মৰীচি কি? আমাৰ উদ্দেশ্য কি? About Moreesi

 মৰীচি

  মৰীচি অনুষ্ঠানটো প্ৰকৃততে কি? কেনেকৈ সমাজৰ বাবে একো একোজন বিবেচনা সম্পন্ন সত্বাক প্ৰস্তুত কৰি তুলিব পৰা যায়? আমাৰ উদ্দেশ্য কি?

    আজি আমি আগবাঢ়ি আহিছোঁ সাহিত্যক অস্ত্ৰ হিচাপে লৈ সমাজত বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰাৰ উদ্দেশ্য লৈ, যাৰ বাবে আজি অসমীয়া সাহিত্যত আমাৰ এটি সুকীয়া বাট । সাহিত্যৰ প্ৰতিটো দিশ স্পৰ্শ কৰিব পৰাকৈ এক সুস্থ-সবল চিন্তাৰ প্ৰাঙ্গণ হিচাপে, আমাৰ সংস্কৃতিৰ সৈতে থকা বৈজ্ঞানিক সম্পৰ্কসমূহ সমাজত দৃষ্টিগোচৰ লগতে এখন অন্ধবিশ্বাস, কু-সংস্কাৰ আদিৰ মুক্ত সমাজৰ আৰু অসমীয়া সাহিত্যৰ এটি সু-দৃঢ় পটভূমি গঢ় দিয়াৰ সপোন দেখিছোঁ।


কি দৰে আমি আগবাঢ়িম?

অসমীয়া সাহিত্যক মুখ্য কৰি শিল্প, সাংস্কৃতিক,নৱ-নৱ বৈজ্ঞানিক চিন্তা-চৰ্চা সমূহ গোটত বলিষ্ঠ আলোচনাৰ দ্বাৰা সমূহ বিষয়ক সাঙুৰি লৈ সমগ্র অসমত আমাৰ অনুষ্ঠানটি সক্ৰিয়ভাৱে প্ৰতিষ্ঠা কৰাই হ'ব আমাৰ প্ৰথম পদক্ষেপ। ৱেব, আলোচনী, অনুষ্ঠান আৰু প্ৰতিযোগিতাই হ'ব আমাৰ উদ্দেশ্য সমূহ পূৰ কৰাৰ প্ৰাথমিক মাধ্যম। কেৱল সাহিত্য, শিল্প আৰু সংস্কৃতিৰ মাজতে সীমাবদ্ধ নাথাকি সামাজিক ক্ষেত্ৰখনকো আমি এই অনুষ্ঠানত অন্তৰ্ভুক্ত কৰি আগবাঢ়ি যাম। 

   এই সুযোগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো,আপোনালোকেই আমাৰ সাহস, প্ৰেৰণা আৰু সপোন দিঠক কৰাৰ একমাত্ৰ সাৰথি।


ধন্যবাদ💚

No comments:

Post a Comment