জাপিৰ পথাৰত এখোজ
অসমীয়া সাংস্কৃকিতিৰ বাহক ৰূপে, অতীজৰে পৰা জাপি আপুৰুগীয়া সম্পদ। আজিৰ সমাজতো ইয়াৰ এক সুকীয়া স্থান। মূলত জাপি হৈছে টকৌপাত আৰু বাঁহৰ কাঠিৰে সজা, মাজত টোপ থকা প্ৰায়ই চল্লিছ ছে:মি: ব্যাসাধ যুক্ত এটি ঘূৰণীয়া যতন। বৰ্তমান জাপি প্ৰজাতি বহুতো আছে যদিও, এই জাপি বিধ কৃষকে ৰ'দ-বৰষুণৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰে।
এইখিনিতে অতি সহজ ভাৱে আমাৰ মনত প্ৰশ্ন উদয় হ'ব ই কেনেকৈ আৰু কেতিয়া আমাৰ সাংস্কৃতি বৰ ঘৰত সোমাল? এনেধৰণৰ প্ৰশ্ন আলোচনা কৰা আগতে আমি উভতি যাব লাগিব অতিতলৈ, জাপিৰ ইতিহাস খুচৰিলে দেখা যায় বিশ্বৰ প্ৰথম প্ৰচলন চীন দেশত হৈছিল, তাৰ পৰাই দক্ষিণ-পূব এছিয়া হৈ অসমলৈ আহে,আৰু প্ৰাৰম্ভিক অৱস্থাত দেখাত টুপীসদৃশ জাপি কালক্রমত আকৃতিৰ পৰিৱৰ্তন ঘটি লাটুমৰ মূৰটোৰ দৰে জোঙা, পদুমগঢ়ীয়া হয়৷ ইয়াক তিব্বতৰ আমদানিকৃত শিল্প বুলিও কোৱা হয় যদিও কিছুৱে তিব্বতবৰ্মীভাষী কোনো দেশত বুলি কয়। কিন্তু! অসমৰ সাংস্কৃতিত আহোম যুগৰ পৰা ৰাজকীয় মৰ্যদা দি বংশৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু এই জাপিক পানী জাপি বা টুপী জাপি বুলি জনা যায়।
অসমৰ লোক-সাংস্কৃতিৰ বহুপ্ৰকাৰৰ জাপি আছে যদিও , তাৰে ভিতৰত বৰ জাপি, উকা বা হালোৱা জাপি আৰু সৰুদৈয়া বা ফুলাম জাপি আদিয়ে প্ৰধান।
আহোম দিনৰে পৰা সমাজত বৰমূৰীয়া সকলে এই বৰজাপি ব্যৱহাৰ কৰিছিল যেনেকৈ বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্রগোঁহাই আদি পদবীৰ বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মিত জাপি ব্যৱহাৰ কৰা লগতে জাপিধৰা জনে ৰ'দ-বৰষুণ নপৰাকৈ ধৰিলৈ গৈছিল। আনহাতে বিয়াত পানী তুলিবলৈ, খোজ কাঢ়ি বিয়া কৰাবলৈ যাওঁতে, পিণ্ড দিওঁতেও বৰজাপি ধৰি গৈছিল৷ যদিও এই জাপি ডা-ডাঙৰীয়া লগতে এনে মহৎ কামৰ লগত ব্যৱহাৰ কৰিছিল, কিন্ত আজি সমাজত ই গৰাহত।
‘ধানখেতি-চাহখেতি যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে জাপিও জীয়াই থাকিব৷' এই অসমীয়া ফকৰা যোজনা ফাঁকিত,আমাৰ হিয়াৰ আমঠু, কৃষকৰ পৰম বন্ধু। উকা বা হালোৱা জাপিৰ কথা কোৱা হৈছে। খেতিৰ খোলাত নিজকে ৰ'দ-বৰষুণৰ পৰা বচাবলৈ জাপিয়ে উত্তম, কিয়নো! ছাতি ল'লে হাত এখন বন্দী হৈ পৰে সেই বাবে ধান আৰু চাহ খেতিত জাপিতকৈ ছাতিৰ উপযোগিতা বহু গুণে কম। এইটোৱে এই হালোৱা জাপি খেতিৰ অপৰিহাৰ্য অংগ হোৱা প্রধান কাৰণ। এই জাপি সাজিবলৈ বাঁহ, টকৌ পাত আৰু বেতেই উপকম। টকৌ পাত(Livistonia jenkinsiana) কাটি তান নোহোৱালৈকে ৰ'দত শুকুৱাই। এক ডেৰ বছৰৰ পুৰণা বাঁহৰ মিহি কঠিৰে(প্ৰায়ই চল্লিছ ছে:মি: ব্যাসাধ) দুটা বৃত্তকাৰ খোলা সাজি অতি কৌশলেৰে মাজত টোপ থকাকৈ চানেকি তুলি বেতেৰে বন্ধা হয়। আৰু শেষত ৰ'দ, বতাহ আৰু বৰষুণৰত অতি সহজে জাপি টু মূৰৰ ওপৰত ৰখি থাকিবলৈ জাপি জৰী বন্ধা হয়। যাতে থুতৰিত লগাব পৰাকৈ। টকৌ পাতৰ সলনি জেঙু, লেচেৰা আৰু (Licutala peltala roxb), বাঘনলা গছৰ পাতো ব্যৱহাৰ কৰা হয়৷ কাৰণ টকৌপতীয়া জাপিতকৈ এই বোৰ গছৰ পাতৰ জাপি দীৰ্ঘস্থায়ী। পিছে , আমামৰ নতুন প্ৰজন্মই এই জাপিৰ লগত চিনাকি নে?
