বিহুৱান! ৰঙালী বিহুত, আপোন জনক উপহাৰ দিয়া গামোচা বা হাতে বোৱা ন-কাপোৰখনেই বিহুৱান। এইয়াতে এটা কথা মন কৰিবলগীয়া গামোচা সদৃশ ন-কাপোৰক বিহুৱানৰ শাৰীত ৰখা হয় নে ৰুমাল, চেলেং চাদৰ, টঙালি আৰু হাঁচতি আদিকো বিহুৱান হিচাপে স্বীকৃতি দিয়া হয়। কিন্তু বিহুৱান হ'ল গামোচাৰ এটা ভাগ। বুৰঞ্জীবিদ ড° সূর্য কুমাৰ ভূঞাই গামোচাক কেইবাটাও ভাগত ভাগ কৰিছে৷ (ক) বিহুৱান বা বিহু গামোচা (খ) ভমকাফুলীয়া বা ৰচঙা গামোচা (গ) পানী গামোচা (এই গামোচাত সাধাৰণতে ফুল নাথাকে৷ গা ধুই গা মচিবলৈ এই গামোচা ব্যৱহাৰ কৰা হয়৷) (ঘ) ফুটুকী দিয়া গামোচা (ঙ) কঁকাল বন্ধা বা কমৰ বন্ধা গামোচা৷ (চ) টঙালিমৰা গামোচা (ছ) মূৰত মৰা গামোচা (জ) তিয়নী গামোচা৷ আমাৰ সংস্কৃতিৰ বৰভেটিত কেতিয়া পৰা গামোচা সোমাল সি তাক সঠিক কৈ কোৱা টান যদিও , চুতীয়াসকলেই পোন প্রথমে ব্যৱহাৰ কৰিছিল বুলি জনা যায়৷ অসমত আহোমসকলে ১২২৬ খ্রীঃত ৰাজ্য প্রতিষ্ঠা হৈছিল৷ কিন্তু তাৰ বহু পূর্বেই ১১১ শকত শদিয়াত (সদিয়া) চুতীয়া ৰাজ্য প্রতিষ্ঠা হৈছিল৷ চুতীয়াসকলে পাট, এৰী, মুগা আদি পুহি বস্ত্র শিল্পত উন্নতি ঘটাইছিল।
বিহুৱান উপহাৰ দিয়াটো মাথোঁ আমাৰ পৰম্পৰা নহয়, ই অসমীয়া জাতিয় জীৱনৰ প্ৰতিচ্ছবি। বিহুৱানৰ অবিহনে বিহুৰ মাদকতা আৰু শ্ৰেষ্ঠতা অন্ত:সাৰ শূন্য। অকল জেষ্ঠ জন, মিতিৰ-কুটুম, বা আপোন জনকে বিহুৱান উপহাৰ দিয়ে এনে নহয়, আমাৰ সমাজত আলহি-অতিথিকো বিহুৱান যাচি সাদৰ-সম্ভাষণ জনোৱা হয়।
ফাগুনৰ শুকান পাতৰ শব্দ আৰু খৰাংৰ বিষাদ থাকোঁতেই! চ'তে ভৰি দিলেহি, লগে লগে গাঁও জীয়ৰী-বোৱাৰী গা সাতখন-আঠখন। কিয়নো নহ'ব, চেনাই কানত কোনপাহ ফুলে শুৱাব, কোনপাহত কেইটা কাঠি, মনেবছা পাহ ভাল লাগিব! কিন্তু কাঠি যে বহুত, বিহুলৈকে শেষ হ'ব নে ? আকৌ ভাইটি বাবে এখন। এইবোৰ ভাবিয়ে গাত তৰণি নাই। অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ, জাতিৰ মান-মৰ্যদা প্ৰতীক এই বিহুৱান খনৰ আঁৰত লোকাই থাকে তাঁতশালৰ সুবাস, যাৰ অবিহনে আজি সংস্কৃতিৰ ভঁৰাল উকা।
বহাগৰ প্ৰথম দিনা, নতুন বছৰ মঙ্গল কামনা কৰি গোহাঁই ঘৰত নৈবদ্য শৰাই আগবঢ়োৱা লগতে থাপনাত বিহুৱানে ভাগৱত ঢাকি প্ৰাৰ্থনা কৰা হয়। উল্লেখযোগ্য যে বিয়া আগত বিহুত দৰা ঘৰে কইনা ঘৰক আকৌ কইনা ঘৰে দৰা ঘৰক বিহুৱান দিয়া পৰম্পৰা অতীতৰে পৰা চলি আহিছে। বিহুৱানৰ ক্ষেত্ৰত দিয়া আৰু লোৱা এই দুইটাই কাৰ্য তাৎপয়পূৰ্ণ। মৰম, চেনেহ, শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰকাশ ঘটে।
'অনৈক্য মাজত ঐক্য' ই হৈছে অসমৰ সংস্কৃতিৰ মূল বৈশিষ্ট্য। ধৰা হওক আমাৰ সংস্কৃতি এজোপা গছ য'ত ডাল, পাত, ফুল-ফল অনৈক্য হয়, তেন্তে গা-গছ বা শিপা ঐক্য। যি আজি বিশ্বায়নৰ ফলত অবক্ষ্য হৈছে। তেনেস্থলত চিন্তিত বিষয় হৈ পৰিছে, মৰমৰ দীঘ, চেনেহৰ বাণী আৰু হেঁপাহৰ আঁচুৰে বোৱা বিহুৱান খনৰ আয়ুস আৰু কিমান দিন ?








No comments:
Post a Comment