৰাজনীতিও যুক্ত হৈ আছিল।সেয়ে সময়ে সময়ে তাৰ সাংগঠনিক প্ৰচেষ্টা চকুত পৰাকৈ অনুভূত হ'ল।
আজি ভাৰতত আকৌ গো-হত্যাৰ প্ৰসংগই তোলপাৰ লগোৱাৰ মূল কাৰণ হ'ল এই নিষেধকৰণৰ প্ৰবক্তাসকলৰ হাততে নিবদ্ধ হৈ আছে দেশৰ শাসনৰ বাঘজৰী।ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত বিষয়টো যে অতি স্পৰ্শকাতৰ সেই কথা তেওঁলোক নেভাৱে।তেওঁলোকে এই কথালৈও ভ্ৰূক্ষেপ নকৰে যে ধৰ্মীয় বিশ্বাস ভেদে মানুহৰ খাদ্যাভ্যাসো বেলেগ বেলেগ হয়।ই এক প্ৰাকৃতিক ঘটনাও যাক আমি foodchain বুলি
কওঁ। সংখ্যাগৰিষ্ঠৰ জোৰেই তেওঁলোকৰ সিদ্ধান্তৰ সাৰ।কিন্তু ভাৰতবৰ্ষ কেৱল সংখ্যাগুৰুৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেইনে?ভাৰতীয় সংবিধানে সংখ্যাগুৰুৰ লগতে সংখ্যালঘুৰ প্ৰতিও সম অধিকাৰ দিছে।তেন্তে গো-হত্যা বিৰোধী আইন
এখন কেনেকৈ ভাৰতৰ বাবে প্ৰযোজ্য হয়?আৰু এই কাৰ্যই ভাৰতৰ সংহতি বৰ্তাই ৰাখিবনে?
হোমেন বৰগোহাঞিয়ে 'সাদিনীয়া নাগৰিক'ৰ পাততে এই বিষয় লৈ এটা মৰ্মভেদী সম্পাদকীয় লিখিছিল,যাৰ শিৰোনাম আছিল:'গৰু'(৩ মে,১৯৭৯)।অৱশ্যে প্ৰবন্ধটো লেখা হৈছিল তাৰ বাৰবছৰ আগত।তেতিয়া সেইখন প্ৰকাশ হৈছিল 'অসম বাতৰি'তবোহয় ১৯৬৭ চনৰ ২৭ নৱেম্বৰত।ৰচনাখন পঢ়ি অম্বিকাগিৰীয়ে চিঠিৰে উচ্ছ্বসিত অভিনন্দন জনোৱাৰ কথা বৰগোহাঞিয়ে অম্বিকাগিৰীৰ বিষয়ে লেখা এখন ৰচনাত উল্লেখ কৰিছে।১৯৬৭চনত গো হত্যা নিষিদ্ধকৰণৰ দাবীত দিল্লীত প্ৰায় ৭ লাখ মানুহৰ এটা বিৰাট সমদল বাহিৰ কৰা হৈছিল,যাৰ আয়োজন কৰিছিল ভাৰত সাধু সমাজে।এই সমদল শান্তিপূৰ্ণ নাছিল,যাৰ বাবে হোৱা বিতৰ্কৰ সৃষ্টি হৈছিল আৰু গৃহমন্ত্ৰী গুলজাৰিলাল নন্দই পদত্যাগ কৰিব লগা হৈছিল।সেই পটভূমিতে লেখা প্ৰবন্ধটোত বৰগোহাঞিয়ে লিখিছে–অসাধু চোৰাং ব্যৱসায়ী,চোৰাং কাৰবাৰী আৰু মজুতদাৰে ভাৰতবৰ্ষৰ মানুহক তিলে তিলে শুকুৱাই বা বিষ খুৱাই মাৰিলেও তাৰ বিৰুদ্ধে মাত
মাতোটা কোনো নাই,'নৰহত্যা বন্ধ কৰক' বুলি কোনেও আন্দোলন কৰাৰ কথা আমি আজিলৈকে শুনা নাই।কিন্তু গো হত্যাৰ বিৰুদ্ধে আন্দোলন কৰি নিজৰ প্ৰাণ পৰ্যন্ত বিসৰ্জন দিবলৈ ওলোৱা মানুহৰ অভাৱ নাই।তেওঁ লিখিছে– গো হত্যাহে এইসকল গো প্ৰেমিকৰ ঘাই আপত্তি,কিন্তু অনাদৰ-অৱহেলাত গৰুক গেলি-পচি মৰিবলৈ দিয়াত তেওঁলোকৰ বিশেষ আপত্তি নাই। এই বিষয়ত তেওঁলোকে ভাৰতীয় চৰিত্ৰ অক্ষুণ্ণ ৰাখিছে।