'জাপিমতি' এই নামেৰে, অসমীয়াৰ প্ৰথম কথাছবি 'জয়মতী'ক এচামে উপলুঙা কৰিছিল, কাৰণ ৰূপকোঁৱৰ দেৱে সৰুদৈয়া আৰু বৰদৈয়া জাপিৰ আৰ্হিত ফুলাম জাপি সাজি! কথাছবিত এই ফুলাম জাপিৰ উৎকৃষ্ট নৃত্য সংযোগ কৰা বাবে। কিন্তু আজি ই ক'ত ? সাংস্কৃতিৰ প্ৰতীক। আজি সমাজত গামোছা, শৰাই আৰু চেলেং চাদৰ আদি সাংস্কৃতিক মূল্যবান সম্পদৰ দৰে এই জাপিয়েও এক উজ্বল স্থান দখল কৰিছে। সাংস্কৃতিক অনুষ্ঠান,সভা-সমিতি, বিবাহ-মণ্ডপ, আৰু আদৰণী তোৰণ আদিত, আগশাৰীত দেখিবলৈ পোৱা যায়, বিষেশকৈ সন্মানৰ চিন হিচাপে। কোনো গ্ৰন্থ উল্লেখ কৰা মতে, ৰজা কুমাৰ ভাস্কৰ বৰ্মনে চীনৰ বৌদ্ধ সন্ন্যাসী হিউ-ৱেন-চাঙলৈ সন্মান আৰু উপহাৰ হিচাপে ফুলাম জাপি পঠিয়াইছিল। সম্ভৱত বাঁহৰ সৰু দৈয়ে সজা বাবে সৰুদৈয়া আৰু ডাঙৰ দৈয়ে সজা বাবে বৰদৈয়া জাপি বোলা হয়। বিহু নাচ আৰু জাপিৰ এক মধুৰ সম্পৰ্ক আছে। যেনে-
জাপি সৰু দৈয়া অ’ মাকণ
চালে চকু ৰোৱা অ’ মাকণ
ঘুৰি ঘুৰি ঘুৰি নাচিবা,
নাচি নাচি নাচি মাৰিবা
বিহুতলীৰ দুবৰি বন…।
আজি, নাচনীয়ে হাতত জাপি লৈ নচা দৃশ্য আজি ৰাষ্ট্ৰীয় পৰ্যাত জিলিকিছে। আৰু একেবাৰে সৰু জাপি টু বেজী জাপি, মূলত গামোচা বা কোনো চোলাত বেজিৰে চিলাই কৰি লগাই দিয়ে।
ইয়াৰ পৰা বুজা যায় যে অসমীয়া গীত-মাত, কলা, সাহিত্য, স্ংস্কৃতি—সকলোতে অতীজৰেপৰা জাপিয়ে আদৰ পাই আহিছে। লগতে কিছু লোকবিশ্বাস ও আছে যেনে প্ৰথম কঠীয়া পাৰোঁতে জাপি পিন্ধি কঠীয়া সিঁচিলে শস্যডৰা ৰ'দ-বৰষুণৰ পৰা ৰক্ষা পৰে আৰু নামঘৰ, সত্ৰ, মন্দিৰ আদিৰ আগেদি পাৰ হৈ যাওঁতে মূৰৰ পৰা জাপি খুলি পাৰ হ’ব লাগে বুলি সকলোৱে বিশ্বাস কৰে।
আপুনি জানেনে ? ভাৰতৰ ভিতৰত সৰ্বাধিক জাপি তৈয়াৰ আমাৰ অসমৰ নলবাৰীত হয়।জিলাৰ খনৰ বালামুগকুছি,দোমাহীতোলা, শিলাগুটি, তিলানী,দীঘেলী ,বালিলেছা,বালা মুগকুছি, তেৰেছিয়া, দীঘেলী, সূতাৰকুছি আৰু মুদৈতোলা আদি গাঁওৰ মানুহৰ প্ৰধান জীৱিকা হৈছে জাপি। এই শিল্প বাবে কেঁচা সামগ্ৰী নলবাৰীত উভৈনদী যদিও বৰ্তমান কিছু সমস্যাৰ দেখা দিছে। নলবাৰী যে জাপিৰ বাবে বিখ্যাত তাকে লৈ কোনোৱে লিখিছে- 'নলবাৰীৰ জাপি, শুৱালকুছিৰ আপি
বোকাখাতৰ পেৰা, ওৰাঙৰ গোল্লা।' তথ্য অনুসৰি দিনে ঘণ্টাত জিলাখনত এহেজাৰ তা জাপি নিৰ্মাণ হয়। উল্লেখযোগ্য যে আজিৰ নলবাৰীৰ জাপি আঁত:ৰাষ্ট্ৰীয় পৰ্যায়তো জিলিকিছে। মই ভাবোঁ, এই কুটিৰ শিল্পক চৰকাৰে মনোযোগ দি আধুনিকৰণৰ উন্নত প্ৰক্ৰিয়া উদ্যোগ স্থাপন কৰিলে খাটি খোৱা মানুহৰ লগতে অসমৰ নিবনুৱা সমস্যাৰো কিছু হ্ৰাস হ'ব। কিন্তু ! আজি সমাজত এনেকৈ মাহীআই চকুত জাপি কিমান দিনলৈ ?








No comments:
Post a Comment