"আঘোনৰ কুৱলীয়ে বাট ভেটি ধৰিছে,আমনি একোকে নমনি......"
- কেশৱ মহন্ত।
কাতিৰ কঙালী এৰি থৈ আঘোণে সুখ আনে মানুহৰ জীৱনলৈ।কাৰণ আঘোণ লখিমী আদৰাৰ সময় ,সোণোৱালী পথাৰ,গাঠা নিঁয়ৰ সৰা পুৱতি নিশাৰ আৰু অন্য এটি নান্দনিক ৰূপ কুঁৱলীয়ে ঢকা ধৰাৰ।আঘোণৰ ৰ'দ জাকতো এটি বুজাব নোৱাৰা শান্তি আছে,কুঁৱলীয়ে ঢকা সন্ধ্যাটো চকুৱে মনিব নোৱাৰা কহুৱাৰ খিল-খিল হাঁহি বিয়পে।আঘোণৰ মাহ মানেই চহা জীৱনৰ ব্যস্ততাৰ সময়।আঘোণৰ পথাৰত সোণ গুটি হৈ সপোন ফুলে মানুহৰ।আঘোণৰ পথাৰত আকৌ কামেই কাম।দাৱনিৰ কাঁচিৰ আগত থোক ভৰি হাউলি পৰে ধান।মূৰ তুলিবৰ সময় নোহোৱা দাৱনিৰ কামৰ মাজতে উল্লাসময় গোপন কথা,শান্তিৰ হাঁহি।আঘোণ মানেই ধূলিয়ৰী বাট ভেদি অহা শীতৰ মনজুৰ পৰা ধেমালি।আঘোণ মানেই সেউতীৰ প্ৰেমৰ কাহিনী, আঘোণ মানেই দাৱনীৰ জাকি মৰা বিহুগীতবোৰ।
আঘোণ মাহ মানেই শীতৰ ৰাতি জুহালৰ কাষত বহি পতা কথাৰ মেল,কম্বলৰ মাজত শৰীৰ ঢাকি মাৰ বুকুত উম লোৱাৰ সময়।শীতৰ হেঙুলীয়া বেলিয়ে আকাশত দেখা দিয়াৰ লগে লগে দাৱনীহঁতে হাতত কাঁচি লৈ উলাই যায় সোণোৱালী পথাৰলৈ।আঘোণ মানেই দাৱনীহঁতৰ গাত ত'ত নাইকিয়া কামৰ বোজা।সোণোৱালী ধাননীৰ মাজত ৰবাব টেঙাৰ আনন্দয়েইটো আঘোণক আৰু ধুনীয়া কৰে,লিখিমী আদৰাৰ শেষত ন-খোৱাৰ আনন্দয়েইটো আঘোণক ধুনীয়া কৰে।আঘোণত হেমন্ত ঋতুৱে জীপাল কৰি ৰাখে পৃথিৱী।
আঘোণ মাহ অসমীয়াৰ বৰ্ষৰ অষ্টম মাহ।আঘোণ মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ।মৃগশিৰা নক্ষত্রৰ নামেৰেই এই মাহৰ নাম 'মাৰ্গশীৰ্ষ'হৈছে।আঘোণে গছৰ পাত শুকুৱাই,সৰাপাতৰ সময় আনে।আঘোণৰ পথাৰত ডেকাই সেউতীক বিচৰাৰ পৰা আৰম্ভ কৰি পথাৰত জোৰা বিহুনামবোৰ । আৰম্ভ কৰে গছে নতুন কাপোৰ পিন্ধি নতুনত্বক আঁকোৱালি লোৱাৰ যুঁজৰ।আঘোণ মানেই গাঁৱে গাঁৱে বিয়াৰ উৰুলি,সোণোৱালী ধাননীৰ লিখিমীৰ লগতে আহে ঘৰৰ লিখিমীও।যিয়ে বৃদ্ধি কৰে পৰিয়ালৰ সমস্ত সুখ।মাৰ কঢ়া ভাতৰ লগত জুহালত বহি পুৰা আলুৰ পিতিকাৰ সোৱাদ মানেই আঘোণ।আঘোণ মানেই শাক-পাচলিৰ ভৰপূৰ ঘৰৰ চোতাল।বন্ধকবি,খৰুৱা বেঙেনা,ধনিয়া,কোমোৰা জাতিলাউ,লাই শাক আৰু আন আন শাক-পাচলিৰে ভৰি থকা গাঁৱলীয়াৰ ঘৰ।আঘোণ মানেই সুখ,যি সুখৰ পৰিমাণ অপৰিসীম আৰু কঙালীক নেওচি অহা অসমীয়াৰ বাবে আঘোণ সুখৰ নহ'বনো কিয়!
পিছে অতীতৰ আঘোণ জানো আজি আছে? আছেনে অতীতত ধেমেলীয়া বিহুগীতবোৰ, জাউৰীয়ে জাউৰীয়ে যোৰানামবোৰ? আছেনে বাৰু আঘোণৰ শেষত চাউল চুঙা সোৱাদবোৰ? আজিৰ আঘোণ বাৰু অতীতৰ আঘোণ হয়নে ? সচাঁকৈ এটি ডাঙৰ প্ৰশ্নবোধক।
চুমি আহোম
ডিব্ৰুগড় (খোৱাং)








No comments:
Post a Comment