বৰগোহাঞিয়ে মনত পেলাই দিছে প্ৰাচীন কালত হিন্দুসকলে গৰুৰ মাংস খোৱাৰ কথা–আলহীৰ সন্মানাৰ্থে গো-বধ কৰাৰ কথা–আলহীক 'গোঘ্ন' বোলাৰ কথা।(উনবিংশ শতিকাত হেমচন্দ্ৰ বৰুৱাই হবলা প্ৰথম অসমত এই কথাৰ সম্ভেদ দিছিল।বিংশ শতিকাত কমলাকান্ত ভট্টাচাৰ্য, জ্ঞানাথ বৰা আদিয়ে তাৰ উল্লেখ কৰি এনে বিতৰ্ক অহেতুক বুলি মন্তব্য কৰিছে)।বৰগোহাঞিয়ে লিখিছে –তেতিয়াও গো-ভক্ষণ কৰা ভাৰতীয় আৰ্যসকল হিন্দু হৈয়েই আছিল।হিন্দুৰ অপৰিবৰ্তনীয় আৰু চিৰন্তন প্ৰতীক গৰু কেতিয়াও নহয়।
বৰগোহাঞিৰ খেদ প্ৰকাশ পাইছে এই কথাত যে প্ৰায় এহেজাৰ বছৰ ভাৰতবৰ্ষত মুছলমান সকলৰ ৰাজত্ব চলিছিল অথচ এই সুদীৰ্ঘ কালছোৱাত গো-হত্যা বা গো-মাংস ভক্ষণৰ বিৰুদ্ধে মুছলমান শাসিত ভাৰতবৰ্ষত কোনো আন্দোলন হোৱাৰ কথা ইতিহাসত নাই।ইয়াৰ অৰ্থ এইটোৱে দীৰ্ঘ এহেজাৰ বছৰ ধৰি হিন্দুসকলে গো-হত্যাৰ মহাপাপৰ গ্লানি সহ্য কৰি আছিল নীৰৱে।ব্ৰিটিছৰ শাসন অহাৰ পাছতে হিন্দুসকলৰ মাত ওলাল আৰু স্বাধীনতা লাভৰ পাছত হিন্দুৰ প্ৰতিবাদ গৈ বিৰামবিহীন ক্ৰোধান্বিত দাবীত পৰিণত হ'ল।
গো-হত্যাৰ সন্দৰ্ভত বৰগোহাঞিৰ স্থিতি নিৰ্মোহ,যুক্তিনিষ্ঠ আৰু সংবিধান অনুগত।তেওঁ কৈছে:
" গো-হত্যা বিৰোধী আন্দোলনৰ নেতাসকলে এই কথা স্বীকাৰ কৰাই ভাল যে তেওঁলোকে কেৱল হিন্দুৰ ধৰ্ম-বিশ্বাসৰ কাৰণেই গো-হত্যা নিষিদ্ধ হোৱাটো বিচাৰে।অৰ্থাৎ তেওঁলোকে নিজৰ সংখ্যা গৰিষ্ঠতাৰ জোৰত এই দেশৰ ধৰ্মীয়
সংখ্যালঘু সম্প্ৰদায়সমূহৰ ওপৰত এটা সিদ্ধান্ত
বলেৰে জাপি দিব খোজে,আৰু তেওঁলোকৰ এটা মৌলিক অধিকাৰ হৰণ কৰিব খোজে।"
তেওঁৰ পানীনসৰকা যুক্তি আকৌ মন কৰক:
"কোনে কি খাদ্য খাব বা নাখাব সেই কথা আইনৰ দ্বাৰা স্থিৰ কৰি দিবলৈ কাৰো নিশ্চয় একো অধিকাৰ নাই।আজি যদি ভাৰতত সেইটো কৰা হয়,তেন্তে মানুহৰ ব্যক্তি-স্বাধীনতাৰ ওপৰত সি হ'ব আটাইতকৈ নিন্দনীয় হস্তক্ষেপ।এহেজাৰতকৈ অধিক বছৰ কাল যদি হিন্দুসকলে গো-বধৰ দৃশ্য চাই থাকিব পাৰিলে আৰু তাৰ দ্বাৰা তেওঁলোকৰ হিন্দুত্ব নষ্ট নহ'ল,এতিয়া সি আৰু নষ্ট হোৱাৰ ভয় নাই।কিন্ত্ত আজি সংখ্যা গৰিষ্ঠতাৰ জোৰত গো-হত্যা নিষিদ্ধ কৰিবলৈ হ'লে গৰুৰ প্ৰাণ হয়তো বাচিব,কিন্তু বলি দিব লাগিব
ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শ, আৱেগিক আৰু বৌদ্ধিক ঐক্যৰ ভেটিত এটা আধুনিক ভাৰতীয় জাতি গঢ়ি তোলাৰ স্বপ্ন।"
পাঁচটা দশকৰ আগৰ বৰগোহাঞিৰ এই ভাবনাক আজিৰ প্ৰেক্ষাপটত চালে আমি কি পাওঁ? তেতিয়া আছিল কংগ্ৰেছ চৰকাৰ,আজি ভাৰতীয় জনতা পাৰ্টিৰ শাসন–যি হিন্দুৰাজ্য
