সমস্যাৰ শেষ সমাধা আত্মহত্যা নেকি ?
Is suicide the last solution to the problem ?
“আত্মহত্যা"এই শব্দ টো শুনা লগে লগে স্বাভাৱিক ভাবে প্ৰশ্ন হয়। কিয় আত্মহত্যা কৰে ? হয় আপুনি ঠিকেই অনুমান কৰিছে কিছু সমস্যা ত। কিন্তু এই সকলোবোৰ সমস্যাৰ , শেষ সমাধান আত্মহত্যাতাই নেকি ? এনে ধৰণৰ প্ৰশ্ন আলোচনা কৰা আগতে আমি চকু ফুৰাব লাগিব কিছু তথ্য ওপৰত ।
ভাৰতত প্ৰতি ছয় মিনিটত এজন ব্যক্তিয়ে আত্মহত্যা কৰে, আনহাতে বিশ্বত প্ৰতি চল্লিছ চেকেণ্ডত এটা আত্মহত্যা ঘটনাৰ খবৰ পোৱা যায়। আৰু আপুনি জানেনে বিশ্বত বছৰি দহ লাখৰো অধিকলোকে আত্মহত্যা কৰে, তাৰে প্ৰায় দুই লাখ ভাৰতীয়। বৰ্তমান আত্মহত্যাত বিফল হোৱা ইয়াৰ বিশ গুনৰো অধিক। যোৱা চাৰিটা দশকত " বিশ্ব স্বাস্থ্য সংস্থা” (WHO) এ প্ৰকাশ কৰা অনুসৰি ষাঠি গুণ আত্মহত্যা ঘটনা বৃদ্ধি পাইছে। লগতে শেহতীয়া তথ্য, ২০১৯ চনৰ ৯ ছেপ্টেম্বৰত প্ৰকাশ কৰা প্ৰতিবেদনৰ অনুসৰি দক্ষিণ -পূব এছিয়া মহাদেশৰ ভাৰতে সৰ্বাধিক আত্মহত্যা সংঘটিত হয়, আৰু প্ৰতি এক লাখ লোকৰ হাৰে ১৬.৫ য়ে আত্মহত্যা কৰে। মহিলা ভিতৰ এই ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে। আৰু ২০২০ চনত বিশ্বৰ ১.৩ মিলিয়ন লোকে এই পথ বাছি ল'ব ।
আত্মহত্যাৰ ইংৰাজী ‘চুইচাইড’ শব্দটোৰ উৎপত্তি লেটিন ‘চুইচাইডিয়াম’ৰ পৰা আহিছে – যাৰ অৰ্থ হ’ল নিজে নিজকে বধ কৰা৷
১৮৯৭ চনত, বিখ্যাত দাৰ্শনিক ইমাইল দুৰখেইম তেওঁ 'The Suicide' নামৰ গ্ৰন্থ খনত প্ৰকাশ কৰা অনুসৰি তেওঁ মতে, যেতিয়া ব্যক্তিয়েই সামূহিক জীৱন - যাপম কৰিবলৈ টান পায় , তেতিয়াই আত্মহত্যা সংঘটিত কৰে। ই ব্যক্তিগত ভাবে সংঘটিত হয় যদিও কিছু কাৰণত ইয়াৰ বাবে সমাজিক অৱস্থা জগৰীয়া। পৰিমাণ সাপেক্ষে গ্ৰাম্য অঞ্চলতকৈ নগৰত আত্মহত্যা বেছি ঠিক সেইদৰে ঠাণ্ডা দিনতকৈ গৰম দিনত বেছি ।কিশোৰ-কিশোৰী আৰু পোন্ধৰ পৰা পঁয়ত্ৰিশ বছৰ বয়সৰ লোকসকলৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে আত্মহত্যা। নাৰী ৰ তুলনাত পুৰুষৰ মাজত আত্মহত্যাৰ হাৰ বহু বেচি।পুৰুষৰ আত্মহত্যা কৰাৰ প্ৰৱণতা নাৰীৰ তুলনাত তিনি ৰ পৰা চাৰি গুণ অধিক।
ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ মুখ্য কাৰণ হৈছে হতাশগ্ৰস্ততা। ওপৰত উল্লেখ কৰা ধৰণে, এই ক্ষেত্ৰতো জগৰীয়া বিশেষকৈ সমাজ, পিতৃ-মাতৃ, পৰিয়াল, বন্ধু নতুবা কোনো আপোন মানুহ । কেতিয়াবা পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ওপৰত দেখা অতি গধুৰ সপোনো সন্তানৰ আত্মহত্যা কাৰক হৈ পৰে। আমাৰ অসমত বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলা ফল ঘোষণা কৰা পাছতে, ঘটনা সংঘটিত হয়। ই কেতিয়া সলনি হব ? যেতিয়ালৈয়ে অভিবাকৰ সপোন মাৰ্কশ্বিট সৰৰ নম্বৰ পোৱা সলনি, এজন সু-নাগৰিকৰ লগতে চৰিত্ৰবান হোৱা সপোন দেখিব। মাতৃৰ সু-পৰিচলনাই সন্তানক প্রকৃত মানুহ কৰে আৰু পিতৃৰ আচৰণে সন্তানৰ সু-চৰিত্ৰ গঠন কৰে। “মানুহ নিঃশেষহৈ গলেও পৰাজিত নহয়” এই বাক্য শাৰী, নোবেল বঁটা বিজয়ী বিখ্যাত ঔপন্যাসিক আনেষ্ট হোমিংৱেও। তেওঁ “ওল্ড ম্যেন এণ্ড দ্যা চী” নামৰ উপন্যাস খনৰ। কোনে জানিছিল এনে সবল যোগাত্মক কথা লিখা, সন্মান পাত্ৰ সাহিত্যিক জনেও এদিন আত্মহত্যা কৰিব বুলি ! ই আজি ও ৰহস্য!
