ৰঙা উপহাৰ
কি এই ৰঙা উপহাৰ? জানিবলৈ পঢ়োঁ আহক জোনাক আৰু জোনাকীৰ প্ৰেম কাহিনী।
ৰঙা উপহাৰ (খণ্ড-১)
সেইদিনা আছিল ৰবিবাৰ ..... কি দৰে কথা পাতো পাতো বুলি জোনাকে অৱশেষত জোনাকীক প্ৰথম মেছেজটো দিলে..
প্ৰথম দিন-
জোনাক : Hii
জোনাকী : Hello...
জোনাক : শুনা না তোমাৰ কবিতা বিলাক মোৰ বৰ ভাল লাগে। কেতিয়াবা মোকো স্থান দিবা না তোমাৰ কবিতাত।
জোনাকী : নিশ্চয়। কিয়নো নিদিম .... (আও চিনাকি হবলৈ হে পালোঁ, ঠাই বিচাৰিলেই)
জোনাক : বাকী .. তোমাৰ খবৰ ভাল?
জোনাকী : ভালেই আছোঁ।
জোনাক : খোৱা বোৱা কৰিলা?
জোনাকী : উম কৰিলো, Good Night.
জোনাক : Good Night, have a nice dream..
.........
দ্বিতীয় দিন-
জোনাক : সুপ্ৰভাত
.
...
তৃতীয় দিন-
জোনাক : Good Morning.
.
....
জোনাকীয়ে সম্বন্ধীয় ককায়েক এজনৰ পৰা জোনাকৰ বিষয়ে খবৰ কৰি লৰাজন মোটা-মুটি ভাল বুলি জানিব পাৰি ৪ দিনৰ পাছত মেছেজ কৰিছে।।।
পঞ্চম দিন -
জোনাকী : Hii
জোনাক : hello..
জোনাকী : খবৰ ভাল নে আপোনাৰ..
জোনাক : মোৰ ভালেই, তোমাৰ ভাল?
জোনাকী : ভালেই আছোঁ।
জোনাক : কি কৰিছা?
জোনাকী : just ভাত কেইটা বনাই বহিছোঁ আৰু।
জোনাকী : আপুনি কি কৰিছে।
জোনাক : আছো এনেই বহি।
জোনাকী : ঠিক আছে বাৰু মই ভাত কেইটা খাই লওঁ। কাইলৈ কথা পাতিম।
জোনাক : Okk, Good Night.
....
পাছৰ দিনা-
জোনাকী : সুপ্ৰভাত।
.....
লাহেকৈ দুয়ো প্ৰতিদিনে খবৰ-খাটি লবলৈ ধৰিলে।
তথাপিও কিন্তু জোনাকীয়ে জোনাকক ফোন কৰাৰ অনুমতি দিয়া নাছিল।
জোনাক আৰু জোনাকী মেছেজত কথা পাতি পাতিয়ে লাহেকৈ দুয়ো দুয়োকে ভাললগা হ'ল।
আৰু হঠাৎ এদিন জোনাকীয়ে জোনাকলৈ ফোন কৰিলে। (১০জুন ২০১৩)
আগলৈ....
✍️লেখকৰ পৰিচয় গোপনে ৰখা হৈছে (#Suspense)








মজা❤️
ReplyDelete