প্ৰতিষ্ঠাৰ বাবে এঢাপ এঢাপকৈ আগবাঢ়িবলৈ নানা কৌশল অৱলম্বন কৰিছে।ক্ৰমান্বয়ে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ চৰিত্ৰৰ অৱক্ষয়ী ৰূপটোও পৰিস্ফুট হ'ব লাগিছে।বৰগোহাঞিৰ ভবিষ্যত বাণীৰ পিনে আগবাঢ়িছে দেশ।গো-হত্যা নিষিদ্ধকৰণে মানসিক ভাবে বিভক্ত দুখন সমাজৰ দেশ হৈ পৰিব আৰু সি ভাৰতৰ জনগণৰ সামাজিক বান্ধোন শিথিল কৰি তুলিব সেয়া নিশ্চিত।অৰ্থাৎ দেশ হ'ব এচামৰ বাবে অধিকাৰ বঞ্চিত দেশ আৰু এচামৰ প্ৰভুত্ব সাব্যস্তৰ দেশ।
হোমেন বৰগোহাঞিৰ কোনো ধৰ্ম বিশ্বাসৰ প্ৰতি আসক্ত নাছিল।নিজৰ খাদ্যাভাসত ধৰ্মীয় বিচাৰ উপেক্ষা কৰিছিল,কিন্তু বিভিন্ন ধৰ্মাবলম্বী লোকৰ বিশ্বাসক আঘাত হানি মনোকষ্ট দিয়াৰ প্ৰবৃত্তিও তেওঁৰ নাছিল।সেয়ে তেওঁ ক'ব পাৰিছে–হিন্দুৰ চকুত ছাগলী যেনে,মুছলমান বা খৃষ্টানৰ চকুত গৰুও তেনে।তাহানি কবি কমলাকান্তইও বৰগোহাঞিৰ দৰে হিন্দুৰ ম'হ বলি কথা উলিয়াইছিল গো-হত্যাৰ প্ৰসংগত।দুয়োটাই একে জীৱ বুলি গো-ৰক্ষকসকললৈ আঙুলি টোৱাইছিল।আৰ্থাৎ প্ৰকাৰন্তৰে কমলাকান্তই হিন্দু সমাজত
প্ৰচলিত বলি প্ৰথাৰ কথাই ক'ব বিচাৰিছিল,যি অতি নৃশংস কৰ্ম–গো বধৰ দৰে।
প্ৰসংগক্ৰমে বৰগোহাঞিয়ে গান্ধীৰ উদ্ধৃতি দিছে।গান্ধীয়ে কৈছিল–'গৰু এটা কৰুণাৰ কবিতা।' অৰ্থাৎ গো-হত্যা নিষিদ্ধকৰণৰ দাবীত গান্ধীৰ প্ৰেৰণা আছে নেকি?বৰগোহাঞিয়ে সেই কথা অৱতাৰণা কৰি আকৌ কৈছে–গান্ধীৰ কৰুণা মাত্ৰ গৰুৰ মাজতে সীমাবদ্ধ নাছিল অথবা তেওঁৰ অহিংসাৰ আদৰ্শ কেৱল Non-killing বা হত্যা কৰাৰ পৰা বিৰত থকাতে সীমাবদ্ধ নাছিল।গান্ধীৰ কাৰণে সকলো জীৱৰ প্ৰতি সমভাৱ,প্ৰেম আৰু আত্মীয়তাবোধ আছিল এটি অতি গভীৰ আধ্যাত্মিক অনুভূতি। বৰগোহাঞিৰ মতে, গো-হত্যা বিৰোধীসকলৰ বাবে গৰু এটা কৰুণ কবিতা নহয়–ধৰ্মীয় সংস্কাৰৰ এটা প্ৰাণহীন প্ৰতীকহে।নিজৰ বিশ্বাসৰ প্ৰসংগ টানি তেওঁ লিখিছে:
"ময়ো এজন হিন্দু,কিন্তু কেতিয়াও স্বীকাৰ নকৰো যে সকলো জীৱৰ ভিতৰত কেৱল গৰু হে পৱিত্ৰ আৰু অবধ্য।হিন্দুৰ যান্ত্ৰিক গো-ভক্তিতকৈ আলবাৰ্ট চোৱেইৎজাৰৰ Reverence for life বা 'জীৱনৰ প্ৰতি শ্ৰদ্ধা'ৰ দৰ্শনে মোক হেজাৰ গুণে
বেছি অভিভূত কৰে।পশুকে যদি কৰুণা কৰিব লাগে,তেন্তে জাতি নিৰ্বিশেষে সকলো পশুৱেই সেই কৰুণাৰ ভাগ পোৱা উচিত।গৰু আচলতেই এটি কৰুণাৰ কবিতা।কিন্তু হৰিণ,ভেড়া বা ছাগলীও ঠিক তেনেকৈয়ে কৰুণাৰ কবিতা।পশুক প্ৰেম বিতৰণৰ ক্ষেত্ৰত সমদৰ্শী হোৱাই বাঞ্ছনীয়।"
এই যুক্তিক খণ্ডন কৰিব কোনে?