এজন ব্যক্তিয়ে আত্মহত্যা কৰা বহুতো কাৰণ থাকিব পাৰে । তাৰে ভিতৰত অন্যতম হ'ল, মনস্তত্বিক । ইয়াৰ বাবে সমাজত বহু ঘটনা সংঘটিত হয় । যিবিলাক মানুহে সিংসাত্মক কাম কৰে, খং বেছি, আনৰ প্ৰতি অধিক মৰমৰ ভাব থকা। সমাজৰ পৰা কিছু আছুটীয়াকৈ বাস কৰা ব্যক্তি যেনে বৈজ্ঞানীক, উচ্চ পদৰ চিকিৎস, ইঞ্জিনীয়াৰ আৰু লেখক আদি। তেনে লোকৰ মাজত আত্মহত্যা বেছি দেখিবলৈ পোৱা যায়। মনস্তত্বিকৰ পিছতে সমাজত অৰ্থনৈতিকৰ স্থান, বিশেষকৈ ব্যৱসায়-বাণিজ্যত লোকচান, নিবনুৱা, কোনো কম সময়তে আয়ত্ কৈ অধিক টকা প্ৰয়োজন, অৰ্থ বাবে সন্মান হানি, আৰু বিবাহ, প্রেম, পাৰিবাৰিক জীৱন আদি কাৰণ আছে। আমাৰ দেশত প্ৰতি বছৰে বিবাহ অনুপ্ৰস্তুত আৰু প্ৰেমত বিফল ক্ৰমে ৭%, ৬% লোকে আত্মহত্যা কৰে। আনহাতে পাৰিবাৰিক অৱস্থাত উপনীত হৈ পতি-পত্নিৰ মাজত যোগাত্মক ভাবৰ অভাৱ, বিচৰা মতে পৰিয়াল চলাব নোৱাৰা, কম বয়সতে এই জীৱন আৰম্ভ হোৱা, জাতি, ধৰ্ম অমিল, আৰু যৌতুক। গৃহকন্দল, ধৰ্ষণ, ভয়, ৰেগিং, অধিক মাত্রাত ঋনৰ বোজা, আৰু মানসিক চাপ আদি কাৰণে আমাৰ সমাজত আত্মহত্যা হৈ থাকে।
শেষত , আমি "আত্মহত্যা" বিহীন সমাজ এখন কল্পনা কৰিব পাৰো নে ? নোৱাৰি। কিন্তু কিছু পৰিমানে ইয়াক ৰোধ কৰিব পাৰি । এতিয়া প্ৰশ্ন হয় কেনেকৈ? যিবিলাক কাম নতুবা মানুহে সমাজত উশৃংখল সৃষ্টি কৰে যেনে অধিক নিচা যুক্ত দ্ৰব্য ড্ৰাগছ, গাজা আৰু অন্যান্য সামগ্ৰী। হিংসা, ধৰ্ষণ, হত্যা আদিক বাধা প্ৰদান কৰা লগতে বিৰত থাকিবলৈ সতৰ্ক বাণী দিব লাগে। এই ক্ষেত্রত ১০ ছেপ্টেম্বৰ দিনটো “আত্মহত্যা প্ৰতিৰোধ” দিৱস হিচাপে পালন কৰা হয় । ইয়াক ৰোধ কৰিবলৈ বৰ্তমানৰ সময় ফেচবুকেই ও এক উল্লেখনীয় প্ৰদক্ষেপ হাতত লৈছে। তথ্য অনুযায়ী ৮০% লোকে, তেওঁ আত্মহত্যা কৰিবলৈ লোৱা ঘটনা বা কাৰণ আনৰ আগত প্ৰত্যক্ষভাৱে নতুবা আওপ্ৰক্রিয়াকৈ প্ৰকাশ কৰে। এই কথা উমান পালে গুৰুত্বসহকাৰে লৈ তেওঁ কি সমস্যাত পৰিছে তাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু অকলশৰীয়া হবলৈ নিদি সকলো সময়তে যোগ-যোগ ৰাখিব। লক্ষ্য কৰিব লাগে যাতে চোকা অস্ত, বিষাক্ত দৰব আদি বিচাৰিলে নাপায় যাতে। অৰ্থনৈতিক দিশত যাতে মৌলিক প্ৰয়োজনীয়তা পূৰাবলৈ চৰকাৰ আৰু জনসাধাৰণৰ মাজত বুজা বুজি থাকিব লাগে। কেতিয়াবা ধৰ্মও কিছু পৰিমাণে হ্ৰাস কৰে, কাৰণ ধৰ্মই আমামৰ মনত একতা ভাব গঢ়ি তুলি মানসিক শান্তি দিয়ে। কিন্তু বৰ্তমান সময়ত ভক্তি আৰু ভয় ভবা আঁতৰি গৈছে ফলত, আমাৰ মনত দু:চিন্তাই বাঁহ লৈছে আৰু ইয়াৰ ফল আজি ভূগোছোঁ। প্রয়োজন এই ভাব বৃদ্ধি কৰিব লাগিব। আনহাতে বৈজ্ঞাকি মানসিকতাই ও বহু ধৰণে ইয়াক ৰোধ কৰে যেনে ডাইনী হত্যা ইয়াৰ বাবে ভাৰতত প্ৰতি বছৰে ৮% লোকৰ মৃত্যু হয়।অন্ধ-বিশ্বাস আদি দূৰ কৰিব লাগিব।








No comments:
Post a Comment