গণতান্ত্ৰিক দৃষ্টি পশুৰ ক্ষেত্ৰত বৰ্জনীয় নেকি? নি:সন্দেহে হোমেন বৰগোহাঞিয়ে এই মৌলিক প্ৰশ্নৰ সৈতে আমাক মুখামুখি কৰি দিছিল পাঁচটা দশক আগতে।আজিও তাৰ প্ৰাসংগিকতা কিমান তাক নিশ্চয় ধৰ্মৰ ওপৰত আত্মসমৰ্পণ নকৰাসকলে নুবুজাৰ কাৰণ নাই।তেওঁৰ এই যুক্তি আৰু স্থিতিহে ভাৰতৰ ভৱিষ্যত বাবে এখন প্ৰবাহী নদী। কিন্তু কোনে গ্ৰাহ্য কৰিব যুক্তিৰ কথা?গো ৰাজনীতিয়ে ক্ৰমাৎ প্ৰৱল হৈ অহাৰ সময়ত ২০১৫ চনত বৰগোহাঞিয়ে যেতিয়া আকৌ প্ৰাচীন কালত হিন্দু সকলৰ মাজত গো-ভক্ষণৰ কথা সোঁৱৰাই দিছিল,তেতিয়া হিন্দু সংগঠন দুটামানে জাঙুৰ খাই উঠিল আৰু অসমৰ ঠায়ে ঠায়ে তেওঁৰ জুমুঠি দাহ কৰাৰ সংবাদ কাকতত ওলাল।।অৰ্থাৎ
বৰগোহাঞিৰ দৰে জাতীয় জীৱনৰ সূত্ৰধাৰজনৰ যুক্তিৰ মুখামুখি নহৈ তেওঁক হেয় কৰি বলৈহে উঠিপৰি লাগিল।
প্ৰৱন্ধটো বৰগোহাঞিয়ে সামৰিছে এনেকৈ:"ভাৰতবৰ্ষৰ দৰে বহু ধৰ্ম,বহু সম্প্ৰদায়ৰ মানুহ বাসকৰা এখন দেশত বিশেষ এক ধৰ্মাবলম্বী মানুহৰ তুষ্টি বিধানৰ কাৰণে আইন কৰি গো-হত্যা নিষিদ্ধ কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে।"
নিসন্দেহে এখন অবিস্মৰণীয় ৰচনা।প্ৰাগস্বাধীনতাকালৰ হেমচন্দ্ৰ, কমলাকান্তৰ যুক্তিৰ ধাৰাটিক আৰু প্ৰবলৰূপত বৰগোহাঞিয়ে উপস্থাপন কৰি উত্তৰ স্বাধীনতা কালৰ সময়ক প্ৰতিনিধিত্ব কৰিছে সজোৰে।
গণতন্ত্ৰত সংখ্যাগৰিষ্ঠৰ সিদ্ধান্তই শেষ কথা নহয়।যাৰ যুক্তিনিষ্ঠ কণ্ঠস্বৰ সংখ্যাগৰিষ্ঠৰ ওচৰত উপেক্ষিত সেই কণ্ঠইহে সমাজ সলনি কৰিব পাৰে।এটি সম্পাদকীয়ত হোমেন বৰগোহাঞিয়ে লিখিছে:যি স্থলত নৈতিক সাহসেৰে বলীয়ান সত্যসন্ধ সংখ্যালঘুৱে মানৱ প্ৰগতিৰ নৱ নৱ পথ উন্মোচন কৰে,সেই ক্ষেত্ৰত 'চিন্তা
বিমুখ যুথবদ্ধ সংখ্যাগৰিষ্ঠ'ই সেই পথত নৱ নৱ অন্তৰায় সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে । । মানৱিক প্ৰগতিৰ কাৰণে চিন্তাশীল সংখ্যালঘুসকলক ৰক্ষা কৰাটো সমাজৰ অৱশ্য পালনীয় কৰ্তব্য।








No comments:
Post a Comment